পৰম্পৰা, ৰীতি-নীতি নামৰ শিকলি ছিঙি নাৰীসকল কেতিয়া ওলাই আহিব. .. . . কেৱল পুৰুষৰ সমৃদ্ধি, যৌন তৃপ্তি আদিৰ বাবেই নাৰীক পুতলা সজাই নানান ভয়াবহ,...
পৰম্পৰা, ৰীতি-নীতি নামৰ শিকলি ছিঙি নাৰীসকল কেতিয়া ওলাই আহিব...
..কেৱল পুৰুষৰ সমৃদ্ধি, যৌন তৃপ্তি আদিৰ বাবেই নাৰীক পুতলা সজাই নানান ভয়াবহ, প্ৰাণনাশী প্ৰথা নাৰীৰ ওপৰত জাপি দিয়া হয়...জীৱনমুখী' ৰীতি-নীতিৰ নামতনাৰীৰ দুৰ্বিসহ জীৱন...
নিশা ভূঞা:
তেওঁক "দেৱী" ৰূপে অভিহিত কৰা হয়। স্থান আৰু কাল ভেদে তেওঁক পূজা অৰ্চনাও কৰা হয়। মানৱৰো উৰ্দ্ধত তেওঁক স্থাপন কৰা হয়। বাস্তৱত তেওঁ মানৱীয় মৌলিক অধিকাৰ লাভ কৰাৰ পৰাও বিৰত হয়। দৰাচলতে তেওঁ কোনো কোনো সমাজত মানৱ ৰূপে জীয়াই থকাতো ব্যৰ্থ হয়। প্ৰচলিত ভিন্ন পৰম্পৰাৰ নামত, 'জীৱনমুখী'(?) কিছু ৰীতি-নীতিৰ নামত তেওঁৰ জীৱন কৰি তোলা হয় দুৰ্বিসহ । তাৰ কাৰণ কি ? কাৰণ হয়তো এটাই .....তেওঁ যে নাৰী !
ৰোমানীয়াৰ অপহৰণ প্ৰথা...
নাৰীক ঈশ্বৰৰ সবাতোকৈ অপূৰ্ব সৃষ্টি বুলি বহুলোকে কয়। কিন্তু তাৰ বিপৰীতে আকৌ এচামে কন্যা সন্তান জন্ম হ'বলৈ দিবলৈকে ভয় কৰে। কিয়নো ঈশ্বৰৰ এই অপূৰ্ব সৃষ্টিৰ মোল বহুজনে বুজি নাপায়। সেয়েহে তেনে এচাম লোকে নাৰীৰ বাবে সৃষ্টি কৰে বিশেষ কিছু ৰীতি -নীতি , কিছু বিশেষ পৰম্পৰা ,প্ৰথা । বিশ্বৰ বিভিন্ন দেশত এনে আচহুৱা কিছু ৰীতি-নীতি আজিৰ তাৰিখলৈ প্ৰচলিত হৈ আছে, যাৰ কথা শুনিয়েই আতংকিত হৈ পৰে বহুজন। মূলতঃ নাৰীত্ব লাভৰ বাবে অতি প্ৰয়োজনীয় বুলি এই ৰীতি-নীতি,পৰম্পৰাসমূহক গণ্য কৰা হয়। ৰোমানীয়া নামৰ দেশখনত এনে এক পৰম্পৰাৰ অংশ ৰূপে অপহৰণৰ দৰে অপৰাধ বৈধ বুলি ঘোষণা কৰা হৈছে। কিন্তু কেৱল অবিবাহিতা নাৰীৰ অপহৰণৰ ক্ষেত্ৰত হে এই নিয়ম প্ৰযোজ্য। এই দেশত কোনো পুৰুষে নাৰীক অপহৰণ কৰি নি নিজৰ লগত ৩- ৫ দিন ৰাখিলে সেই পুৰুষজনে নাৰীগৰাকীক বিয়া কৰোৱাৰ আইনী আৰু সামাজিক অনুমতি লাভ কৰে । এই ক্ষেত্ৰত নাৰীৰ সন্মতি কোনো প্ৰয়োজন বোধ কৰা নহয়। তাৰ বিপৰীতে নাৰীক সেয়া অপহৰণ প্ৰথাৰে হোৱা বিবাহ বুলি মানি ল'বলৈ বাধ্য কৰোৱা হয়। এই প্ৰথাৰ দৰেই অন্য কিছু আচহুৱা ৰীতি-নীতি তথা পৰম্পৰাৰ বিষয়ে এই লেখাত উনুকিওৱা হ'ল ।
