ফেব্ৰুৱাৰী,৮৩ মাহটোৰ প্ৰতিটো দিনৰ ঘটনাৰ তথ্য.... . .....ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ৭০০০ নিৰ্বাচনী বিষয়াৰ অসম অভিমুখে যাত্ৰা........ভাৰতীয় জনত...
ফেব্ৰুৱাৰী,৮৩ মাহটোৰ প্ৰতিটো দিনৰ ঘটনাৰ তথ্য....
......ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ৭০০০ নিৰ্বাচনী বিষয়াৰ অসম অভিমুখে যাত্ৰা........ভাৰতীয় জনতা পাৰ্টীৰ সৰ্বভাৰতীয় নেতা অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত চোধাৰী চৰণ সিং, যশৱন্ত সিং আৰু শ্যামনন্দনৰ উপস্থিতিত জজ খেলপথাৰত নিৰ্বাচন বিৰোধী সভা....
দিগন্ত শৰ্মাঃ
তেজে ধোৱা ফেব্ৰুৱাৰী,১৯৮৩। এই মাহটোৰ প্ৰতিটো দিনৰ প্ৰতিটো ক্ষনত সংঘটিত ঘটনাৰ গুৰুত্ব ৰাজনৈতিক ভাৱে আৰু গৱেষণামূলক ভাৱে অপৰিসীম। সমগ্ৰ অসম আন্দোলনৰ ভিতৰত 'ফেব্ৰুৱাৰী, ১৯৮৩' মাহটোৱেই আছিল আন সময়তকৈ পৃঠক। সেয়ে আমি বিশেষভাৱে এই মাহটোৰ ঘটনাৰাজি-পৰিস্থিতিক ২০২১ চনৰ ফেব্ৰুৱাৰীত চাব বিচাৰিছো। প্ৰতিটো ঘটনাক দিনলিপিত সন্নিৱিষ্ট কৰা অসম্ভৱ যদিও সীমিত পৰিসৰত ঘটনা ৰাজিক তুলি ধৰিবলৈ চেষ্টা কৰা হৈছে। যাতে মাহটোৰ সংঘাত আৰু সংগ্ৰামৰ কিছু আভাস ন-প্ৰজন্মই পাব পাৰে। প্ৰতি দেওবাৰে 'ফেব্ৰুৱাৰী,১৯৮৩'-ৰ সাতোটাকৈ দিনৰ ঘটনাৰ কিছু তথ্য ধাৰাবাহিকভাৱে আগবঢ়োৱা হৈছে---
ফেব্ৰুৱাৰী–৭
০ছাত্ৰসন্থাৰ কামৰূপ জিলা বন্ধ অৱজ্ঞা কৰি বাম-গণতান্ত্ৰিক মৰ্চাৰ গুৱাহাটী জৰ্জ খেলপথাৰত জনসভা৷
০ পুলিচ এচ আই বিপিন মহন্ত নিৰ্বাচন বিৰোধী লোকৰ গুলী চালনাত তেজপুৰৰ ছাগলী বজাৰত নিহত হয়৷
০ যোৰহাটৰ দণ্ডাধীশ¸ মঃ নুৰুল হক এদল দুৰ্বৃত্তৰ দ্বাৰা অপহৃত৷
০ লব গগৈ নামৰ এজন কংগ্ৰেছ [ই] কৰ্মীৰ মৃতদেহ ডিব্ৰগড় জিলাৰ টিংখাঙত উদ্ধাৰ৷
০ ৰঙিয়াৰ তিতকুৰি আৰু টিহুৰ ০নাথকুছিতো পুলিচ, চি. আৰ. পি.ৰ দ্বাৰা নিৰ্বাচন বিৰোধী লোকৰ ওপৰত গুলী বৰ্ষণ৷ বহু লোক আহত৷
০ অসমলৈ অতিৰিক্ত বি. এছ. এফ. আৰু চি. আৰ. পি পঠাবলৈ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত৷
ফেব্ৰুৱাৰী–৮
০ নলবাৰী মহকুমাৰ বেলশৰত এদল উন্মত্ত জনতালৈ গুলী বৰ্ষণ কৰাত জ্জ জন লোক নিহত হয়৷
০ নগাঁও জিলাৰ ননৈত আৰু যোৰহাটত চি. আৰ. পিৰ গুলী চালনাত ৰ জন লোকৰ মৃত্যু৷
০ হাজোৰ ওচৰত হোৱা গুলী চালনাৰ ফলত ২ জন লোক নিহত হয়৷
০ নগাঁও জিলাৰ লংকাত এটা শক্তিশালী বোমা বিস্ফোৰণৰ ফলত তিনিজন লোক নিহত আৰু ২৩ জন লোক আহত হয়৷
০ ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ৭০০০ নিৰ্বাচনী বিষয়াৰ অসম অভিমুখে যাত্ৰা৷
০ ভাৰতীয় জনতা পাৰ্টীৰ সৰ্বভাৰতীয় নেতা অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত চোধাৰী চৰণ সিং, যশৱন্ত সিং আৰু শ্যামনন্দনৰ উপস্থিতিত জজ খেলপথাৰত নিৰ্বাচন বিৰোধী সভা৷
ফেব্ৰুৱাৰী–৯
০ অসম বিধান সভাৰ প্ৰাক্তন স্পীকাৰ ছান্দ মোহম্মদলৈ আগিয়াঠুৰীত এটি বোমা নিক্ষেপ৷
০ নলবাৰী মহকুমাৰ কমাৰ কুছি আৰু চামতাত নিৰ্বাচন বিৰোধী জনতাৰ ওপৰত কৰা পুলিচৰ গুলী বৰ্ষণ আৰু বালিসত্ৰত ২ জন নিহত হয়৷
০ শিৱসাগৰৰ ফুকন পুখুৰীত উন্মত্ত জনতালৈ চি. আৰ. পিৰ গুলী চালনাত এজন লোক নিহত৷
০ নগাঁও জিলাৰ মৈৰাবাৰীত প্ৰধান মন্ত্ৰীৰ বাবে হেলিপেড নিৰ্মাণ কৰিবলৈ অমান্তি হোৱাত গড়কাপ্টানি বিভাগৰ কাৰ্যবাহী অভিযন্তা এম ৰহমানক পুলিচে গ্ৰেপ্তাৰ কৰে৷
০ অসমলৈ নিৰ্বাচনী অভিযান উপলক্ষে প্ৰধানমন্ত্ৰীৰ আগমনৰ বিৰোধিতা কৰি ছাত্ৰ সন্থাৰ নিষ্প্ৰদীপ কাৰ্যসূচী ঘোষণা৷
০ পাটাছাৰকুছিত পুলিচৰ গুলীত প্ত জন লোক নিহত৷ পাঠশালাৰ ওচৰৰ কেন্দুগুৰিত আন্দোলনকাৰী ৰাইজৰ ওপৰত পুলিচৰ গুলী চালনাৰ ফলত ৩ জন, গোৰেশ্বৰত ৰ জন আৰু গহপুৰত এজন লোক নিহত হয়৷
০ জনতা সান্ধ্য আইনৰ ফলত জীৱন-যাত্ৰা অচল৷
০ উঃ লক্ষীমপুৰত পুলিচৰ গুলী চালনাত ৰ জন আৰু নগাঁৱৰ ধিঙত ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ৭০০০ নিৰ্বাচনী বিষয়াৰ অসম অভিমুখে যাত্ৰা৷
০ ভাৰতীয় জনতা পাৰ্টীৰ সৰ্বভাৰতীয় নেতা অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত চোধাৰী চৰণ সিং, যশৱন্ত সিং আৰু শ্যামনন্দনৰ উপস্থিতিত জজ খেলপথাৰত নিৰ্বাচন বিৰোধী সভা ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ৭০০০ নিৰ্বাচনী বিষয়াৰ অসম অভিমুখে যাত্ৰা৷
০ ভাৰতীয় জনতা পাৰ্টীৰ সৰ্বভাৰতীয় নেতা অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত চোধাৰী চৰণ সিং, যশৱন্ত সিং আৰু শ্যামনন্দনৰ উপস্থিতিত জজ খেলপথাৰত নিৰ্বাচন বিৰোধী সভা; এজন লোক নিহত হয়৷
ফেব্ৰুৱাৰী– ১১
০ নলবাৰী মহকুমাৰ ধমধমা আৰু মছলপুৰত পুলিচৰ গুলী চালনাৰ ফলত ৩ জন, বৰপেটা মহকুমাৰ শিনাবাৰীত ৩ জন লোক নিহত হয়৷
০গহপূৰত গোষ্ঠী সংঘৰ্ষৰ সূচনা৷
ফেব্ৰুৱাৰী– ১২
০ অসমত সাম্প্ৰদায়িক সংঘৰ্ষৰ আৰম্ভ৷ ০ বাংলাভাষী আৰু অসমীয়িভাষীৰ মাজত সংঘাতৰ সূচনা।
