'ঐক্যবদ্ধ ৰাজনৈতিক যুদ্ধ'ৰ প্ৰগতিশীল ৰাজনীতিত পিছুৱাই থাকিল অখিল ....সন্তোষ ৰাণাই নিৰ্বাচনী প্ৰচাৰত কোনো ব্যক্তিগত স্বাৰ্থ-মুক্তিৰ ...
....সন্তোষ ৰাণাই নিৰ্বাচনী প্ৰচাৰত কোনো ব্যক্তিগত স্বাৰ্থ-মুক্তিৰ বিষয় কোৱা নাছিল। কোৱা হৈছিল জনগণৰ শোষণ-মুক্তিৰ কথা....
দিগন্ত শৰ্মাঃ
কাৰাগাৰত আবদ্ধ থাকিও বিধান সভা নিৰ্বাচনত প্ৰতিদ্বণ্ডিতা কৰি, প্ৰচাৰৰ নামত ভোটাৰৰ আগত এবাৰো থিয় হোৱাৰ সুযোগ শাসকে নিদিয়াৰ পিচতো নিৰ্বাচনত জয়লাভ কৰিছিল শ্ৰমিক তথা নক্সাল আন্দোলনৰ অন্যতম সশস্ত্ৰ সংগ্ৰামী নেতা সন্তোষ ৰাণাই। সেয়া আছিল ১৯৭৭ চন। অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ গোপীভল্লৱপূৰ বিধানসভা সমষ্টিৰ পৰা সেইবাৰ জয়ী হৈছিল তেঁও। কাৰাগাৰৰ পৰা এদিনো বাহিৰ হ'ব নিদিছিল ৰাণাক। আনকি হাস্পতালত থকাৰ সুযোগো নিদিছিল। তৎসত্বেও হাজাৰ হাজাৰ জনতাই বিজয়ী কৰাইছিল সন্তোষ ৰাণাক। গোপীভল্লৱপূৰত নিষ্পেষিত কষকক শোষক শ্ৰেণীৰ বিৰুদ্ধে সংগ্ৰামৰ মাজেৰে আগবঢ়াই নিছিল। এই কাম কৰোতে তেওঁ 'কেৰিয়াৰ' বাদ দি সাধাৰণ জনতাৰ মাজত সোমাই সংগ্ৰাম আগুৱাই নিছিল। আৰু নিৰ্বাচনত জনতাই কাৰাৰুদ্ধ ৰাণাক বিধানসভালৈ পঠিয়াই অভিলেখ গঢ়িছিল।
কাৰাৰুদ্ধ অখিলৰ নিৰ্বাচনী যুজঁক লৈ সামাজিক মাধ্যমতো প্ৰচাৰ চলিছে। অখিলে এক পত্ৰ যোগে নিবাচনত জয়ী হ'লেহে তেওঁ মুকলি হ'ব পাৰিব বুলি মন্তব্য কৰিছে। সন্তোষ ৰাণাই নিৰ্বাচনী প্ৰচাৰত কোনো ব্যক্তিগত স্বাৰ্থ-মুক্তিৰ বিষয় কোৱা নাছিল। কোৱা হৈছিল জনগণৰ শোষণ-মুক্তিৰ কথা
অসমৰ কৃষক নেতা অখিল গগৈয়ও নিৰ্বাচনী যুজঁত নামিছে এই নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ পৰা। ৰাইজৰ দলৰ সভাপতি অখিল গগৈ বৰ্তমান ন্যায়িক জিম্মাত আছে। নিৰ্বাচনী কালত বিচাৰাধীন আচামী অখিল গগৈ আছে হস্পিতালত। শাসকীয় বিজেপি মিত্ৰজোট বিৰোধী স্থিতি ললেও অখিল গগৈয়ে কংগ্ৰেছ-এআইইউডিএফ-আঞ্চলিক গণ মৰ্চা-বাঁওপন্থী মহাজোটত চামিল নহ'ল। ৰাইজৰ দলে লগ লাগিল অসম জাতীয় পৰিষদৰ। কাৰাৰুদ্ধ অখিলৰ নিৰ্বাচনী যুজঁক লৈ সামাজিক মাধ্যমতো প্ৰচাৰ চলিছে। অখিলে এক পত্ৰ যোগে নিবাচনত জয়ী হ'লেহে তেওঁ মুকলি হ'ব পাৰিব বুলি মন্তব্য কৰিছে। সন্তোষ ৰাণাই নিৰ্বাচনী প্ৰচাৰত কোনো ব্যক্তিগত স্বাৰ্থ-মুক্তিৰ বিষয় কোৱা নাছিল। কোৱা হৈছিল জনগণৰ শোষণ-মুক্তিৰ কথা। কোৱা হৈছিল সন্তোষ ৰাণা জেইলত থাকিলেও তেওঁৰ সপক্ষে পৰা ভোট বোৰে প্ৰমান কৰিব, শোষক-শাসকৰ ভেটিত বতৰা দিব নক্মাল সংগ্ৰামৰ প্ৰাসংগিকতা কিমান, এই সংগ্ৰামলৈ জনতাৰ সমৰ্থন কিমান। পিছে দেখা গ'ল ৰাণাক বিজয়ী কৰালে ৰাইজে। ৰাণাই বিধান সভাৰ সদস্য হিচাপে জেইলৰ পৰা শপত লবলৈ অমান্তি হৈছিল। ফলত বংগ চৰকাৰে কেবিনেট সিদ্ধান্ত লৈ সন্তোষ ৰাণাক কাৰাগাৰৰ পৰা মুক্তি দিছিল। অখিল শিৱসাগৰৰ পৰা বিজয়ী হওক বা নহওক, বিজেপি মিত্ৰজোট বিৰোধী শক্তিৰ সৈতে 'ঐক্যবদ্ধ ৰাজনৈতিক যুদ্ধ'ৰ প্ৰগতিশীল ৰাজনীতিত কিছু পিছুৱাই থাকিল।যিয়েই নহওক কাৰাগাৰৰ পৰা নিৰ্বাচনত যুজি বিজয়ী হৈ পৰৱৰ্তী দিনত সন্তোষ ৰাণাই অসমৰ শ্ৰেণী সংগ্ৰামত যুক্ত হৈছিল। বহু অসমীয়া তেওঁৰ সংগ্ৰামী সতীৰ্থ। তেওঁৰ সতে বিগত দিনত নক্মাল সংগ্ৰামৰ বহু কথা পাতিছিলো আমিও। (আগলৈ )
Best Real Money Casino Apps in USA 2021 - CasinoWow
ReplyDeleteSlots Casino — One of the most recognizable worrione online slots games around. This poormansguidetocasinogambling game's most recent is the Playtech 🏆 deccasino Best Real Money Casino App: SlotWolf🎁 #1 USA Casino ventureberg.com/ Bonus: Risk Free Spins for $1,000🏆 Best Real Money Casino 바카라사이트 App: SlotsMillion