গল্প: খিৰিকী মুখৰ মালিতা আকাশত চপৰা-চপৰে মেঘ...কাঠফুলা বৰণৰ... মানুহজনী খিৰিকী-ফ্ৰেমটোৰ সিপাৰে আবদ্ধ হৈ থাকে... আকাশত চকু থাপি ৰৈ আছে... ...
গল্প: খিৰিকী মুখৰ মালিতা
আকাশত চপৰা-চপৰে মেঘ...কাঠফুলা বৰণৰ...মানুহজনী খিৰিকী-ফ্ৰেমটোৰ সিপাৰে আবদ্ধ হৈ থাকে... আকাশত চকু থাপি ৰৈ আছে... এনে মুহুৰ্মুহুঃ পলবোৰত মানুহজনীয়ে ক’ত টহল দি ফুৰেগৈ নিজেও নাজানে...
জিন্তু গীতাৰ্থ
[JINTU GITARTHA]
আকাশত চপৰা-চপৰে মেঘ৷ কাঠফুলা বৰণৰ৷
মানুহজনী খিৰিকী-ফ্ৰেমটোৰ সিপাৰে আবদ্ধ হৈ থাকে৷ আকাশত চকু থাপি ৰৈ আছে৷ এনে মুহুৰ্মুহুঃ পলবোৰত মানুহজনীয়ে ক’ত টহল দি ফুৰেগৈ নিজেও নাজানে৷ জীয়া জীয়া যেন লগা এসোপামান চৰিত্ৰই সময়ক ডেও দি উঠি আহে আৰু মানুহজনীৰ চাৰিওফালে ঘূৰি ফুৰে৷ মানুহজনীক নিচুকায়, মূৰত হাত বুলাই দিয়ে৷ তেওঁৰ বয়সে গৰকা হাতত ধৰি এক অন্য সাম্ৰাজ্যলৈ লৈ যায়৷
অলপ আগলৈকে ধাৰাষাৰে বৰষুণ সৰি আছিল৷ এতিয়া মেঘৰ আঁৰ লৈ বেলিয়ে সেমেকা হাঁহি মাৰিছে৷
আকাশখন যেন এখন কেন্ভাচ৷ মানুহজনীৰ দুই চকুৱে তাত নানা বিচিত্ৰ চিত্ৰ আঁকে৷ কাহিনী আঁকে৷ আঁকিয়েই থাকে৷ অথচ কোনোবাখিনিত আঁত হেৰাই যায়৷ কোনটো আগত আছিল, কোনটো পিছত, মানুহজনীৰ আউল লাগি যায়৷ ঠিক কোনো আৰ্কিঅ’ল’জিষ্টৰ দৰে৷ পুৰাতন সময়ক বৰ্তমানত টানি আনি খুঁচৰি-খুঁচৰি উলিয়াই অনাৱিষ্কৃত সত্যক জুপি জুপি চাবলৈ লওঁতে অনেক অৰ্ধসত্য আৰু সত্য বুলি ভাবি থকা ভ্ৰমে লগ দিয়েহি৷ আৰু মানুহজনী ভাগৰি পৰে৷
আকাশৰ বুকুত মানুহজনীৰ চকুৱে থিতাপি লয় ধূসৰ ধূসৰকৈ ভাহি উঠা এটা বাঁহৰ ঘৰত যাৰ পিছফালৰ পৰা আৰম্ভ হৈছে এখন বাৰী৷ লুংলুঙীয়া গো-বাট এটাই বাৰীখনৰ জয়াল বুকু ফালি সিমূৰৰ পথাৰত নামিছেগৈ৷ বাৰিষা বাঁহপাত, বোকাৰে উপচি পৰা বাটটো একদম জেকা থাকে৷ কদম, হিজল, হুক্মা, ৰাতিমৰা আৰু অলেখ বিৰিখেৰে ভৰি থকা এই বাৰী দিনতো ছয়া-ময়া ৰূপ লৈ থাকে৷ কত কাহিনী এই ‘পুৰণা বাৰী’ৰ৷ ইয়াতেই বোলে মিলিটেৰীয়ে ফেনেকি থৈ যোৱা জেতুলী পেহীয়ে ফাচ লাগি মৰিছিল৷ বাজী ঔ জোপাৰ তলতে হেনো নৰেশ জেঠাৰ পুতেক ৰাণাই যখিনীৰ কোবত তেজ বতিয়াই বতিয়াই মৰিছিল৷ নিদাঘ আন্ধাৰত বাঁহৰ মাজে মাজে উকা ওলায়৷ বৰষুণ বতৰতো একোকুৰা জুই নিজে নিজে ঘূৰি ফুৰা অনেকেই দেখে৷ বাৰীৰ সিমূৰৰ শেষ প্ৰান্তত থকা বুঢ়া আমজোপাত হেনো বৰ্হমদইত থাকে৷ ‘বৰ্হমদইতে ভাল মানুহক একো নকৰে, বুজিছ আই৷’ আস্, কত বিচিত্ৰ ঘটনাই আহি ভিৰ কৰেহি!
