Page Nav

HIDE

Grid

GRID_STYLE

এছ-আই পৰীক্ষাত উত্তীৰ্ন বহু প্ৰাৰ্থীক নিযুক্তি নিদিলে কিয়?

ৰাজ্যত এতিয়াও উপযুক্ত পৰিমাণৰ কৰ্তব্যৰত আৰক্ষী বিষয়াৰ অভাৱ ...ৰাজ্যৰ জনসংখ্যা অনুপাতে এই নিযুক্তিৰ সংখ্যা যথেষ্ট নগণ্য আৰু আন আন ৰাজ্যৰ তুলন...


ৰাজ্যত এতিয়াও উপযুক্ত পৰিমাণৰ কৰ্তব্যৰত আৰক্ষী বিষয়াৰ অভাৱ


...ৰাজ্যৰ জনসংখ্যা অনুপাতে এই নিযুক্তিৰ সংখ্যা যথেষ্ট নগণ্য আৰু আন আন ৰাজ্যৰ তুলনাত আমাৰ ৰাজ্য চৰকাৰে অতীতৰে পৰা আৰক্ষীত বহু কম কমকৈ পদ পুৰনৰ ব্যৱস্থা গ্ৰহণ কৰি অহা দেখা গৈছে...

পিংকু ডেকা:

আমি সকলো জ্ঞাত যে উপযুক্ত শিক্ষাৰ বাবে ৰাজ্যত বিদ্যালয়-মহাবিদ্যালয় যিদৰে আৱশ্যক তেনেদৰে আইন শৃংখলা অপৰাধ প্ৰৱণতা নিয়ন্ত্ৰণ কৰাৰ কাৰণে উপযুক্ত পৰিমানৰ পুলিচ প্ৰশাসনৰ আৱশ্যকতা কেতিয়াও নুই কৰিব নোৱাৰোঁ। এই দুয়োটা বিভাগ পয্যাপ্ত হলেহে কোনো এখন ৰাজ্য উন্নতি ঘটিব পাৰে আৰু এই দুয়োটা সেৱা যোগান ধৰাটো  চৰকাৰৰ দায়বদ্ধতা। নতুন প্ৰজন্মক পোহৰৰ বাট দেখুৱাই বিজ্ঞানসন্মত চিন্তাধাৰাৰে উপযুক্ত মানৱ সম্পদ হিচাপে গঢ়ি তুলিবৰ বাবে শিক্ষাৰ ভূমিকা যিদৰে অনবদ্য তেনেদৰে ৰাজ্যৰ নিৰাপত্তাৰ ক্ষেত্ৰত অপৰাধ প্ৰৱণতা নিয়ন্ত্ৰণ, জনসাধাৰণৰ মাজত সুস্থ সমাজৰ বাতাবৰণ সৃষ্টি কৰিবৰ বাবে পুলিচ সেৱা অতিকৈ জৰুৰী। এই দুয়োটা বিভাগৰ কোনো এটা বিনষ্ট হলেই ৰাজ্যই নিজৰ স্বকীয়তা হেৰাই  পেলাব।আকৌ এই দুয়োটা বিভাগেই সমাজ খনৰ বিভিন্ন জাতি ধৰ্মক একত্ৰিত কৰি একতাৰ এনাজৰীৰে বান্ধি ৰাখিছে বুলি কলেও হয়তো বঢ়াই কোৱা নহব। গতিকে এই দুয়োটা সেৱা জনসাধাৰণে পৰ্য্যাপ্ত পৰিমানে পাই আছে নে নাই তাক নজৰ ৰখাটো চৰকাৰৰ দায়বদ্ধতা।

        এইবেলি শিক্ষাৰ ক্ষেত্ৰত নতুন নতুন বিদ্যালয়-মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ আঁচনি গ্ৰহণ কৰি নিতৌ নতুন নতুন পদ সৃষ্টি কৰি শিক্ষক নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰিছে। উদাহৰণ স্বৰূপে অলপতে শিক্ষা বিভাগত নতুনকৈ ২৯000  শিক্ষক নিযুক্তি কৰাৰ পিছত আকৌ সেই একে সময়তে আৰু ৫000 নতুন শিক্ষক নিযুক্তি দিব বুলি যি আশ্বাস প্ৰদান কৰিছে। ইয়াৰ জৰিয়তে  শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে শিক্ষকতাৰ দৰে মহান বৃত্তিত নিজকে নিয়োজিত কৰি আধুনিক চিন্তা ধাৰাৰে শিক্ষাৰ সমাজখন আৰু এখোজ আগুৱাই লৈ গৈ ৰাজ্যৰ উন্নতিত অৰিহণা যোগাবলৈ সক্ষম হৈছে। 

