গৃহকৰ্মী আৰু পথ ব্যৱসায়ীসকলৰ সামাজিক সুৰক্ষা সুনিশ্চিত কৰাৰ দাবীত য়ুভা আৰু আইজিএছএছএছৰ পদক্ষেপ ...এই ইস্তাহাৰ কেইখন প্ৰদান কৰা হ'ব না...
গৃহকৰ্মী আৰু পথ ব্যৱসায়ীসকলৰ সামাজিক সুৰক্ষা সুনিশ্চিত কৰাৰ দাবীত য়ুভা আৰু আইজিএছএছএছৰ পদক্ষেপ
...এই ইস্তাহাৰ কেইখন প্ৰদান কৰা হ'ব নাগৰিক সমাজ তথা সমূহ নিৰ্বাচন প্ৰত্যাশী দলসমূহক ...
পূজা নিৰলা:
ৰাজ্যত নিৰ্বাচনৰ বতাহ বলি থকাৰ সময়তে মানুহৰ ঘৰত বনকৰা মহিলা হিচাপে কাম কৰা গৃহকর্মীসকলৰ সামাজিক সুৰক্ষা সুনিশ্চিত কৰাৰ দাবীৰে চলিত বৰ্ষৰ ১৭ আৰু ১৮ মাৰ্চত দীঘলীপুখুৰী পাৰত Youth for Unity and Voluntary Action, চমুকৈ 'য়ুভা' আৰু Indo Global Social Service Society চমুকৈ আই জি এছ এছ এছৰ উদ্যোগত দুদিনীয়া কাৰ্য্যোসূচীৰে এক আলোচনা সভা অনুষ্ঠিত হয়। মহানগৰীৰ প্ৰায় ২০ টা বস্তি অঞ্চলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা আলোচনা সভাত প্ৰথম দিনা বস্তি অঞ্চলৰ সমস্যাৰাজি তথা Common minimum Programৰ দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি বস্তি অঞ্চলৰ প্ৰতিনিধিৰেই All Guwahati Slum Coordination Committee নামেৰে এক আহ্বায়ক কমিটি গঠন কৰা কৰা হয়। অনুষ্ঠানৰ দ্বিতীয় দিনা অসংগঠিতখণ্ডৰ সমস্যা তথা অধিকাৰ সম্পৰ্কে আলোচনা হয়। উক্ত অনুষ্ঠানত " গৃহকর্মী অধিকাৰ সুৰক্ষা সমিতি "ৰ শাখা প্ৰতিনিধিসকল উপস্থিত থাকে । তদুপৰি All Assam Street Vendors Association চমুকৈ ASVA ৰ প্ৰতিনিধিসকলেও অংশগ্ৰহণ কৰে।
সভাত বিষয়বস্তু সম্পৰ্কে গৃহকর্মী তথা পথ ব্যৱসায়ীসকলে তেওঁলোকৰ সমস্যা তথা অধিকাৰ সম্পৰ্কে বিস্তৃত আলোচনা ডাঙি ধৰে। লকডাউন তথা লকডাউনৰ পৰৱৰ্তী সময়ত জীৱন জীৱিকাৰ প্ৰতি কেনে প্ৰভাৱ পৰিছে, সেই অভিজ্ঞতাও তেওঁলোকে ডাঙি ধৰে। উক্ত দিনাই The Unorganized Sectors Social Security Act , 2008 এ নিৰ্দেশনা দিয়া অনুসৰি গৃহকর্মীসকলৰ বাবে নিম্নোক্ত দাবী সম্বলিত এখন গৃহকর্মী ইস্তাহাৰ উন্মোচন কৰা হয় ।
দাবীসমূহ -
১. ৰাজ্যত শীঘ্ৰে গৃহকর্মী কল্যাণকামী ব'ৰ্ড গঠন কৰা
২. ৰাজ্যিক ভিত্তিক গৃহকর্মী সামাজিক সুৰক্ষা আইন প্ৰণয়ণ কৰা
৩. পেঞ্চনৰ ব্যৱস্থা কৰা
৪. চিকিৎসা সাহায্য প্ৰদান কৰা
৪. গৃহকর্মীসকলৰ আপদকালীন বীমা কৰোৱা
৫. বিপদকালীন সাহায্য প্ৰদান কৰা
৬. বছেৰেকীয়া স্বাস্হ্য পৰীক্ষা সুনিশ্চিত কৰা
৭. সন্তানৰ শিক্ষা বৃত্তি প্ৰদান কৰা
৮. গৰ্ভৱস্থাৰ সাহায্য প্ৰদান কৰা
৯. প্ৰাপ্তবয়স্ক গৃহকৰ্মীৰ বাবে এককালীন বিবাহ সাহায্য প্ৰদান কৰা
১০. গৃহকৰ্মীৰ ২ সন্তানলৈ এককালীন বিবাহ সাহায্য প্ৰদান কৰা
১১. আশ্ৰয়ৰ ব্যৱস্থা কৰা
১২. সৎকৰাৰ খৰচ প্ৰদান কৰা আৰু
১৩. Safety Measures যোগান
১৪. নূন্যতম মজুৰি সুনিশ্চিত কৰা ধৰা ইত্যাদি ।
আনহাতে, Street Vendors ( Protection of Livelihood and Regulation of Street Vending ) Act, 2014 এ নিৰ্দেশ দিয়া অনুসৰি পথ ব্যৱসায়ীসকলৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ দাবী জনাই ASVA এখন পথ-ব্যৱসায়ী ইস্তাহাৰ উন্মোচন কৰা হয়। তদুপৰি,
১.প্ৰতিটো দোকানৰ সন্মুখত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা
২. পেঞ্চনৰ ব্যৱস্থা কৰা
৩. মহানগৰীৰ ঠায়ে ঠায়ে খোৱা পানীৰ যোগান ধৰা পথ ব্যৱসায়ত সুবিধা হোৱাকৈ
৪. পথ ব্যৱসায়ীৰ চিকিৎসাৰ বিষয়টো ESI ৰ অন্তৰ্ভুক্ত কৰা
৫. স্বচ্ছ আৰু স্বাস্থ্যকৰ পাব্লিক শৌচালয়ৰ ব্যৱস্থা কৰা ।
উল্লেখযোগ্য যে এই ইস্তাহাৰ কেইখন নাগৰিক সমাজ তথা সমূহ নিৰ্বাচন প্ৰত্যাশী দলসমূহক প্ৰদান কৰা হ'ব। এই সকল অসংগঠিতখণ্ডৰ শ্ৰমিকসকলৰ বিষয়সমূহো কেন্দ্ৰীয় বিষয় হিচাপে চৰ্চাৰ মাজলৈ আহক ,এয়াই এই ইস্তাহাৰ সমূহৰ উদ্দেশ্য।
No comments