বৰ ভয়-ভীত নোহোৱা আছিল পিতকলি ছোৱালীজনী৷ ৰ’দে ধোৱা দুপৰীয়া এটাত বতাহৰ লগে লগে তাই গৈ ওলাইছিল বাৰীৰ সিমূৰৰ তেতেলিজোপাৰ তল৷ সমগ্ৰ বিশ্ব চৰাচৰ যেন তেতিয়া নিথৰ৷ একমাত্ৰ জিলিটোৱে জিঁ-জিঁয়াই আছিল৷ এৰা৷ নীৰৱ দুপৰৰ কথকতা বৰ ৰহস্যময়৷ দুপৰৰ নিৰ্জনতাত জয়াল বাৰীৰ দেওলগা বতাহত এক ভয়ে বাহ লৈছিল তাইৰ মাজত৷ শোৱাপাটিত আয়েকে টোপনিৰ সৈতে গাঁঠি দিয়া সেই ভয়– বাৰীত যখিনীয়ে খিক্খিকাই ফুৰে দুপৰীয়া৷ জেতুলী পেহীৰ প্ৰেতাত্মা ওলমি থাকে তেতেলিডালত৷ যাকে দেখে থাপ মাৰি ধৰে, আৰু গছত ওলোমাই থয়৷ তাইৰ গাটো ৰিম্ ৰিম্ লাগিছিল৷ কিবা এটা হৈছিল৷ আইতাক আৰু আয়েকে যে কোৱা-কুই কৰিছিল, তাইৰো সময় হৈ অহা বুলি, তেনেহ’লে সেয়াই হ’ল নেকি? নে জেতুলী পেহীৰ প্ৰেতাত্মাই তাইকো ধৰিলে? কিহে পাইছিল বাৰু তাইক এই ভৰ দুপৰীয়া আইতাক-আয়েকৰ হাক-বচন নামানি অকলে ইয়ালৈ আহিবলৈ৷ তেতেলিৰ লোভ ক’ৰবাত হেৰাই থাকিল৷
–‘কি কৰিছ ইয়াত?’ কাণৰ ওচৰত ফিচ্ফিচাই উঠে কোনোবাই৷ উচপ খাই উঠে তাই৷ ওচৰত তাইতকৈ চাৰি বছৰমান ডাঙৰ ফুল দা৷ এটা বুজি নেপোৱা অনুভূতিয়ে তাইৰ মাজেৰে ঢেৰেকনি হৈ পাৰ হৈ যায়৷ ফুল দা আগুৱাই আহে৷ দুপৰীয়াটো এক ৰহস্যময় অভূতপূৰ্ব সুুখেৰে ভৰি উঠে৷ হয় হয়, অৰ্ধৰমণে তাইৰ প্ৰথমবাৰলৈ ৰজঃ নিবৃত্তি ঘটায়৷ তাই একো নুবুজি ঘৰলৈ লৰ দিয়ে৷
‘ঐ ঐ, তোক যখিনীয়ে ধৰা নাছিল৷ জেতুলী পেহীয়েও ধৰা নাছিল৷ তই ডাঙৰ হৈছিলি৷’ মানুহজনীয়ে আৰ্তনাদ কৰি উঠিল৷
অনেক অনেক নিয়মে পুতি পেলাইছিল তাইক৷ ঔ-টেঙাৰ বীজলেৰে আইতাকে প্ৰায়ে মূৰ ধুৱাই দিয়া কৰিছিল৷ আৰু গা ধুবৰ দিনা, কলপুলিটোৰ নিমজ গাত ফুল দাৰ মুখখন ছয়া-ময়াকৈ দেখি চমকি উঠিছিল তাই৷ কলপুলিটোৰ গাত খুৰীয়েক-জেঠায়েকহঁতৰ উপদেশ মানি কামুৰি দিওঁতে সেইদিনা দুপৰীয়াটোলৈ চাৎকৈ মনত পৰি গৈছিল তাইৰ৷
কিমাননো দিন হৈছে! সৌ সিদিনাৰ কথা যেনেই লাগে৷ অথচ এতিয়া যেন সকলো সাধুকথা৷ অথবা ভ্ৰম৷ ভুৰুংকৈ উৰি আহি শালিকী এহাল চোতালৰ সন্মুখত পৰিল৷ পানীপচাৰ পৰা পৰি জমা হোৱা বৰষুণৰ পানীত দুই শালিকীয়ে খেলিব লাগিছে৷ মানুহজনী উঠি গ’ল৷ প্লাষ্টিকৰ পুৰণা ঢামাটোৰ পৰা চাউল এমুঠি উলিয়াই আনিলেগৈ৷ খোজ কাঢ়িবলৈ অলপ অসুবিধা লাগে আজিকালি৷ আঁঠুৰ বিষ এটাই মাজে-পৰে জপটিয়াই ধৰেহি৷ চাউল মুঠা খিৰিকীৰে দলিয়াই দিলে৷ সিঁচৰতি হৈ পৰা চাউলবোৰ শালিকীহালে খুটি খুটি খাবলৈ ধৰিলে৷
‘জান শালিকী, এই ঘৰ এনে নাছিল৷ একদিন ৰাজাৰ দৰে আছিল৷ মানুহেৰে গিজ্গিজাই থকা ঘৰ৷’
শালিকীয়ে মূৰ তুলি চায়৷ আকৌ খোৱাত ব্যস্ত হয়৷
এৰা৷ মানুহজনীয়ে সেইবোৰ দিনৰ কথা ক’বলৈ পালে কল্কলাই উঠে৷ মানুহজনীৰ কৰ্ণকুহৰত গুজৰি উঠে ঢেক লগাই লগাই সমস্বৰে গোৱা নাম–
আগত দিয়া পাছত দিয়া পঞ্চ আয়তীয়ে.... ....