ৰাষ্ট্ৰসংঘৰ মান মতে প্ৰতি ১,00000 জনসংখ্যাৰ বিপৰীতে ২৩০ গৰাকী আৰক্ষী থাকিব লাগে। কিন্তু ভাৰতত প্ৰতি ১,00000 জনসংখ্যাৰ বিপৰীতে ১২৫ গৰাকীহে আৰক্ষী আছে। এইটো পৃথিৱীৰ বিভিন্ন দেশৰ আৰক্ষী আৰু জনসংখ্যাৰ আটাইতকৈ কম অনুপাতবোৰৰ এটা। আকৌ অসমৰ ক্ষেত্ৰত এই অনুপাত প্ৰতি ১,00000 জনসংখ্যাৰ বিপৰীতে মাত্ৰ ৯৯ গৰাকীহে আৰক্ষী থকা বুলি উমান পোৱা গৈছে। আমি অনুধাৱন কৰিব পাৰিছো যে অসম আৰক্ষীত আৰু কিমান আৰক্ষীৰ প্ৰয়োজনীয়তা আছে! 

 কিয়নো যিটো সময়ত অসম আৰক্ষীত ৰাজ্যৰ জনসংখ্যা অনুপাতে ৰাজ্যত প্ৰয়োজনীয় আৰু বহুতো আৰক্ষী বিষয়াৰ নতুন নতুন পদ সৃষ্টি কৰি নিযুক্তিৰ সংখ্যা আৰু দুগুণে বঢ়াই  পয্যাপ্ত পৰিমানে বাঢ়ি অহা নিবনুৱা সমস্যা অলপ হলেও হ্ৰাস কৰিব  পাৰিলেহেতেন  তেনে সময়ত ৰাজ্যত এইবেলি অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদত  মাত্ৰ ৫৯৭ টা পদ পূৰণ কৰিয়েই অসমৰ ইতিহাসত এই পদৰ  বৃহৎ নিযুক্তি কৰা বুলি গণ্য কৰা হৈছে। আকৌ তেনে সময়তেই ভাৰতৰ উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যই এটা বছৰতেই ৯৫৩২ টা সেই একেই পদ পূৰণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ বাতৰি ইতিমধ্যে প্ৰকাশ পাইছে। অন্যহাতে ৰাষ্ট্ৰসংঘৰ মান মতে প্ৰতি ১,00000 জনসংখ্যাৰ বিপৰীতে ২৩০ গৰাকী আৰক্ষী থাকিব লাগে। কিন্তু ভাৰতত প্ৰতি ১,00000 জনসংখ্যাৰ বিপৰীতে ১২৫ গৰাকীহে আৰক্ষী আছে। এইটো পৃথিৱীৰ বিভিন্ন দেশৰ আৰক্ষী আৰু জনসংখ্যাৰ আটাইতকৈ কম অনুপাতবোৰৰ এটা। আকৌ অসমৰ ক্ষেত্ৰত এই অনুপাত প্ৰতি ১,00000 জনসংখ্যাৰ বিপৰীতে মাত্ৰ ৯৯ গৰাকীহে আৰক্ষী থকা বুলি উমান পোৱা গৈছে। আমি অনুধাৱন কৰিব পাৰিছো যে অসম আৰক্ষীত আৰু কিমান আৰক্ষীৰ প্ৰয়োজনীয়তা আছে! চুটিকৈ কবলৈ গলে আৰক্ষী আৰু জনসংখ্যাৰ মাজত এক বৃহৎ ফাট। বৰ্তমান অসমৰ মুঠ জনসংখ্যা ৩.৬ কোটি। এতিয়া ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন মতে প্ৰতি ১,00000 লোকৰ বিপৰীতে থাকিবলগীয়া যি ২৩০টা আৰক্ষী অসমত থকা বুলি ধৰি লওঁ তেনেহলে অসমত আৰক্ষীৰ বৰ্তমান প্ৰয়োজনীয়তা থাকিব মুঠ ৮২,৮00 গৰাকী। বৰ্তমান অসম আৰক্ষীত নিয়োজিত হৈ থকা আৰক্ষীৰ মুঠ সংখ্যা প্ৰায় ৬১,৩১0 গৰাকী(২০১৯-২০২০)। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি প্ৰতি ১,00000 জনসংখ্যাৰ বিপৰীতে থাকিবলগীয়া পৰিমাণৰ আৰক্ষী অসমত নাই যদিও থকা বুলি ধৰিলেও  প্ৰায় ২১,৪৯০ খালি আৰক্ষী পদ ৰৈ যায় ।গতিকে ইয়াৰ পৰা অনুধাবন কৰিব পৰা যায় যে প্ৰতি ১,00000 লোকৰ বিপৰীতে যদি অসমত মাত্ৰ ৯৯ গৰাকী আৰক্ষী থাকে তেনেহলে আৰু কিমান সংখ্যক আৰক্ষীৰ প্রয়োজনীয়তা এতিয়াও আছে হয়তো এইটো আৰু দুনাই কোৱাৰ প্ৰয়োজনীয়তা নাথাকিব।