০কামৰূপ জিলাৰ বকো থানাৰ অন্তৰ্গত চমৰীয়া আৰু ইয়াৰ আশে-পাশে থকা কেইখনমান নিৰ্বাচন বিৰোধী অসমীয়া গাঁৱৰ লোকে ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুৰ গাওঁ আক্ৰমণ কৰাৰ ফলত সাম্প্ৰদায়িক সংঘৰ্ষৰ সূচনা হয় আৰু সংখ্যালঘুৰ প্ৰত্যাক্ৰমণত চমৰীয়া গাঁৱৰ কেবাটাও ঘৰ ভস্মীভূত হয় আৰু বহু লোক নিহত হয়৷
০ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ– গুৱাহাটীৰ মালিগাঁৱত পুলিচ আৰু চি,আৰ,পিৰ কটকটীয়া পহৰাত নিৰ্বাচনী সভা৷
০ লক্ষীমপুৰৰ বঠালতাত দুটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ৷
০ তামোলপুৰত অসমীয়া আৰু জনজাতীয়ৰ মাজত সংঘৰ্ষ৷
০ যোৰহাটৰ লাহডৈগড় আৰু নগাৱঁৰ ৰাইদিঙিয়াত পুলিচৰ গুলীচালনাত ২ জন লোক নিহত৷
০ উত্তৰ লক্ষীমপুৰ জিলাৰ বাধা কৰাত সাম্প্ৰদায়িক সংঘৰ্ষত উভয় পক্ষৰ বহুজন লোক নিহত৷
ফেব্ৰুৱাৰী– ১৩
০ নগাওঁ জিলাৰ বকুলগুৰি, জাগীৰোড, লাহৰীঘাট আদিত ব্যাপক সাম্প্ৰদায়িক সংঘৰ্ষ৷ বহু লোক হতাহত৷ নগাওঁ চহৰত বোমা বিষ্ফোৰণত ২ জন নিহত৷
০ মৰিগাৱঁৰ দন্দুৱা, জাজৰী আৰু ৰহাত দুষ্কৃতিকাৰীৰ ওপৰত পুলিচৰ গুলী চালনা৷ নিহত ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ৭০০০ নিৰ্বাচনী বিষয়াৰ অসম অভিমুখে যাত্ৰা৷
০ ভাৰতীয় জনতা পাৰ্টীৰ সৰ্বভাৰতীয় নেতা অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত চোধাৰী চৰণ সিং, যশৱন্ত সিং আৰু শ্যামনন্দনৰ উপস্থিতিত জজ খেলপথাৰত নিৰ্বাচন বিৰোধী সভাজন৷
০ উত্তৰ লক্ষীমপুৰ জিলাৰ বিভিন্ন ঠাইত সাম্প্ৰদায়িক সংঘৰ্ষ৷ শতাধিক ঘৰ ভস্মীভূত, দুজন লোক নিহত৷
০ বিহপুৰীয়াত এজন নিৰ্দলীয় প্ৰাৰ্থীৰ গাৰক্ষীয়ে প্ৰাৰ্থীক আক্ৰমণ কৰিবলৈ উদ্যত এদল লোকৰ ওপৰত গুলী চালনা৷ ১জন নিহত৷
০ কামৰূপ জিলাৰ বকোত পুলিচৰ গুলী চালনাত ১ জন নিহত৷
০ছয়গাঁৱত অসম প্ৰদেশ কংগ্ৰেছৰ [ই] সভাপতি হৰেন্দ্ৰ নাথ তালুকদাৰলৈ হাত বোমা নিক্ষেপ৷
০ গোগামুখত দলীয় সংঘৰ্ষত কেইবাজনো নিহত৷
(আগলৈ)...
[ অনুসন্ধানমূলক-স্বতন্ত্ৰ-মুক্ত সাংবাদিকতাৰ যাত্ৰা অব্যাহত ৰাখিবলৈ versatilestory.com-ক প্ৰয়োজন আপোনাৰ সহযোগিতা, পৰামৰ্শ আৰু আৰ্থিক সহায়ৰ। আমাৰ যাত্ৰাক আৰ্থিকভাৱে সহায় কৰিবলৈ মবাইল নম্বৰ ৮৬৩৮৬৯৮৪৫০-ত যোগাযোগ কৰক। আপুনি যি কোনো পৰিমানৰ আৰ্থিক বৰঙণি আগবঢ়াব পাৰে। ]
No comments