Page Nav

HIDE

Grid

GRID_STYLE

সংগ্ৰাম আৰু সংঘাতৰ দিনলিপিত 'ফেব্ৰুৱাৰী, ১৯৮৩'

ফেব্ৰুৱাৰী,৮৩ মাহটোৰ প্ৰতিটো দিনৰ ঘটনাৰ তথ্য.... ....নেলীত সংখ্যালঘূ মুছলমানৰ ওপৰত পৰিকল্পিত আক্ৰমণ....প্ৰায় তিনিহেজাৰ লোক নিহত.... চাউলখোৱা...


ফেব্ৰুৱাৰী,৮৩ মাহটোৰ প্ৰতিটো দিনৰ ঘটনাৰ তথ্য....

....নেলীত সংখ্যালঘূ মুছলমানৰ ওপৰত পৰিকল্পিত আক্ৰমণ....প্ৰায় তিনিহেজাৰ লোক নিহত....চাউলখোৱা চাপৰিত ব্যাপক সাম্প্ৰদায়িক সংঘৰ্ষ... বহু লোক নিহত..

দিগন্ত শৰ্মাঃ 

তেজে ধোৱা ফেব্ৰুৱাৰী,১৯৮৩। এই মাহটোৰ প্ৰতিটো দিনৰ প্ৰতিটো ক্ষনত সংঘটিত ঘটনাৰ গুৰুত্ব ৰাজনৈতিক ভাৱে আৰু গৱেষণামূলক ভাৱে অপৰিসীম। সমগ্ৰ অসম আন্দোলনৰ ভিতৰত 'ফেব্ৰুৱাৰী, ১৯৮৩' মাহটোৱেই আছিল আন সময়তকৈ পৃঠক। সেয়ে আমি বিশেষভাৱে এই মাহটোৰ ঘটনাৰাজি-পৰিস্থিতিক ২০২১ চনৰ ফেব্ৰুৱাৰীত চাব বিচাৰিছো। প্ৰতিটো ঘটনাক দিনলিপিত সন্নিৱিষ্ট কৰা অসম্ভৱ যদিও সীমিত পৰিসৰত ঘটনা ৰাজিক তুলি ধৰিবলৈ চেষ্টা কৰা হৈছে। যাতে মাহটোৰ সংঘাত আৰু সংগ্ৰামৰ কিছু আভাস ন-প্ৰজন্মই পাব পাৰে। প্ৰতি দেওবাৰে 'ফেব্ৰুৱাৰী,১৯৮৩'-ৰ সাতোটাকৈ দিনৰ ঘটনাৰ কিছু তথ্য ধাৰাবাহিকভাৱে আগবঢ়োৱা হৈছে---

ফেব্ৰৱাৰী– ১৪

● দৰং জিলাৰ গহপুৰত জনজাতীয় আৰু অজনজাতীয় লোকৰ মাজত হোৱা সংঘৰ্ষত শতাধিক লোক নিহত, ৩০ খন গাঁও ভস্মীভূত৷

● নগাঁও জিলাৰ যমুনামুখ আৰু কামৰূপৰ এলেকাত ব্যাপক সাম্প্ৰদায়িক সংঘৰ্ষ৷

● দুৰ্ঘোৰ পৰিস্থিতিৰ মাজত অসমৰ ৬১ টা বিধান সভা সমষ্টিত নিৰ্বাচন৷ 

● টিহুৰ পৰা প্ত কিঃ মিঃ নিলগৰ খাচ সুৰাপাৰাত ৬ জন নিৰ্বাচন বিৰোধী লোক চি. আৰ . পিৰ গুলীত নিহত৷ 

● নগাঁও জিলাৰ ভুৰবন্ধা, দলংঘাট আৰু ৰাইদিঙীয়াত নিৰ্বাচন বিৰোধী এদল উন্মত্ত জনতাৰ ওপৰত চি আৰ পিৰ গুলী চালনা৷ নিহত একাধিক৷

● কামৰূপ জিলাৰ ছমৰীয়াত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষই ব্যাপক ৰূপ লয়, ত্ৰিলোচন, জামবাৰী আদিলৈ বিয়পে৷ 

● উত্তৰ কামৰূপৰ পাটাছাৰকুছিত, ডিগবৈৰ এটা ভোট গ্ৰহণ কেন্দ্ৰত আৰু যোৰহাটৰ টিয়ক সমষ্টিত নিৰ্বাচন বিৰোধী উন্মত্ত জনতাৰ ওপৰত পুলিচৰ গুলী চালনা৷ মুঠ ১৯ জন নিহত৷

