শিহৰিত কৰি তোলা কেনে এই মাতৃত্ব ! . ..বিশ্বৰ উন্নত তথা উন্নয়নশীল ৰাষ্ট্ৰসমূহত ১৫-১৯ বছৰৰ মাজৰ বয়সৰ মাতৃৰ সংখ্যা প্রায় ১২ মিলিয়ন...মাতৃত্ব...
শিহৰিত কৰি তোলা কেনে এই মাতৃত্ব !
...বিশ্বৰ উন্নত তথা উন্নয়নশীল ৰাষ্ট্ৰসমূহত ১৫-১৯ বছৰৰ মাজৰ বয়সৰ মাতৃৰ সংখ্যা প্রায় ১২ মিলিয়ন...মাতৃত্ব লাভৰ স্বৰ্গীয় অনুভূতিও কাহানিবা হৈ পৰিব পাৰে শংকাৰ বিষয়...
নিশা ভূঞা:
মাতৃত্ব লাভে এগৰাকী নাৰীক পূৰ্ণাংগ কৰি তোলে বুলি কোৱা হয়। মাতৃত্ব লাভক কেন্দ্ৰ কৰিয়েই কিমান যে ৰীতি নীতি প্ৰচলিত হৈ আছে ! অতীজত কোনো নাৰী মাতৃ হ'ব নোৱাৰিলে তেওঁৰ স্বামীয়ে মূলতঃ বংশ ৰক্ষাৰ নামতেই পুনৰ বিবাহ কৰাটো সাধাৰণ কথা আছিল। আজিৰ তাৰিখতো নিঃসন্তান নাৰীক সমাজৰ একাংশই নানান প্ৰশ্নবাণেৰে জৰ্জৰিত কৰা অথবা দুখজনক ভাৱে নানান কথা শুনোৱা পৰিলক্ষিত হয়। মাতৃত্ব লাভৰ বাবেই বহু নাৰীয়ে নানান ব্ৰত -পূজা আদি কৰা, দেশ-বিদেশৰ চিকিৎসকক সহায় লোৱা, চিকিৎসা বিজ্ঞানৰ নানান আধুনিক পন্থাৰ শৰণাপন্ন হোৱা অথবা চেৰ'গেচী অৰ্থাৎ অন্য নাৰীৰ গৰ্ভ ভাড়ালৈ লোৱাও দেখা যায়। মুঠৰ ওপৰত "মাতৃত্ব" অৰ্জনক লৈয়েই যেন এই সকলো আয়োজন, এই সকলো অহোপুৰুষাৰ্থ। তথাপিও মাতৃত্ব হৈ পৰিব পাৰে কাহানিবা চিন্তাৰ কাৰণ। মাতৃত্ব লাভৰ স্বৰ্গীয় অনুভূতিও কাহানিবা হৈ পৰিব পাৰে শংকাৰ বিষয় , যেতিয়া মাতৃৰ আঁচলত লুকুৱাৰ বয়সতে যদি কোনো নাৰীয়ে নিজেই বহন কৰিব লগীয়া হয় এই গুৰু দায়িত্ব!
