সংঘাতজৰ্জৰ এলেকাত জনতাৰ অন্ধকাৰমুখী ভৱিষ্যৎঃ মানৱ অধিকাৰ ক'ত? ... নিৰ্মম ঘটনাৰ সাক্ষী হিচাপে এতিয়াও আছে ভগত গড় নামৰ যুৱকজন...অঞ্চলটোৰ এগ...
সংঘাতজৰ্জৰ এলেকাত জনতাৰ অন্ধকাৰমুখী ভৱিষ্যৎঃ মানৱ অধিকাৰ ক'ত?
ভীমাজুলিৰ পৰা দিগন্ত শৰ্মাঃ
অসমৰ বিশ্বনাথ জিলাৰ ভীমাজুলি অঞ্চলত ডিলিচাং গাঁৱৰ ভগত গড় নামৰ ব্যক্তিজনে এতিয়া পেং অবিহনে এখোজ দিব নোৱাৰে। ২০০৯ চনৰ ৪ অক্টোবৰৰ দিনা সন্ধিয়া হঠাতে এন ডি এফ বি উগ্ৰপন্থীয়ে গাওঁখনত প্ৰবেশ কৰি আক্ৰমণ কৰিছিল। ঘৰৰ ভিতৰত থকা লোককো মাতি আনি সন্মুখৰ পৰা গুলীয়াইছিল। সেই নৃশংস আক্ৰমণত গাওঁখনৰ একাধিক লোকে প্ৰাণ হেৰুৱাইছিল। সেই নিৰ্মম ঘটনাৰ সাক্ষী হিচাপে এতিয়াও আছে ভগত গড় নামৰ যুৱকজন। অঞ্চলটোৰ এগৰাকী উদীয়মান কৃষক আছিল ভগত গড়। পিছে আজি তেওঁ অসহায়। উগ্ৰপন্থীৰ আক্ৰমণত সেইদিনা পত্নীকো হেৰুৱাইছিল ভগত গড়ে। যিখন ভৰিত গুলী লাগিছিল , সেই ভৰিখনৰ সংক্ৰমণ আজিও ভাল হোৱা নাই। ঘটনাৰ পিচত এমাহ কাল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা কৰোৱাইছিল। চৰকাৰী সাহায্যৰ নামত লাভ কৰিছিল মাত্ৰ পঞ্চাশ হাজাৰ টকা। এমাহ চিকিৎসাৰ পিচত ভগত গড়ক চিকিৎসালয় কৰ্তৃপক্ষই যাবলৈ দিছিল। কিন্তু তাৰ পিচত ভগত গড়ে কিছু চিকিৎসা কৰিছিল গাঁঠিৰ ধন ভাঙি।এতিয়া আৰ্থভাৱ আৰু শাৰীৰিক অসুস্থতাই ভগত গড়ক এনেদৰে জুৰুলা কৰিছে যে যুৱকজনৰ ঘৰৰ চাৰিবেৰৰ ভিতৰত থকাৰ বাহিৰে আন কোনো উপায় নাই। বঞ্চিত হৈ আছে উপযুক্ত চিকিৎসা লাভৰ পৰা।
No comments