ধাৰাবাহিক উপন্যাস: হেদাঙত হেমেজু ---জুইশালত মোৱামৰীয়া বিদ্ৰোহৰ কথা...এই বিদ্ৰোহ ১৭৬৯ খ্ৰিঃ ৰ পৰা ১৮০৬ খ্ৰিঃ লৈ সুদীৰ্ঘ ৩৭ টা বছৰ...আহোম ৰাজ...
ধাৰাবাহিক উপন্যাস: হেদাঙত হেমেজু
---জুইশালত মোৱামৰীয়া বিদ্ৰোহৰ কথা...এই বিদ্ৰোহ ১৭৬৯ খ্ৰিঃ ৰ পৰা ১৮০৬ খ্ৰিঃ লৈ সুদীৰ্ঘ ৩৭ টা বছৰ...আহোম ৰাজ্যৰ কঁকাল ভাঙি যোৱা যেন হৈছিল...তাৰ পিছতেই উজনি বেংমৰা ৰাজ্য স্থাপন হৈছিল। ৰঙাগড়াত ৰাজধানী। বেংমৰাত চ'ৰাঘৰ, মেলঘৰ নিৰ্মান... ন- পুখুৰী ....গোধা আলি, হাতী আলি, ন-আলি, ৰাজগড় আলি....
প্ৰাঞ্জল চেতিয়া
[খণ্ড ৭]
"হেদাঙে হেদাঙে নেযাং মই দেহি ঐ
হেদাঙৰ দেওৱে পাব
মনৰ কথাখিনি আনকে ঐ নকবি
তোৰে মোৰে আথানি হব।।"
কোৰ লৈ গৰখীয়াহঁতে হেৰামণিৰ ঔ জোপাৰ তলিখন চিকুনাইছে। মুখত বিহু গীতৰ কলি। কুমলীৰ ভায়েক গদকেও ভাগ লৈছে। নতুন গাওঁ যদিও সি অলপো অস্বস্তিবোধ কৰা নাই। কুমলীয়ো তালৈ যাবলৈ বাৰুকৈ মন গৈছে। পিছে তাই যোৱা নিষেধ। ছোৱালী, বোৱাৰী, বুঢ়ী মানে সকলো মহিলাই তাত প্ৰৱেশ বন্ধ। ধুমধামে চলিছে আয়োজন। পৰসিলৈ গৰখীয়া ভোজ খোৱা পৰ্ব। গদকক লগত দুটামানে লৈ ফুৰিছে। গদকৰ ব্যস্ততা আৰু নতুন গাওঁখনৰ লগত মিতিৰালি দেখি কুমলীয়ে সন্তোষ লভিছে। দুটামান ল'ৰাই প্ৰতিঘৰৰ পৰা চাউল, শাক-পাচলি সংগ্ৰহ কৰিছে। খেনুৱে ভোজলৈ হাঁহ আগবঢ়াইছে। পৰসিলৈ আমাৰ গৰখীয়াহঁতক সাক্ষ্যত কৃষ্ণ গৰখীয়া জ্ঞান কৰা হ'ব। বৰ ব্যস্ততা। কোৰেৰে চিকনোৱা বনখিনি এডোখৰত জমা কৰিছে। সৰু ককয় দুটাই ফুটুকলা বিচাৰি ফুৰিছে। কুমলীয়ে সিবোৰ দূৰৈৰ পৰা চাই ৰৈছে। চেহঃ মই ল'ৰা হোৱা হ'লে।
মুখৰ ভিতৰতে কথাষাৰ ভোৰ ভোৰালে। মাক মাখনীয়ে কুমলীক ঘৰত থাকিব কৈছে। আইকেইদিন ঘৰত কামে ভৰপক দিছে। মামীয়েকৰ ল'ৰা লিটুৰ বাবে মগুৱা কাপোৰ বব লাগে। মাখনীৰ লগতে আৰু সাতজনী গোপিনীক মামীয়েকে টুপুলা দি নিমন্ত্ৰণ কৰিছে। কেওজনী গোপিনী মিলি আজিৰ ভিতৰতে কপাহ ধুনি, নেউঠি, পাঁজি কাটি, সূতা কাটি তাত লগাই এডোখৰ কাপোৰ বৈ উলিয়াব। লাহেকৈ মেঘে গৰজিব ধৰিছেই লাগে। তাৰ আগতেই মগুৱা কাপোৰখন বৈ লিটুক দিব পাৰিলেই ৰক্ষা।