বিশ্বজুৰি বাঢ়িছে কিশোৰী মাতৃৰ সংখ্যা
কিশোৰীৰ মাতৃত্ব অৰ্থাৎ teenaged pregnancy or motherhood ৰ বিষয়ে সঘন আলোচনা হোৱা দেখিবলৈ পোৱা নাযায়। কিয়নো কিশোৰীসকলক প্ৰায়ে এনে বিষয়সমূহৰ পৰা আঁৰত ৰাখিবলৈ যত্ন কৰা হয়। হয়তো তেওঁলোকৰ সুৰক্ষাৰ বাবে, আৰু বহু ক্ষেত্ৰত হয়তো লাজৰ বাবে। পিছে সকলোৰে অলক্ষিতে এই বিষয়টি বৰ্তমান সময়ত এক ডাঙৰ সমস্যাৰূপে ধৰা দিছে। কেৱল আমাৰ দেশ ভাৰতবৰ্ষতেই নহয়, সমগ্ৰ বিশ্বজুৰি কিশোৰী মাতৃৰ সংখ্যা অবিশ্বাস্যভাবে বাঢ়িবলৈ ধৰিছে । বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া এক তুলনামূলক সমীক্ষা অনুসৰি বিশ্বৰ উন্নত তথা উন্নয়নশীল ৰাষ্ট্ৰসমূহত ১৫-১৯ বছৰৰ মাজৰ বয়সৰ মাতৃৰ সংখ্যা প্রায় ১২ মিলিয়ন। অন্যহাতে এই ৰাষ্ট্ৰসমূহতে ১৫ বছৰৰো তলৰ মাতৃৰ সংখ্যা প্ৰায় ৭৭৭,০০০ । আচৰিত ভাৱে শেহতীয়া ২০ বছৰত এই হাৰ পূৰ্বতকৈ প্ৰায় ১১% বৃদ্ধি পাইছে । বিশ্বৰ আগশাৰীৰ এক সংবাদ প্ৰতিষ্ঠানে ২০১৯ বৰ্ষত সমগ্ৰ বিশ্বতে সমীক্ষা চলাই কিশোৰী মাতৃৰ হাৰ অধিক থকা শীৰ্ষৰ দহখন দেশৰ এক তালিকা প্ৰস্তুত কৰিছিল। এই সমীক্ষা অনুসৰি ১০০০ গৰাকী কিশোৰীৰ ভিতৰত ডেম'ক্ৰেটিক ৰিপাব্লিক অৱ কংগোৰ ১৩৮ ,জেম্বিয়াৰ ১৪১, নাইজাৰৰ ১৪৬,লাইবেৰীয়াৰ ১৫০, দক্ষিণ ছুদানৰ ১৫৮, এনগোলাৰ ১৬৩,মালিৰ ১৭৪, ছিদৰ ১৭৯ ,ম'জেম্ববিকৰ ১৯৪ আৰু দ্য চেণ্ট্ৰেল আফ্ৰিকান ৰিপাব্লিকৰ ২২৯ গৰাকীয়েই মাতৃত্ব অৰ্জন কৰে। আমাৰ দেশ ভাৰতবৰ্ষই এই শীৰ্ষৰ তালিকাত স্থান লাভ কৰা নাই যদিও দেশখনৰ এই ক্ষেত্ৰত স্থিতি কিন্তু অতি শোচনীয়। আজিৰ সময়ত ভাৰতবৰ্ষত প্ৰায় ১৬ মিলিয়ন ১৫-১৯বছৰীয়া কিশোৰীয়ে গৰ্ভধাৰণ কৰে বুলি জানিবলৈ পোৱা গৈছে। বৰ্তমানৰ আধুনিক বিশ্বত এনে পৰিস্থিতিৰ উদ্ভৱ হোৱাটো অতিকৈ পৰিতাপৰ বিষয়।
দৰিদ্ৰতা
সমগ্ৰ তথ্য আৰু প্ৰেক্ষাপটলৈ লক্ষ্য কৰিলে দেখা যায় যে মূলতঃ মধ্য আৰু নিম্ন আয়ৰ দেশসমূহত এই সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। দৰিদ্ৰতাই কিশোৰী মাতৃত্বৰ প্ৰধান কাৰণ ৰূপে ধৰা দিছে। এনে দেশৰ বহু পৰিয়ালৰ কন্যা সন্তানৰ অতি কম বয়সতে বিয়া দিয়া হয়। বহুতেই আকৌ এই বিয়াক পৰিয়ালটোৰ বাবে আৰ্থিক মধ্যস্থতা স্থাপনৰ উপায় ৰূপেও গ্ৰহণ কৰে। বহু পৰিয়ালে আকৌ নিজৰ কম বয়সীয়া কন্যা সন্তানক ধনৰ বিনিময়ত বিক্ৰী কৰে, যাক পৰৱৰ্তী সময়ত যৌনদাসীৰূপে ৰখা হয় বা বেশ্যাবৃত্তিত নিয়োজিত কৰোৱা হয়। এই সমূহ পৰিস্হিতিতেই কিশোৰীসকলে অতি কম বয়সতে গৰ্ভধাৰণ কৰে , মাতৃত্ব অৰ্জন কৰে। তদুপৰি আচৰিত ভাৱে বহু দেশতেই সাংস্কৃতিক আৰু ধৰ্মীয় বিশ্বাসৰ নামত যৌনতাৰ অবাধ পোহাৰ মেলা হয়। এনে বিশ্বাসৰ নামতো বহু কিশোৰী অবাঞ্চিতভাৱে গৰ্ভৱতী হয়। অন্যহাতে বহু দেশত আকৌ বিদ্যালয়ৰ মাচুল দিব নোৱাৰিয়েই কম বয়সতে কিশোৰীক বিয়া দিয়া দেখা যায়। যৌন শিক্ষাৰ অভাৱো অন্য এক মূল কাৰণ ৰূপে এই সকলো দেশতে ধৰা দিছে।