          আকৌ MOITRI(The mission for overall improvement of thana for responsive image) আঁচনি হৈছে অসম চৰকাৰৰ অন্য এটা গুৰুত্বপূৰ্ণ প্ৰয়াস। এই মৈত্ৰী আঁচনিৰ জৰিয়তে অসমত প্ৰায় ৩৪০ খন আৰক্ষী থানা অত্যাধুনিক ৰূপত নিৰ্মাণ আৰু পুনঃনিৰ্মাণৰ জৰিয়তে সজাই তোলাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈ আছে। এই আঁচনিৰ অন্তৰ্গত আৰক্ষী থানাবোৰত আধুনিক আহিলা পাতি সংযোজনেৰে আৰক্ষী-জনসাধাৰণৰ মাজত এটা ভাল সম্বন্ধ স্থাপন কৰি এখন অপৰাধ মুক্ত সুস্থ সবল সমাজ গঢ়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসমৰ বিভিন্ন জিলাত  আৰক্ষী থানাবোৰৰ নিৰ্মাণৰ কাম দ্ৰুত গতিত চলি আছে। তাত কাম কৰিবৰ কাৰণে  নিশ্চিত ভাবে স্মাৰ্ট আৰক্ষী বিষয়াৰ প্ৰয়োজন হব ।কিন্তু ৰাজ্যত এতিয়াও উপযুক্ত পৰিমাণৰ কৰ্তব্যৰত আৰক্ষী বিষয়াৰ অভাৱ-অভিযোগ দেখি শুনি থকাৰ পিছতো এই মৈত্ৰী আঁচনিৰ অধিনত নৱনিৰ্মিত পুলিচ ষ্টেচনবোৰৰ কাম সম্পূৰ্ণ  হোৱা পিছত তাত নিয়াৰিকৈ কাম কৰিবৰ বাবে আৰক্ষী নিযুক্তিৰ ক্ষেত্ৰত বিভাগীয় কর্তৃপক্ষই কি পদক্ষেপ গ্ৰহণ কৰিব সময়ত এইটো বৰ লক্ষণীয় হব ।

ৰাজ্যৰ জনসংখ্যা অনুপাতে এই নিযুক্তিৰ সংখ্যা যথেষ্ট নগণ্য আৰু আন আন ৰাজ্যৰ তুলনাত আমাৰ ৰাজ্য চৰকাৰে অতীতৰে পৰা আৰক্ষীত বহু কম কমকৈ পদ পুৰনৰ ব্যৱস্থা গ্ৰহণ কৰি অহা দেখা গৈছে অন্যহাতে সময়ৰ পৰিবৰ্তনৰ লগে লগে জনসংখ্যা অনুপাতে নতুন নতুন পদ সৃষ্টিত অনীহা ভাব বোধ হয়।এই কাৰণ বোৰৰ কাৰণেই একাংশ প্ৰাৰ্থী  আজি উত্তীৰ্ণ হৈও নিযুক্তি বঞ্চিত।


