"অসম আন্দোলনৰ জহতে ধৰ্মীয় সাম্প্ৰদায়িকতাবাদৰো আড়ম্বৰ প্ৰৱেশ ঘটিছিল অসমত" ...হোমেন বৰগোহাঞিয়ে লিখিছিল-হিন্দুত্ববাদী সংগঠণৰ কাৰ্যকলা...
"অসম আন্দোলনৰ জহতে ধৰ্মীয় সাম্প্ৰদায়িকতাবাদৰো আড়ম্বৰ প্ৰৱেশ ঘটিছিল অসমত"
...হোমেন বৰগোহাঞিয়ে লিখিছিল-হিন্দুত্ববাদী সংগঠণৰ কাৰ্যকলাপৰ সমান্তৰালকৈ ইছলামিক ধৰ্মীয় এচাম সংগঠনেও ৰাজ্যৰ বিভিন্ন স্থানত খোপনি পিতিছিল.....হিন্দুসকলক অবিৰামভাৱে উচটনি দিয়া হৈছে মুছলমানৰ বিৰুদ্ধে সংঘবদ্ধ হোৱাৰ বাবে....
দিগন্ত শৰ্মাঃ
সদৌ অসম গণ সংগ্ৰাম পৰিষদ তথা সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত পৰিচালিত অসম আন্দোলনৰ সময়ত সংঘটিত বিভিন্ন হিংসাত্মক কাৰ্যকলাপৰ আঁৰত হিন্দুত্ববাদী সংগঠনৰ হাত আছিল৷ এই কথা সেই সময়ৰে একাংশ সংবাদপত্ৰ, আলোচনী আদিত প্ৰকাশ পাইছিল৷ নগাঁও, দৰং আদি জিলাত ১৯৮৩ চনৰ ফেব্ৰুৱাৰী মাহত সংঘটিত ঘটনাবোৰ তথা সংঘৰ্ষৰ আঁৰৰ অন্যতম শক্তি হিচাপে সোঁপন্থী সংগঠনৰ কথা প্ৰকাশ হৈছিল৷ আনহাতে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা একাংশ লোকক আৰ. এছ. এছ ৰ নেতা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছিল(তথ্য সূত্ৰ-১)। ১৯৮৩ চনৰ ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখ আৰু ১৫ তাৰিখে দৰং জিলাৰ, চাউলখোৱা, অপৰীয়া চাপৰিৰ ঘটনা আৰু ১৮ ফেব্ৰুৱাৰীত মৰিগাঁও জিলাৰ নেলীৰ গণহত্যাত আৰ. এছ. এছ ৰ প্ৰভাৱে ক্ৰিয়া কৰিছিল বুলি প্ৰচাৰ হৈছিল দেশৰ আগশাৰীৰ বিভিন্ন কাকত, আলোচনীত৷ আনকি এই ঘটনাবোৰ সম্বন্ধে গৱেষণা কৰা বিভিন্ন গৱেষক -সাংবাদিকৰ লেখাতো সোঁপন্থী সংগঠণৰ ভূমিকাৰ কথা স্পষ্টভাৱে উল্লেখ কৰা হৈছে৷ ইয়াতকৈয়ো গুৰুতৰ কথা যে দৰং জিলাৰ ঘটনাত আন্দোলনকাৰীৰ অন্যতম নেতা তথা স্বেচ্চাসেৱক বাহিনীৰ সৰ্বাধিনায়ক জয়নাথ শৰ্মাৰ ভূমিকাই ৰহস্যৰ সৃষ্টি কৰিছিল। যিজনৰ ভাতৃয়ে আগ্নেয়াস্ত্ৰ লৈ একাধিক লোকক গুলীয়াই হত্যা কৰিছিল ভূকভোগীয়ে কৈ আহিছে৷ আনহাতে, জয়নাথ শৰ্মাই আৰ-এছ-এছৰ সৈতে সম্পৰ্ক ৰখাৰ অভিযোগ আন্দোলনকাৰী একাংশ নেতা তথা সেই সময়ৰ ছাত্ৰ সন্থাৰ নেতা কৰ্মীয়েই