যৌন শিক্ষা
ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত এই বিষয়টো কিছু বহলকৈ আলোচনা কৰা থল আছে। আমাৰ দেশত কিশোৰী মাতৃত্বৰ কাৰণৰ কেৱল এটাই নহয়, বহুতো । তাৰ প্ৰথম কাৰণটিয়েই হৈছে যৌন শিক্ষাৰ অভাৱ। আমাৰ দেশত যৌনতা এক নিষিদ্ধ শব্দ। কামসূত্ৰৰ উৎপত্তিস্থল এই দেশৰ বহু প্ৰাচীন মন্দিৰ, দৌল -দেৱালয়ত খোদিত অপূৰ্ব ভাস্কৰ্য সমূহতো যৌনতা বিষয়টি ইতিবাচক ভাবেই তুলি ধৰা হৈছে যদিও যৌনতাৰ বিষয়ে আলোচনা কৰাটো আজিও পাপ বুলি ধৰা হয়। বিদ্যালয়ৰ পাঠ্যক্ৰমত এই শিক্ষা অন্তৰ্ভুক্ত কৰা হৈছে যদিও তাৰ মুকলি পাঠদান বৰ্তমানেও সম্ভৱ হোৱা নাই। তদুপৰি এই বিষয়টি শিকোৱাৰ সন্দৰ্ভত পৰিয়ালতো অভিভাৱকে আগভাগ লোৱা দেখা নাযায়। লাজৰ বাবেই এই যৌন শিক্ষাৰ প্ৰসংগঃ প্ৰায় এৰাই চলা হয়। সেয়ে কৌতুহলবশত বহু কিশোৰ কিশোৰীয়ে নেতিবাচক সূত্ৰৰ দ্বাৰা কথাবোৰ জানিবলৈ চেষ্টা কৰে,যৌনতাৰ সোৱাদ ল'বলৈ বিচাৰে ফলত অবাঞ্চিত ভাৱে বহু কিশোৰীয়ে গৰ্ভধাৰণ কৰে । দৰিদ্ৰতা আৰু বাল্য বিবাহ কিশোৰী মাতৃত্বৰ অন্য এক মূল কাৰণ বুলি জানিবলৈ পোৱা গৈছে। তথ্য অনুসৰি ভাৰতবৰ্ষত বাল্য বিবাহ হাৰ সমগ্ৰ বিশ্বৰ ভিতৰতে অধিক। ১৮ বছৰৰ পূৰ্বেই প্রায় ২৭% কিশোৰী পৰিয়ালৰ সিদ্ধান্ত অনুসৰি বিবাহপাশত আবদ্ধ হয়। এই ক্ষেত্ৰত যৌতুক প্ৰথাই সাৰ পানী যোগায়। কন্যাক বেছিকৈ পঢ়ালে বা কন্যাৰ বয়স বাঢ়ি গ'লে অধিক পৰিমাণৰ যৌতুক দিব লাগিব বুলি ভাবিও বহুতে কম বয়সতে বিয়াৰ কথা চিন্তা কৰে। আচৰিত ভাৱে অবিবাহিতা নাৰীহে যৌন উৎপীড়নৰ বলি হোৱাৰ সম্ভাৱনা থাকে বুলি ভাবিয়েই বহুতে কম বয়সতে নিজৰ কন্যা সন্তানক বিয়া দিয়ে। এই সকলো দিশো কিশোৰী মাতৃত্বৰ লগত জড়িত হৈ থাকে। তদুপৰি যৌন উৎপীড়নো আমাৰ দেশৰ কিশোৰী মাতৃত্বৰ এক অন্যতম কাৰণ। বহু পৰিয়ালত আপোনজনৰ দ্বাৰাই কিশোৰী নিৰ্যাতিত হয়। সন্মানহানিৰ ভয়ত কথাবোৰ আকৌ পৰিয়ালৰ লোকেই লুকুৱাই ৰাখে, যাৰফলত কিশোৰীৰ অবাঞ্চিত গৰ্ভধাৰণে মাতৃত্বৰ ৰূপ লয়। তেনেদৰেই বহু কিশোৰীয়ে চিনাকি বা অচিনাকি লোকৰ দ্বাৰাও যৌন উৎপীড়নৰ বলি হৈ ভয়তে অথবা লাজতে কথাবোৰ লুকুৱাই ৰাখে । তাৰ পৰাও বহু কিশোৰী মাতৃৰ জন্ম হয়। এই সকলো বিষয় অতিকৈ তাৎপৰ্যপূৰ্ণ আৰু লক্ষণীয়।
ভাৰতবৰ্ষত বাল্য বিবাহ হাৰ সমগ্ৰ বিশ্বৰ ভিতৰতে অধিক। ১৮ বছৰৰ পূৰ্বেই প্রায় ২৭% কিশোৰী পৰিয়ালৰ সিদ্ধান্ত অনুসৰি বিবাহপাশত আবদ্ধ হয়। এই ক্ষেত্ৰত যৌতুক প্ৰথাই সাৰ পানী যোগায়...
