মুক্ত আকাশৰ তলত বন্যপ্ৰাণীয়ে সোৱাদ লৈছিল মানুহৰ তেজ-মঙহৰ ..দমন-উৎপীড়ণ-গুলিচালনাত ৰক্তাক্ত হৈ উঠে ফেব্ৰুৱাৰী...অসমত পুলিচী অত্যাচাৰ ত...
মুক্ত আকাশৰ তলত বন্যপ্ৰাণীয়ে সোৱাদ লৈছিল মানুহৰ তেজ-মঙহৰ
১৯৭৯ চনৰ প্ৰথম ভাগত আকস্মিকভাৱে মৃত্যু হয় অসমৰ মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ হীৰালাল পাটোৱাৰীৰ৷ সেই বছৰৰে শেষৰ পিনে নিৰ্বাচন আয়োগে সমষ্টিটোত উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়৷ লগতে নিৰ্বাচন আয়োগে ১৯৭৯ চনৰ এপ্ৰিল মাহৰ পৰা ভোটাৰ তালিকাত নামভৰ্তিৰ কাম আৰম্ভ কৰে৷ মে’ মাহপৰ্যন্ত ভোটাৰ তালিকা সংশোধনীৰ কাম অব্যাহত থাকে৷ কিন্তু মে’ মাহৰ প্ৰথম সপ্তাহতে অভিযোগ উত্থাপন হয় যে অবৈধ বিদেশীৰ নাম সন্নিবিষ্ট হৈছে ভোটাৰ তালিকাত৷ কংগ্ৰেছ [আই] দলে নিজৰ ভোটবেংক শক্তিশালী কৰাৰ বাবে কৌশলেৰে সন্দেহজনক নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তভুৰ্ক্ত কৰাইছে৷ এই অভিযোগ উত্থাপনেৰে সমগ্ৰ অসমত জোকাৰণিৰ সৃষ্টি কৰে ‘সদৌ অসম ছাত্ৰ সন্থা’ই৷ ইয়াৰ পূৰ্বেই অসমৰ বিদেশী অনুপ্ৰৱেশকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা চমুকৈ ‘আছু’ৱে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিল৷ আনহাতে সংসদৰ মজিয়াত ভাৰতীয় জনতা পাৰ্টিৰ নেতা অটল বিহাৰী বাজপেয়ীয়ে ১৯৭৯ চনলৈকে অসমকে ধৰি উত্তৰ-পূব ভাৰতলৈ বাংলদেশীৰ অবাধ অনুপ্ৰৱেশ সংঘটিত হৈ থকা বুলি বক্তব্য ৰাখিছিল৷ এই কথাই অসমৰ একাংশ সচেতন ব্যক্তি, ৰাজনৈতিক নেতা, ছাত্ৰ সংগঠনৰ নেতৃত্বক আধিক জাগ্ৰত কৰি তোলে৷ ইতিপূৰ্বে মুখ্যমন্ত্ৰী গোলাপ বৰবৰাক ‘আছু’ৱে কেইবাদফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰিছিল৷ আনকি প্ৰধানমন্ত্ৰীকো সত্তৰ দশকৰ মাজভাগৰ পৰাই অসমৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত স্মাৰকপত্ৰ প্ৰদান কৰিছিল৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে এই সমস্যাসমূহ সমাধানৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাছিল৷ ১৯৭৭ চনৰ দেশৰ জৰুৰীকালীন অৱস্থাৰ পিচত কেন্দ্ৰীয় চৰকাৰ সলনি হয় ৷ আনকি অসম চৰকাৰো সলনি হয় ৷ এই সময়ছোৱাতে অসমৰ অতিকে শক্তিশালী ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বও সলনি হয় ৷ ললিত ৰাজখোৱা, নগেন শৰ্মাৰ পিচত ‘আছু’ৰ নেতৃত্ব গ্ৰহণ কৰিছিল প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভৃগু কুমাৰ ফুকনে৷ মঙলদৈ লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি উত্থাপন হোৱা বিদেশী নাগৰিকৰ বিষয়টোক ‘আছু’ৰ নতুন নেতৃত্বই তীব্ৰ ৰূপত তুলি ধৰে৷ আৰু মঙলদৈ লোকসভা সমষ্টিত বিদেশী নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তভুৰ্ক্ত হোৱা বুলি হাজাৰ হাজাৰ অভিযোগপত্ৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত দাখিল কৰে৷ ‘আছু’ৰ তৎপৰতাত দাখিল কৰা এই অভিযোগপত্ৰসমূহ নিৰ্বাচন আয়োগে পৰীক্ষা-নিৰীক্ষা কৰে৷ তাৎপৰ্যপূৰ্ণ কথা এয়ে যে নিৰ্বাচনী আয়োগে এই অভিযোগপত্ৰসমূহৰ ভিতৰৰ প্ৰায় ৬৪.২৮ শতাংশ অভিযোগৰ সত্যতা থকা বুলি ঘোষণা কৰে৷ অৰ্থাৎ আয়োগৰ দ্বাৰা প্ৰায় ৪৫,০০০ সন্দেহজনক নাগৰিক সমষ্টিটোত থকা বুলি স্বীকাৰ কৰি লোৱা হয়৷...