উত্থাপন কৰিছিল৷ (তথ্য সূত্ৰ-২) । আন্দোলনটোৰ কাৰ্য-কলাপে সাম্প্ৰদায়িক ৰূপ লৈছিল। উগ্ৰ সাম্প্ৰদায়িকতাবাদৰ বিষ বাষ্পই সমগ্ৰ অসমক গ্ৰাস কৰিছিল৷ হিন্দুত্ববাদী সংগঠণৰ কাৰ্যকলাপৰ সমান্তৰালকৈ ইছলামিক ধৰ্মীয় এচাম সংগঠনেও ৰাজ্যৰ বিভিন্ন স্থানত খোপনি পিতিছিল৷ (তথ্যসূত্ৰ-৩)। যাৰ পৰিণতিত সাধাৰণ জনগণৰ মাজত বিদ্বেষভাৱে চৰম ৰূপত গা কৰি উঠিছিল-যি আজিও আছে৷ ধৰ্মীয় মেৰুকৰণ ৰোধ কৰাত তেতিয়াৰ আন্দোলনকাৰী নেতৃত্ব চূড়ান্তভাৱে ব্যৰ্থ হৈছিল ৷ চিৰদিনৰ বাবে ভংগ হৈছিল সাম্প্ৰদায়িক-জনগোষ্ঠীয় সম্প্ৰীতি।...দৰং জিলাৰ চাউলখোৱা চাপৰি, অপৰীয়া চাপৰিকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানৰ বিক্ষিপ্ত হিংসাত্মক ঘটনা সন্দৰ্ভত তথা আন্দোলনকাৰীৰ আক্ৰমণৰ আঁৰৰ শক্তি সম্পৰ্কে ‘On Looker’ নামৰ পত্ৰিকাত পাৰ্থ এছ. বেনাৰ্জী নামৰ প্ৰখ্যাত গৱেষক গৰাকীয়ে ১৯৮৩ চনতেই লিখিছিল এইদৰে–“মঙলদৈ মহকুমাৰ চাউল খোৱা চাপৰিত ঘটা হত্যাকাণ্ডৰ লগতো আৰ. এছ . এছ জড়িত থকা বুলি পুলিচৰ গুপ্তচৰ সকলে সন্দেহ কৰে৷ ইয়াত ৫০০ ৰ অধিক মুছলমানক হত্যা কৰা হয়৷ ইয়াৰ হত্যাকাণ্ড সংঘটিত কৰা হৈছিল ১৫ ফেব্ৰৱাৰীত৷ চাউলখোৱা, চহৰৰ পৰা বহুদূৰৰ ব্ৰহ্মপুত্ৰ উত্তৰ পাৰত আৱস্থিত এটা অঞ্চল, পমুৱা মুছলমানেই ইয়াৰ অধিবাসী৷ উন্নত অঞ্চললৈ ইয়াৰ সংযোগ বোকাময় আৰু মটৰ যান-বাহনৰ কাৰণে অগম্য৷ গাঁওখন চৰৰ ওপৰত অৱস্থিত৷ ই অসমৰ মৌচুমী কালছোৱাত চাৰিওফালে পানীৰে সম্পূৰ্ণ আগুৰি থাকে৷ পমুৱাসকলে খুব কঠিন জীৱন-যাপন কৰিব লাগে৷ তালৈ হত্যাকাণ্ডৰ তদন্ত কৰিবলৈ যোৱা সাংবাদিকে মন্তব্য কৰিছিল– সিহঁতৰ ভিতৰত থকা দৰিদ্ৰতা আন কোনো ঠাইতে কোনো দিনে দেখা নাযায়৷ ”(তথ্যসূত্ৰ-৪)–এই বৰ্ণনাই স্পষ্ট কৰে যে বেনাৰ্জীৰ দৰে সাংবাদিকে তেতিয়া চৰজমিন তদন্ত চলাইছিল৷ এনে তথ্য সন্নিবিষ্ট হোৱা পাৰ্থ বেনাৰ্জীৰ প্ৰবন্ধটো দেশৰ বিভিন্ন প্ৰান্তৰ আলোচনীত প্ৰকাশ হৈছিল৷ আনহাতে, আন্দোলনৰ অন্যতম নেতা তথা সংগঠনটোৰ জ্যেষ্ঠ সদস্য একাংশই সভা অনুষ্ঠিত কৰি গুৰুত্বপূৰ্ণ কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰিছিল৷ জয়নাথ শৰ্মাই আৰ. এছ . এছ ৰ লগত সম্পৰ্ক ৰখাৰ কথা উল্লেখ কৰি জয়নাথ শৰ্মাক আছুৰ পৰা পৰা বহিষ্কাৰ কৰিবলৈয়ো দাবী জনাইছিল৷ ১৯৮৩ চনৰ ১১ আৰু ১২ এপ্ৰিলত গুৱাহাটীৰ জে. বি. আইন মহাবিদ্যালয়ত ছাত্ৰ সন্থাৰ একাংশ নেতৃত্বই জৰুৰী বৈঠক অনুষ্ঠিত কৰিছিল৷ সেই বৈঠকত গ্ৰহণ কৰা কেইবাটাও প্ৰস্তাৱ যি কেইটা প্ৰস্তাৱৰ প্ৰতিলিপি ছাত্ৰ সন্থাৰ মূল সমিতিলৈ প্ৰেৰণ কৰি তাৰ উত্তৰ বিচাৰিছিল৷ এই ১৫ দফীয়া প্ৰস্তাৱ [দাবীপত্ৰ] সমূহেই সেই সময়ৰ আছু তথা আন্দোলনকাৰীৰ নেতিবাচক ভূমিকা স্পষ্ট কৰি তোলে৷ অসমৰ সংঘাতময় দিনৰ সাক্ষী হৈ আছে সেই প্ৰস্তাৱসমূহ৷ তাৰে তৃতীয় প্ৰস্তাৱটো আছিল–“সদৌ অসম ছাত্ৰ সন্থাৰ স্বেচ্চাসেৱক বাহিনীৰ সৰ্বাধিনায়ক শ্ৰীজয়নাথ শৰ্মা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ লগত জড়িত হৈ পৰাৰ বাতৰিবোৰ ‘চানডে’, ‘ইণ্ডিয়া টু-ডে’ আৰু আন আন জাতীয় কাকতত প্ৰকাশ পাইছে৷ শ্ৰীশৰ্মাই ১৯৮০ চনত উক্ত কাকতবোৰৰ বিৰুদ্ধে কোনো মোকৰ্দমা ডায়েৰ কৰা নাছিল আৰু এনেকি এতিয়ালৈকে তাৰ বাবে প্ৰতিবাদ জনাবলৈ প্ৰচেষ্টা আগবঢ়োৱা নাই৷ যথেষ্ট পৰিমাণে হেঁচা দিয়াৰ পাছত তেওঁ ‘দৈনিক অসম’ত এটা প্ৰতিবাদ টোকা প্ৰকাশ কৰাইছিল৷ তাতো তেওঁ কাকো পতিয়ন নিয়াবলৈ সক্ষম হোৱা নাছিল৷ এতেকে আমাৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত শ্ৰীশৰ্মাক আনতিবিলম্বে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা বহিষ্কাৰ কৰা উচিত৷ তদুপৰি শ্ৰীশৰ্মাই ‘দৈনিক অসম’ত প্ৰকাশিত তেওঁৰ স্পষ্টীকৰণৰ জৰিয়তে ঘটনাৰ সত্যতা গোপন কৰি ভুল কথা প্ৰকাশ কৰি আৰু তেওঁৰ ভায়েকৰ মৃত্যুৰ বিষয়ে মিছা কথা কৈ জনসাধাৰণৰ মত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল৷ ’’( তথ্যসূত্ৰ-৫)।‘আছু’ৰ মূল সমিতিলৈ এই প্ৰস্তাৱ প্ৰেৰণ কৰিছিল ছাত্ৰ সন্থাৰেই জ্যোষ্ঠ নেতা –নুৰুল হুছেইন, নেকিবুৰ জামান, মনিৰু জামান, আব্দুল হান্নান, পিয়াৰুদ্ধিন আহমেদ, নবাব শ্বাহ জামান, আব্দুল হাকিম, জাহিৰুল ইছলাম, আফতাব হুছেইন মহঃ আতাউৰ ৰহমান, নজমল ইছলাম-য়ে৷
