অসমৰ অস্তিত্ব নামত নিথৰুৱা হোৱা কিশোৰ, নিঃশেষ হোৱা পৰিয়াল... ...আন্দোলনকাৰীৰ হিংস্ৰতা, ‘সংঘাত কাল’ৰ বৰ্ণনা....ঘটনাৰ পিচদিনা আৰ্নে তিৰাশী গা...
অসমৰ অস্তিত্ব নামত নিথৰুৱা হোৱা কিশোৰ, নিঃশেষ হোৱা পৰিয়াল...
...আন্দোলনকাৰীৰ হিংস্ৰতা, ‘সংঘাত কাল’ৰ বৰ্ণনা....ঘটনাৰ পিচদিনা আৰ্নে তিৰাশী গাঁৱৰ জীয়াই থকা মানুহবোৰে হিচাপ কৰিবলৈ লাগিছিল– কোন জীৱিত, কোন আহত অথবা কোন মৃত...
দিগন্ত শৰ্মাঃ
[ধেমাজিৰ চিলাপথাৰৰ নিকটৱৰ্তী আৰ্নে-চাপৰি , চিমেন-চাপৰি আদিত বাস কৰা বাংলাভাষী হিন্দু মানুহৰ গাঁওসমূহত ফেব্ৰুৱাৰী মাহৰ ২0 আৰু ২১ তাৰিখত ধাৰাবাহিকভাৱে চলে ভয়াৱহ আক্ৰমণ, সংঘটিত হয় গণনিধন কাণ্ড৷অসমীয়াভাষী আৰু জনজাতীয় হাজাৰ হাজাৰ লোকে একত্ৰিত হৈ অতিকে নিৰ্মম আৰু জঘন্যভাৱে আক্ৰমণ কৰে চিলাপথাৰৰ নিকতৱৰ্তী আৰ্নে চাপৰিৰ বৃহত্তৰ এলেকাত– য’ত আজিও আছে হাজাৰ হাজাৰ নিপীড়িত-নিৰ্যাতিত ভুক্তভোগী জনসাধাৰণ৷ সেই নৃশংস, নাৰকীয় ঘটনাৰ ন্যায়প্ৰাপ্তি অপেক্ষাত আজিও দিন অতিবাহিত কৰিছে দুৰ্গম অৰ্নে চাপৰি এলেকাত৷ সেই নিৰীহ বাঙালী লোকসকল বিদেশী বহিষ্কাৰ আন্দোলনে সৃষ্টি কৰা সংঘাতৰ কিদৰে বলি হৈছিল, সেই সংঘাতৰ পূৰ্বৰ আৰু পিচৰ প্ৰব্ৰজন [Migration] বা স্থানান্তৰণ [Displacement] পৰিস্থিতি, সংঘাতৰ পৰৱৰ্তী পৰ্যায়ৰ ন্যায়াপ্ৰাপ্তিৰ ব্যৱস্থাই নিপীড়িতসকলক কিদৰে প্ৰভাৱিত কৰিলে, পৰৱৰ্তী দিনত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত নিৰ্যাতিতসকলৰ ভূমিকা কি আছিল...৷ অগ্নিগৰ্ভা ১৯৮৩ চনৰ ফেব্ৰুৱাৰী মাহত অসমত বাঙালীসকল কিদৰে নিৰ্যাতিত হৈছিল– ক্ষেত্ৰভিত্তিক অধ্যয়নেৰে যুগুত কৰা হৈছে এই প্ৰতিবেদন:]
প্ৰতিবেদন: ছয়
আমাৰ আৰ্নে তিৰাশী গাঁৱত আন্দোলনকাৰীসকলে আক্ৰমণ কৰোতে কোন কেনি পলাইছিল ঠিকনা নোহোৱা হৈছিল৷ সকলোৱে কেৱল প্ৰাণ বচোৱাৰ চেষ্টা কৰিছিল৷ পিচদিনাহে আমাৰ এচামে জানিব পাৰিছিল– কাৰ পৰিয়ালৰ কিমানজন মৰিছে বা কাৰ ঘৰৰ কোন কোন মানুহ জীয়াই আছে৷ গাঁওবোৰত কোনো এটি ঘৰ থিয় হৈ থকা নাছিল৷ সকলোবোৰতে জুই দিছিল আক্ৰমণকাৰীসকলে৷ ঘটনাৰ পিচদিনা আৰ্নে তিৰাশী গাঁৱৰ জীয়াই থকা মানুহবোৰে হিচাপ কৰিবলৈ লাগিছিল– কোন জীৱিত, কোন আহত অথবা কোন মৃত৷ আমাৰ গাঁৱৰ মানুহবোৰে খবৰ কৰি, বিচাৰি, নৈৰ পাৰত লুকাই থকা মানুহবোৰক সুধি দেখিলো মাখন নামৰ প্ৰায় পোন্ধৰ-ষোল্লবছৰীয়া কিশোৰ এটিৰ ঘৰৰ মানুহবোৰ নাই৷ এগৰাকী বৃদ্ধই আৰ্নে তিৰাশী গাঁৱত আমাৰ আগত ‘সংঘাত কাল’ৰ বৰ্ণনা কৰিছিল এইদৰে৷ বৃদ্ধই যেতিয়া সেই দুঃসময়ৰ বিৱৰণ আওৰাইছিল তেতিয়া তেওঁৰ মুখলৈ একেথৰে চাই আছিল এজন যুৱকে৷ বৃদ্ধগৰাকীয়ে সেই যুৱকজনৰ ফালে দেখুৱাই ক’লে– ‘এইজনেই সেই