ফেব্ৰুৱাৰী– ১৫

● অসম বিধানসভাৰ বিশ্বনাথ চাৰিআলি সমষ্টিৰ কংগ্ৰেছ [ই] প্ৰাৰ্থী সত্য নাৰায়ণ ৰাম নিৰ্বাচন বিৰোধী এদল লোকৰ হাতত নিহত৷

● গোৱালপাৰা জিলাৰ কাৰাইখোৱা, নলঙা, মাৰকুলা আদিত সাম্প্ৰদায়িক সংঘৰ্ষ৷ কেবাখনো গাঁও ভস্মীভূত৷ 

● বঙাইগাঁও ভাক্ৰিভিঠাত পুলিচৰ গুলী চালনাত ২ জন নিহত৷

● চাবুৱাৰ ওচৰৰ  ৰৌমাৰীয়াত পুলিচৰ গুলীত ২ জন নিহত৷

● নগাঁও জিলাৰ জুৰিয়াত সাম্প্ৰদায়িক সংঘৰ্ষ, পুলিচৰ গুলী চালনাত ৰ জন নিহত৷ 

● শিৱসাগৰ জিলাৰ বৰহাটত পুলিচৰ গুলী চালনাত ৰ জন নিহত৷

●দৰং জিলাৰ চাউলখোৱা চাপৰিত ব্যাপক সাম্প্ৰদায়িক সংঘৰ্ষ৷ বহু লোক নিহত৷

● চাউলখোৱা চাপৰিত সদৌ অসম স্বেচ্ছাসেৱক বাহিনীৰ সৰ্বাধিনায়ক জয়নাথ শৰ্মাৰ ভায়েক দ্বীপেন শৰ্মা ( দয়া) নিহত হয়, তেওঁৰ লগতে আৰু বহু লোক মৃত্যু মুখত পৰে৷

ফেব্ৰুৱাৰী– ১৬

● ডুমডুমাত সাম্প্ৰদায়িক সংঘৰ্ষত জ্জ জন নিহত৷ লাকুৱাৰ ওচৰৰ  চিলাকুটি মাণ্ডাও গাঁৱত পুলিচৰ গুলীত ৰ জন নিহত৷ 

● গোৱালপাৰাত অসম পুলিচ আৰু  চি আৰ  পিৰ সংঘৰ্ষত ৬ জন চি আৰ পি নিহত৷

● ধুবুৰী মহকুমাৰ গোলকগঞ্জত ২৩ ঘৰ আৰু নলবাৰীৰ ঘগ্ৰাপাৰত ১৫ ঘৰ ভস্মীভূত৷ 

● ১৪ তাৰিখে সম্পূৰ্ণ কৰিব নোৱাৰা ১৩৭ টা ভোট কেন্দ্ৰত পুনৰ ভোট গ্ৰহণ৷

● নগাবন্ধাত হিটলাৰী পন্থাৰে মুছলিম গণহত্যা৷ নগাবন্ধা হাইস্কুলত আশ্ৰয় লোৱা মুছলিম সম্প্ৰদায়ৰ লোকক স্কুল ঘৰত তলা লগাই অগ্নিসংযোগ কৰি হত্যা কৰা হয়৷ 

ফেব্ৰুৱাৰী– ১৭

● দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ– ৩৬ টা বিধানসভা, ১১ টা লোকসভা সমষ্টিত৷

● মঙলদৈ মহকুমাৰ হীৰাপাৰা খাটনিয়াৰ পাৰা আদি অঞ্চলত ব্যাপক সাম্প্ৰদায়িক সংঘৰ্ষ৷ বহুলোক নিহত।ঠেকেৰাবাৰী ধূলা চৌকা গাঁও দুখন ভস্মীভূত৷ 

● শিৱসাগৰ জিলাৰ ধলানসবা, চাপৰিআলিত আৰু যোৰহাটৰ তিতাবৰত, গোৱালপাৰা জিলাৰ কোকৰাঝাৰত আৰু বিলাসীপাৰাত, নলবাৰী জিলাৰ বৰমাত, ডিব্ৰুগড় জিলাৰ চাবুৱাত নিৰ্বাচন বিৰোধী জনতাৰ ওপৰত গুলী চালনা৷ অনেক লোক হতাহত৷ 

ফেব্ৰুৱাৰী– ১৮

● নগাঁও জিলাৰ নেলীত সংখ্যালঘূ মুছলমানৰ ওপৰত পৰিকল্পিত আক্ৰমণ৷ প্ৰায় তিনিহেজাৰ লোক নিহত৷ ১৬ খন গাঁও ভস্মীভূত৷ 