কুমলীয়ে ওখ হাফলু এটাত উঠি বহু পৰ গৰখীয়াৰ কামকাজ চাই আছিল। হাউটকৈ তাইৰ মাকে কোৱা কথালৈ মনত পৰিল। তাইক কাজলী আৰু দমৰাটোক আনিবলৈ কৈছিল। হাফলুটোৰ কিনাৰলৈ আহি তাই একজপ মাৰি তললৈ আহিল। সোণাৰু জোপাৰ কাষৰ নুংলুঙীয়া বাটেদি পথাৰলৈ নামি গ'ল। তাই কাজলীক পালে। মাচুক মাচুক শব্দ। গৰুৱে এই ঘাঁহ খোৱা শব্দটো তাই শুনিবলৈ বৰ ভাল পায়। আনহাতে ইহঁতে ঘাঁহ পাগুলি খোৱা সৰু শব্দটো শুনি তাই কিমান যে ফুৰ্তি পায়। কেতিয়াবা এই শব্দটো শুনিবলৈ তাই গোহালিতে বহু পৰ ৰৈ অপেক্ষা কৰেগৈ। বুজাব নোৱাৰা মায়াবী শব্দ। কুচুক্ কুচুক্, মুচুক মুচুক, কাৰোচ কাৰোচ............যি বুলিয়ে ভাবে।
"বল কাজলী ঘৰ জাং ব'ল। আহ দমৰা। সদাই নিবহি লগে। এদিনো নিজে যাব নিশিকিলি।
গৰুৰ পাছে পাছে তাই ঘৰলৈ বাট ললে। ঘৰ পাবলৈ প্রায় আশী মিটাৰ বাকী। তাই আঁচৰিত হ'ল ইমান দেৰি লৈকে শিপিনীয়ে খেৰী গায়ে আছে।
মানে আই এতিয়াও ঘৰলৈ অহা নাই ????
" কপাহৰ গছতে শিপিনী জন্মিলে
লাজ নিবাৰণৰ বাবে
লাজ নিবাৰণত লাগে কাপোৰখনি
কেনেকৈ হ'বনো কাপোৰ
আই ঐ শিপিনী শিকাই দিয়াহী
হৃদয় আসনত বহি
মাতিছো শিপিনী আহিছে আপুনি
দাসীৰ প্ৰাৰ্থনা শুনি
আই ঐ শিপিনী শিকাই দিয়াহি
কাজীৰ থাকি যাওঁক নাম
কপাহৰ গছতে শিপিনীৰ বাসস্থান
কাজীৰো কাবিব নাম। "
ইমান শুৱলাকৈ গাইছে। তাই কাজলীৰ পিঠিত যা যা বুলি এছাৰিয়ে পাতল কোব এটা মাৰিলে। কাজলী দমৰাই বেগ বঢ়াই দিলে। তাই গৰু দুটাৰ পিছ ললে। দীঘলীয়া পদূলীয়ে গৰু গোহালিত সোমালে। তাই কাজলীক নিৰ্দিষ্ট খুটিত বান্ধিলে। বাকী আগতীয়াকৈ অহা গৰু কেইটাওঁ ডিঙিত ৰচি লগালে। পোৱালীটো গড়ালত সোমাই মৰাপাতৰ ৰোচিডালেৰে এটি মাইকী গাঁঠি দিলে। এক দুই তিনি..... সাত।
ছেহঃ আৰু চাৰিটা গৰু এতিয়াও অহা নাই।
গদকে লৈ আনিলেই ৰক্ষা। নহলে দেউতাকৰ পৰা ৰাতি কথা শুনিব লাগিব । ইফালে কাপুৰখিনি সামৰিব লে আছেই। তাই কঁকালমৰা, তিয়নি, মেঠনি, ছগুনচোলা আৰু গামোচা দুখন সামৰিলে। গদকৰ পতলংটো বতাহত পৰিল। উঠাই ললে। ভিতৰলৈ গ'ল। নাদৰ পৰা পানী আনিলে। কামৰ পৰা তায়ো আজৰি নাই। মাক কুমলীৰ আজি বুলে অপেশ্বৰী সবাহ, কাইলৈ লখিমী সবাহ, পৰসিলৈ আকৌ ভেকুলীৰ বিয়া। সপ্তাহটোৰ প্রায় ছয়টা দিনেই সমাজৰ নামত।
এই বুলে চোৱা বিয়া, সেই বুলে বৰবিয়া, যিগিনী ভঙা, নাঙল ধোৱা পৰ্ব, হাত এৰা, গছালোৱা, কাঁচি লোৱা, কাৰোবাৰ ঘৰত কেঁচুৱা জন্ম, কাৰোবাৰ ঘৰত টান নৰিয়া, মিতুপতা, আয়ঐ কত যে কি?