এই কথাই সমগ্ৰ অসমতে উত্তেজনাৰ সৃষ্টি কৰে৷ ‘আছু’ৱে মঙলদৈ সমষ্টিৰ ঘটনাক আধাৰ হিচাপে লৈ দাবী উত্থাপন কৰে যে ৰাজ্যখনৰ আন ১৩ টা লোকসভা সমষ্টিৰো ভোটাৰ তালিকা চৰকাৰে প্ৰকাশ কৰিব লাগে আৰু বিদেশী নাগৰিকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগে৷ মঙলদৈৰ ঘটনাই ৰাজ্যৰ খিলঞ্জীয়া জনসাধাৰণৰ একাংশক আৰু মধ্যবিত্ত শ্ৰেণীৰ এচামক উত্তেজিত আৱেগিক কৰি তোলে৷ ‘আছু’ৰ বিদেশী বহিষ্কাৰৰ দাবী অসমৰ আন কেতবোৰ জাতীয় সংগঠনেও সমৰ্থন দিয়ে৷ বিশেষকৈ অসমলৈ পূৰ্ববংগৰ পৰা অবৈধ প্ৰব্ৰজন অব্যাহত থকা বাবেই বিদেশীৰে ভৰি পৰা বুলি প্ৰচাৰ হয়৷ ‘আছু’ৰ বিদেশী বিতাৰণৰ ‘বিষয়’ক কেন্দ্ৰ কৰি ১৯৭৯ চনৰ আগষ্ট মাহত ‘আছু’ৰ নেতৃত্বত বিভিন্ন দল-সংগঠনৰ এক সন্মিলন অনুষ্ঠিত হয়৷ এই সৰ্বদলীয় সভাতে গঠন হয় সদৌ অসম গণ সংগ্ৰাম পৰিষদ৷ এই নতুন সংগঠনৰ নেতৃত্ব ‘আছু’ৰ নেতাসকলে লয়৷ লগতে সংগঠনত চামিল হয় অসম সাহিত্য সভাৰ দৰে সংগঠনো৷ আছুৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই ভাৰতৰ প্ৰধানমন্ত্ৰী লৈ প্ৰেৰণ কৰে স্মাৰকপত্ৰ– য’ত অসমত অস্বাভাৱিক হাৰত জনসংখ্যা বৃদ্ধিৰ পৰিসংখ্যা উল্লেখ কৰা হয়৷
দুলাল শৰ্মাৰ বুকুৰ তেজেৰে ৰাজপথত -"তেজ দিম, তেল নিদিও"
আন্দোলনৰ প্ৰথম অৱস্থাৰ বহিৰাগত বিতাড়ন বিষয়টো বিদেশী বিতিড়নলৈ পৰিৱৰ্তিত হয়। ইয়াৰ পিছতেই আৰম্ভ হয় আন্দোলনৰ কাৰ্যসূচী– প্ৰতিবাদী সমদল, বন্ধ, গণ সত্যাগ্ৰহ ইত্যাদি ইত্যাদি৷... দিল্লীত সলনি হয় চৰকাৰ৷ ইন্দিৰা গান্ধীয়ে পুনৰ অধিকাৰ কৰে ৰাজপাট৷ দিছপুৰত বাৰম্বাৰ চৰকাৰ গঠন আৰু পতনৰ ঘটনা ঘটে৷ আছুৰ বিদেশীকেন্দ্ৰিক আন্দোলনে উত্তাল কৰে ৰাজ্য৷ অৰ্থনৈতিক প্ৰতিৰোধ আৰম্ভ হয়। দিল্লীৰ তৈল সম্পদ লুন্থন প্ৰসংগই জোকাৰণি তোলে। হৰতাল চলে। আন্দোলন দমন কৰিবলৈ ১৯৮০ চনৰ ১৮ এপ্ৰিলত 'কাৰফিউ' ঘোষণা কৰে চৰকাৰে। এই জলন্ত সময়ত ৰাজপথলৈ ওলাই আহে ছাত্ৰ সমাজ। ১৯৮০ চনৰ ২৩ এপ্ৰিল তাৰিখে দৰঙৰ কলাইগাঁৱৰ যুৱক দুলাল শৰ্মাই বুকুৰ তেজেৰে গুৱাহাটীৰ চানমাৰীৰ ৰাজপথত অজস্ৰজনৰ উপস্থিতিত লিখে-"তেজ দিম, তেল নিদিও"।