● দৰং জিলাৰ বিভিন্ন ঠাইত সাম্প্ৰদায়িক সংঘৰ্ষ৷ এই সংঘৰ্ষ আৰু পুলিচৰ গুলীত ভহুজন লোক নিহত হয়৷ 

● গোৱালপাৰা জিলাৰ বইটামাৰী অঞ্চলৰ কেইবাখনো গাঁও, বিজনী অঞ্চলৰ ৬ খন গাঁও, কামৰূপ জিলাৰ গোৰেশ্বৰত কেইবাখনো গাঁও, নগাঁও জিলাৰ যমুনামুখ আৰু কামৰূপ অঞ্চলৰ কেইবাখনো গাঁও ভস্মীভূত হয়৷ দিনটোত শতাধিকনিহত । বহুহাজাৰ লোক গৃহহীন৷

● নগাঁও জিলাৰ ধিং অঞ্চলৰ বিভিন্ন ঠাইত সাম্প্ৰদায়িক সংঘৰ্ষ, গোৱালাৰা জিলাৰ লক্ষীমপুৰত ৩ টা মৃতদেহ উদ্ধাৰ৷ জামুগুৰিত এদল দুষ্কৃতিকাৰীৰ ওপৰত চি আৰ পিৰ গুলী বৰ্ষণৰ ফলত ৰ জন নিহত৷ 

● শিৱসাগৰৰ নাওজানত এশটা মুছলিম পৰিয়াল ক্ষতিগ্ৰস্ত৷

ফেব্ৰুৱাৰী– ১৯

● কামৰূপ জিলাৰ গোৰেশ্বৰত ভাষিক সংখ্যালঘূৰ ওপৰত ধাৰাবাহিক আক্ৰমণ৷ বহুত নিহত৷

● অভয়াপুৰীৰ কাৱাদাংগা আদিত সাম্প্ৰদায়িক সংঘৰ্ষ৷

● ২৪ টা বিধানসভা সমষ্টিত ভোট গ্ৰহণ৷

● কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ নেলী আৰু নগাবন্ধাৰ গণহত্যাৰ পৈশাচিক দৃশ্য পৰিদৰ্শন৷

● লক্ষীমপুৰ জিলাৰ ঢকুৱাখানাত ৬ জন, কামৰূপ জিলাৰ সাউদৰ ভিটাত ২ জন লোক দলীয় সংঘৰ্ষত আৰু পুলিচৰ গুলী চালনাত নিহত৷

● দৰং জিলাৰ খৈৰাবাৰীৰ ওচৰৰ বৰংগাজুলিৰ এখন ভাষিক সংখ্যালঘূৰ গাঁও সম্পূৰ্ণৰূপে ভস্মীভূত৷ নিহত প্ৰায় ডেৰ শতাধিক৷

● শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিৰ খাৰহাটত ৰ জন, আমৰিগুৰি সমষ্টিৰ বৰবাম বাগিচাত ২ জন লোক পুলিচৰ গুলীত নিহত৷

● চতিয়াত দলীয়া সংঘৰ্ষত ৬ জন নিহত হয়৷

ফেব্ৰুৱাৰী– ২০

● সাম্প্ৰদায়িক সংঘৰ্ষ অব্যাহত।

● মুকলি আকাশৰ তলত লক্ষাধিক গৃহহাৰা। প্ৰধান মন্ত্ৰীৰ নেলী-গহপুৰ ভ্ৰমনৰ প্ৰস্তুতি।

● বহু বাংলাভাষী হিন্দুৰ পশ্চিমবংগলৈ পলায়ন। ধেমাজিৰ চিমেন চাপৰিত বাঙালী লোকক আক্ৰমন।

 (আগলৈ)...

[ অনুসন্ধানমূলক-স্বতন্ত্ৰ-মুক্ত সাংবাদিকতাৰ যাত্ৰা অব্যাহত ৰাখিবলৈ versatilestory.com-ক প্ৰয়োজন আপোনাৰ সহযোগিতা, পৰামৰ্শ আৰু আৰ্থিক সহায়ৰ। আমাৰ যাত্ৰাক আৰ্থিকভাৱে সহায় কৰিবলৈ মবাইল নম্বৰ ৮৬৩৮৬৯৮৪৫০-ত যোগাযোগ কৰক। আপুনি যি কোনো পৰিমানৰ আৰ্থিক বৰঙণি আগবঢ়াব পাৰে। ]

No comments