জাত-পাত-ধৰ্মৰ ঊৰ্ধত ভোক আৰু মানৱতা: সমাজৰ এচাম নিঃকিন, নিঃস্ব মানুহৰ কাহিনী... . .হিন্দু মানুহে ৰান্ধিল বুলি কি হ'ল? হিন্দু মানুহ জানো ...
জাত-পাত-ধৰ্মৰ ঊৰ্ধত ভোক আৰু মানৱতা: সমাজৰ এচাম নিঃকিন, নিঃস্ব মানুহৰ কাহিনী...
জাত-পাত-ধৰ্মৰ ঊৰ্ধত ভোক আৰু মানৱতা: সমাজৰ এচাম নিঃকিন, নিঃস্ব মানুহৰ কাহিনী...
..হিন্দু মানুহে ৰান্ধিল বুলি কি হ'ল? হিন্দু মানুহ জানো তোৰ দৰেই মানুহ নহয়? মানুহ মানুহ। মানুহৰ মাজত আকৌ পাৰ্থক্য কিহৰ? আৰু, আৰু ভাতৰ জানো ধৰ্ম আছে? জাতি আছে?..
গ্ৰন্থ প্ৰতিবেদকঃ
দৰিদ্ৰতা আৰু দুৰ্ভিক্ষৰ সৈতে সহবাস কৰা মানুহবোৰৰ জীৱনৰ সৰু সৰু অথচ বুকু ভেদি যোৱা ঘটনা-পৰিঘটনাৰ সজীৱ বৰ্ণনা আৰু উপস্থাপনেৰে আব্দুচ ছামাদৰ ‘বনকুকুৰাৰ ডাক’ কাৰুণ্যৰে ভৰা এখনি সুখপাঠ্য উপন্যাস। সমাজৰ এচাম নিঃকিন, নিঃস্ব মানুহৰ কাহিনী – বনকুকুৰাৰ ডাক। তেওঁলোক ভোক আৰু ভাগৰত জৰ্জৰ। সেই সমাজখনক প্ৰতিনিধিত্ব কৰা চৰিত্ৰবোৰ কোনোবাখিনিত অৱদমিত আৰু শোষিত ।এই দুৰৱস্থাক ঔপন্যাসিকে হৃদয়-সংবেদীভাৱে তুলি ধৰিছে -- "...সেই তিনি কোৰোকা চাউলৰ ভাত প্ৰায় সমানে পাঁচ ভাগ কৰি পাঁচজনে খাইছিল। তাৰে কি পেট ভৰে কাৰো! পাঁচোজনেই ডাঙৰ মানুহ।... হয়, কাৰোৱে পেট নভৰে। কিন্তু কি কৰে? উপায় নাই। দাঁত কামুৰি ভোকৰ যন্ত্ৰণা হজম কৰি দিন নিওৱাৰ বাহিৰে উপায় নাই!''
মানুহৰ মনত শিপাই থকা জাত-পাত আৰু ধৰ্মৰ ঊৰ্ধত যে ভোক আৰু মানৱতা
মানুহবোৰৰ ব্যক্তিগত জীৱনৰ সমান্তৰালভাৱে সমাজৰ বহুমাত্ৰিক স্বৰূপ এটা ইয়াত প্ৰতিফলিত হৈছে। মানুহৰ মনত শিপাই থকা জাত-পাত আৰু ধৰ্মৰ ঊৰ্ধত যে ভোক আৰু মানৱতা সেই কথা চৰিত্ৰৰ মুখেৰে ঔপন্যাসিকে এনেদৰে ব্যক্ত কৰাইছে -- "...হিন্দু মানুহে ৰান্ধিল বুলি কি হ'ল? হিন্দু মানুহ জানো তোৰ দৰেই মানুহ নহয়? মানুহ মানুহ। মানুহৰ মাজত আকৌ পাৰ্থক্য কিহৰ? আৰু, আৰু ভাতৰ জানো ধৰ্ম আছে? জাতি আছে? " প্ৰচুৰ মানৱীয় আৱেদনেৰে পৰিপূৰ্ণ উপন্যাসখনিত কেৱল মানুহৰ কথাকে কোৱা হোৱা নাই; চোৰাং কাঠৰ বেহাৰ দৰে স্পৰ্শকাতৰ বিষয়ৰ অৱতাৰণা কৰি প্ৰকৃতিৰ বুকুলৈ অহা শংকা আৰু সংশয়কো চিন্তা আৰু প্ৰশ্ন হিচাপে পাঠকলৈ এৰা হৈছে -- "দুখন পাহাৰ অলেখ মানুহ। কুঠাৰ কৰতৰ প্ৰায় অবিৰত শব্দ। পাহাৰত গছ আৰু কিমান দিন থাকে! পাহাৰ আৰু কিমান দিন পাহাৰ হৈ থাকে!''
বনকুকুৰাৰ ডাক সাৰ্থক সামাজিক উপন্যাস। লেখকৰ অনুভৱী গুণ আৰু সূক্ষ্ম পৰ্যবেক্ষণে চৰিত্ৰবোৰৰ মানসিক অৱস্থাৰ চিত্ৰণ সাৱলীল কৰি তুলিছে।তেওঁলোকৰ মনৰ ক্ষোভ, অনুশোচনা, প্ৰতিশোধপৰায়ণতা, অসহায় মনোভাবক হৃদয়ংগম কৰিব পৰাকৈ লেখকৰ বৰ্ণনা অন্তৰ্স্পৰ্শী । এইখিনিতে ক'ব পাৰি যে, ভাষাৰ এনে মধুৰতাও উপন্যাসখনিৰ অন্যতম আকৰ্ষণীয় দিশ --- "জেঠৰ প্ৰথম ভাগ। নৱবিবাহিতা গাভৰুৰ দেহৰ দৰে বসন্তৰ অৱস্থা এতিয়া। গছে-লতাই নতুনকৈ মেলা পাতবোৰ এতিয়াও চেঙেলীয়া হৈ আছে। চ'তৰ আৰম্ভণিৰে পৰা মাতিবলৈ লোৱা কুলি-কেতেকীবোৰৰ মাতলৈ এতিয়াও ক্লান্তি অহা নাই। কাণ উনালেই কোনোবা নহয় কোনোবা ফালৰ পৰা সিহঁতৰ মাত ভাহি আহি কাণত পৰে।"
ঔপন্যাসিকৰ কাহিনী-কথন আৰু গদ্য নিপুণতাই পাঠকক মুগ্ধ কৰিব। সামগ্ৰিকভাৱে ক'ব পাৰি যে, ‘বনকুকুৰাৰ ডাক’ পাঠকৰ মন আলোড়়িত কৰাৰ লগতে মগজুত চিন্তাৰ খোৰাক যোগাব পৰা এখন মনোৰম উপন্যাস ।
বনকুকুৰাৰ ডাক
আব্দুচ ছামাদ
পূৰ্বায়ণ প্ৰকাশন
দাম: ২৬০ টকা
No comments