Page Nav

HIDE

Grid

GRID_STYLE

জলবায়ু পৰিবৰ্তন : হেৰাই গ'ল একালৰ শস্যশ্যামলা চেৰেং চাপৰি

জলবায়ু পৰিৱৰ্তনৰ পৰিণতিত অস্তিত্ব হেৰাইছে আবাসভূমি- কৃষিভূমিৰ : গৃহহীন হৈছে লক্ষজন ... এসময়ত পোন্ধৰ বিঘা মাটিত খেতি কৰিছিলো..এতিয়া  ঘৰৰ ভেটি...

জলবায়ু পৰিৱৰ্তনৰ পৰিণতিত অস্তিত্ব হেৰাইছে আবাসভূমি- কৃষিভূমিৰ : গৃহহীন হৈছে লক্ষজন











...এসময়ত পোন্ধৰ বিঘা মাটিত খেতি কৰিছিলো..এতিয়া  ঘৰৰ ভেটিটোও নাই...



 দিগন্ত শর্মা 

নৈপাৰত ভগা নাও এখন মেৰামতি কৰি থকাৰ মাজতে মানুহজনে কৈছিল- 'নৈপৰীয়া মানুহৰ বাবে নাওখনেই অন্যতম সম্বল। সেয়ে পুৰণি নাওখনকে মেৰামতি কৰিবলৈ দিছে। নাওখন মোৰ নহয়। গৰাকী বেলেগ। মই মিস্ত্রিহে। মই নাও সজা মিস্ত্রি নাছিলো। মই আছিলো এজন খেতিয়ক। এসময়ত প্রায় পোন্ধৰ বিঘা মাটিত খেতি কৰিছিলো। পিচে এতিয়া খেতিমাটি দূৰৈৰ কথা ঘৰৰ ভেটিটোও নাই। এতিয়ালৈকে তিনিবাৰ ঘৰ স্থানান্তৰ কৰিলো। বান-খহনীয়াই আমাক গ্রাস কৰি আগুৱাই আহি আছে। আমি পিচুৱাই আহি আছো। যেতিয়া ভেটিমাটিকণো  হেৰুৱালো, তেতিা ওচৰৰ গাঁওখনত অলপ মাটি লৈ কোনোমতে ঘৰটো বান্ধি আছো।

তাৰপিচত নাও সজা কামত ধৰিলো। এই কামটোরেই এতিয়া জীবিকা হৈছেগৈ। একালত শস্যৰে নদন-বদন আছিল আমাৰ চেনেং চাপৰি গাঁওখন। এতিয়া তাত একোবেই নাই। খৰালি বালি, বাৰিষা পানী।' শুকলাল মণ্ডল নামৰ মানুহজনে কথাখিনি কৈ সমুখষ নৈখনৰ মাজলৈ চাই বৈছিল।...


দৰং জিলাৰ অন্তর্গত চেৰেং চাপৰি ঘাটত আছিল শুকলাল মণ্ডলৰ ঘৰ। প্রায় ৫৫ বছৰীয়া শুকলাল মণ্ডলৰ ঘৰ একালত আছিল চেৰেং চাপৰি নামৰ গাঁওখনত। দৰং জিলাৰ বেগা নৈৰ পাৰত অবস্থিত আছিল চেনেং চাপৰি গাঁওখন। জিলাখনৰ ভিতৰতে মাহজাতীয় শস্য উৎপাদনত আটাইতকৈ আগবান আছিল চেৰেং চাপৰি গাঁও। এই চাপৰিত উৎপাদিত মাহজাতীয় শস্যই সমাদৰ লাভ কৰিছিল আন্তঃৰাজ্যিক বজাবর। চেৰে। চাপৰিৰ মাটিমাহ অসমৰ চুবুৰীয়া আন ৰাজ্যলৈ ট্রাকে ট্রাকে চালান হৈছিল। কিন্তু এতিয়া সেই চেনেং চাপৰিত নাই এটিও কৃষক পৰিয়াল। একালত শস্য খেতিপথাৰেৰে নদন-বদন, গরু-ম হবে জবা গোহালিৰ সেই পৰিয়ালসমূহৰ বাৰী-ভোট-গেতিপথাৰ সকলো হেবাই থাকিল বান-খহনীয়াত। এফালে বেগানদী, নোৱানৈৰ খহনীয়া, আনফালে রহ্মপুত্রৰ বান-খহনীয়া- এই জলাধাবে চাৰিওফালৰ পৰা আগুৰি ধৰিলে গাঁওখনক। ১৯৯০ চনমানৰ পৰা বেগা নদীখনে সুতি সলাই আমাৰ গাঁওখন খহনীয়াই সংহাৰ কৰিলে। তাৰপিচত বছৰে বছৰে এনেদৰে খহাবলৈ ধৰিলে যে,। খব-বাৰী সকলো উছন হ'ল। খেতিমাটিবোৰৰ ওপৰত পৰি ব'ল বালি আক বালি। খেতি নোহোৱা হ'ল। প্রচণ্ড বান-খহনীয়াহ আমাক গৃহহাৰা কৰিলে। মোৰেই, আছিল ৩০ বিঘা খেতিমাটি। এতিয়া এবিঘাও নাই। নামতহে চেৰেং চাপৰিৰ মানুহ। কিন্তু থাকো মোরামারী গাৱ।ত চেৰেং চাপৰি গাঁওখনেই নাই।