মাখনীৰ বিয়াৰ পৰা আঠ বছৰলৈ ল'ৰা-ছোৱালী হোৱা নাছিল। পিছত চুপলী বেজে বনদৰৱ দিলে, গা-বান্ধনী মন্ত্ৰ মাতি তাবিজ দিলে। কেঁচাইখাইতিগৈ পূজা অৰ্চনা কৰিলে। তেহে কুমলী গদকৰ জন্ম হল। তাৰ আগতে গৰ্ভধাৰণ কৰি দুই তিনিমাহ থাকে। তাৰ পিছতে শেষ, গা চলে। মিলবৰে দুখ কৰে। চুপলীৰ বেজক মাখনী মিলাবৰে ভগবান জ্ঞান কৰে। ল'ৰা ছোৱালিহাল জন্মৰ পিছত দুয়োটাৰে মন ফৰকাল হ'ল। গদক জন্ম হওঁতে মোমায়েক ভমকাই ইমান যে আনন্দিত হৈছিল। ভাগিনীয়েক গদকক আনকি হাতী এটা উপহাৰ দিম বুলি কথা দিছিল। প্ৰতিবাৰ বিহুত মাখনী মাকৰ ঘৰলৈ আহিছিল। এতিয়া আৰু সেই অহা যোৱা অন্ত পৰিল। জন্ম গাঁওখনতে মৰিবও পৰিব। হাতী আৰু বিহু এই শব্দ দুটালৈ ভমকাৰ বৰকৈ টান আছে। নহবনো কিয়? হাতীৰ কাৰণেই মূলতঃ প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভ হৈছিল আৰু গছ তলৰ বিহুৰ কাৰণে ৰাঘৱক হত্যা কৰিব পাৰিছিল। এৰা অ বিহুত মৰাণৰ বহু সন্য গাঁৱলৈ গুচি অহাৰ বাবে ৰাঘৱ মৰাণ সামৰিকভাৱে দুৰ্বল হৈ পৰিছিল। হাতী বনাম মৰাণ। মৰাণ আৰু হাতী। আলফুল সম্পৰ্ক । ভমকাৰ কেতিয়াবা এনে লাগে মহাভাৰতৰ যুদ্ধটো মৰাণৰ একাংশই হাতী লৈ ভগদওৰ লগত গৈ কৌৰবৰ হৈ মৰাণে যুদ্ধ কৰা নাইতু??? ভমকাই দেউতাকৰ পৰা মোৱামৰীয়া বিদ্ৰোহৰ আটাইবোৰ কথা শুনিছে। বিদ্ৰোহৰ কাৰণ, স্থান, ফলাফল আদি ভমকাই সকলো জনে। ঠাণ্ডা দিনত জুই ফুৰাই থাকোতে ভমকাৰ দেউতাকে জুইশালত মোৱামৰীয়া বিদ্ৰোহৰ কথা কৈ আবেগিক হৈ পৰে। ১৭৬৯ খ্ৰীঃ অসমত প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত হৈছিল। তাৰ পিছতে পুনৰ ১৭৮৩ খ্ৰিঃ ত ২য় বিদ্ৰোহ আৰু ১৭৮৬ খ্ৰিঃ ত তৃতীয় মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল। আচলতে এই বিদ্ৰোহ ১৭৬৯ খ্ৰিঃ ৰ পৰা ১৮০৬ খ্ৰিঃ লৈ সুদীৰ্ঘ ৩৭ টা বছৰ ধৰি চলিছিল। আহোম ৰাজ্যৰ কঁকাল ভাঙি যোৱা যেন হৈছিল। তাৰ পিছতেই উজনি বেংমৰা ৰাজ্য স্থাপন হৈছিল। ৰজাই স্বৰ্গদেউ নাম লৈ ৰঙাগড়াত ৰাজধানী পাতে। ৰজাই বেংমৰাত চ'ৰাঘৰ, মেলঘৰ নিৰ্মান কৰিলে। ন- পুখুৰী খন্দালে। গোধা আলি, হাতী আলি, ন-আলি, ৰাজগড় আলি বনালে।
সন্ধ্যা নামিল। গদকো ভৰি হাত ধুই ভিতৰ সোমাল। তাই দুৱাৰৰ ডাংডাল লগাই দিলে। চাকিটো জ্বলাই গছাত থলে। জুই জ্বলালে। আলু চাং ৰ পৰা গদকক ছয়টামান আলু নমাবলৈ ক'লে। গদকে নমালে। তাই মিলবৰে ম'হ কেইটা বন্ধাৰ উমান পালে। মাকেও কানিমুনী গধূলি ঘৰলৈ আহিল। গদকে মাকৰ চালি গামোচাখন ধৰিলে।
- উচুমোনি মা চাউল আনিচোং , দুয়োটাই খাবি
পিতাই কা কলে গ'ল।
ম'হ বান্ধি আছে। নেদেখিলি ?-
নেচালুং --
গদকে চালিগামোচাখন খুলিলে। চাউলৰ লগত গুৰ। সি খালে কুমলীকো দিলে। মিলবৰে চোতালৰ পৰা চিঞৰিলে।
- ঐ কুমলী জলদি আহ। চাকি এটা আন। পেটুকনাকো কৈ দে - দাংকাচিয়ে পোৱালী দিলে।
তিনিও ইটোৱে সিটোলৈ চালে। চাকি পোহৰৰ দৰে মুখ মণ্ডল উদ্ভাসিত । গদকে কলীম'হ দাংকাচিয়ে পোৱালী দিলে বুলি ভলুকা বাঁহ জোপাৰ তললৈ লৰ দিলে। পিছে পিছে তিনিও ,------। বাৰী ঢাপত আম গছ জোপাত তেতিয়া ফেঁচা এটাই উৰুলী দি আছিল ।
[খণ্ড ৮]
চ'তৰ শেষৰ ফালে বাঁহ, জেঙুপাত ,টকৌ পাতেৰে দুই কোঠলিয়া এটা বেৰহীন অস্থায়ী ঘৰ সাজিলে । বিহুঘৰ । কুমলীয়ে তাত ৰাতিবিহু চাবলৈ যাব ।ভাল লাগিব নতুন ঠাই, নতুন ইচ্ছুকতা । কুমলীয়ে হাতত জেতুকা লব । মনিচালৰ বাকলিয়ে বা ঔ টেঙা বীজেৰে চুলিখিনি ধুব । ওঁঠত বহমথুৰী সানিব ---।।
'--কুমলী কথা বাঅ হোৱা নাই । নতুন গাঁও । তহঁতি তাপানী অহা কিমান দিননো হৈছে ? তলৌ তলৌ গোটেই গাঁও ফুৰ । । নামঘৰৰ কাষত দাঙৰীয়া ওলাই । কেকুৰীৰ জৰী গছৰ তলত দুপৰীয়া দেউ ভূতে জিৰায়।
ভমকাই চিঞৰ এটা মাৰি কথাষাৰ কৈ গ'ল। ভমকাই লাবুং কঞাই গুটি আনিবলৈ গৈছে।
কলীয়াহঁতৰ ভলুকা বাঁহৰ গছ জোপাদেখি ভমকা ৰৈ গ'ল। ইমান দেৰিলৈকে ভলুকা গছৰ তলত ম'হটো বান্ধি ৰাখিছে। নিশ্চয় কিবা বিপদ হৈছে। হয় কথাটো ঠিকেই বুজিলে ভমকাই কলীয়া হ ঁতৰ আটাইৰে আই দেখা দিছে। বেলা বহুত হ'ল। সি গোপিনীৰ আই নাম শুনিবলৈ পালে।
