Page Nav

HIDE

Grid

GRID_STYLE

বাঘজান: আকৌ মতাপুং-মাগুৰি বিলৰ বুকুত 'অইল'ৰ তৈল খাদ

পূণৰ ধ্বংসমূখী মাগুৰি বিলৰ জৈৱ বৈচিত্ৰ্য-পৰ্যটন . .আকৌ অইল ইণ্ডিয়াই মতাপুং মাগুৰি বিলৰ বুকুৰ পৰা তৈল আহৰণৰ উদ্দেশ্যে বাঘজান চাহ বাগিচাৰ ৬ নং...

পূণৰ ধ্বংসমূখী মাগুৰি বিলৰ জৈৱ বৈচিত্ৰ্য-পৰ্যটন


..আকৌ অইল ইণ্ডিয়াই মতাপুং মাগুৰি বিলৰ বুকুৰ পৰা তৈল আহৰণৰ উদ্দেশ্যে বাঘজান চাহ বাগিচাৰ ৬ নং লাইনত বিলৰ নিচেই কাষতে খাদ সম্প্ৰসাৰণৰ পূৰ্ণ প্ৰস্তুতি চলাই আছে...

মানৱ চুতীয়া:

বিগত ২৭ মে',২০২০ তাৰিখে 'অইল'ৰ  বাঘজানৰ BGR ৫ নং তৈলখাদত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল। সেই অগ্নিকাণ্ডই প্ৰায় ৬ মাহ মতাপুং মাগুৰি বিল আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত ব্যাপক পৰিৱেশ প্ৰদূষণৰ লগতে জন- জীৱনৰ বৃহৎ ক্ষতি কৰিছিল। এই ঘটনাৰ ভয়াৱহতা মাৰ নৌযাওঁতেই আকৌ অইল ইণ্ডিয়াই মতাপুং মাগুৰি বিলৰ বুকুৰ পৰা তৈল আহৰণৰ উদ্দেশ্যে বাঘজান চাহ বাগিচাৰ ৬ নং লাইনত বিলৰ নিচেই কাষতে খাদ সম্প্ৰসাৰণৰ পূৰ্ণ প্ৰস্তুতি চলাই আছে। মতাপুং-মাগুৰি বিল, এই জলাহভূমি খন ২৭°৩৪'৪৯.৯২" ৰ পৰা ২৭°৩৪'৩৪.৯৮" উত্তৰ অক্ষাংশ লৈ আৰু ৯৫°২১'৩৭.৬৮" ৰ পৰা ৯৫°২৪'১১.৩৯" পূৰ্ব দ্ৰাঘিমাংশলৈ বিস্তৃত। মতাপুং-মাগুৰি বিলখনক IBA (Important Bird Area) হিচাপে Birdlife International and Bombay Natural History Society নামৰ এটা বেচৰকাৰী সংস্থাই স্বীকৃতি প্ৰদান কৰিছে।

 বিলখন শেহতীয়াকৈ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ সংমণ্ডলৰ পৰিৱেশ সংবেদনশীল অঞ্চল (Eco Sensitive Zone) হিচাপে স্বীকৃতি প্ৰদান কৰিছে। বিলখনত কিছুমান দুষ্প্ৰাপ্য প্ৰজাতিৰ স্থানীয় আৰু পৰিভ্ৰমী পক্ষী বিচৰণ কৰে। প্ৰতিবছৰে শীতকালত পৰিভ্ৰমী চৰাই সমূহৰ বিলখনলৈ আগমণ ঘটে। এই মতাপুং-মাগুৰি বিলখনত ২৯০ টাত কৈ অধিক প্ৰজাতিৰ চৰাই বিচৰণ কৰাৰ তথ্য সংগ্ৰহ কৰা হৈছে।


পক্ষীৰ উপৰি বিলখনৰ জলভাগতো বহুতো প্ৰজাতিৰ মাছ, সৌন্দৰ্যবৰ্ধক মাছ আৰু ৬ টা মান প্ৰজাতিৰ কাছ আৰু কেইবাটাও প্ৰজাতিৰ সৰীসৃপ দেখিবলৈ পোৱা যায়। কিন্তু অতিকৈ দুখৰ বিষয় এই যে অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ বাঘজান তৈল খাদৰ পৰা মধুবনলৈ ৰাইজৰ প্ৰতিবাদক নেওচি বিলখনৰ ওপৰেদি পাইপ লাইন স্থাপন কৰিলে। যাৰ পৰিণতিত বিগত ১৪ চেপ্তেম্বৰ ২০১৮ তাৰিখে উক্ত পাইপ লাইন ফুটি বিলখনৰ পৰিৱেশতন্ত্ৰত বিস্তৰ ক্ষতিসাধন কৰিলে। মতাপুং মাগুৰি বিলৰ ভূ-গৰ্ভৰ পৰা  খাৰুৱা তেল আহৰণ কৰিবলৈ অইল ইণ্ডিয়া লিমিটেডে পূৰ্ণ গতিত প্ৰস্তুতি চলাই আছে। অদুৰ ভৱিষ্যতে মতাপুং মাগুৰি বিলৰ জৈৱ বৈচিত্ৰ্য, ওচৰ পাজৰৰ পৰ্যটনো ধ্বংসৰ গৰাহত পৰিব। পৰিৱেশ সংবেদনশীল অঞ্চলত কেনেকৈ অইলে তৈল খাদ স্থাপন কৰিবলৈ অনুমতি লাভ কৰিলে সেয়া চিন্তনীয় বিষয়। মতাপুং মাগুৰি বিলৰ ভৱিষ্যতৰ দিনত হব পৰা বিপদৰ আশংকা কৰি আমি বাৰেকুৰি আঞ্চলিক যুৱ সংঘ আৰু বাৰেকুৰি আঞ্চলিক মহিলা সমিতিয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি খাদটোৰ স্থান সলনি কৰিবলৈ দাবী জনাইছো। ইয়াৰোপৰি ডিব্ৰু নদীৰ ওপৰত স্থাপন কৰা অইলৰ পাইপ লাইন উঠাই নিয়াৰ লগতে বাৰেকুৰি তথা মতাপুং মাগুৰি বিলৰ উপকণ্ঠ অঞ্চলত অইলৰ তৈল খাদ সম্প্ৰসাৰণৰ কাম সম্পূৰ্ণ ৰূপত বন্ধ ৰাখিবলৈ দাবী জনাইছে, অন্যথা বাৰেকুৰি আঞ্চলিক যুৱ সংঘ আৰু বাৰেকুৰি আঞ্চলিক মহিলা সমিতিৰ নেতৃত্বত বাৰেকুৰিবাসী ৰাইজৰ সহযোগত বাৰেকুৰি অঞ্চলৰ অইলৰ সকলো তৈলখাদ অৱৰোধৰ দৰে কাৰ্যসূচী লবলৈ বাধ্য হব বুলি ৰাইজে সকীয়নি দিছে। 

                                 


পৰিৱেশ সংবেদনশীল অঞ্চলত কেনেকৈ অইলে তৈল খাদ স্থাপন কৰিবলৈ অনুমতি লাভ কৰিলে...? 


No comments