মহিলাৰ প্ৰতি ৰাজনৈতিক বৈষম্য এই নিৰ্বাচনত... . ..ৰাজ্যৰ গুৰুত্বপূৰ্ণ বিষয় সমূহত বিধান সভাৰ মজিয়াত মাত মতাৰ ক্ষেত্ৰত বা ভিন্ন বিষয়ত সিদ্ধান্ত...
মহিলাৰ প্ৰতি ৰাজনৈতিক বৈষম্য এই নিৰ্বাচনত...
...ৰাজ্যৰ গুৰুত্বপূৰ্ণ বিষয় সমূহত বিধান সভাৰ মজিয়াত মাত মতাৰ ক্ষেত্ৰত বা ভিন্ন বিষয়ত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত মহিলা প্ৰতিনিধিৰ অংশগ্ৰহন, মতামত প্ৰয়োজনীয়ই নহয়, সেয়া এক অধিকাৰ...
সম্পাদকীয়ঃ
VOL 1, ISSUE 11
March 20, 2021
এই নিৰ্বাচনে পূণৰ প্ৰমান কৰিলে ৰাজনীতিত পুৰুষতান্ত্ৰিক ব্যৱস্থা অব্যাহত আছে। মহিলাৰ বাবে ৩৩% আসন সংৰক্ষণ নকৰি ৰাজনৈতিক দলবোৰে সেই কথা প্ৰমান কৰিছে। কেৱল বিধান সভাৰ আসন সংৰক্ষণেই নহয়, ৰাজনৈতিক দল সমূহেও প্ৰাথিত্ব প্ৰদানৰ ক্ষেত্ৰত মহিলাৰ বাবে ৩৩% সংৰক্ষণৰ কোনো ব্যৱস্থা ৰখা নাই। ফলত বিধান সভাৰ মজিয়াত মহিলাৰ প্ৰতিনিধিত্বও অনায়াসে হ্ৰাস পাব। ৰাজ্যৰ গুৰুত্বপূৰ্ণ বিষয় সমূহত বিধান সভাৰ মজিয়াত মাত মতাৰ ক্ষেত্ৰত বা ভিন্ন বিষয়ত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত মহিলা প্ৰতিনিধিৰ অংশগ্ৰহন, মতামত প্ৰয়োজনীয়ই নহয়, সেয়া এক অধিকাৰ। পিছে মহিলাৰ সেই অংশগ্ৰহনৰ সম্ভাৱনীয়তা বা প্ৰয়োজনীয়তা নিবাচনী প্ৰক্ৰিয়াতেই মোহাৰি পেলোৱা হৈছে। বিগত সোনোৱাল মন্ত্ৰী সভাত মহিলা সদস্য আছিল মাত্ৰ এগৰাকী। তাকো তেওঁ আন সহযোগী দলৰ প্ৰতিনিধি। বিধানসভাত মহিলা মহিলাৰ সদস্যৰ সংখ্যা কম হোৱা ববে বিধান সভাৰ বিভিন্ন সমিতি সমূহতো মহিলাৰ অংশগ্ৰহন কম, বহু সমিতিত মহিলা সদস্য শূণ্য। মহিলাৰ অংশগ্ৰহন অবিহনে মহিলা বিষয়ত সিদ্ধান্ত লবলগীয়া হোৱাটো তাৎপৰ্যপূৰ্ণ। প্ৰধান দল সমূহে প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত মহিলাক অগ্ৰাধিকাৰ নিদি ৰাজনীতিত এক প্ৰকাৰ পুৰুষতান্ত্ৰিকতা অব্যাহত ৰাখিছে। এয়া মহিলাৰ প্ৰতি এক ৰজনৈতিক বৈষম্য। আচলতে পঞ্চায়তৰ দৰে বিধানসভা আৰু লোকসভাৰ আসনো মহিলাৰ বাবে সংৰক্ষণ হ'ব লাগে। ৩৩% আসন মহিলাৰ বাবে সংৰক্ষণৰ দাবীক আইনত পৰিণত কৰিব লাগে। অন্ততঃ তেতিয়া ৰাজনৈতিক বৈষম্য দূৰ হোৱাৰ অৱকাশ থাকে। এই বিশেষ সংৰক্ষণৰ দাবীক যোৰদাৰ ৰূপত তুলিগণতন্ত্ৰক শক্তিশালী আৰু বৈষম্যবৰ্জিত কৰো আহক...
দিগন্ত শৰ্মা
www.versatilestory.com
(সম্পাদনা সমিতিৰ হৈ)
VOL 1, ISSUE 11
March 20, 2021
No comments