এইখন ঘৰলৈ বিয়া হৈ আহি মানুহজনীয়ে বিচূৰ্তি খাইছিল৷ ইমান ডাঙৰ ডাঙৰ ঘৰ! ইমান মানুহ! মানুহজনীয়ে মাজু বোৱাৰী হৈ ঘৰ সোমাইছিল৷ অনেক মাটি-সম্পত্তিৰে সমৃদ্ধ এই ঘৰৰ আদৱ-কায়দা দেখি মানুহজনীয়ে আচৰিত মানিছিল৷ আঠমঙলাৰ দিনালৈ নিজৰ মানুহজনক ভালকৈ দেখাই নাছিল৷ ছাটি-মাটিকৈহে দেখিছিল৷ কেৱল জানিছিল যে মাটি-বাৰীৰে ভৰা এখন আঢ্যৱন্ত ঘৰলৈ বিয়া হৈ আহিছে৷ এৰা৷ শুনাতকৈ বহু বেছি সভ্ৰন্ত আছিল এই ঘৰ৷ ড্ৰাইভাৰ, খেতিত কাম কৰা মানুহ, বৈষ্ণৱ ভকতকে আদি কৰি বাহিৰা মানুহেৰে অহৰহ ভৰি থাকে এই ঘৰ৷ মানুজনীৰ আচহুৱা লাগিছিল৷ বাৰীয়ে বাৰীয়ে পিত্পিতাই ফুৰা ছোৱালীজনীয়ে আয়েকৰ লগতে সংসাৰ চলোৱাৰ নিয়ম শিকি পেলাইছিল৷ অথচ এই ঘৰত সেয়া পৰ্যাপ্ত নাছিল৷ ঘৰত বাঁহৰ চকোৱা আৰু উৱলি যোৱা চাদৰকে পৰ্দা কৰি পায়খানা কৰা মানুহজনীয়ে ইয়াত দৰ্জা মাৰি ছেনিটেৰী লেট্ৰিনত পায়খানা কৰিবলৈ দিগ্দাৰ পাইছিল৷ লাহে লাহে অভ্যস্ত হৈ আহিছিল৷ শাহুৱেক আৰু জায়েক দুজনীয়ে শিকাইছিল এই ঘৰৰ সকলো ৰীতি৷ ঘৰৰ পৰম্পৰাৰ সকলো আচাৰ৷ লাহে লাহে মানুহজনীয়ে শিকি পেলাইছিল সকলোখিনি৷ আৰু প্ৰথমবাৰ মানুহজনে তাইক চোৱা নিশাটো! আস্ চকুৰ সন্মুখত ভাহি উঠে সেই আলো-ছায়াময় কোঠাৰ ৰহস্যময় আনন্দ৷ সমাজে বৈধ বুলি ছাপ মাৰি দিয়াৰ পিছত সম্পৰ্কৰ সেই যন্ত্ৰণাময় হৈও অবুজ সুখকৰ অনুভূতি! তাৰ পিছত মানুহজনীৰ মাজত জীৱ এটাই বাহ ল’লে৷ মানুহজনীৰ এক অংশ ফালি সি ওলাই অহাৰ দুই-তিনিবছৰ পাছলৈকে খোজ পাতিব পৰা নাছিল৷
এৰা৷ বিষণ্ণ মন এটাই মানুহজনীৰ সৈতে বাহ বান্ধিছিল৷
দুই নম্বৰ বৰ জায়েকজনীৰ লগত আন্ধাৰে-পোহৰে উঠি মানুহজনীয়ে বেজৰ ঘৰলৈ খোজ লৈছিল৷ সেইবোৰ দিনতে তেওঁৰ আয়েকৰ বৌৱেক আহিছিল৷ –‘হেৰ’, কোনোবাই ঔষধ কৰিছি হান পাওঁ৷ দেখা নাই জায়েৰ সুশীলাক? নিজৰ দুটাকৈ জীয়াক থাকোতেও তোৰ ছ’লিটোক ল’গিন অত দৰদ৷ আই, জুই৷ নিজৰ পুতেক নহ’ৱাৰ জুই৷ অলপ গমি-পিতি চাবি তই নিজে মাই৷’ মানুহজনীৰ মনত সংশয়ৰ বীজ এটাই খোপনি পুতিছিল৷ কিয় জানো সন্দেহ কৰিবলৈ মন যোৱা নাছিল জায়েকৰ ওপৰত৷ তথাপি, তথাপি এদিন কোনোৰকমে উষ্মাৰে সেই কথাৰ বিস্ফোৰণ ঘটিছিল৷ এজাক বলিয়া ধুমুহা নামিছিল৷ সুশীলাই মুখত পানী এটোপাও নিদিয়াকৈ গাটো ধুই মন্দিৰত কিৰা খাইছিল একো কৰা নাই বুলি৷ কথাবোৰ সিমানতে শেষ হোৱা নাছিল৷ মানুহজনীৰ সংশয়ৰ অঙঠাটোৱে দেখ্দেখকৈ একুৰা জুইৰ খাওঁ খাওঁ ৰূপ লৈছিল৷ ঘৰখন চাৰিফাল হৈছিল৷ চাৰিটা পাগ বহিছিল৷ হয় হয়, মানুহজনীয়ে নমাই অনা ধুমুহাজাকে লক্লকাই জিভা মেলি চুলি উৰুৱাই দেওধনী নাচিছিল আৰু ভৰা ঘৰ এখনক খণ্ড-বিখণ্ড কৰি পেলাইছিল৷