সাংবাদিক কনকসেন ডেকাই যি কৈছিলঃ ছাত্ৰ সন্থাৰ স্বেচ্ছাসেৱক বাহিনীৰ মূল অধিনায়কজনৰ কামকাজ সন্দৰ্ভত ছাত্ৰ সন্থাৰ একাংশই প্ৰতিবাদ কৰাটোৱে সংগঠনটোৰ ভাৱমূৰ্তি সম্পৰ্কে ধাৰণা স্পষ্ট কৰে৷ পিছে এই প্ৰতিবাদ কৰাৰ বাবে জয়নাথ শৰ্মাৰ পৰিৱৰ্তে নুৰুল হুছেইনকহে ছাত্ৰ সন্থাৰ পৰা বহিষ্কাৰ কৰিছিল৷ এই সন্তৰ্ভত তেতিয়া আন্দোলনৰ সমৰ্থক সাংবাদিক কনকসেন ডেকাই মুকলিকৈ প্ৰশ্ন কৰিছিল এইদৰে–'আন্দোলন বিৰোধী কাৰ্যকলাপৰ বাবে যদি নুৰুল হুছেইনক বহিষ্কাৰ কৰা হ’ল তেন্তে আন এটা সাম্প্ৰদায়িক সংগঠনৰ সৈতে সততে জড়িত থকা বুলি অভিযোগ উঠা সত্ত্বেও ছাত্ৰ সন্থাৰ পৰা বহিষ্কাৰ কৰা নহ’ল কিয়?' (তথ্যসূত্ৰ-৬)। কেৱল সেয়াই নহয়, দেশৰ আগশাৰীৰ সংবাদ আলোচনী ‘ইণ্ডিয়া টু-ডে’ৰ ৩১ মাৰ্চ [১৯৮৩] সংখ্যাত প্ৰকাশিত হৈছিল এলানি অনুসন্ধানমূলক প্ৰতিবেদন৷ যি প্ৰতিবেদনত প্ৰকাশ হৈছিল স্বেচ্চাসেৱক বাহিনীৰ একাংশই সন্ত্ৰাসবাদীৰ পৰা প্ৰশিক্ষণ লাভ কৰিছিল। আলোচনীখনত লিখা প্ৰতিবেদনৰ একাংশ আছিল এনেধৰণৰ– ‘This Swechha sevak Bahini (SSB) had a link with Jatiya Rakshi Bahani (JRB) and Jatiyatabadi Yuba Chatra Parishad who were right wing of Assam Jatiayatabadi Dal (AJD)...The Swechha sevak Bahani had received weapons training from JRB men, who had visited Northern Burma for help from the rebels there ...' (তথ্যসূত্ৰ-৭)
আনহাতে একেটা প্ৰতিবেদনতে দৰং জিলাৰ ঘটনা সন্দৰ্ভত তাৎপৰ্যপূৰ্ণভাৱে উল্লেখ আছিল এইদৰে–‘Sporadic clashes between the Assamese and the immigrants near sipajhar on February ১৫, When Joynath Sarma’ব্দ younger brother Daya Sarma led a large and armed attacke on immigrants in chawulkhoa Chapori, Dhariakhaiti and Dhaulpur attaking in three waves from Sipajhar, Rangamati and Kuruwa. Aa Sipajhar, on ১৭th February when election was scheduled in the troubletorn constituency, Journalist were invited to a cremation ceremony of Daya Sarma and two of his lieutenants, Jatin Saharia and Arun Kumar Bora.(তথ্যসূত্ৰ-৮)।
