কৃষি বিজ্ঞান কেন্দ্ৰৰ সহায়ত মায়ঙত সৰিয়হৰ খেতিত এক অভিনৱ পদ্ধতিৰে মৌ পালন ...মৌ ৰস, মৌ আৰু মৌ বাহ ৰাজ্যখনৰ উপৰিও মেঘালয়,নগালেণ্ড,অৰুণাচল, দক...
কৃষি বিজ্ঞান কেন্দ্ৰৰ সহায়ত মায়ঙত সৰিয়হৰ খেতিত এক অভিনৱ পদ্ধতিৰে মৌ পালন
...মৌ ৰস, মৌ আৰু মৌ বাহ ৰাজ্যখনৰ উপৰিও মেঘালয়,নগালেণ্ড,অৰুণাচল, দক্ষিণ ভাৰত আদি য়ো ৰপ্তানি হৈছে...
বিষ্ণু ডেকা:
মৰিগাঁও জিলাৰ মায়ঙত সৰিয়হৰ খেতিত মৌ পালন কৰি কামৰূপ জিলাৰ এগৰাকী মৌ পালকে সমগ্ৰ মৰিগাঁও জিলাখনলৈ এক নতুন আশাৰ বতৰা কঢ়িয়াই আনিছে ।উল্লেখ্য যে কামৰূপ জিলাৰ ১ নং ঔজাৰী গাঁৱৰ অৰুণ মিত্ৰ নামৰ মৌ পালক গৰাকীয়ে এই বেলি মৰিগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগিতাত মায়ং অঞ্চলৰ সৰিয়হৰ খেতিত মৌৰ বাহ মেলি জিলা বাসীৰ বাবে এক অভিনৱ পদ্ধতিৰে মৌ পালন কৰাৰ নিদৰ্শন দাঙি ধৰিছে।উল্লেখযোগ্য যে এই গৰাকী উদ্যমী মৌ পালকে ২০১০ চনৰে পৰা খাদ্যৰ সন্ধানত ইঠাইৰ পৰা সিঠাইলৈ মৌ বাহ সমূহ প্ৰব্ৰজনকাৰী পৰিভ্ৰমী মৌ পালন পদ্ধতিৰে ভাৰতীয় আৰু ইটালীয়ান প্ৰজাতিৰ মৌ পালন কৰি আহিছে।ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিভিন্ন বতৰত মৌ বাহ সমূহ কঢ়িয়াই মৌ পালন কৰি আহিছে।একেদৰে এই বছৰো মৌ পালক গৰাকীয়ে মৰিগাঁও জিলাৰ মায়ং অঞ্চলৰ কালশিলা পথাৰত সৰিয়হৰ খেতিৰ মাজত মেলিছে মৌৰ বাহ।মৌ পালক গৰাকীয়ে ইটালীয়ান প্ৰজাতিৰ ৫০ টা বাহ আৰু ভাৰতীয় প্ৰজাতিৰ ৩০ টা বাহৰ মৌ পালন কৰিছে।এনেদৰে প্ৰতিবছৰে মৌ পালক গৰাকীয়ে পৰিভ্ৰমী ভাৱে সৰিয়হ, ধনীয়া, কুজী তিল,তিলৰ খেতিৰ লগতে লিচু, ৰবৰ বাগান আদিত মৌ ফাৰ্ম খুলি বছৰি ইটালীয়ান মৌৰ পৰা ২০-২৫ কুইণ্টল আৰু ভাৰতীয় মৌৰ পৰা ৪-৫ কুইণ্টল মৌ উপাৰ্জন কৰি আহিছে। ইয়াৰোপৰি তেওঁ প্ৰতি চাক ইটালীয়ান মৌ বাহ সহ ৭-৮ হাজাৰ টকা আৰু ভাৰতীয় প্ৰতি চাক মৌ বাহ সহ ৩ হাজাৰৰ পৰা ৩৫০০ শ টকাত বিক্ৰী কৰিও ভাল উপাৰ্জন কৰি আহিছে।আনহাতে তেওঁৰ মৌৰ বাহ নিৰ্মাণ কৰা এটা ক্ষুদ্ৰ উদ্যোগো আছে।