আফ্ৰিকাৰ ম'ৰাটানিয়াৰ নাৰীসকলৰ "ফৰ্চ ফিডিং"
নাৰীসকলে সাধাৰণতে নিজৰ শৰীৰটো সজাই -পৰাই ৰাখিবলৈ , নিৰোগী কৰি ৰাখিবলৈ বিচাৰে। সেয়েহে বহু নাৰীয়ে শৰীৰত মেদ জমা হোৱাৰ ভয়ত অতি কম পৰিমাণৰ আহাৰ গ্ৰহণ কৰে। শৰীৰ মেদবহুল হৈ পৰিলে বিভিন্ন ব্যায়াম,যোগ-প্ৰণায়াম আদিৰ সহায় লয়। পিছে আফ্ৰিকাৰ ম'ৰাটানিয়াৰ নাৰীসকলৰ ক্ষেত্ৰত এই বিষয়টি কিছু সুকীয়া। এই অঞ্চলত "ফৰ্চ ফিডিং " নামৰ এক প্ৰথা নাৰীৰ বাবে প্ৰচলিত। এই অঞ্চলত মেদবহুল নাৰীক স্বামীৰ সমৃদ্ধিৰ প্ৰতীক ৰূপে গণ্য কৰা হয়। সেয়েহে বিবাহ উপযুক্ত কন্যাসকলক জোৰকৈ খাদ্য খুওৱা হয়। তাৰ বাবে ২ মাহৰ "ফিডিং চেচন" ৰখা হয়। এই সময়ছোৱাত নাৰীসকলক এদিনত নূন্যতম ১৬০০০ কেলৰিৰ খাদ্য খাবলৈ বাধ্য কৰোৱা হয়। তদুপৰি সময়ে সময়ে অতিৰিক্ত পৰিমাণৰ উটৰ গাখীৰ খাবলৈ দিয়া হয়। এই সময়ছোৱাতে বিশেষ এজোপা গছৰ পৰা উলিয়াই অনা কিছু দ্ৰৱ্য খাবলৈ দিয়া হয় আৰু সেই দ্ৰৱ্য খোৱাৰ পিছত ২৪ ঘন্টা শুবলৈ দিয়া নহয়। প্ৰচলিত বিশ্বাস অনুসৰি এই দ্ৰৱ্য সেৱন কৰিলে কম সময়ৰ ভিতৰত শৰীৰত মেদ বৃদ্ধি পায়। আচৰিত ভাৱে ম'ৰাটানিয়াৰ সকলো নাৰীয়েই কেৱল নাৰীত্ব লাভৰ নামত আৰু পুৰুষৰ সমৃদ্ধিৰ বাবে এই প্ৰথাৰ সন্মুখীন হ'বলগীয়া হয়। এই প্ৰথাৰ বাবেই বহু নাৰীৰ মৃত্যু পৰ্যন্ত হয় বুলি জানিবলৈ পোৱা যায়।
ব্ৰাজিলৰ জনজাতীয় লোকৰ "বিটিং চেচন"
ব্ৰাজিলৰ কোনো কোনো অঞ্চলৰ জনজাতীয় লোকৰ মাজত নাৰীসকলৰ বাবে "বিটিং চেচন" নামৰ এক প্ৰথাৰ প্ৰচলন আছে। এই প্ৰথা অনুসৰি অবিবাহিতা নাৰীক উলংগ কৰি ৰাজপথত এৰি দিয়া হয়। নাৰীগৰাকীক ৰাজপথতে বহু পুৰুষে মাৰপিট কৰে। যেতিয়ালৈকে নাৰী গৰাকী অচেতন নহয় তেতিয়ালৈ তেওঁৰ ওপৰত সেই অত্যাচাৰ চলোৱা হয়। অচেতন হোৱা নাৰীগৰাকীয়ে পুনৰ চেতনা ঘূৰাই পাই স্বাভাৱিক ব্যৱহাৰ কৰিলে তেওঁক বিবাহৰ বাবে উপযুক্ত এগৰাকী পূৰ্ণাঙ্গ নাৰী ৰূপে গণ্য কৰা হয়। অৰ্থাৎ জীৱনত যিকোনো পৰিস্হিতৰ সৈতে যুঁজিবলৈ তেওঁ সক্ষম বুলি ভবা হয়। পিছে দুখজনক ভাৱে এই প্ৰথাৰ নামত বহ নাৰীয়ে কৰুণভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হয়।