'অসম আন্দোলনৰ ফলত সাম্প্ৰদায়িক সংঘৰ্ষৰ ক্ষেত্ৰ প্ৰস্তুত হৈছিল'
ইফালে আন্দোলনত উগ্ৰধৰ্মীয় সংগঠনে যে বিশেষ প্ৰভাৱ খটুৱাইছিল সেই কথা বিশিষ্ট সাংবাদিক, সাহিত্যিক হোমেন বৰগোহাঞিয়ে লিখিছিল তেওঁৰ বিভিন্ন লেখাত৷ সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিৰ বাবে যে পূৰ্বৰে পৰাই দৰং, নগাঁও, কামৰূপ আদি জিলাৰ বিভিন্ন স্থানত পৰিকল্পনা কৰা হৈছিল৷ তাৰ জ্বলন্ত প্ৰমাণ পোৱা যায় বৰগোহাঞিৰ লেখাত– যি লেখা লিখিছিল ঘটনাৰ কিছু পূৰ্বে৷ “অসম আন্দোলন যিমানেই চৰম ব্যৰ্থতাৰ ফালে আগুৱাই গৈছে, যিমানেই আন্দোলনকাৰীবোৰ বেপৰোৱা উঠিছে আৰু প্ৰতিশোধৰ উপায় বিচাৰিছে৷ প্ৰমাণ হিচাপে উল্লেখ কৰিব পাৰি যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যনিৰ্বাহক সমিতিয়ে তেওঁলোকৰ ১১ এপ্ৰিল [১৯৮২] বৈঠকত এটা বিপজ্জনক প্ৰস্তাৱ লৈছে৷ উক্ত প্ৰস্তাৱত কোৱা হৈছে যে পৰিষদৰ সদস্যসকলে তথাকথিত বিদেশীসকলৰ দ্বাৰা অধীকৃত সমগ্ৰ অঞ্চল বলেৰে দখল কৰিব৷ সাম্প্ৰদায়িক সংঘৰ্ষৰ উদ্দেশ্যে ইয়াতকৈ মুকলিমূৰীয়া আহ্বান আন কিয়েইবা হ’ব পাৰে? অন্ততঃ যোৱা তিনিটা বছৰে উগ্ৰজাতীয়তাবাদী অসম আন্দোলনৰ ফলত আন কিবা হওক নহওক, সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে ক্ষেত্ৰ প্ৰস্তুত হৈছে ভালদৰেই৷ .
..বৰগোহাঞিয়ে আৰ. এছ. এছ ৰ কাৰ্যপ্ৰক্ৰিয়া সন্দৰ্ভত ১৯৮৩ চনৰ পূৰ্বে অৰ্থাৎ ১৯৮২ চনৰ এপ্ৰিল মাহতে সকীয়াই দিছিল৷ মুছলমানৰ বিৰুদ্ধে হিন্দুসকলক আক্ৰমণাত্মক হ’বলৈ উচটনি দিছিল সেই কথাত তেওঁ ১৯৮৩ চনৰ সংঘৰ্ষৰ পূৰ্বে স্পষ্ট কৰিছিল...
অতীতত অসমত অসমীয়া আৰু বঙালীৰ মাজত ভাষা-সংঘৰ্ষ হৈছে বহুবাৰ, কিন্তু চিৰকালেই মুক্ত আছিল হিন্দু-মুছলমানৰ ধৰ্মীয় সংঘৰ্ষৰ পৰা৷ অসম আন্দোলনক ধন্যবাদ! অৱশেষত তেওঁলোকৰ জহতে ধৰ্মীয় সাম্প্ৰদায়িকতাবাদৰো আড়ম্বৰ প্ৰৱেশ ঘটিল অসমত৷ ’(তথ্যসূত্ৰ-৯)। বৰগোহাঞিয়ে আৰ. এছ. এছ ৰ কাৰ্যপ্ৰক্ৰিয়া সন্দৰ্ভত ১৯৮৩ চনৰ পূৰ্বে অৰ্থাৎ ১৯৮২ চনৰ এপ্ৰিল মাহতে সকীয়াই দিছিল৷ মুছলমানৰ বিৰুদ্ধে হিন্দুসকলক আক্ৰমণাত্মক হ’বলৈ উচটনি দিছিল সেই কথাত তেওঁ ১৯৮৩ চনৰ সংঘৰ্ষৰ পূৰ্বে স্পষ্ট কৰিছিল এইদৰে– ‘১৯৮১ চনত অসমত আৰ. এছ. এছ ৰ ঊণৈশটা সন্মিলন আৰু চাৰিটা শিবিৰ অনুষ্ঠিত হৈছিল। ১৯৮২ চনত অনুষ্ঠিত সন্মিলনৰ সংখ্যা পাঁচ৷ এইবোৰ সন্মিলিত আৰু শিবিৰত যোগদান কৰিছিল বালাচাহেব দেউৰজা, বিজয়া ৰাজে সিন্ধিয়া, কে. এছ. সুন্দৰম, যাদৱ যোশী আৰু সুদৰ্শনজী প্ৰমুখ আৰ. এছ. এছ ৰ শীৰ্ষস্থানীয় নেতা সকলে৷ ১৯৮২ চনৰ ১১ ফেব্ৰুৱাৰীত গুৱাহাটীৰ যি পূৰ্বাঞ্চলীয় হিন্দু সন্মিলন হৈ গ’ল তাত জাতি-ভাষা-নিৰ্বিশেষে হিন্দুসকলৰ উদ্দেশ্যে আহ্বান জনোৱা হৈছিল ঐক্যবদ্ধ হৈ হিন্দু ধৰ্মৰ পতাকাৰ তলত সমৱেত হোৱাৰ বাবে, যাতে উত্তৰ পূৰ্বাঞ্চলত তেওঁলোকে এটা প্ৰভুত্বশালী আৰু নিৰ্ণায়ক ভূমিকা ল’ব পাৰে৷ সংক্ষেপতে ক’বলৈ গ’লে এনেবোৰ মঞ্চৰ পৰা হিন্দুসকলক অবিৰামভাৱে উচটনি দিয়া হৈছে মুছলমানৰ বিৰুদ্ধে সংঘবদ্ধ হোৱাৰ বাবে৷ ”(তথ্যসূত্ৰ-১০)
বৰগোহাঞিয়ে সাম্প্ৰদায়িক সংঘৰ্ষৰ পূৰ্বে আন্দোলনকাৰীক সকীয়াই দিছিল কঠোৰভাৱে৷ একেদৰে সংবাদপত্ৰত এই লেখা প্ৰকাশ কৰিছিল যাতে চৰকাৰে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰে৷ পিছে আন্দোলনকাৰী কিম্বা চৰকাৰী পক্ষ কোনোৱে গুৰুত্ব নিদিলে সেই কথাক৷ ফলত নিৰীহৰ তেজেৰে আন্দোলনকাৰীয়ে ফাঁকু খেলিছিল আৰু চৰকাৰ হৈ থাকিল নীৰৱ দৰ্শক৷ তেওঁ লিখিছিল– ‘আছুয়ে যদি সতৰ্ক হৈ কাম নকৰে তেনেহ’লে সম্ভাৱ্য যিকোনো সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে বহুলাংশে দায়ী হ’ব তেওঁলোকেই৷ আন্দোলনৰ বিভিন্ন কাৰ্যসূচীৰ প্ৰতি জনসমৰ্থন হেৰুৱাই তেওঁলোকে আজিকালি জোৰ-জবৰ্দস্তি আৰম্ভ কৰিবলৈ লৈছে৷ আন্দোলনটোৱে শেহৰ পিনে কি শক্তিৰ দ্বাৰা প্ৰভাৱিত হৈছিল সেই সন্দৰ্ভত জাপানৰ গৱেষক ড॰ মেকিক কিমুৰাই তেওঁ ‘Agency of Rioters’ শীৰ্ষক প্ৰবন্ধত উল্লেখ কৰিছে৷ আন্দোলনৰ সময়ত সংঘটিত সংঘৰ্ষ সন্দৰ্ভত গৱেষণা কৰা কিমুৰাৰ এটা মাত্ৰ বাক্যই স্পষ্ট কৰি দিছে আন্দোলনকাৰীৰ প্ৰকৃত স্বৰূপ ‘In later years, the anti-foreigners movement has been influenced by the rise of pan-Indian Hindu nationalism and the BJP brand of politics. Hindutva did not change the politics of Assam, but it took advantage of the Assamese fear of the Muslims and was thus partly successful in gaining some organizational basis in Assam.’