মুঠতে এইগৰাকী মৌ পালকে মৌ ৰস আৰু বাহ সহ মৌ চাক বিক্ৰী কৰি বছৰি ৮- ১০ লাখ পৰ্যন্ত টকা উপাৰ্জন কৰি আহিছে।একেদৰে তেওঁ এইবেলি মায়ঙত সৰিয়হৰ খেতিত মৌৰ বাহ মেলি এমাহৰ ভিতৰতে ২.৫০ লাখমান টকা উপাৰ্জন কৰে আৰু ইয়াৰে ৩০-৩৫ হাজাৰ মান টকা খৰচ হোৱা বুলি মৌ পালক গৰাকীয়ে জানিব দিয়ে। তেওঁৰ মৌ ৰস, মৌ আৰু মৌ বাহ ৰাজ্যখনৰ উপৰিও মেঘালয়,নগালেণ্ড,অৰুণাচল, দক্ষিণ ভাৰত আদি লৈয়ো ৰপ্তানি হৈছে।ছাত্ৰৰ জীৱনতে ষাঠিৰ টকাত মৌ বাহ কিনি ১৯৮৫ চনৰ পৰা মৌ পালন অব্যাহত ৰখা উদ্যমী লোকজনে ১৯৯১ চনত ক্ষেত্ৰীত চেণ্টেল ব্ৰী ৰিচাৰ্ছ ট্ৰেইনিং ইনচটিটিউটত মৌ পালনৰ সন্দৰ্ভত প্ৰথমটো প্ৰশিক্ষণ লয়।ইয়াৰ পাছত নাবাৰ্ডৰ অধীনত যোৰহাটত আৰু শেহতীয়াকৈ ২০০৮ তনত তেওঁ পুনেত মৌ পালনৰ ওপৰত মাষ্টাৰ ট্ৰেনাৰ প্ৰশিক্ষণ সম্পন্ন কৰে। তাৰ পাছৰে পৰা তেওঁ সম্পূৰ্ণ ব্যৱসায় ভিত্তিত দেশী আৰু বিদেশী ইটালীয়ান প্ৰজাতিৰ মৌ পৰিভ্ৰমী পদ্ধতিৰে পালন কৰি অধিক লাভাম্বিত হৈছে।
ইফালে তেওঁ মৌ পালনৰ উপৰিও এগৰাকী প্ৰশিক্ষক হিচাপেও কৃষি বিজ্ঞান কেন্দ্ৰ, কৃষি বিভাগ,আই ই ই,নাবাৰ্ড,উদ্যান শস্য বিভাগত মৌ পালন আঁচনিৰ অধীনত প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষণ প্ৰদান কৰে।আনহাতে বিভাগীয় ভাৱে প্ৰশিক্ষণৰ শেষত প্ৰশিক্ষাৰ্থী সকলক আগবঢ়োৱা মৌ আৰু মৌ বাহ সমূহ তেওঁৱেই বিভাগ কেইটাক যোগগান ধৰি আহিছে।এনেদৰে মৌ পালক গৰাকীয়ে বছৰি লক্ষ লক্ষ টকা উপাৰ্জন কৰি আহিছে।সেয়েহে তেওঁৰ মতে,বৰ্তমান সময়ত নিবনুৱা যুৱক - যুৱতী সকলে চাকৰিৰ পিছত দৌৰি নুফুৰি একাগ্ৰতা আৰু নিষ্ঠাৰে মৌ পালন কৰিও অধিক লাভাম্বিত হব পৰা সুন্দৰ পৰিবেশ আমাৰ ৰাজ্যখনত আছে বুলি কৈ আগ্ৰহী যুৱক -যুৱতী সকলক ওলাই আহিবলৈ আহ্বান জনায়।উল্লেখযোগ্য যে নিবনুৱা যুৱক যুৱতী সকলৰ বাবে মৌ পালক অৰুণ মিত্ৰৰ কৰ্মৰ আদৰ্শ আৰু আহ্বানে সকলোকে স্ব গৃহত স্ব ভূমিতে থাকি উপাৰ্জনৰ পথলৈ আগুৱাই লৈ যাওঁক,তাকেই আমিও কামনা কৰিলোঁ ।
No comments