কিশোৰী মাতৃত্বৰ বিষয়টোৱে বৰ্তমানলৈ অধিক চর্চা লাভ কৰা নাই যদিও বিষয়টি অতিকৈ স্পৰ্শকাতৰ। কিয়নো এই বিষয়টিৰ সৈতে জড়িত ফলাফলৰ ভয়ানক দিশ সমূহে সচেতন মহলক শিহৰিত কৰি তোলে । অতি কম বয়সতে কৰা গৰ্ভধাৰনা মাতৃ আৰু সন্তান দুয়োৰে স্বাস্থ্যৰ প্ৰতি ভাবুকি আনে। বহু সময়ত ১৫-১৯ বছৰৰ ভিতৰত গৰ্ভধাৰণ কৰাৰ বাবেই বহু কিশোৰী মৃত্যুৰ মুখতো পৰে। বহু কিশোৰীৰ গৰ্ভপাত কৰাবলৈ চেষ্টা কৰোৱাৰ সময়তো কৰুণভাৱে মৃত্যু হয়। মধ্য আৰু নিম্ন আয়ৰ দেশসমূহত গৰ্ভৱতী কিশোৰীৰ ৯০%ৰেই মৃত্যু হয়। অন্যহাতে কিশোৰী মাতৃয়ে নানান প্ৰতিকূল পৰিস্থিতি আৰু ভগ্ন স্বাস্থ্যৰে সন্তান জন্ম দিয়াৰ বাবে অধিকাংশ নৱজাতকৰ মৃত্যু হয়। বহু নৱজাতকৰ স্বাস্থ্য অতি বেয়া হয়, ওজন কম হয়। কিশোৰীসকলে সেই বয়সত নিজৰে ভালদৰে যত্ন ল'বলৈ সক্ষম নহয়। তেনেক্ষেত্ৰত নৱজাতকৰ যত্ন লোৱাটো দুৰূহ হৈ পৰে। ফলৰ মাতৃ আৰু সন্তান -দুয়োৰে স্বাস্থ্যৰ ক্ষতি হয়। এই সমস্যাৰ সমাধানৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই বিগত কিছু বছৰৰ পৰা বহু কাম কৰি আছে। নানান সজাগতামূলক সভা ঠায়ে ঠায়ে আয়োজন কৰাৰ লগতে এনে দেশসমূহৰ স্বাস্থ্য বিভাগলৈ নানান অধিসূচনা জাৰি কৰিছে। নানান চৰকাৰী আৰু বেচৰকাৰী সন্থাই তেওঁলোকক সহযোগ কৰিছে, নিজাকৈ কিছু পদক্ষেপ লৈছে। তথাপিও এই সমস্যা হ্ৰাস হোৱা নাই । কিন্তু কিয় ?