বীৰেন বর্মন নামৰ চাৰিকুৰি বছৰীয়া বৃদ্ধজনে ক'লে এইদৰে। তেওঁ আৰু ক'লে- 'এসময়ত আমি গাঁওবাসীয়ে বঙলাগঞ্জৰ বজাৰলৈ মহৰ গাড়ীত মাহজাতীয় শস্য লৈ গৈ কলিকতীয়া ব্যবসায়ীক বিক্রী কৰিছিলো। চেৰেং চাপৰিৰ মাহ, সৰিয়হ বুলিলে দুপইচা হ'লেও বেছিদাম দিছিল। পাচলিৰ খেতিতকৈ চেৰেং চাপৰিৰ কৃষকে মাহজাতীয় শস্য আৰু মৰাপাট উৎপাদনত গুৰুত্ব দিছিল। দিছিল। কিন্তু এতিয়া সকলো হেৰাই

খাকিল। কেরল কাগজৰ পাতত নামটো থাকিল গাঁওখনৰ আক একালৰ শস্য শ্যামলা মাটিবোৰ লুকাই থাকিল পানী আৰু বালিৰ তলত।'

একেদৰে কালীপদ দাস নামৰ কৃষকজনে ক'লে- 'চেৰেঙৰ মানুহ এতিয়া অসমৰ বিভিন্ন ঠাইত পাব। ঘৰভেটি হেৰুৱাই কোনোবাই মঙলদৈ চহৰত সক সক দোকান দি ঘৰভাৰা কৰি আছে, কোনোরে আন গরিত মাটি কিনি থিতাপি লৈছেগৈ, কোনোবাই দলগরিত আছে, কোনোবাই লখিমপুৰ-ধেমাজিৰ আত্মীয়ৰ ঘৰৰ ওচৰত গৈ কেনেবাকৈ ডেটি এটি সাজি বাস কৰি আছে। খহনীয়া আৰু বানপানীয়ে গাঁওখনৰ ভেটিমাটি আৰু খেতিমাটিকে ধৰি কেইবাহাজান বিঘা মাটি খহনীয়াত গৈছে। পিচে এই বান-খহনীয়াৰ তাণ্ডবলীলা এসিনতে বৃদ্ধি হোৱা নাই। বাছৰ বছৰ ধৰি এই সংহাবলীলা ক্রমান্বয়ে বাঢ়ি আহিছে।'


বান আৰু খহনীয়া অসমৰ এনে সমস্যা, যিয়ে লক্ষাধিক লোকক পথৰ ভিক্ষাৰীত পৰিণত কৰিছে। বহু আঢ্যবস্তু পৰিয়ালক উদাস্ত নাগৰিকত পৰিণত কৰিছে। দৰং জিলাৰ সমৰ মঙলদৈ চহৰৰ পৰা প্ৰায় দহ কিলোমিটাৰ নিলগত চেৰেংগাঁও। মোৱামাৰী গাঁও পঞ্চায়তৰ অন্তর্গত এই চেবেং চাপৰিৰ সর্বস্বান্ত

কৃষকসকলৰ বর্তমানাৰ আর্থ-সামাজিক অবস্থা অতিকেই দুখজনক। পিচে বান-খহনীয়াৰ তাত্তর বৃদ্ধিৰ প্রধান কাৰণ কি- এই সমস্যাৰ গ্রাসত পৰি ককাই থকা বহুতৰেই সেয়া আড্ডার। দুই-একেছে কয়- এয়া জলবায়ু পরিবর্তনৰ ভয়ংকৰ পৰিণতি। চেবেং চাপৰিৰ নৌকা ঘাটত লগ পোৱা সৌৰভ দাস নামৰ যুৱকজনে ক'লে- একালত আমাৰ ঘৰ চেৰেঙৰ বুকুতে আছিল। পিচে খহনীয়াত সকলো হেৰুৱাৰ পিচত আমি বিভিন্ন ঠাইলৈ স্থানান্তৰিত হ’লো৷ আচলতে আমি জলবায়ু পৰিৱৰ্তনৰ ভুক্তভোগী। আমাৰ গাঁৱৰ বহু লোকেই জলবায়ু পৰিবর্তন কি নাজানে। কিন্তু জলবায়ু পৰিবৰ্তনৰ বাবেই যে, বানৰ তাণ্ডৱলীলা বৃদ্ধি হৈছে সেয়া আমি কিছু অধ্যয়ন কৰি জানিব পাৰিছো।'