ছোমালিয়া, ইজিপ্তৰ নাৰীৰ "ফিমেল জেনিতেল ম'তিলেচন "
ছোমালিয়া, ইজিপ্ত দেশত নাৰীৰ বাবে প্ৰচলিত "ফিমেল জেনিতেল ম'তিলেচন " নামৰ নিয়মৰ কথা বহু লোকৰেই জ্ঞাত। এই প্ৰথা অনুসৰি বিবাহৰ পূৰ্বে প্ৰায় ১১-১৩ বছৰ বয়সতেই কন্যাসকলৰ যোনিত সামান্য এক ছিদ্ৰ ৰাখি বাকী অংশ সম্পূৰ্ণ ৰূপে চিলাই দিয়া হয়। এই কাম ঘৰতেই কোনো অভিজ্ঞ(?) নাৰীৰ দ্বাৰা কৰোৱা হয়। কোনো ঔষধ এই ক্ষেত্ৰত ব্যৱহাৰ কৰা নহয়। কেৱল নিজৰ স্বামীৰ বাবে কুমাৰীত্ব সাঁচি ৰাখি তেওঁক যৌন সম্ভোগৰ সময়ত সুখ দিবৰ বাবেই একোগৰাকী নাৰীক এই ভয়ানক প্ৰথাৰ সৈতে চিনাকি কৰাই দিয়া হয়। এই অস্বাস্থ্যকৰ নিয়মৰ বাবে বহু নাৰীৰ সংক্ৰমণজনীত ৰোগ হয়। বহু ক্ষেত্ৰত আকৌ ভুলকৈ এই সকলো কাম ঘৰতে কৰাৰ বাবে বহু নাৰীয়ে নিজৰ প্ৰজনন ক্ষমতাও হেৰুৱাই পেলায়। অন্য সকলো নাৰীয়েই বিবাহৰ পিছত সম্ভোগৰ সময়ত তথা স্বাভাৱিকভাৱে সন্তান প্ৰসৱৰ সময়ত নাৰকীয় যন্ত্ৰণাৰ সন্মূখীন হ'বলগীয়া হয়।
ইণ্ডোনেছিয়াত নাৰীৰ পৰম্পৰা " দাঁত জোঙাল কৰা"
ইণ্ডোনেছিয়াত নাৰীসকলৰ বাবেই প্ৰচলিত এক পৰম্পৰা হৈছে " দাঁত জোঙাল কৰা" । শুনিবলৈকে আজব যেন লগা এই পৰম্পৰা মূলতঃ একাংশ জনজাতীয় লোকৰ মাজত প্ৰচলিত। এই লোকসকলৰ প্ৰচলিত বিশ্বাস অনুসৰি যি নাৰীৰ দাঁতবোৰ জোঙা, আৰু ধৰাল হ'লে তেনে নাৰীৰ শৰীৰ আৰু আত্মাৰ মাজৰ সমতুল সামঞ্জস্য থাকে। তেনে নাৰী ঐশ্বৰ্য আৰু সমৃদ্ধিৰ প্ৰতীক। সেয়ে এই জনজাতীয় অধিকাংশ নাৰীয়েই এই পৰম্পৰা মানি লয়। অঞ্চলটিৰ অভিজ্ঞজনে এই ক্ষেত্ৰত আগভাগ লয়। লোহা অথবা তেনেকোনো কঠিন ধাতুৰে নিৰ্মিত সঁজুলিৰে দাঁতবোৰ মৰিয়াই মৰিয়াই অথবা কাটি কাটি জোঙা কৰা হয়। এই প্ৰক্ৰিয়াত নাৰীগৰাকীক অচেতন কৰাই লোৱা নহয়। অৰ্থাৎ তেওঁৰ সম্পূৰ্ণ চেতনা থকা অৱস্থাতেই এই সমগ্ৰ প্ৰক্ৰিয়া চলাই নিয়া হয়। কোনো ঔষধ এই ক্ষেত্ৰত ব্যৱহাৰ কৰা নহয়। কোনো কোনোৱে ঘৰতে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। বহুতেই আকৌ এই পৰম্পৰা পালন কৰিবৰ বাবে ভোজমেলৰো আয়োজন কৰে। অৰ্থাৎ নাৰীগৰাকীয়ে ভোগ কৰা এই অবৰ্ণনীয় যাতনাৰ প্ৰত্যক্ষদৰ্শী হয় বহুজন। তেওঁলোকৰ বাবে সেয়া এক পৰিক্ৰমা - জীৱনটো সুন্দৰ কৰি তোলাৰ!