দুদিন পিছত তাই ল’ৰাটোৰ মুখত গুঁজি দিছিল মামীয়েকৰ দিহা৷ গাখীৰত মিহলোৱা অচিন গছৰ শিপা আৰু কোমল পাতৰ লুথুৰি৷ মুনিচুনি পৰত দুবছৰীয়া ল’ৰাটোৱে খক্খকাই বমি কৰিব ধৰিছিল৷ যেন বন্ধই নহ’ব বতিওৱা৷ হাতৰ আৰু কঁকালৰ তাবিজ আৰু মাদুলীকেইটা কঁপি উঠে৷ –‘অ’ মোৰ ছ’লিটো মৰে মৰে এ....হে পৰ্ভু, মোৰ সোণটো....’
তেজ আৰু বমিত ডুব গৈ থাকে হিৰণ্যকশিপু নামৰ এক দৈত্যবধৰ সময়ছোৱা৷ এৰা দিন-ৰাতিৰ মধ্যাংশৰ এই সময় বৰ ভয়াৱহ৷ তেজ আৰু বমি মিহলি মৃত্যু নামি আহে৷ মাটিৰ তলত জীৱন পুতি গুচি যায়৷
এটোপ-দুটোপকৈ আকৌ বৰষুণ পৰিব লাগিছে৷ শালিকীহাল কেতিয়াবাই উৰি গৈছে৷ মানুহজনীয়ে উঠি গৈ খুন্দনাটো লৈ আহিল৷ কাটি থোৱা বুঢ়া তামোল এফাল পাণখিলাত চূণ অলপ লেটি দি খুন্দিবলৈ ল’লে৷
মানুহজনী দৰক লাগি ৰোৱা হৈছিল৷ শুইন শুইন উদাসীন ভাব এটাই অনবৰত আগুৰি থকা হৈছিল৷ মানুহটোও মুজুৰা পৰিছিল৷ মন ভাল লাগক বুলিয়েই শাহুৱেকে তাইক কেইদিনমানৰ কাৰণে আয়েকৰ ঘৰলৈ পঠিয়াই দিছিল৷ উভতি আহি তাই আৱিষ্কাৰ কৰিছিল আন এক নিদাৰুণ সত্য৷ দুবছৰীয়া মৃত পুতেকক পুতি থোৱা ঠাইখণ্ডই এক দ পুখুৰীৰ ৰূপ লৈছিল৷ তাইৰ ঘৰৰ পিছফালে বৰজনা ভাইশহুৰে নিজৰ ভাগৰ মাটিত পুখুৰী খনাইছিল৷ নকৈ খন্দোৱা পানীহীন পুখুৰীটোৰ শুকান তলিলৈ গৈ তাই মাটি লদাবোৰ আঁকুহি-বাকুঢ়ি ফুৰিছিল৷ কিজানিবা ক’ৰবাত
ওলায়েই তাইৰ মৃত সন্তানৰ এডাল শুকাই কৰকৰীয়া হৈ যোৱা হাড়৷ অথবা পচি যোৱা মঙহ৷
এতিয়াও যেন মাজে-পৰে কোনোবাই হৰাৎ-হৰাৎকৈ পুখুৰী খানে৷ আধিভৌতিক ভ্ৰমে তাইক বন্দী কৰি পেলায়৷ মানুহজনী উদভ্ৰান্ত হৈ গৈছিল৷ শাহুৱেকে সজোৰে দুচৰ লগাই নিদিয়া হ’লে হয়তো তাই সিদিনা পুখুৰী তলিতে মাটি আঁকুহি থাকিলহেঁতেন৷ তাইক বুকুত সুমুৱাই লৈ শাহুৱেকে আদ্ৰৰ্তাৰে আৰ্তনাদ কৰি উঠিছিল, ‘তিৰিৰ মনৰ দাম নাই অ’ আই ইয়াত৷ একদম নাই৷’ লাহে লাহে এই নিৰ্মম সত্যৰ সৈতে মোকাবিলা কৰিবলৈ শিকি পেলালে তাই৷ সময়ে চেপি আনি দৈনন্দিনতাৰ সঁচ এটাত পেলাই দিলে৷ অ’ত-ত’ত দৰক লাগি ৰোৱাটো কমিল৷ তাতশালখন তাইৰ সৈতে আগতকৈও ঘনিষ্ঠ হৈ উঠিল৷
চকুৰ সমুখতে কত কথা হৈ গ’ল!