আৱেগ আৰু স্বাভিমানক মূলধন বুলি লৈ ওলাই আহে লক্ষজন অসমীয়াৰ স্তিত্ব ৰক্ষাৰ বাবে। নতুন গতি লয় আন্দোলনে।...সংঘটিত হয় হিংসাত্মক ঘটনা৷ আন্দোলনত শ্বহীদ হয় কেইবাজনো লোক। ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আন্দোলনৰ নেতৃত্বৰ কেইবালনিও বৈঠক অনুষ্ঠিত হয়৷ যদিও আলোচনা-বৈঠকে সমস্যাৰ সমাধান কৰিব নোৱাৰিলে৷ আন্দোলনকাৰী নেতৃত্বই কেন্দ্ৰীয় চৰকাৰ প্ৰস্তাৱ মানি ল’বলৈ অমান্তি হয়৷ ফলস্বৰূপে অসমৰ পৰা বিদেশী বিতাড়ন বা বহিষ্কাৰ এক জলন্ত সমস্যাৰূপে মূৰ দাঙি উঠে৷ আছু, গণ সংগ্ৰাম পৰিষদ তথা আন্দোলনৰ নেতা, কৰ্মী, সমৰ্থকে বিদেশীৰ বিৰুদ্ধে নিজাববীয়া ব্যৱস্থা ল’বলৈ গোপনে আলোচনা কৰে৷ ‘বিদেশীবোৰ ক’ত আছে’, ‘বিদেশী কোনবোৰ লোক’, ‘বিদেশীৰ বসতি স্থানবোৰ ক’ত’... আদি কথাৰ ব্যাপক প্ৰচাৰ হয়৷ ইয়াৰ মাজতে অৰ্থাৎ ৪ জানুৱাৰী, ১৯৮৩ তাৰিখে আন্দোলনৰ নেতৃত্ব আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত অনুস্থিত আলোচনা ব্যৰ্থ হোৱা বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ঘোষণা কৰে। পিছদিনা আছু নেতা তথা আন্দোলনৰ নেতৃবৃন্দক দিল্লীৰ পৰা আহি গুৱাহাটী বিমান পাওতেই চৰকাৰে ৰাষ্ট্ৰীয় নিৰপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে। আন্দোলনৰ নেতৃত্বক আটক কৰাৰ পিছতেই ৬ জানুৱাৰী,১৯৮৩ তাৰিখে নিৰ্বাচন আয়োগে অসমত ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখৰ পৰা তিনিটা পৰ্যায়ত নিৰ্বাচন অনুস্থিত হব বুলি ঘোষণা কৰে। এই ঘোষণাৰ পিছতে আন্দোলন তীব্ৰতৰ হয়। ৰাজপথলৈ ওলাই আহে অসমৰ বহু জনতা। অশুদ্ধ ভোটাৰ তালিকাৰে অনুস্থিত কিৰিব বিচৰা নিৰ্বাচনক বাধা দিবলৈ সাজু হয়। ইফালে প্ৰবীন ৰাজনীতিবিদ ৰাজনাৰায়ণে অসমৰ নিৰ্বাচন স্থগিতকৰণৰ বাবে ক উচ্চতম ন্যায়ালয়ত আবেদন জনায়। পিছে ১ ফেব্ৰুৱাৰী,১৯৮৩ ৰ দিনা ন্যায়ালয়ে সেই আবেদন বাতিল কৰে। লগে লগে অসমত নিৰ্বাচন পতাতো নিশ্চিত হৈ পৰে। সেইদিনাই কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচনত সহযোগ কৰা অসমৰ আৰু অসমৰ বাহিৰৰ বিষয়া আৰু কৰ্মচাৰীক Group Insurance Benefit দিয়াৰ চৰকাৰী ঘোষণা কৰে। সমান্তৰালকৈ অসমত অব্যাহত থাকে প্ৰতিবাদ। সেইদিনা আছু আৰু গণসংগ্ৰাম পৰিষদৰ নেতৃত্বত নিৰ্বাচনৰ বিৰুদ্ধে সমগ্ৰ অসমত মুক্তি যুঁজাৰুসকলে সমদল উলিয়ায় ৷ আছু-গণসংগ্ৰাম পৰিষদৰ নেতৃত্বত নিৰ্বাচনৰ বিৰুদ্ধে উকীলসকলেও প্ৰতিবাদী সমদল উলিয়ায়৷