কেমেৰুণৰ ছোৱালীৰ "ব্ৰেষ্ট আইৰনিং"
আফ্ৰিকাৰ কেমেৰুণ নামৰ দেশত অতি সমবয়সীয়া ছোৱালীৰ ওপৰৰ "ব্ৰেষ্ট আইৰনিং" নামৰ পৰম্পৰাৰ নামত চলোৱা হয় অবৰ্ণনীয় অত্যাচাৰ। মূলত: কিশোৰীৰ সকলৰ শৰীৰৰ গঠন চুকত পৰা হোৱাৰ সময়ছোৱাতে কৰা হয় ব্ৰেষ্ট আইৰনিং । কিশোৰীৰ উঠন বুকুৰ ওপৰত শিল গৰম কৰি লগোৱা হয় । কোনো কোনো সময়ত শিলৰ সলনি অন্য সামগ্রীৰো ব্যৱহাৰ কৰা হয়। তাৰ ফলত স্তনৰ আকাৰ বাঢ়ি নাযায়। বহু কিশোৰীয়ে এনেদৰে গৰম শিল লগোৱাৰ বিপৰীতে টানকৈ কাপোৰো বুকুৰ ওপৰত বান্ধি থয়। মূলতঃ ছোৱালী এগৰাকীক বুকুৰ আকাৰৰ দ্বাৰা চিনি নাপাবৰ বাবেই আৰু বিবাহৰ পূৰ্বে ধৰ্ষণৰ সন্মুখীন নহ'বৰ বাবেই তেনে কৰা হয় বুলি জানিবলৈ পোৱা যায়। বহু লোকে আকৌ বাঁহ - কাঠৰ গধুৰ সঁজুলি বা হাতুৰীৰেই কোবাই কোবাই স্তনৰ আকাৰ কমাবলৈ চেষ্টা কৰে। ভাবিলেই আচৰিত লাগে যে নাৰীক পুৰুষৰ দৃষ্টিৰ পৰা সুৰক্ষিতে ৰাখিবলৈ আৰু কেৱল ভাবি স্বামীৰ বাবে শৰীৰটি সংৰক্ষণ কৰি ৰাখিবৰ বাবেই এই সকলো পৰম্পৰাৰ মাজেৰে এগৰাকী নাৰীয়ে জীৱন পাৰ কৰিব লগীয়া হয়। তাৰ বিপৰীতে কিন্তু পুৰুষক কাহানিও নাৰীক সন্মান কৰা বা নাৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ কথা কোৱা নহয়। প্ৰধানকৈ কিশোৰীৰ ওপৰত বিবাহৰ আগৰ সময়ত প্ৰায়ে চলা পৰম্পৰা নামৰ এই ভয়াবহ প্ৰক্ৰিয়াত কিশোৰীসকলৰ মাতৃয়েই আগভাগ লয়। কিয়নো এয়াই হেনো নিয়ম ! পিছে ইয়াৰ ফলত নাৰীসকলে ভোগ কৰা যাতনা, তেওঁলোকৰ শৰীৰৰ বিভিন্ন ক্ষতিৰ কথা ( যেনে : টিচু বেয়া হৈ যোৱাৰ, স্তনৰ কৰ্কট ৰোগ, টিউমাৰ আদি ) কোনেও কাহানিও চিন্তা কৰি নাচায়।
মালাৱীৰ "ছেক্স কেম্প"
আফ্ৰিকাৰেই মালাৱী নামৰ দেশত নাৰীত্ব লাভৰ এক পৰম্পৰাৰ কথাই আমাক আতংকিত কৰি তোলে। এই দেশত প্ৰচলিত "ছেক্স কেম্প"নামৰ পৰম্পৰা অনুসৰি বছৰৰ নিৰ্দিষ্ট সময়ত আয়োজন কৰা হয় এক বিশেষ কেম্প। এই কেম্পলৈ ৮-১২ বছৰীয়া ছোৱালীক "নাৰীত্ব" প্ৰাপ্তিৰ বাবে প্ৰেৰণ কৰা হয়। সেই বিশেষ সময়ছোৱাত কিছু বয়সীয়া