Page Nav

HIDE

Grid

GRID_STYLE

ডঃ গীতালি শইকীয়াৰ কলমত জীৱন যুঁজৰ সাহসী যোদ্ধাৰ জীয়া কথাবোৰ

  প্ৰেৰণাৰ অনন্য আকৰ -"সাধাৰণ মানুহৰ অসাধাৰণ বীৰত্ব" ...এই সমূহ লেখাতেই জীৱনৰ কঠোৰতম প্ৰত্যাহ্বান নেওচি  সফলতাৰ সোণালী বাটত খোজ দি...

 

প্ৰেৰণাৰ অনন্য আকৰ -"সাধাৰণ মানুহৰ অসাধাৰণ বীৰত্ব"

...এই সমূহ লেখাতেই জীৱনৰ কঠোৰতম প্ৰত্যাহ্বান নেওচি  সফলতাৰ সোণালী বাটত খোজ দিয়া বহু কেইজন লোকৰ জীয়া কাহিনী বৰ্ণনা কৰিছে...সমাজ তথা জীৱিকাৰ ভিন্ন ক্ষেত্ৰৰ পৰা আদি কৰি বয়সৰ প্ৰত্যেক স্তৰৰ লোক, বিশেষ ভাৱে সক্ষম জীৱন যুঁজৰ সাহসী যোদ্ধাৰ কাহিনী ...

 নিশা ভূঞা:

 জীৱন কালৰ ভিন্ন ভিন্ন স্তৰত প্ৰত্যেক গৰাকী ব্যক্তিয়েই সন্মুখীন হয় নানান সমস্যাৰ, ঘাট-প্ৰতিঘাটৰ।বহুলোকে পলায়নবাদী মনোভাৱ পোষণ কৰাৰ বিপৰীতে অধিকাংশ ব্যক্তিয়েই সাহসেৰে সেই সমস্যাৰ সন্মুখীন হৈ সমাধানৰ পথ প্ৰশস্ত কৰে। এনে  ক্ষেত্ৰত অন্য লোকৰ  দিহা পৰামৰ্শ সহায়ক হয়। পিছে সাহিত্যইয়ো এনে কঠিন সময়ছোৱাত দিক দৰ্শন কৰিব পাৰে। সাহিত্যৰ এই বিশেষ ধাৰাক প্ৰেৰণামূলক সাহিত্যৰূপে অভিহিত কৰা হয়। অসমীয়া সাহিত্যৰ এই শাখা সমৃদ্ধ কৰিছে ডঃ গীতালি শইকীয়াৰ দ্বাৰা ৰচিত " সাধাৰণ মানুহৰ অসাধাৰণ বীৰত্ব" নামৰ গ্ৰন্থখনে। ২০১৮ চনত প্ৰকাশিত গ্ৰন্থখনৰ সন্দৰ্ভত বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ মন্তব্য এনে ধৰণৰ- "পৃথিৱীৰ উন্নত জাতিসমূহৰ ভাষাত এনেকুৱা প্ৰেৰণাদায়ক আৰু নৈতিক শিক্ষামূলক কিতাপ যথেষ্ট পৰিমাণে আছে কাৰণেই নৈতিক বীৰত্বৰে বলীয়ান একোটা জাতি গঠন হোৱাটো সম্ভৱ হৈছে । অসমীয়া ভাষাত তেনেকুৱা কিতাপৰ সংখ্যা নগণ্য; প্ৰায় নাই বুলিলেই হয়। গীতালি শইকীয়াৰ অতি সু-লিখিত আৰু সুখপাঠ্য এই কিতাপখন সকলোৰে কাৰণে মহৎ প্ৰেৰণাৰ উৎস আৰু চানেকি হৈ ৰ'ব।"

     নিয়মীয়া বাৰ্তা কাকতৰ উপ-সম্পাদকৰূপে কৰ্মৰত ডঃ গীতালি শইকীয়াই লেখক হিচাপেও অসমীয়া সাহিত্য ক্ষেত্ৰত পৰিচয় গঢ়ি তুলিছে। নিয়মীয়া বাৰ্তা কাকতখনৰেই পূৰ্বে প্ৰকাশিত বাঁহী নামৰ দেওবৰীয়া পৰিপূৰিকাত "বিশ্বৰ চুকে- কোণে " নামৰ স্তম্ভ তেওঁ প্ৰত্যাহ্বান নেওচি জীৱনৰ জয়গান গাবলৈ সক্ষম হোৱা  বহু কেইজন সাহসীলোকৰ কথাৰে সজাইছিল। সেই লেখা লানিকেই পঢ়ুৱৈ সমাজৰ বাবে তেওঁ " সাধাৰণ মানুহৰ অসাধাৰণ বীৰত্ব" নামৰ এই গ্ৰন্থখনৰ ৰূপত আগবঢ়াই দিয়ে। বৰ্তমানেও তেওঁ কাকত খনত পষেকীয়াকৈ দেওবাৰে "ডায়েৰী" নামৰে এলানি অতি মননশীল  স্তম্ভলেখা লিখি আছে । 