(তথ্যসূত্ৰ-১১) এইবোৰেই প্ৰমাণ কৰে যে আন্দোলনকাৰীৰ দ্বাৰা সংঘটিত আক্ৰমণ তথা গণহত্যাৰবোৰ পূৰ্ব পৰিকল্পিত আছিল৷ যি পৰিকল্পনা বহু পূৰ্বৰে পৰা কৰা হৈছিল৷ আন্দোলনৰ সমৰ্থক সাধাৰণ জনতাক গণ উন্মাদনাৰ পৰ্যায়লৈ লৈ যোৱাত বহিঃ শক্তিয়েও ক্ৰিয়া কৰিছিল৷ সেই কাৰ্যত আন্দোলনৰ স্থানীয় নেতৃত্বই প্ৰধান ভূমিকা পালন কৰিছিল৷ এই হত্যা, হিংসা সংঘটিত কৰাৰ বাবে আন্দোলনকাৰী শীৰ্ষ নেতৃত্বই চিৰদিনৰ প্ৰশ্নৰ সন্মুখীন হৈ থাকিব৷ কাৰণ আন্দোলন পৰিচালনা কৰিছিল শীৰ্ষ নেতৃবৃন্দই। সাম্প্ৰদায়িক বিভেদ সৃষ্টিৰ ভেটি সবল ৰূপত নিৰ্মান হৈছিল বিদেশী বহিষ্কাৰ আন্দোলনৰ মাজেৰেই। যাৰ বাবে ফেব্ৰুৱাৰী, ১৯৮৩ মাহটোত সংঘটিত হৈছিল চাউলখোৱা-ধূলা-নেলী আদি গণহত্যাবোৰ।।
--------------------------
তথ্যসূত্ৰঃ
১। বেনাৰ্জী, পাৰ্থ, এছ ঃ ‘On Looker’, ১৯৮৩, আৰক্ষী অধীক্ষক এম. পি. ৰাওৰ উক্তি৷২।ছাত্ৰ সন্থাৰ ১৫ দফীয়া দাবী, এপ্ৰিল, ১৯৮৩, ডি টেলিগ্ৰাফ৷৩। বৰগোহাঞি, হোমেনঃ আশীৰ দশকৰ দস্তাবেজ, ২০০১, পৃষ্ঠা-১৫
৪। বেনাৰ্জী, পাৰ্থ৷ ‘On Looker’, ১৯৮৩] ৫। তৃতীয় প্ৰস্তাৱ, ছাত্ৰ সন্থাৰ জৰুৰী বৈঠক, জে.বি. ল' কলেজ ১২ এপ্ৰিল, ১৯৮৩] ৬। ডেকা, কনকসেন, অগ্ৰদূত, ৯ ছেপ্তেম্বৰ, ১৯৮৩ সংখ্যা সম্পাদকীয়৷
৭। India Today, ৩১ March, ১৯৮৩] ৮। India Today, ৩১ March, ১৯৮৩
৯। বৰগোহাঞি, হোমেনঃ আশীৰ দশকৰ দস্তাবেজ, ২০০১ পৃষ্ঠা-১৫] ১০। বৰগোহাঞি, হোমেনঃ আশীৰ দশকৰ দস্তাবেজ, ২০০১ পৃষ্ঠা-১৫]১১। Kimura, Dr. Makiko, ‘Agency of Rioters’, ২০০৯.
[ অনুসন্ধানমূলক-স্বতন্ত্ৰ-মুক্ত সাংবাদিকতাৰ যাত্ৰা অব্যাহত ৰাখিবলৈ versatilestory.com-ক প্ৰয়োজন আপোনাৰ সহযোগিতা, পৰামৰ্শ আৰু আৰ্থিক সহায়ৰ। আমাৰ যাত্ৰাক আৰ্থিকভাৱে সহায় কৰিবলৈ মবাইল নম্বৰ ৮৬৩৮৬৯৮৪৫০-ত যোগাযোগ কৰক। আপুনি যি কোনো পৰিমানৰ আৰ্থিক বৰঙণি আগবঢ়াব পাৰে। ]
No comments