      আৰক্ষী নিযুক্তিৰ ক্ষেত্ৰতো অন্য ৰাজ্যৰ তুলনাত অসম চৰকাৰৰ গৃহ বিভাগৰ কিছু লেহেমীয়া গতিত আগবঢ়া  অনুভৱ হৈছে।কিয়নো ২০১৮ চনতে আবেদন কৰা অসম আৰক্ষী উপ পৰিদৰ্শক পদৰ ভৰ্তি বিভিন্ন বিপদ বিঘিনীৰ মাজেৰে সুদীর্ঘ ৩ বছৰ অতিক্ৰম কৰাৰ পিছত ২০২১ চনতহে নিযুক্তি প্ৰদান কৰিলে।কিন্তু এইটো কব লাগিব যে নিযুক্তিৰ ক্ষেত্ৰত নিকা আৰু স্বচ্ছ ভাব মূৰ্তি প্ৰদৰ্শন কৰিলে ৷ কিন্তু অসমৰ দৰে এখন জনবহুল ৰাজ্যত এইবেলি আৰক্ষী উপ পৰিদৰ্শকৰ মাত্ৰ ৫৯৭ টা পদহে পূৰণ কৰা হল যদিও তাৰ পৰিবৰ্তে প্ৰায় ১৫০০ প্ৰাৰ্থী ইতিমধ্যে বিভিন্ন কষ্ট সমস্যা আৰু বিপদ বিঘিনীৰ মাজেৰে দৰিদ্ৰতাকো নেওচি অতি কাইটিয়া পথ অতিক্ৰম কৰি এই এছ আই পৰীক্ষাৰ সকলোবোৰ স্তৰ পাৰ কৰিবলৈ সক্ষম হোৱাৰ পিছতো একাংশ প্ৰাৰ্থীয়ে নিযুক্তিৰ পৰা বঞ্চিত হব লগীয়া হৈছে । ইয়াৰ কাৰণ স্বৰূপে আমি এইটো কব পাৰো যে এইবেলি এছ আই নিযুক্তি অসমৰ ইতিহাসত বৃহৎ যদিও ৰাজ্যৰ জনসংখ্যা অনুপাতে এই নিযুক্তিৰ সংখ্যা যথেষ্ট নগণ্য আৰু আন আন ৰাজ্যৰ তুলনাত আমাৰ ৰাজ্য চৰকাৰে অতীতৰে পৰা আৰক্ষীত বহু কম কমকৈ পদ পুৰনৰ ব্যৱস্থা গ্ৰহণ কৰি অহা দেখা গৈছে অন্যহাতে সময়ৰ পৰিবৰ্তনৰ লগে লগে জনসংখ্যা অনুপাতে নতুন নতুন পদ সৃষ্টিত অনীহা ভাব বোধ হয়।এই কাৰণ বোৰৰ কাৰণেই একাংশ প্ৰাৰ্থী  আজি উত্তীৰ্ণ হৈও নিযুক্তি বঞ্চিত। ৰাজ্যত এতিয়াও পৰ্য্যাপ্ত পৰিমাণৰ আৰক্ষী বিষয়াৰ পদ খালি হৈ থকাৰ সময়তে আৰক্ষী নিযুক্তি বিভাগৰ জৰিয়তে চৰকাৰৰ ইমান খিনি মোটা অংকৰ পুঁজি খৰচ কৰি ইমান নিকা আৰু স্বচ্ছ ভাবে প্ৰাৰ্থীৰ যোগ্যতা নিৰূপণ কৰিলে ।গতিকে নিযুক্তি বিভাগৰ জৰিয়তে প্ৰাৰ্থীৰ যোগ্যতা নিৰূপণৰ অন্তত যোগ্যতা থকা সকলো  উত্তীৰ্ন প্ৰাৰ্থীক নিযুক্তি দিয়াটো চৰকাৰৰ দায়িত্ব। সেয়েহে, এই ক্ষেত্ৰত কম সময়ৰ ভিতৰতে চৰকাৰ কর্তৃপক্ষ আগুৱাই আহি নিযুক্তি বিভাগৰ সৈতে কথা পাতি উপযুক্ত সিদ্ধান্তত উপনীত হোৱাটো অত্যন্ত জৰুৰী বুলি ভাবো। তেতিয়া হয়তো তাহানিতে পৰিৱৰ্তন হবলগীয়া অন্য এক পৰিবৰ্তনৰ পথ ওলাই পৰিব।  পৰীক্ষাৰ জৰিয়তে যোগ্যতা দেখুওৱাটো প্ৰাৰ্থীৰ দায়িত্ব আৰু যোগ্যতা দেখুৱাৰ পিছত নিযুক্তি দিয়াটো চৰকাৰৰ দায়িত্ব।

