তাঁতশালৰে নিজৰ লগতে আন দহজনকো দেখুৱাইছে স্বনিৰ্ভৰশীলতাৰ পথ .....সামান্য পূঁজিৰে নিজ ঘৰতে আৰাম্ভ কৰিছিল তাঁত শিল্প....তেওঁৰ যাদুকৰী হাতৰ প...
তাঁতশালৰে নিজৰ লগতে আন দহজনকো দেখুৱাইছে স্বনিৰ্ভৰশীলতাৰ পথ
.....সামান্য পূঁজিৰে নিজ ঘৰতে আৰাম্ভ কৰিছিল তাঁত শিল্প....তেওঁৰ যাদুকৰী হাতৰ পৰশত প্ৰাণ পাই উঠিছে গাঁওখনৰ অৰ্থনৈতিক পৰিকাঠামো...
দক্ষিণ শালমাৰাৰ পৰা মল্লিক সাত্তাৰঃ
এগৰাকী স্নাতক ডিগ্ৰীধাৰী মহিলা । তেওঁ অভাৱ অনাটনৰ মাজেদি পাৰ কৰিবলগা হৈছিল দৈনন্দিন জীৱন । থলুৱা বয়ন শিল্পত পাৰ্গত আছিল মহিলা গৰাকী। অৱশেষত তেওঁ সামান্য পূঁজিৰে নিজ ঘৰতে আৰাম্ভ কৰিছিল তাঁত শিল্প । সেয়াই আছিল তেওঁৰ সংগ্ৰামী জীৱন যাত্ৰাৰ আৰাম্ভণী । মহিলা গৰাকী হৈছে দক্ষিণ শালমাৰা সমষ্টিৰ পয়েস্ত ডিমাতলা গাৱৰ বাসিন্দা মনোৱাৰা খাতুন। তেওঁৰ নিপুণ তথা যাদুকৰী হাতৰ পৰশত প্ৰাণ পাই উঠিছে গাঁওখনৰ অৰ্থনৈতিক পৰিকাঠামো ।
চৰকাৰী সাহায্য, প্ৰশিক্ষণ অবিহনে খাতুনে আৰাম্ভ কৰা থলুৱা শিল্প তাঁতশালত তৈয়াৰী বিভিন্ন ধৰণৰ মেখেলা চাদৰ, দখনা, ডাকবন্ধা, শাড়ী আদিয়ে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈ়ছে।
এই থলুৱা শিল্প কৰ্মৰে স্বাৱলম্বী তথা স্ব নিৰ্ভৰশীল হবলৈ সক্ষম হৈছে খাতুনে । নিজ ঘৰতে স্থাপন কৰিছে ১০খন তাঁতশাল । নিজৰ লগতে গাঁৱৰ ২০/২৫ গৰাকী মহিলা-যুৱতীকো কৰ্ম সংস্হাপনৰ বাট দেখুৱাবলৈ সক্ষম হৈছে তেওঁ।বিজ্ঞান স্নাতক ডিগ্ৰীধাৰী নিৱনুৱা স্বামী সাংবাদিক আবু লাহেল বাকীয়ে তেখেতক উৎসাহিত কৰিছে। মহিলা সকলক অধিক উপাৰ্জনক্ষম কৰিবলৈ চৰকাৰ, জনপ্ৰতিনিধি সকলে সামান্য সুদৃষ্টি দিলে পিছপৰা গ্ৰামাঞ্চলৰ মহিলা-যুৱতী সকলে যথেষ্ট সকাহ পাব।
[ অনুসন্ধানমূলক-স্বতন্ত্ৰ-মুক্ত সাংবাদিকতাৰ যাত্ৰা অব্যাহত ৰাখিবলৈ versatilestory.com-ক প্ৰয়োজন আপোনাৰ সহযোগিতা, পৰামৰ্শ আৰু আৰ্থিক সহায়ৰ। আমাৰ যাত্ৰাক আৰ্থিকভাৱে সহায় কৰিবলৈ মবাইল নম্বৰ ৮৬৩৮৬৯৮৪৫০-ত যোগাযোগ কৰক। আপুনি যি কোনো পৰিমানৰ আৰ্থিক বৰঙণি আগবঢ়াব পাৰে। ]
No comments