জীৱনৰ কত বিচিত্ৰ ৰূপে ন ন ধৰণে দেখা দিলে৷
শহুৰেকৰ পিতাকে এৰি থৈ গৈছিল বৈষ্ণৱ পৰম্পৰা৷ লাহে লাহে তিনি পিড়িলৈ সোলোক-ঢোলোক হৈ আহিছিল এই পৰম্পৰা, আচাৰ-বিচাৰ৷ নিতৌ কৰাৰ সলনি বছৰেকত এবাৰ বৈষ্ণৱ সেৱা পতা হৈছিল৷ পূৰ্বে নিতৌ ধোৱা শঙ্খ-ধূপদানি-পঞ্চপ্ৰদীপ বছৰেকত এবাৰ ধোৱা হৈছিল৷ শালগ্ৰাম স্থাপিত গৰ্ভগৃহৰ চৌদিশে ভকতসবৰ সৈতে বৰকাহ, তাল,শঙ্খ সংগত কৰি সাতবাৰ প্ৰদক্ষিণ কৰিছিল৷ মানুহজনীৰ দুচকুত ছয়া-ময়াকৈ ভাহি উঠে সকলো৷ এৰা, বৰ বেগেৰে সময় পাৰ হ’ল৷ গৰ্ভগৃহৰ তামৰ প্ৰদীপ, ধূপদানি, ৰজতবৰ্ণী প্ৰতিমা, সাঁচিপতীয়া পুথি এইবোৰ কেনি নোহোৱা হ’ল, মানুহজনীয়ে ভূকে নাপালে৷ ভাগি-ছিগি গৈছে মন্দিৰ৷ ‘হৰে ৰাম হৰে ৰাম, ৰাম ৰাম হৰে হৰেযহৰে কৃষ্ণ হৰে কৃষ্ণ, কৃষ্ণ কৃষ্ণ হৰে হৰে’ অংকিত বেৰ এখন এখনকৈ সময়ৰ সৈতে উধাও হ’ল৷ তাৰ বহু আগতেই শাহু-শহুৰে জাগতিকতা এৰি গৈছিল৷ বৰজনা ভাইশহুৰে সামান্য জ্বৰতে নিজক সমৰ্পণ কৰিলে৷ মানুহবোৰ ক্ৰমাৎ নিঃসঙ্গ হৈ পৰিল৷ ভয়াৱহ একাকীত্ব আৰু নিঃসঙ্গতাই মানুহবোৰক একোটা খোলাত বন্দী কৰি থ’লেগৈ৷
মানুহজনীৰ চেতনাৰ নৈৰাজ্যত জীয়া জীয়া যেন লগা মৃত চৰিত্ৰবোৰে চলা-ফিৰা কৰি থাকে৷ বিস্মৃতপ্ৰায় সময়ৰ পৰা উঠি আহি মানুহজনীক কেন্দ্ৰ কৰি দেও পাৰি ফুৰিবলৈ স্মৃতি নামৰ দুৱাৰখনেৰে সোমোৱাৰ বাটত অলেখ চৰিত্ৰৰ ধস্তা-ধস্তি লাগি যায়৷
মানুহজনৰ কিবা এটা হৈছিল৷ ছুগাৰ বাঢ়িছিল৷ খক্টোও বাঢ়িছিল৷ প্ৰস্ৰাৱ কৰা ঠাইডোখৰত ঘা এডোখৰে ঘৰ বান্ধিছিল৷ তেজ-পুঁজ মিহলি বীভৎস মঙহ নিতৌ মানুহজনীয়ে চাফা কৰিছিল৷ মানুহজন খিংখিঙীয়া হৈ আহিছিল৷ চকুৰ সমুখতে জহি-খহি গৈছিল শৰীৰ৷ প্ৰায়েই বিছনাতে শৌচ-প্ৰস্ৰাৱেৰে লেটি-পেটি কৰি থোৱা হৈছিল৷ নৰক এখনলৈ ঘৰখন ৰূপান্তৰিত হৈছিল৷ মানুহজনীয়ে চাফা কৰি কৰি উশাহ ল’বলৈকো আজৰি নোপোৱা হৈছিল৷
এৰা৷ নৰকেইতো আছিল সেয়া৷
তাৰ পাছত এদিন সেই সময় শেষ হ’ল৷ নৰকৰ দেশ উধাও হ’ল৷ গধূলিটো এতিয়াও মানুহজনীৰ উদং দুচকুত ছয়া-ময়াকৈ ভাহি উঠে৷
ফ’ল্ডিং বিছনাখন চোতালত পাৰি মানুহজনক শুৱাই থৈ আলু তুলিবলৈ গৈছিল তাই৷ সাজ লাগো লাগো সময়ত উভতি আহি তাইৰ সমুখত চোতালত ৰৈ আছিল আন এক নিৰ্মম সত্য৷ এয়া, মানুহজনে হাত-ভৰিবোৰ টনা-টনি কৰিছে৷ কিবা এটা ক’ব বিচাৰিছে৷ নাই নাই, কিহবাই যেন মাতটোক সোপা মাৰি ধৰে৷ অস্ফুট গেঙনি এটা বাহিৰ হৈ আহিছে৷ তাইৰ হাতখন মানুহটোৱে থাপ মাৰি ধৰিছে৷ কি কৰে তাই এতিয়া ? কাক মাতে ? কাক ? উস্ উস্, কোনো নাই৷ চকুৰ সমুখত মানুহটোৱে শৰবিদ্ধ পশুৰ দৰে ছটফটাইছে৷ অথচ তাইনো কৰে কি ? মানুহটো শেষ হৈ গৈছিল৷ উধাও হৈ গৈছিল জীৱন৷
তাৰ পিছত ?
তাৰ পিছত আৰু একো নাই৷ কেৱল বগা৷ ৰংহীন৷
জীৱনৰ ৰংবোৰ যেন ক’ৰবাত উধাও হৈ গৈছিল৷ তাই ভাবিছিল নৰকৰ দেশৰ সময় শেষ হোৱা বুলি৷ ঘৰখনত বগা বগা শান্তি আৰু একাকীত্ব ভৰা ঔদাসীন্যই বিৰাজ কৰিছিল৷ অথচ অইন এক সত্যই মূৰ দাঙি থিয় হৈছিল৷ কোনোবাই যেন কাণে কাণে কৈছিল,– ‘তোমাৰ শৰীৰৰ বগা ছালছটাত পৰিবলৈ অনেক মানুহ শগুণৰ দৰে ৰৈ আছে৷ উম্৷ হায়েনাৰ মাজত জীয়া মঙহৰো টনা-আঁজোৰা লাগে৷ একেবাৰে নেফানেফ কৰি পেলায়৷ মনত ৰাখিবা, এয়াই সত্য৷ সাৱধান৷’
সময় বৰ নিদাৰুণ হৈ উঠিছিল৷ সৌ সিদিনা পয়ষষ্ঠি বছৰীয়া বৃদ্ধাক নাঙঠ কৰি পেলাই থৈ গৈছে গাঁৱৰ সিটো মূৰত৷ ৰাতি সৰু-পানী চুবলৈ অহা বুঢ়ীক ৰমাচোৰৰ পুতেকে গবা মাৰি ধৰিলে৷ আন্ধাৰত চিক্মিকাই উঠা তাৰ হাতৰ ডেগাৰে বুঢ়ীৰ চিঁ-চিঁয়নিক সোপা মাৰি ধৰে৷ কথাবোৰ তাইৰ মূৰত পাক-ঘূৰণি খাই থাকে৷ তাৰ লগে লগে বহুদিন আগতে খেদি ফুৰা ভয় এটাই তাইৰ লগ লয়হি৷ মানুহজনীৰ মনটো আন্ধাৰ-মুধাৰ শৈলুৱৈ পিছল বাট এটাৰে গৈ বৰ্তুলাকাৰ কোঠা এটাত ৰয়৷ অনবৰত নাম-পদ গুণ্গুণাই থকা, ধক্ধক্ কৰে বগা চুৰিয়া পিন্ধা বয়সিয়াল মানুহজনৰ পকা থেকেৰা যেন মুখখন দেখিলেই আঠ-ন বছৰীয়া ছোৱালীজনী ভক্তিত দোঁ খাই পৰিছিল৷ শাস্ত্ৰত সোমাই থকা অলেখ ৰহস্য আৰু ঢেক লগাই গোৱা পদবোৰে তাইক অহৰহ কোঠাটোলৈ হাত বাউল দি মাতি থাকে৷ অথচ এই বৰ্তুলাকাৰ কোঠাতেই ভাগৱতৰ সমুখৰ চাকিগছাৰ পোহৰত এদিন এই ভকতে শৰীৰত স্পৰ্শ কৰিছিল৷ উচপ খাই উঠি তাই একে দৌৰে পলাইছিল৷ তাৰেই কিছুদিন পিছত এই ভকতে তাহাঁতৰ ঘৰলৈ আহিছিল৷ আয়েকক কৈছিল, ‘ছোৱালীটি বৰ ভাল৷ শাস্ত্ৰৰ প্ৰতি বৰ মন৷ মাজে-মধ্যে পঠাবাচোন আই, শাস্ত্ৰজ্ঞান পাব৷’ আয়েকে হাজাৰ কৈও তাইক আৰু দুনাই পঠিয়াব পৰা নাছিল৷ এই ভকতক যত্ৰ-তত্ৰ দেখিলে উজাই অহা সেই ভয় বিয়াৰ পিছৰে পৰা সমূলি উধাও হৈ গৈছিল৷ অথচ এতিয়া, এতিয়া এই বগা দিনবোৰত সেই ভয়ে চূণ-তেল ঘঁহি জাতিষ্কাৰ হৈ উঠিল৷ ৰমাচোৰৰ নৰাধম পুতেকক কেইবাদিনো সাজ লগা পৰত পদূলিমুখত বাটটোত টহল দি ফুৰা দেখিছে তাই৷ এই ডকাইতে যে কোনো দিন ৰাং-কুকুৰৰ দৰে তাইৰ ওপৰত জপিয়াই নপৰিব কি ঠিক ! কি ঠিক !