মাখন নমসূদ্ৰ৷ আন্দোলনকাৰীৰ নিপীড়নৰ চিকাৰ৷ ঘটনাৰ পিচদিনা মাখনক নৈৰ দাঁতিৰ পৰা উদ্ধাৰ কৰা হৈছিল৷ আৰু মাখনৰ দেউতাক সাৰ্থক নমসূদ্ৰ, মাক-মইনাবালা আৰু তিনিজনী ভনীয়েকৰ মৃতদেহ পোৱা গৈছিল– গাঁৱৰ মাজেৰে যোৱা আলিবাটৰ দাঁতিত৷’ মাখনৰ ভনীয়েক তিনিজনীৰ নাম কি আছিল! আমি সুধিছিলো৷ মাখনে খন্তেক ৰৈ কবা মনত পেলালে আৰু ঠোকঠুকি মাতেৰে ক’লে– বীণামতি নমসূদ্ৰ, ৰচুমতি নমসূদ্ৰ আৰু খকিলা নমসূদ্ৰ৷
যোৱা তিনিটা দশকে আমি অপেক্ষা কৰি থাকিলো– এই গণ হত্যাৰ, এই নিৰ্মম কাণ্ডৰ বিচাৰ হ’ব৷ আমি ন্যায় পাম– দোষীয়ে শাস্তি পাব৷ কিন্তু দেখিলো এই দেশত আমাৰ দৰে নিৰ্যাতনৰ বলি হোৱাসকলে ন্যায় লাভ নকৰে৷ এই গণতন্দ্ৰ, এই প্ৰশাসন ব্যৱস্থাৰ প্ৰতি আমাৰ আস্থা হেৰাই গৈছে
ইয়াৰ পিচত মাখনে বহি থকা ঠাইতেই হুকহুকাই কান্দিবলৈ ধৰিলে৷ খন্তেকৰ বাবে আৰ্নে গাঁৱত আমাৰ মাজত মৌনতাই বিৰাজ কৰিলে৷ কিছু পিচত সেই বৃদ্ধই পুনৰ ক’লে– ‘মাখনক তেতিয়া আমাৰ গাঁৱৰ মানুহে ডাঙৰ কৰিলো৷ ঘৰ সাজি দিলো নিথৰুৱা কিশোৰটিক৷ মাখনক সান্তনা দিয়াৰ ভাষা আমাৰ হেৰাই গৈছিল৷’ বৃদ্ধই পুনৰ ক’লে– ‘মাখনৰ পৰিয়ালত এজন জীৱিত অৱস্থাত থাকিল৷ কিন্তু আৰান মণ্ডল নামৰ মোৰ বন্ধু এজনৰ পৰিয়ালটিৰ আটাইকেইজনকেই হত্যা কৰিছিল আন্দোলনকাৰীয়ে৷ মুঠতে অকল আৰ্নে তিৰালী গাঁৱতেই শতাধিক জনক হত্যা কৰিছিল৷ আৰু আহতসকলৰ কোনো হিচাপ নাই৷ কিন্তু যোৱা তিনিটা দশকে আমি অপেক্ষা কৰি থাকিলো– এই গণ হত্যাৰ, এই নিৰ্মম কাণ্ডৰ বিচাৰ হ’ব৷ আমি ন্যায় পাম– দোষীয়ে শাস্তি পাব৷ কিন্তু দেখিলো এই দেশত আমাৰ দৰে নিৰ্যাতনৰ বলি হোৱাসকলে ন্যায় লাভ নকৰে৷ এই গণতন্দ্ৰ, এই প্ৰশাসন ব্যৱস্থাৰ প্ৰতি আমাৰ আস্থা হেৰাই গৈছে৷ আমাৰ আৰ্নে চাপৰিৰ গাঁওসমূহত আক্ৰমণ কৰি গাঁওবাসীক খেদি বা হত্যা কৰি এই অঞ্চলবোৰ অসমীয়াভাষীসকলে দখল কৰিব বিচাৰিছিল৷ আৰু আক্ৰমণ কৰাৰ আগতে আমাৰ বাংলাভাষীসকলক বিদেশী বুলি প্ৰচাৰ কৰিছিল৷ সেই কথা আমি এই ঘটনাৰ পিচত জানিব পাৰিছিলো৷ কিন্তু আমাৰ মানুহবোৰ প্ৰকৃততেই বিদেশী আছিল জানো?’ সেই বৃদ্ধৰ মুখৰ পৰা নিৰৱচ্ছিন্নভাৱে ওলাই আছিল এই কথাবোৰ৷ তেওঁৰ বক্তব্যত স্পষ্ট হৈ পৰিছিল ক্ষোভ আৰু হতাশাৰ ছবি৷ উগ্ৰজাতীয়তাবাদী অসমীয়া একাংশ লোকে আৰ্নে চাপৰিৰ হেজাৰ হেজাৰ জনতাৰ ওপৰত আক্ৰমণ চলাবলৈ যে পূৰ্বপৰিকল্পনা কৰিছিল, সংগোপনে সংগঠিত হৈছিল লখিমপুৰ [সেই সময়ৰ] জিলাৰ বিভিন্ন স্থানৰ মানুহ সেই বিষয়েও জানিব পাৰিছিল ভুক্তভোগী বাংলাভাষী জনতাৰ একাংশই৷ আৰ্নে তিৰাশী বা আৰ্নে ৰামনগৰ গাঁৱত আক্ৰমণ কৰাৰ পূৰ্বে অৰ্থাৎ আৰ্নে চাপৰি অঞ্চলত আন্দোলনকাৰী চক্ৰই প্ৰথম আক্ৰমণ সংঘটিত কৰিছিল নলবাৰী গাঁৱত৷
No comments