কলিয়াক ম'হটোৰ কথা কৈ ভমকাই বিদাই ললে।
বাটত যাওঁতে সি ভাবি গ'ল। হাতী চিকাৰলৈ বীৰবলক পঠাব লাগে। নিয়ম অনুসৰি চিকাৰলৈ গলে কুকুৰা চৰাই মেলিব লাগিব। অধল বেজৰ পৰা পানী জাৰী আনিব লাগিব। হাতী মাউত গুচি গলে ডেকাচাং খালি হৈ যাব । ডেকাই যদি নাথাকে তাত নো কোন শুবগৈ । মৰাণ ডেকাই ৰাতিসাজ খাই বৈ ডেকা চাঙত কেইবাজনো একে লগ হৈ শুৱলৈ যায় ইত্যাদি ইত্যাদি।
ভমকাই চিঞৰ দিউতে কুমলিয়ে বাৰণ্ডাতে বহি কুকুৰা চৰাইক খুদুচাউল খুৱাই আছিল। তাই মোমায়েকক যিদৰে ভাল পাই সেইদৰে ভয়ও কৰে। তথাপিও তাইৰ কবলৈ মন গৈছিল।
-বগাচাহাবকহে দআং আৰু কাকো নদআং।
কিন্তু একো নকলে। কাৰণ তাইক এইবাৰ ভমকাই ৰাতি বিহু চাবলৈ নিব। ৰাতি বিহু চাবলৈ যাওঁতে তাই চুলি খোপা বান্ধিব। কি খোপা বান্ধিব বাৰু তাই? নেঘেৰি খোপা, ঘিলা খোপা, কলদিলীয়া খোপা, উঠনা খোপা নে আন কিবা? ?
ভমকাই তাইক টানকথা বাৰু কিয় নুশুনাব ? দিনৰ দিনটো ঘূৰি ফুৰে। ক'ত যে অভিজ্ঞতা বুটলিছে তাই। কম দিনৰ ভিতৰতে কেতিয়াবা থেবৌ, ফুটুকলা, বনপিঠা, ঝেনযৌ, থেৰেজু আদি জুতি লৈছে। কেতিয়াবা গেদ-গেদি, এলেং, গেঠো, কেঁকোৰা, পতলঙা মাছ বিচাৰে। মেমেধু, নেফাফু, ঢেঁকীয়া বুটলে। তাই সকলো প্ৰকাৰৰ গাজ চিনি পায়। তৰাগাজ, কাকগাজ, বজালগাজ, বেটগাজ আৰু....।
দেউতাকে তাইক আগতে হাবিলৈ লৈ গৈছিল। গদগতকৈ তাই শুকান খৰি, বনৰীয়া শাক, বনৰীয়া ফল বিছৰাত পাকৈত। হাবিত তাই বিভিন্ন বাঁহ দেখে। কাক বাঁহ, দলৌবাঁহ, কুটোহা বাঁহ, জাতি বাঁহ, মেদাং বাঁহ, বিজুলী বাঁহ, পিঠাচুঙা বাঁহ ইত্যাদি। মিলবৰে ভেবেলিলতা, ঢেঁকীয়ালতা, চলালতা আনে। শুকান খৰি আনে। জেঙুপাত, ইকৰা আনে। হাবিত সাপ, বেং, হৰিণ দেখে। এবাৰ তাই হাবিলৈ যাওঁতে এটা প্ৰকাণ্ড জোকে খাইছিল। তাই অলপো ভয় নকৰিলে। দেউতাকৰ পৰা চূণৰ টেমিটো লৈ চূণ অকন জোকৰ মুখত দিলে। জোক তললৈ সৰি পৰিল।
উবনৰ পিতনিখনটো কম জোক আছেনে ! পিতনিখনৰ নামনিলৈ দ খাৱৈ । ৰাইজে নাও ভূৰ লৈ কাকপথাৰলৈ আহে। উজনিলৈ কিছু ঠায়ে ঠায়ে বাম । তাত শুকান দিনত সাঁকো সাজে।