অসমৰ বিভিন্ন স্থানত নিৰ্বাচন বিৰোধীৰ দ্বাৰা বোমা বিস্ফোৰণ, শতাধিক দলঙত অগ্নিসংযোগৰ ঘটনা সংঘটিত হয়।চাপাগুৰিৰ জনৈক ৰাজনৈতিক কৰ্মী অপহৰণ হয়।৷ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত এখন বজাৰত অগ্নিসংযোগৰ ঘটনা ঘটে।কামৰূপ জিলাৰ কমলপুৰত দুটা দলৰ মাজত সংঘটিত হয় সংঘৰ্ষ৷ ২ ফেব্ৰুৱাৰীৰ দিনা দৰং জিলাৰ মঙলদৈ মহকুমাৰ বৰদৌলগুৰি, জনাৰাম চৌকাত নিৰ্বাচন বিৰোধী প্ৰতিবাদী জনতাৰ ওপৰত আৰক্ষীৰ গুলিচালনা৷ জনতাৰ আক্ৰমনত এজন আৰক্ষী বিষয়াৰ মৃত্যূ হয়। আনহাতে আৰক্ষীৰ গুলিত ৫ জন লোক গজেন শৰ্মা, নীলধৰ নাথ, কণ্ঠীৰাম মেধী, ৰামচন্দ্ৰ নাথ, লোহিত চন্দ্ৰ নাথ নিহত হয়, আহত হয় বহুজন ৷ ছিপাঝাৰ অঞ্চলত তিনিজন আন্দোলনকাৰী যুৱক অগ্নিদগ্ধ হয়। এই খবৰ বিয়পি যোৱাৰ লগে লগে স্বতঃস্ফূৰ্তভাৱে ওলাই আহে অজস্ৰ জনতা।সন্ধিয়া দৰং জিলাৰ বুঢ়া আৰক্ষী চকীত নিৰ্বাচন বিৰোধী প্ৰতিবাদী জনতাৰ ওপৰত পুলিচে গুলী চালনা কৰে৷ ছাত্ৰ কুলেন্দ্ৰ শৰ্মা নিহত হয়৷ ৩ ফেব্ৰুৱাৰীত দৰঙত সান্ধ্য আইন জাৰি কৰে । ৫ ফেব্ৰুৱাৰীৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ ১৮ দিনীয়া ৰাজ্যিক কৰ্মচাৰীৰ সৰ্বাত্মক অসহযোগ কাৰ্যসূচী আন্দোলনৰ নেতৃবৃন্দৰ দ্বাৰা ঘোষণা হয় ৷ নিশা শদিয়াত গুলী চালনা, এজন আন্দোলনকাৰী নিহত হয়৷ ৪ ফেব্ৰুৱাৰীত উত্তৰ লক্ষীমপুৰৰ নাওবৈচাত নিৰ্বাচন বিৰোধী জনতাৰ ওপৰত পুলিচৰ গুলী চালনা৷ কেবাজনো আহত৷ নিৰ্বাচনৰ বিৰোধিতাৰে ৰাজ্যজুৰি শিক্ষকসকলৰ প্ৰতিবাদী সমদল ওলায়৷ দিনটোত কামৰূপ, দৰং, নগাঁও আৰু উত্তৰলক্ষীমপুৰ জিলাৰ বিভিন্ন স্থানত শতাধিক কাঠৰ দলঙত অগ্নি সংযোগ৷ শিৱসাগৰৰ ৰাংগলী ৰিজাৰ্ভৰ জংগলৰ পৰা চি পি আই [এম এল] প্ৰাৰ্থীৰ সমৰ্থকৰ মৃতদেহ উদ্ধাৰ হয়৷ ৫ফেব্ৰুৱাৰীত কৰ্মচাৰী পৰিষদৰ সৰ্বাত্মক অসহযোগ আৰম্ভ৷ সমগ্ৰ অসমত বে-চৰকাৰী যান-বাহনৰ চলাচল বন্ধ আৰু চৰকাৰী কাৰ্যালয়সমূহো বন্ধ৷ মঙলদৈ মহকুমাৰ টংলাত আন্দেলনকাৰীৰ ওপৰত পুলিচৰ গুলী চালনাত কেইবাজন লোকৰ মৃত্যু হয়। নিৰ্বাচন বন্ধৰ দাবীত কাৰ্বি আংলঙৰ দুই ছাত্ৰসংগঠনৰ আহ্বানত ৩৬ ঘণ্টীয়া কাৰ্বি-আংলং জিলা বন্ধ৷ গুৱাহাটীৰ উজানবজাৰ আৰু পানবজাৰ আৰু লক্ষীমপুৰত কেইবাটাও বোমা বিস্ফোৰণ৷ ডিব্ৰুগড় জিলা বন্ধ৷ কেন্দ্ৰৰ পৰা অসমলৈ অতিৰিক্ত ৩০ টা বেটেলিয়ান চি. আৰ. পি. প্ৰেৰণ৷...
.....দমন-উৎপীড়ণ-গুলিচালনাত ৰক্তাক্ত হৈ উঠে ফেব্ৰুৱাৰী। অসমত পুলিচী অত্যাচাৰ তীব্ৰতৰ হৈ উঠে। আত্মগোপন কৰে বহু আন্দোলনকাৰীয়ে....আন্দোলনকাৰী জনতাই আইন হাতত তুলি লয়।এনে সময়তে অসমত জনগণৰ মাজত বিভাজন হয়......
আৰু এনেকৈয়ে অগ্নিগৰ্ভা হৈ পৰে অসম। কংগ্ৰেছ চৰকাৰৰ নিৰ্মম দমন-উৎপীড়ণ-গুলিচালনাত ৰক্তাক্ত হৈ উঠে ফেব্ৰুৱাৰী। অসমত পুলিচী অত্যাচাৰ তীব্ৰতৰ হৈ উঠে। আত্মগোপন কৰে বহু আন্দোলনকাৰীয়ে। আন্দোলনকাৰী জনতাই আইন হাতত তুলি লয়।এনে সময়তে অসমত জনগণৰ মাজত বিভাজন হয়। নিৰ্বাচন বিৰোধী আৰু নিৰ্বাচনৰ সমৰ্থক শ্ৰেণী। নিৰ্বাচনৰ সমৰ্থক সকল অসমীয়াৰ শত্ৰু হিচাপে চিহ্নিত হয়। আৰম্ভ হয় সাম্প্ৰদায়িক-ভাষিক আৰু গোষ্ঠী বিদ্বেষ।
আন্দোলনৰ সমৰ্থক হাজাৰ হাজাৰ লোকে 'বিদেশী’ লোকক খেদি পঠিওৱাৰ বা বিতাড়ন কৰাৰ পদক্ষেপ লয়৷ একে সময়তে প্ৰশাসনযন্ত্ৰ অচল কৰি দিবলৈয়ো আছু, গণ সংগ্ৰাম পৰিষদ নেতৃত্বাধীন আন্দোলনকাৰী পক্ষই বহু গোপন বেআইনী কাৰ্যকলাপ আৰম্ভ কৰে৷ সমগ্ৰ অসম পৰিণত হয় জলন্ত অগ্নিকুণ্ডত৷ জাতীয় সংগঠনৰ বিৰোধিতাক অৱজ্ঞা কৰি ইন্দিৰা গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰো চলায়৷ বিপৰীতে বিজেপি নেতা অটল বিহাৰী বাজপেয়ীয়ে নিৰ্বাচন বিৰোধীতাৰে অসমত সভাত ভাষণ দিয়ে। ইফালে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ একাংশই এই নিৰ্বাচনক অবৈধ নিৰ্বাচন আখ্যা দিয়ে৷ আন্দোলনকাৰীয়ে নিৰ্বাচন বৰ্জনৰ আহ্বান দিয়ে৷ এই আহ্বানলৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ গৰিষ্ঠসংখ্যকে সহাৰি জনায়৷ বিপৰীতে কংগ্ৰেছ-বাওঁপন্থী দল আৰু পি-টি-চি-এ নিৰ্বাচনত অংশ লয়। আৰক্ষী থানা ঘেৰাও, ৰাস্তা-ঘাট বন্ধ, দলং জ্বলোৱা আদি আৰম্ভ হয়৷ কেইবাজনো ছাত্ৰ নেতাৰ মৃত্যু হয় পুলিচৰ গুলীচালনাত৷ অসমত অসমীয়াৰ অস্তিত্ব ৰাখিবলৈ বিদেশীমুক্ত কৰিব লাগিব৷ তাৰবাবে বিদেশীক খেদিব লাগিব৷ চৌদিশে ৰজনজনাই উঠে৷ সেই উত্তেজক ধবনি– ‘আহ ঐ আহ, ওলাই আহ! খেদ ঐ খেদ, বিদেশীক খেদ...’ ক’ত থকা বিদেশীক খেদিব? আন্দোলনকাৰীৰ কিছুমান নেতাই বিভিন্ন জিলাৰ চৰ-চাপৰি, বনাঞ্চল, গ্ৰেজিং এলেকা, পতিত ভূমি, চৰকাৰী মাটিত বাস কৰা লোকক বিদেশী বুলি চিনাক্ত কৰি সেই এলেকাসমূহত আক্ৰমণ কৰে৷ মঙলদৈৰ চাউলখোৱা চাপৰি, নগাঁও [বৰ্তমানৰ মৰিগাঁও] জিলাৰ নেলী অঞ্চল, মৈৰাবাৰী, কামপুৰ, চামগুৰি, কামৰূপ জিলাৰ গোৰেশ্বৰ, চমৰীয়া, দৰং জিলাৰ খৈৰাবাৰী-কলাইগাঁও-ধূলা আদিত সংঘটিত হয় গণহত্যা৷ সেইদৰে বৰ্তমানৰ ধেমাজি জিলাৰ অন্তৰ্গত [তেতিয়াৰ লখিমপুৰ জিলা] বিষ্ণুপুৰ, শান্তিপুৰ, চিমেন-চাপৰি আদিত বাস কৰা বাংলাভাষী হিন্দু মানুহৰ গাঁওসমূহত ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখৰ পৰা ধাৰাবাহিকভাৱে চলে ভয়াৱহ আক্ৰমণ৷ অসমীয়াভাষী আৰু জনজাতীয় লোকৰ মাজত সংঘটিত হয় সংঘৰ্ষ। গহপূৰত সংঘটিত হয় গণনিধন কাণ্ড। ইয়াৰ মাজতেই নিৰ্বাচন হৈ যায়। অগ্নিগৰ্ভা ১৯৮৩ চনৰ গোটেই ফেব্ৰুৱাৰী মাহটোতে অসমত বুকুৱেদি বৈ যায় তেজৰ নৈ।কংগ্ৰেছী শাসকে জাপি দিয়া নিৰ্বাচন আৰু আন্দোলনৰ সমৰ্থকে আইন হাতত তুলি লোৱাৰ পৰিনতিত মুক্ত আকাশৰ তলত বন্যপ্ৰাণীয়ে সোৱাদ লয় মানুহৰ তেজ-মঙহৰ। বিশ্বত মানৱতাৰ বধ্যভূমি ৰূপে চিহ্নিত হয় অসম। সেই ৰক্তাক্ত ফেব্ৰুৱাৰীৰ ঘটনাক এৰাই অসমৰ সমাজ জীৱনৰ অধ্যয়ন কিদৰে সম্ভৱ?
[ অনুসন্ধানমূলক-স্বতন্ত্ৰ-মুক্ত সাংবাদিকতাৰ যাত্ৰা অব্যাহত ৰাখিবলৈ versatilestory.com-ক প্ৰয়োজন আপোনাৰ সহযোগিতা, পৰামৰ্শ আৰু আৰ্থিক সহায়ৰ। আমাৰ যাত্ৰাক আৰ্থিকভাৱে সহায় কৰিবলৈ মবাইল নম্বৰ ৮৬৩৮৬৯৮৪৫০-ত যোগাযোগ কৰক। আপুনি যি কোনো পৰিমানৰ আৰ্থিক বৰঙণি আগবঢ়াব পাৰে। ]
লেখাটো তথ্যপূৰ্ণ হৈছে । ভাল লাগিল ।
ReplyDelete