কিশোৰী মাতৃত্বৰ লগত জড়িত হৈ থকা অন্যান্য সমস্যাৰ সমাধান হোৱাটোহে হয়তো এই সমস্যা সমাধানৰ মূল পথ। কিন্তু এনে সমস্যাসমূহ দূৰ কৰাটো অতি সহজ নহয়। মূলতঃ আৰ্থিক ভাৱে জৰ্জৰিত দেশৰ লোকৰ মাজত কিশোৰী মাতৃৰ হাৰ অধিক বুলি আগৰ সমীক্ষাত পোৱা গৈছে। সেয়েহে এই ক্ষেত্ৰত দেশসমূহৰ চৰকাৰৰ যথেষ্ট কৰণীয় নিশ্চয় আছে। লগতে কেৱল পাঠ্যক্ৰমতেই যৌন শিক্ষা সন্নিৱিষ্ট কৰাৰ বিপৰীতে বাস্তৱতো তাৰ সফল শিক্ষণ হোৱাটো জৰুৰী। শিক্ষকসকলে যৌন শিক্ষাৰ প্ৰসংগ এৰাই নচলি ছাত্ৰ-ছাত্ৰীক কথাবোৰ সৰলকৈ বুজাই দিয়াৰ প্ৰয়াস কৰা উচিত। অভিভাৱকসকলে ঘৰতে নিজৰ সন্তানক ( ল'ৰা আৰু কন্যা উভয়কে) যৌন শিক্ষাৰ লগত জড়িত কথাবোৰ মুকলিকৈ বুজাই দিবলৈ চেষ্টা কৰিব লাগে। এয়া কোনো লাজৰ কথা নহয়। বৰং কিশোৰী মাতৃত্ব ৰোধৰ বাবে এক বলিষ্ঠ পদক্ষেপহে হ'ব ।যৌন নিৰ্যাতনৰ লগত জড়িত কথাবোৰো সন্তানক ভালদৰে বুজাই দিয়া উচিত, যাতে তেনে কোনো অবাঞ্চিত পৰিস্থিতিৰ পৰা ছোৱালীজনী ৰক্ষা পৰিব পাৰে বা কাহানিবা নিৰ্যাতনৰ সন্মুখীন হ'লেও নিৰ্ভয়ে সকলো কথা খুলি ক'ব পাৰে। পৰিয়ালৰ আপোন কোনো লোক এনে ঘৃণনীয় কাৰ্যত লিপ্ত হ'লে সাহসেৰে তেওঁৰ বিপক্ষে মাত দিয়া উচিত , লুকুৱাই থ'লে পৰৱৰ্তী সময়লৈ পুনৰ বিপদ মতাহে হয়। এনে কথাবোৰ সমাজৰ সচেতন লোক, নানান চৰকাৰী অথবা বেচৰকাৰী সংস্থা সমূহেও সময়ে সময়ে সমাজত জনোৱা উচিত । বিশ্ব স্বাস্থ্য সংস্থাই এই ক্ষেত্ৰত বিষয় পদক্ষেপ গ্ৰহণ কৰি আহিছে। উল্লেখ্য যে, আমাৰ দেশত নাৰীৰ বাবে বিবাহৰ উপযুক্ত বয়স ১৮ বছৰ বুলি আইনী ভাৱে ধৰা হয় যদিও বহু দেশত এই বয়স ১৪-১৫বছৰ বুলি ধৰা হয়। এই নিয়মৰো সালসলনি হোৱা উচিত। কন্যা সন্তানক শিক্ষাৰ জ্যোতিৰ পৰা বঞ্চিত নকৰি এই ক্ষেত্ৰত আগুৱাই যাবলৈ দিব লাগে। অবাঞ্চিত ভাৱে কোনো কিশোৰীয়ে মাতৃত্ব লাভ কৰিলেও তেওঁক পিছলৈ সামাজিক ভাৱে নিলগত নাৰাখি শিক্ষা লাভৰ সুবিধা দিয়া উচিত।কন্যাক কোনো উপযুক্ত পাত্ৰৰ হাতত অৰ্পণ কৰাটোৱেই সফলতা বুলি ভাবি লোৱাৰ বিপৰীতে কন্যাগৰাকীকে উপযুক্ত কৰি গঢ়ি তোলাটোহে প্ৰকৃত সফলতা বুলি বুজি পালে হয়তো এই সমস্যাৰ বহু পৰিমাণে আঁতৰি যাব।
(নিশা ভূঞা--এগৰাকী স্বতন্ত্ৰ সাংবাদিক, লেখিকা। তেওঁৰ ৰচিত অন্যতম গ্ৰন্থ- 'গোলাপী এটি আশা আৰু অন্যান্য')
No comments