কুমলীয়ে গদক আৰু ললিতাৰ লগত ভাতিবেলা বিহু ঘৰলৈ গ'ল। তিনিও গৈ নদীখনৰ পাৰত থকা বিহু ঘৰ পালেগৈ। ওচৰতে এডাল সাঁকো। বহাগৰ প্ৰথম জোন ওলোৱা মঙ্গলবাৰটোৰ পৰাই নিশা আঠ ন মান বজাৰ পৰা শেষ ৰাতিলৈ ৰাতিবিহু হ'ব। ডেকাই ঘৰে ঘৰে গৈ গাভৰু ছোৱালী খুজিব। অভিভাৱকে প্ৰশ্ন কৰিব
"মোৰ ছোৱালী সম্পূৰ্ণ দায়িত্ব ল'ব পাৰিবি জানো? উৰণীয়া পক্ষী সজাত ভৰাই থব পৰিবি না?"
উত্তৰত ডেকাই ক'ব-
- পক্ষী যদি উৰি যায় মাটিৰে সাজি দিম।
হানি বিঘিনি নহয় বুলি প্ৰতিশ্ৰুতি দিয়ে। ডেকা গাভৰু লগ হ'ব। বিহুঘৰৰ মূল খুঁটাত এটা তামোল এখিলা পাণ দিব। কথাখিনি ভাবি ভাবি কুমলীৰ মনটো আনন্দত নাচি উঠিল।
তাইও এদিন গাভৰু হ'ব। জেংবিহু এৰি ৰাতিবিহু,গছতলৰ বিহুত নাচিব। সঁচাই বহুত ভাল লাগিব। বাওঁফালে কোঠাটোত গাভৰুহঁতে টকা, হাত চাপৰি বজাই পদ গাব।
থেৰেজু কলিয়া হ'ল ঐ খুলাতে গধূলি হ'ল ঐ। ৰিহাৰে কাঁচলি মাৰো হালিজালি ব'হাগে মুকলি হ'ল ঐ ।।
নাচনীয়ে বুকুত মেঠনী মাৰি মেখেলা পিন্ধিব। কলীয়া ৰিহা গাত মেৰিয়াব। হাতত গামখাৰু, ডিঙিত ফুটিমনি সৈতে মাদুলি, কাণত থুৰীয়া, খোপাত গেজেং নতুবা কপৌ।। কঁকালত হাত থৈ কঁকাল ভাঙি, হাত মেলি, হাতৰ সৰু গাঁঠি ভাঙি ঘূৰি ঘূৰি হালি জালি নাচিব। ৰাতি বিহুৰ ভোটা ,ভূমুক ,আৰীয়া পোহৰত কোমলীয়ে হয়তো কোঁৱৰৰ সপোন দেখিব ।
সোঁফালৰ বিহুঘৰত ডেকাই মণ্ডল হৈ ঘুৰিব। ভৰি পানী গাঁঠি লৈ বৈ পৰা চুৰিয়া, গাত কামিজ, কান্ধত গামোচা ল'ব। ঢোল,তাল,পেঁপা,বাঁহী লৈ লগৰীয়াই পদ জুৰিব। পদৰ পিছত লেহেটিয়াকৈ দীঘলীয়া সুৰ টানি বিহুনাম গাব।
হেই দিহিং পাৰতে হেলচ গছ এজুপি
তাতে মোৰ উমলা ঠাই
এইখনি গাওঁতে তয়েচোন শুৱনি
তোৰে মান শুৱনি নাই।
বিহুঘৰৰ কাষতে লেতেকো জোপা। কুমলীয়ে ঢেকীয়াৰ কুমলীয়া আগ এটা চিঙি ললিতালৈ চালে। তাই একান্তমনে বিহু ঘৰটো চাই আছে।
-- ললিতা ডাঙৰ হলে ময়ো ৰাতিবিহু নাচিম।
-- এঁ ব বাও লাগিব ন?