      "সাধাৰণ মানুহৰ অসাধাৰণ বীৰত্ব" নামৰ গ্ৰন্থখনত মুঠ ৩৪ টা প্রেৰণামূলক লেখা সন্নিবিষ্ট কৰা হৈছে। এই সমূহ লেখাতেই জীৱনৰ কঠোৰতম প্ৰত্যাহ্বান নেওচি  সফলতাৰ সোণালী বাটত খোজ দিয়া বহু কেইজন লোকৰ জীয়া কাহিনী বৰ্ণনা কৰিছে। অসমৰ লগতে ভাৰতবৰ্ষ তথা দেশ-বিদেশৰ ভিন্ন প্ৰান্তৰ তেনে বহু সাহসী লোকক এই তালিকাত সাঙুৰি লোৱা হৈছে। প্ৰতিটো লেখাৰ শিৰোনামেই লেখাটিৰ অটল গভীৰতালৈ  পঢ়ুৱৈক  টানি নিবলৈ সক্ষম হয়। সমাজ তথা জীৱিকাৰ ভিন্ন ক্ষেত্ৰৰ পৰা আদি কৰি বয়সৰ প্ৰত্যেক স্তৰৰ লোক, বিশেষ ভাৱে সক্ষম জীৱন যুঁজৰ সাহসী যোদ্ধাৰ কথাবোৰ ডঃ গীতালি শইকীয়াই লেখাসমূহৰ মাজেৰে জীৱন্ত কৰি তুলিছে। অশ্বৰ্যকৰ ভাৱে চিৰদিনেই উপেক্ষিত ৰেড লাইট এৰিয়াৰ বাসিন্দাৰ নোকোৱা কথাবোৰকো তেওঁ গ্ৰন্থখনত সামৰি লৈছে। প্ৰতিটো লেখা পঢ়িয়েই মনলৈ  মাথোঁ এটাই কথা আহে-জীৱন সঁচাকৈয়ে অনুপম। প্ৰয়োজন মাথোঁ সাহসেৰে মুখামুখি হোৱাৰ। আৰু সেই সাহস উক্ত গ্ৰন্থখনে নিশ্চিত ভাবে দিবলৈ সক্ষম হ'ব....

গ্ৰন্থখনৰ প্ৰতিটো লেখাই সম্পূৰ্ণ বাস্তৱ ভিত্তিক। তথাপিও লেখকৰ বৰ্ণনা তথা উপস্থাপন শৈলীয়ে লেখাসমূহত অনন্য ৰসবোধৰ সঞ্চাৰ কৰিছে। প্ৰতিটো লেখাই যেন একো একোটা জীৱন্ত গল্পহে।

  শুনিবলৈ কিছু অপ্ৰিয় তথা আচহুৱা হ'লেও এই কথা সত্য যে, একাংশ পঢ়ুৱৈয়ে সাহিত্যৰ  প্ৰবন্ধ বা এনে বাস্তৱ সন্মত,তথ্যভিত্তিক লেখা অৰ্থাৎ নন ফিকচনতকৈ গল্প,উপন্যাস আদি ফিকচন পঢ়িবলৈ বেছি ভালপায়। ইয়াৰ সৈতে মূলতঃ ৰসবোধৰ কথাটো জড়িত হৈ থাকে।  নন  ফিকচন সাহিত্যৰাজিত ৰসবোধ ফিকচনতকৈ কিছু পৰিমাণে কম বুলি কোৱা হয়। পিছে এই ধাৰণা ডঃ গীতালি শইকীয়াৰ উক্ত গ্ৰন্থখনে দূৰ কৰিবলৈ সক্ষম হ'ব বুলি ন-দি ক'ব পাৰি । গ্ৰন্থখনৰ প্ৰতিটো লেখাই সম্পূৰ্ণ বাস্তৱ ভিত্তিক। তথাপিও লেখকৰ বৰ্ণনা তথা উপস্থাপন শৈলীয়ে লেখাসমূহত অনন্য ৰসবোধৰ সঞ্চাৰ কৰিছে। প্ৰতিটো লেখাই যেন একো একোটা জীৱন্ত গল্পহে। তুদুপৰি অতি সৰল ভাষাৰ প্ৰয়োগে গ্ৰন্থখন বয়সৰ সকলো স্তৰৰ পঢ়ুৱৈৰ কাষ চপাই নিবলৈ সক্ষম হ'ব। জীৱনত কোনো সমস্যাই যে সমাধানহীন নহয়, সেই কথাও গ্ৰন্থখন পঢ়ি প্ৰত্যেকজন পাঠকেই উপলব্ধি কৰিব পাৰিব বুলি আমাৰ বিশ্বাস। " সাধাৰণ মানুহৰ অসাধাৰণ বীৰত্ব"ক অসমৰ পঢ়ুৱৈ সমাজে আদৰি ল'ব বুলি আশা কৰা হ'ল। ষ্টুডেন্টছ ষ্ট'ৰচে প্ৰকাশ কৰি উলিওৱা ১২৮ পৃষ্ঠাৰ প্রেৰণামূলক এই গ্ৰন্থখনৰ মূল্য ১০০ টকা।


No comments