            গতিকে ইয়াৰ পৰা বুজিব পৰা যায়, যে ৰাজ্যৰ অন্যান্য বিভাগৰ পৰিবৰ্তনৰ লগে লগে গৃহ বিভাগত এক ব্যাপক পৰিবৰ্তনৰ প্ৰয়োজন বোধ হয় । হয়তো এই পৰিৱৰ্তন হব সিদিনা যিদিনা আপুনি মই আমাৰেই ওচৰে পাজৰে হৈ থকা নিত্য-নৈমত্তিক অপৰাধ প্ৰৱণতাৰ বাবে নিকটৱৰ্তী আৰক্ষী চকী খনক দোষ জাপি দি বিভিন্ন প্ৰশ্ন কৰি বাতৰিৰ শিৰোনামত স্থান দিয়া পৰিবৰ্তে প্ৰশ্ন কৰা যাব গৃহ বিভাগৰ দায়িত্বত থকা মন্ত্রী-আমোলাক।

          সদ্যঘোষিত এই এছ আই পৰীক্ষাৰ নিযুক্তি বঞ্চিত উত্তীৰ্ন প্ৰাৰ্থী আছে যাক আমি হয়তো কাহানিও এজন অদক্ষ বা যোগ্যহীন প্ৰাৰ্থী বুলি গণ্য কৰাটো সমিচিন নহব। এইবেলি বহু শিক্ষক পদ সৃষ্টি কৰি শিক্ষক নিযুক্তিত গুৰুত্ব আৰোপ কৰিছে তেনেদৰে ৰাজ্যৰ আইন-শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত একে দৃষ্টিভংগী ৰাখি আৰু অলপ আৰক্ষী উপ পৰিদৰ্শক পদৰ সংখ্যা বৃদ্ধি কৰি ৰৈ যোৱা সকলো উত্তীৰ্ণ প্ৰাৰ্থীক নিয়োগ কৰিব লগে।

 [আমিও  ইতিমধ্যে স্বচ্ছ আৰু নিকা পদ্ধতি অৱলম্বন কৰি  চলাই নিয়া আৰক্ষী নিযুক্তি পৰীক্ষাৰ সকলোবোৰ স্তৰ অতি সুকলমে পাৰ কৰি আহিছোঁ।আমি অতিকে মৰ্মাহত হৈছো যিহেতু আমি ৩ বছৰ আগৰ পৰা জনহীতাৰ্থে জনসেৱাৰ্থে এই বাক্য শাৰী সাৰোগত কৰি বুকুত অজস্ৰ সপোন বান্ধি পূৰ্ণ উদ্যমেৰে প্ৰস্তুতি চলাই আহি নিযুক্তি বিভাগৰ সকলোবোৰ স্তৰত উপনীত হোৱাৰ পিছতো নিযুক্তি  বঞ্চিত হৈ আজি পথভ্ৰষ্ট হৈ পৰাৰ ওপৰিও বৰ্ধিত বয়সৰ বাবে জীৱনৰ দিক-বিদিক হেৰুৱাই ঘৰৰ একো-একোজন বোজা হৈ দুখত ভাগি পৰিছো। গতিকে, এই মহান আৰক্ষী সেৱাত আমাকো নিয়োজিত কৰি  ৰাজ্যৰ নিবনুৱা সমস্যা লাঘৱ কৰিব বুলি আহিব লগীয়া চৰকাৰ খনৰ পৰা আশা ৰাখিলোঁ।]

   


No comments