Page Nav

HIDE

Grid

GRID_STYLE

ইজৰাইলে হত্যা কৰা পেলেষ্টাইনী ৬৪টি শিশু আৰু 'নিউয়ৰ্ক টাইমছ্‌'ৰ আদৰ্শ সাংবাদিকতা

ইজৰাইলে হত্যা কৰা পেলেষ্টাইনী ৬৪টি শিশু আৰু 'নিউয়ৰ্ক টাইমছ্‌'ৰ আদৰ্শ সাংবাদিকতা 'They Were Just Children. 'নিউয়ৰ্ক টাইমছ’ কা...


ইজৰাইলে হত্যা কৰা পেলেষ্টাইনী ৬৪টি শিশু আৰু 'নিউয়ৰ্ক টাইমছ্‌'ৰ আদৰ্শ সাংবাদিকতা 'They Were Just Children.



'নিউয়ৰ্ক টাইমছ’ কাকতৰ পৰিচালনা গোষ্ঠীৰ অধিকাংশই হৈছে ইহুদী ধৰ্মাৱলম্বী...তৎসত্বেও ধৰ্মীয় দৃষ্টিকোণলৈ নাচাই  কাকতখনে প্ৰথম পৃষ্ঠাতে  পেলেষ্টাইনী শিশুৰ ফটো প্ৰকাশ কৰি লিখিছে, 'They Were Just Children.


ধ্ৰুৱজ্যোতি ধনন্তৰী,
 জ্যোষ্ঠ সাংবাদিক


এই লেখাৰ সৈতে সংলগ্ম কৰা ফটোখন হৈছে বিশ্বৰ আগশাৰীৰ সংবাদপত্ৰ 'নিউয়ৰ্ক টাইমছ’ৰ। যোৱা ২৮ মে’ৰ সংখ্যাত কাকতখনৰ প্ৰথম পৃষ্ঠাত নামসহ (নামবোৰ ভিতৰৰ পৃষ্ঠাত উল্লেখ কৰিছে) প্ৰকাশ কৰা হৈছে ৬৪ গৰাকী শিশুৰ ফটো। এতিয়া হয়তো আপোনাৰ মনত প্ৰশ্ন হৈছে যে এই ফটোবোৰ কাৰ? ইয়াৰ উত্তৰ হৈছে, 'এই ফটোবোৰ পেলেষ্টাইনী শিশুৰ।’ ইজৰাইলৰ বোমা বৰ্ষণত নিহত নিৰপৰাধী ৬৪টি শিশুৰ নাম আৰু ছবি প্ৰকাশ কৰি উক্ত সংখ্যাৰ কাকতখন ডেডিকেট কৰা হৈছে পেলেষ্টাইনী শিশুসকলৰ নামত। গুৰুত্বপূৰ্ণ কথাটো হ’ল 'নিউয়ৰ্ক টাইমছ’ কাকতখনৰ পৰিচালনা গোষ্ঠীৰ সৈতে জড়িতসকলৰ অধিকাংশই হৈছে ইহুদী ধৰ্মাৱলম্বী। তৎসত্বেও ধৰ্মীয় দৃষ্টিকোণলৈ নাচাই 'নিউয়ৰ্ক টাইমছ’ কাকতখনে প্ৰথম পৃষ্ঠাতে এইসকল শিশুৰ ফটো প্ৰকাশ কৰি লিখিছে, 'They Were Just Children.’ কাকতখনে আৰু লিখিছে, 'At least 67 people under age 18 in Gaza and two in Israel were killed during this month's conflict, according to initial reports. They had wanted to be doctors, artists and leaders.’ হয়, এয়াই হৈছে সংবাদ মাধ্যমৰ নিৰপেক্ষতা। ইচ্ছা কৰা হ’লে ইহুদী ধৰ্মাৱলম্বী লোকৰ দ্বাৰা পৰিচালিত 'নিউয়ৰ্ক টাইমছ’-এ ইহুদী ৰাষ্ট্ৰ ইজৰাইলৰ পক্ষ লৈ এই শিশুসকলকো পেলেষ্টাইনী সন্ত্ৰাসবাদী বুলি লিখিব পাৰিলেহেতেন। কিন্তু তেনে নকৰি কাকতখনে যি সত্য সেয়াই লিখিলে...। হয়তো সেয়ে কোৱা হয় যে সংবাদ মাধ্যম নিৰপেক্ষ হোৱাৰ লগতে সাংবাদিকসকলৰ থাকিব লাগে সততা আৰু মানৱীয়তা। ধৰ্ম-বৰ্ণ, দেশৰ নামত মানুহক উচটনি দি বাতৰি পৰিৱেশন কৰা সাংবাদিকসকল আচলতে সাংবাদিক হোৱাৰেই যোগ্য নহয়...
ধৰ্মীয় দৃষ্টিকোণলৈ নাচাই 'নিউয়ৰ্ক টাইমছ’ কাকতখনে প্ৰথম পৃষ্ঠাতে এইসকল শিশুৰ ফটো প্ৰকাশ কৰি লিখিছে, 'They Were Just Children.’ কাকতখনে আৰু লিখিছে, 'At least 67 people under age 18 in Gaza and two in Israel were killed during this month's conflict, according to initial reports. They had wanted to be doctors, artists and leaders.’ হয়, এয়াই হৈছে সংবাদ মাধ্যমৰ নিৰপেক্ষতা। ইচ্ছা কৰা হ’লে ইহুদী ধৰ্মাৱলম্বী লোকৰ দ্বাৰা পৰিচালিত 'নিউয়ৰ্ক টাইমছ’-এ ইহুদী ৰাষ্ট্ৰ ইজৰাইলৰ পক্ষ লৈ এই শিশুসকলকো পেলেষ্টাইনী সন্ত্ৰাসবাদী বুলি লিখিব পাৰিলেহেতেন...
সংযোজনঃ 'নিউয়ৰ্ক টাইমছ’-এ ভাৰতৰ শেহতীয়া কৰ’না পৰিস্থিতিক লৈও এক প্ৰতিবেদন প্ৰকাশ কৰিছে। উক্ত প্ৰতিবেদনত চৰকাৰৰ বিফলতাসমূহ সম্পূৰ্ণৰূপে উদঙাই দিয়া হৈছে। লগতে কিদৰে চৰকাৰে কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ তথ্য গাপ দিবলৈ চেষ্টা চলাইছে তাৰো বিতং বিৱৰণ দাঙি ধৰিছে। অৱশ্যে এছ ইজুৱেলভাৱে চৰকাৰে উক্ত বাতৰি খণ্ডন কৰিছে আৰু কাকতখনে উদ্দেশ্যপ্ৰণোদিতভাৱে বাতৰি প্ৰকাশ কৰা বুলি দাবী কৰিছে। কিন্তু যিসকলে সেই প্ৰতিবেদনৰ হেডলাইনটোও পঢ়িছে বা পেপাৰ কাটিংটো হলেও দেখা পাইছে সেইসকলেও বুজি পাইছে যে প্ৰকৃত সত্য প্ৰকৃততে কি!●

No comments