মহিলাই ছোৱালীবোৰৰ ঘৰুৱা কাম কাজৰ শিক্ষা দিয়ে, নাৰী হিচাপে কি কি কাম কৰিব লাগে তাৰো শিক্ষা দিয়ে। তাৰোপৰি পুৰুষৰ কিদৰে সুখী কৰিব লাগে(শাৰীৰিক আৰু মানসিক ভাৱে ) তাৰ শিক্ষা প্ৰধানকৈ দিয়া হয়। যৌন শিক্ষা দিয়াৰ নামত কম বয়সীয়া ছোৱালীবোৰক সম্পূৰ্ণ অচিনাকি বয়সীয়া ব্যক্তিৰ সৈতে শুবলৈ বাধ্য কৰোৱা হয়। সেয়াও কেৱল পৰম্পৰাৰ খাতিৰত। আচৰিত ভাৱে ছোৱালীৰ পৰিয়ালৰ সন্মতিতেই এই সকলো কাম কৰা হয়। তাৰ পিছতহে এজনী ছোৱালী বিবাহৰ বাবে উপযুক্ত বুলি বিবেচনা কৰা হয়, তাই নাৰীৰ সকলো গুণ আয়ত্ত কৰিলে বুলি বিশ্বাস কৰা হয়। কমবয়সীয়া সেই ছোৱালীবোৰৰ মানসিক অৱস্থাৰ কথা কোনেও বুজিবলৈ চেষ্টা নকৰে।
পুৰুষৰ সমৃদ্ধি, পুৰুষৰ যৌন তৃপ্তি আদিৰ বাবেই নাৰীক পুতলা সজাই নানান ভয়াবহ, প্ৰাণনাশী প্ৰথা নাৰীৰ ওপৰত জাপি দিয়া হয়। অৰ্থাৎ নাৰীক সদায়েই কেৱল ভোগৰ সমল ৰূপেই ৰাখিবলৈ প্ৰয়াস কৰা হয়। তেওঁলোকক সামান্য মানৱ ৰূপেও জীয়াই থকাৰ অধিকাৰ পৰা বঞ্চিত কৰা হয়
এই পৰম্পৰাসমূহৰ উপৰিও অন্য আৰু বহু নিয়ম, বহু প্ৰথা বিশ্বৰ ভিন্ন ভিন্ন প্ৰান্তত প্ৰচলিত হৈ আছে। মন কৰিবলগীয়া কথা এয়ে যে, কেৱল নাৰীৰ বাবেহে এনে প্ৰথাবোৰ প্ৰযোজ্য। তদুপৰি প্ৰথাবোৰৰ লগত জড়িত কৰা কাৰণবোৰ কিন্তু সদায়ে পুৰুষকেন্দ্ৰিক। কেৱল পুৰুষৰ সমৃদ্ধি, পুৰুষৰ যৌন তৃপ্তি আদিৰ বাবেই নাৰীক পুতলা সজাই নানান ভয়াবহ, প্ৰাণনাশী প্ৰথা নাৰীৰ ওপৰত জাপি দিয়া হয়। অৰ্থাৎ নাৰীক সদায়েই কেৱল ভোগৰ সমল ৰূপেই ৰাখিবলৈ প্ৰয়াস কৰা হয়। তেওঁলোকক সামান্য মানৱ ৰূপেও জীয়াই থকাৰ অধিকাৰ পৰা বঞ্চিত কৰা হয়।অন্ততঃ এনে প্ৰথাসমূহে তাৰে প্ৰমাণ কৰিছে। তথাপিও আমি আশাবাদী- এই সকলো এদিন নিষিদ্ধ ৰূপে ঘোষণা হ'ব। এনে পৰম্পৰা, ৰীতি-নীতি নামৰ শিকলি ছিঙি নাৰীসকল এদিন ওলাই আহিব.... পুৰুষৰ সমানেই তেওঁলোকেও আগবাঢ়ি এদিন বিশ্বজয় কৰিব। আগন্তুক প্ৰজন্মৰ তেওঁলোকে এনে আজব মেৰপাকৰ পৰা নিলগত ৰাখিবলৈ সক্ষম হ'ব।
No comments