সেইবোৰ দিনত ধাৰাল ছুৰী এখন তাই অহৰহ নিজৰ সৈতে ৰাখি থোৱা কৰিছিল৷
সন্তানৰ মৃত্যুৰ শোকে তাইৰ আৰু পৃথিৱীৰ মাজত যি এক অদৃশ্য প্ৰাচীৰ গঢ়ি তুলিছিল, সি এতিয়া আকৌ মূৰ দাঙি উঠিল৷
সময় আৰু জীৱন দুয়োটাই দুৰ্বিষহ হৈ আহিছিল৷ নিজকে এচপৰা উদং মঙহ যেন লাগিছিল তাইৰ৷ ভাব হৈছিল লাহে লাহে হাত-ভৰি সকলো যেন শুকাই কাঠৰ ৰূপ লৈছে৷ সকলো অনুৰাগ যেন শুকাই কৰ্কশ হৈ গৈছে৷ ক’ত হেৰাই গ’ল নিজকে সজাই-পৰাই ৰখাৰ সেই আগ্ৰহ? ভূই ৰুবলৈ যাওঁতে যাওঁতে চৌফলীয়া ৰ’দে শৰীৰ জলফাই বৰণৰ কৰি পেলালে ৷ মাজে মাজে এনে লাগে যেন বিয়াৰ পিছৰ দিনবোৰ ভ্ৰমহে মাত্ৰ৷ বিয়াৰ পূৰ্বৰ সেই গৰীৱ জীৱন নতুন ৰূপত ঘূৰি আহিছিল৷ অথচ শৰীৰ জুৰি ৰজি থকা দেহৰ ক্ষুধা? হয় হয়, শৰীৰৰ মঙহত ৰজি থকা দেহৰ ক্ষুধা পূৰাবলৈ তাই উদ্বাউল হৈ উঠিছিল৷ প্ৰস্তুতো হৈছিল৷ এনেবোৰ দিনতে শৈশৱ-কৈশোৰৰ মধ্যৰ এক দুপৰীয়াৰ সেই চৰিত্ৰই আহি তাইৰ ওচৰত থিয় হৈছিলহি৷ অথচ তেতিয়াই যেন কোনোবাই তাইক চিঞৰি চিঞৰি মাতে৷ মনত পেলাই দিয়ে মৃত সন্তানলৈ৷ তাই থমক খাই ৰয়৷ আৰু আগ বাঢ়িবলৈ সাহ নহয়৷ বৰ অসহায় লাগে৷ এনে কষ্টকৰ মুহূৰ্তবোৰত বাৰী পিছৰ খালটোৱে তাইৰ সংগী হৈ উঠে৷ পানীৰে ভৰা খালটোৰ বুকুলৈ তন্ময় হৈ চাই থাকে আৰু বুকুলৈ শীতল জলাশয় এটা বাগৰি আহে৷
তাৰ পিছতো বহুদিন পাৰ হৈ গ’ল৷ গাৰ ছাল খহটা হৈ পৰিল৷ শৰীৰ কুঞ্চিত হৈ আহিল৷ টেকেলি পিঠাৰ দৰে সুগোল মুখখনৰ মঙহবোৰ উধাও হৈ গ’ল৷ লাহে লাহে নিজৰ ওচৰতো নিজেই অচিনাকী হৈ পৰিব ধৰিছে৷
সম পৰিমাণৰ পাণ আৰু জোখৰ চূণেৰে সৈতে তামোলখনে অদ্ভূত ৰসনাৰে সময়বোৰ মোহলগা সোৱাদত ডুবাই ৰাখে৷ নমাই আনে ধুঁৱলি-কুঁৱলি পক্ককেশী অৱয়ব এটা৷ ক’ত পাইছিল? ক’ত পাইছিল বাৰু এই অপূৰ্ব সোৱাদ? জন্মান্তৰৰো পূৰ্বৰ এক জন্মৰ পৰা উঠি আহে আইতাক আৰু তাইৰ মুখগহ৩১ত ঢালি থৈ যায় এই সোৱাদ৷ এৰা৷ আহে৷ অকল আইতাকেই নেঞ্জ আয়েক, ফুল’কা, শাহু-শহুৰ, শৰবিদ্ধ পশুৰ দৰে ছটফটোৱা গিৰিয়েক-সকলোৱে এজন এজনকৈ উঠি আহে৷ এই তন্দ্ৰালসা সময়বোৰতে এক আধিভৌতিক শব্দই মানুহজনীক জোকাৰি যায়৷
– ‘আ...আ...মা...এ...এ...’