সম্প্রতি বান-খহনীয়াই নিঃশেষ কৰা চেৰেং চাপৰিৰ বাসিন্দাই একাধিকবাৰ স্থানান্তবিত হ'বলগীয়া হৈছে, কেইবাহাজাৰ জনসাধাৰণে সলনি কৰিবলগীয়া হৈছে জীবিকা তথা উপার্জনৰ পথ, কৃষিজীবী পৰিয়ালৰ লোকে হ'বলগীয়া হৈছে দিন-মজদুৰ, লগতে আর্থিক নিৰাপত্তাও হেৰুৱাইছে। আনহাতে, ভুক্তভোগী প্রতিজন মানুহে 'মুক্ত মনেৰে' জীয়াই থকাৰ পৰিবর্তে প্রতিনিয়ত কঢ়িয়াই ফুৰিবলগীয়া হৈছে জীবনত বহু কিবা কিৰি হেৰুৱাৰ দুখ। সকলোতকৈ ঢুকতৰ কথা অধিকাংশই স্থায়ী ঠিকনা হেৰুৱান যন্ত্রণানে জীবন অতিবাহিত কৰিবলগীয়া হৈছে। আর্থিক স্বচ্ছলতা হেকরা চেবেং চাপৰিৰ জনতাৰ সম্মুখত এক দিশহাব্য ভবিষ্যৎ ওলমি বৈছে। একালত প্রচুর কৃষি সামগ্রী উৎপাদনেৰে গ্রাম্য অর্থনীতিৰ ভেটি টনকিয়াল কৰা চেবেং চাপৰিৰ কৃষকসকলৰেই সম্প্রতি কেঁটি নোহোৱা হ'ল। অথচ এইসকল কৃষক পৰিয়ালেই

অসমৰ অর্থনীতিৰ পুঁজিলৈ বৰঙণি আগবঢ়াইছিল। কিন্তু এইসকল কৃষকবেই ভরিয্যৎ সুরক্ষিত নহ'ল। ইতিমধ্যে, চৰকাৰে চেনেং চাপৰিৰ খহনীয়া বোৰৰ বাবে বেথা নৈৰ পাৰৰ কিছু অংশত গয়িড দিবলৈ আৰম্ভ কৰিছে। এই কার্যই কিছু খহনীয়া ৰোধ কৰিছে। যদিও একালৰ সেউজীয়া কৃষিভূমিৰ মাজত অবস্থিত চেৰেং গাঁওখন যিদৰে হেৰাই গ'ল এই কৃষিপ্রধান ৰাজা অসমৰ বুকুৰ পৰা, সেই গাঁওখন পুনৰ উদ্ধাৰ কোনোকালেই সম্ভব নহয়। স্থানান্তৰিত মানুহবোৰ পুনৰ ঘূৰি অহাব সম্ভাবনাও নাই। এই সম্ভাবনাও নাই যে, পুনৰ সেই গাঁৱৰ বুকুত পূর্বব দবে কৃষি অর্থনীতিয়ে ন-ৰূপত ঠন ধৰি উঠিব। কিন্তু ওকত্বৰ কথা এয়াই যে, প্রথমেই বান খহনীয়াৰ কবলত পদোতেই চৰকাৰী উদ্যোগত চেৰেং চাপৰিক ৰক্ষা কৰিবলৈ বলিষ্ঠ পদক্ষেপ গ্রহণ কৰা হ'লে হয়তো সকলোখিনি হেৰাই নগ'লহেঁতেন। স্থানীয় একাংশ লোকে মন্তব্য কৰে এইদৰে। তাৎপর্যপূর্ণ কথা এয়াই যে, চেবেং চাপৰিৰ দৰে বর্তমানেও অসমৰ বহু অঞ্চলত অব্যাহত আছে বান-খহনীয়ার প্রকোপ। প্রকৃতিৰ এই ধবংসলীলাৰ প্ৰধান কাৰকসমূহৰ ভিতৰত জলবায়ু পৰিবৰ্তনেই যে অন্যতম, সেয়া ইতিমধ্যেই বিশেষজ্ঞ মহল নিশ্চিত হৈছে। পিচে ভুক্তভোগীৰ বহু লোকেই হয়তো শুনা নাই জলবায়ু পৰিবর্তন কি। নাম নুগুনাকৈয়ে এই জলবায়ু পৰিবৰ্তনৰ এক ভয়াবহ পৰিণতি ভোগ কৰি আছে অসমৰ লক্ষ লক্ষ জনতাই বিভিন্নধৰণেৰে। পিচে জলবায়ু পৰিবৰ্তনৰ এনে ভয়াবহ পৰিণতিৰ ভুক্তভোগীসকল তথা বান-খহনীয়ার সর্বস্বান্তসকলৰ ক্ষেত্ৰত যি মানৱীয় সুৰক্ষাৰ নীতি প্রযোজ্য হ'ব লাগে, সেয়াই ৰাজ্যৰ সর্বস্বান্ত জনতাক উপকৃত কৰিব পৰা নাই। গুৰুত্বপূর্ণ কথা এগেই যে, চেৰেং চাপৰিৰ দৰে অসমৰ অন্য প্রান্ততো স্পষ্ট ৰূপত প্রত্যক্ষ কৰা যায় জলবায়ু পৰিবৰ্তনৰ ভয়ংকৰ পৰিণতি৷



.


No comments