-- আৰু গদক তই বিহুঘৰত ডেকা হৈ তেতিয়া ঢোল বজাবি।
-- আমি ঘূৰি ঘূৰি নাচিম।
-গদক তই এই নৈখনলৈ অকলে নাহিবি। দেৱ ভুত আছে ইয়াত। কৈমৰা আৰু পেটফুটা নামৰ ডুবি দুটাই মানুহ লয়। বহুত দ' ।
কুমলীয়ে ক'লে,--মই সাঁতুৰিব জানোং। হঁলেও ডুবি বুলিলে দয়াং পাই। ইমান দ' ।
-জান কোমলী, আমাৰ গাওঁত পুহৰ তিথি আৰু মাঘৰ তিথিত নদীত মাছ ধৰে। গুৰুৰ পৰাই বাইক বচন লৈ মাছলৈ যায় ৰাইজ। বৰিয়াই প্ৰথমে নদীত বিহ দিয়া নিয়ম। তাৰপিছত বাকী সকল লাগি যায়।
_এঁ... হয় হয়, আমঅ হাতীচুকটো বৰীয়াই নদীত বিহ দিয়ে। সত্ৰৰ গোহাঁইয়ে বৰ দিয়ে।
-- চা চা বাই, এই বাঁহ ডোখৰ গগনা বনাবলৈ বাঅ' হ'ব ন? গদকে কলে
- এ বাঅ' হব ,
-- মোৰ চোন গগনা আছেই। শিৱ সাগৰীয়াই বনাই দিছিল। কুমলীৰ এতিয়াও মনত আছে। দেউতাক মিলবৰ তাৰ কাষতে বহিছিল চোতালত। সৰু গুৰি বাঁহৰ টুকুৰাটোৰে ইমান ধুনীয়াকৈ চকুৰ পচাতে গগনা এটা সাজি দিছিল। সি মিলবৰক কৈছিল
-আমাৰ ফালে কেইবা প্ৰকাৰৰ গগনা আছে। বৰ গগনা, চুঙা গগনা, লাহৰী গগণা, ৰামধন গগণা অাৰু শালিকী ঠুটিয়া গগণা। বৰ গগনা, চুঙা গগনা অাৰু শালিকী ঠুটিয়া গগণা আমাৰ সমাজৰ পৰা হেৰাই গৈছে। বৰ গগনা আকাৰত ডাঙৰ। বাঁহৰ চুঙাৰে সজা বাবে গগণা বিধ চুঙা গগনা। শালিকী ঠুটিয়া বিধ নিচেই সৰু। তাহানিতে বোৱাৰী সকলে শাহু শহুৰে নেদেখাকৈ উৰণিৰ তলত খোপাত গুজি নৈৰ ঘাটৰ পৰা পানী আনিবলৈ যাওঁতে লৈ গৈছিল। ঘাটত কেইবাজনী বোৱাৰী একেলগ হৈ গগনা বজাইছিল। কোমলীয়ে কথা বোৰ শুনি আছিল। মীলবৰে উত্তৰত হয় বুলি ক'লে।
- ললিতা ঐ নৈত গা ধুবি? কথা মতেই কাম।
- অ ধুম ধুম ।
তৎক্ষণাত গদক, ললিতা, কোমলী তিনিও নৈত জাপ দিলে। আকাশেদি এহাল কনুৱা চৰাই উৰি গ'ল। কাষৰ বাহনিখনত এজাক বান্দৰে সিহঁতক দেখি হুলস্থূল লগালে।
(আগলৈ...)
No comments