এক আধাফুটা শিশুকণ্ঠই অহৰহ আৰ্তনাদ কৰিব লাগিছে৷ মানুহজনী উঠি আহিল৷ কোনে বা চিঞৰিছেঞ্জ মানুহজনী শব্দটো বিচাৰি বিচাৰি গৈ থাকিল৷ গৈ গৈ পুখুৰীৰ পাৰ পালেগৈ৷
পানীৰে চপ্চপীয়া হৈ ওফন্দি উঠিছে পুখুৰীৰ গৰ্ভ৷ পুখুৰীৰ পানীয়ে মানুহজনীৰ চকু দুটা কাঢ়ি থ’লে৷ বতাহত তেতিয়া জিলিৰ জিঁ-জিঁয়নি এটাই নাচি থাকিল৷
# # #
এই কাহিনীৰ মই স্ৰষ্টা নহওঁ৷ মই এক সাধাৰণ জাৰ্নেলিষ্ট, যাৰ সন্তানহীন এখন সংসাৰ আছে৷ আছে প্ৰফেছৰ স্বামী৷
প্ৰায় সাতমাহ আগতে শাহুমা ঢুকাইছে৷ ৰূপৰ মনটো এতিয়াও এক ধৰণৰ আকণ্ঠ বিষণ্ণতাত ডুব গৈ থাকে৷ ইয়াৰ কাৰণ আৱিষ্কাৰ কৰি মই চমকি উঠিলোঁ৷ এৰা শাহুমাই প্ৰায়ে আক্ষেপ কৰিছিল, তেওঁৰ সৰু জাজনীয়ে হেনো তেওঁক আহুদি কৰা বুলি অপবাদ দিছিল৷ সেইবোৰ কথা আমি পুৰাণৰ কাহিনী শুনাদি শুনিছিলোঁ, শাহুমাৰ মুখত৷ অথচ, মই ভবা নাছিলোঁ, নামে-কামে সুশীলা হোৱা মানুহজনীয়ে অপবাদ লৈ মৃত্যুবৰণ কৰা কথাটোৱে পুতেকক ইমানকৈ খুলি খুলি খাব৷ উস্ আৰু কিমানদিনলৈঞ্জ কিমান দিনলৈ ৰূপক এনেদৰে ‘আপছেট’ হৈ থকা চাই থাকিম?
অফিচৰ পৰা ছুটী ল’লোঁ এদিনলৈ৷ ৰূপকো ছুটী ল’বলৈ দিলোঁ৷ ৰাতিপুৱাৰ ট্ৰেইনখনত গাঁৱলৈ আহিলোঁ দুয়ো৷ ভাবিলোঁ খুৰীশাহুৰ লগত খোলা-খুলিকৈ কথা পাতিম৷ তেওঁ যদি অনুতপ্ত, তেন্তে ৰূপে আৰু এই কষ্ট সহিব নালাগিব৷
এতিয়া ভৰ দুপৰীয়া৷ বৰষুণে পিছল কৰি থোৱা চোতাল গচকি মই খুৰীৰ ঘৰ পালোঁগৈ৷ মানুহজনী নাই দেখোন ঘৰত৷ গোটেই দুৱাৰ-ঘৰ খুলি থোৱা আছে৷ বিচাৰি বিচাৰি পিছফালে পালোঁগৈ৷ সৌটো পুখুৰী৷ পাৰটো কচু, জাৰ্মান বন আদিৰে ভৰি পৰিছে৷ এইবোৰৰ মাজত সাপ এডাল পৰি থাকিলেও গম পোৱা নাযাব৷ বৰষুণৰ টোপাল এতিয়াও কচুপাতত আছে৷ ৰ’দ ওলাইছে৷ ৰ’দত পুখুৰীৰ
জলময় বুকু জলমলাব লাগিছে৷ এয়া কি? মানুহজনীয়ে দেখোন খালটোৰ পাৰত থিয় হৈ পানীলৈ কটমটকৈ চাই আছে৷ মই পিছফালে থিয় হ’লোঁ৷ – ‘খুৰী৷’
মানুহজনীয়ে উচপ খাই ঘূৰি চালে৷ মই আৰ্তনাদ কৰি উঠিলোঁ ‘এই ভৰদুপৰীয়া অকলে ইয়াত কি কৰি আছে?’
মোৰ মনত কেতিয়াও নভবা ইচ্ছা এটাই উক্মুকাই উঠিল৷
–‘জান আই, তহঁতৰ শাহুৱেৰক মই মিছাতেই...’, মানুহজনীয়ে কথাষাৰ শেষ কৰিবলৈ নাপালে৷ মই সজোৰে ধাক্কা এটা মাৰি দিলোঁ৷ মানুহজনী কৰ্ফাল খাই খালত বাগৰি পৰিল৷ জপঙকৈ শব্দ এটা হৈ বুৰ্বুৰণিবোৰ পানীত মাৰ গ’ল৷
ইস্ ইস্, এয়া মই কি কৰিলোঁ ! মোৰ ম’বাইলটো? ম’বাইলটো ক’ত মোৰ? আস্, ৰেড মি’ জিঅ’নি, ম’বাইলটো দেখোন পানীত পৰিল৷ নাই নাই, মই বাচিব লাগিব৷ নতুন নাটক এখনৰ কাৰণে নিজকে লহমাৰ ভিতৰতে প্ৰস্তুত কৰিলোঁ৷ এৰা, জলসমাধিৰ এই সত্যক মই মোৰ মাজতেই সামৰি থ’ব লাগিব৷
...তেতিয়া বতাহৰ লহৰত ভাহি আছিল জিলিৰ জিঁ-জিঁয়নি আৰু পাত সৰাৰ পুৰাতন শব্দ৷++
No comments