Page Nav

HIDE

Grid

GRID_STYLE

ৰক্তাক্ত ১৯৮৩: নৃশংসতাৰ বলি বাঙালী

১৮ ফেব্ৰুৱাৰীত আজিও শিহৰিত হয় গোৰেশ্বৰৰ  ভাষিক সংখ্যালঘু জনতা .....গোৰেশ্বৰ-খৈৰাবাৰী অঞ্চলৰ ভুক্তভোগী বাঙালীসকলে আজি অপেক্ষা কৰি আছে ন্যায়প্...


১৮ ফেব্ৰুৱাৰীত আজিও শিহৰিত হয় গোৰেশ্বৰৰ 
ভাষিক সংখ্যালঘু জনতা

.....গোৰেশ্বৰ-খৈৰাবাৰী অঞ্চলৰ ভুক্তভোগী বাঙালীসকলে আজি অপেক্ষা কৰি আছে ন্যায়প্ৰাপ্তিৰ বাবে.....

দিগন্ত শৰ্মাঃ

ঈশ্বৰ উপাসনাৰ বাবে বহু মন্দিৰত চাকি-বন্তি জ্বলোৱাৰ লগতে দবা কোবায়৷ দবাৰ শব্দই ভক্তপ্ৰাণ ব্যক্তিক ভগৱানৰ প্ৰতি খন্তেকৰ বাবে হ’লেও মূৰ দোৱাবলৈ বাধ্য কৰায়৷ পিছে অসমৰ কামৰূপ (বৰ্তমান বাক্সা) জিলাৰ গোৰেশ্বৰ চহৰৰ নিকটৱৰ্তী হাজলপাৰা, বেতনা, চিলকিঝাৰ আদি গাঁৱৰ ভাষিক সংখ্যালঘু জনতাই আজিও শিহৰিত হয় দবাৰ শব্দ শুনিলে৷ মন্দিৰত সন্ধিয়া বন্তি জ্বলোৱাৰ পিচত দূৰৈৰ কোনোবা গাঁৱৰ পৰা যেতিয়া ভাহি আহে দবাৰ শব্দ, তেতিয়া সেই বাঙালী সম্প্ৰদায়ৰ লোকৰ মনত ভাহি আহে আতংক জৰ্জৰিত এটি দিনৰ কথা৷ যিটো দিনত সেই বাঙালী সম্প্ৰদায়ৰ লোকৰ ওপৰত অসমীয়াভাষী লোকে অতি নিৰ্দয়ভাৱে আক্ৰমণ সংঘটিত কৰিছিল৷ হত্যা কৰিছিল শতাধিক লোকক৷...

সেই আক্ৰমণ চলোৱাৰ পূৰ্বে চৌদিশে দবা বজাই একত্ৰিত হৈছিল হাজাৰ হাজাৰ আক্ৰমণকাৰী৷ ‘দবাৰ শব্দ’ আছিল বিদেশী খেদিবলৈ যাঠি-জোং-দা-তৰোৱাল-ধেনুকাড় লৈ দলে-বলে অসমীয়া লোক ওলাই আহিবলৈ আহ্বান জনোৱাৰ সংকেত৷ যি সংকেত আছিল যেন গণনিধন যজ্ঞৰ আৰম্ভণিৰ বাৰ্তা !

...আক্ৰমণকাৰীসকল একত্ৰিত হৈছিল আৰু গাঁওবোৰ ঘেৰি ধৰি আক্ৰমণ কৰিছিল...নিৰ্যাতিত, নিপীড়িত মানুহবোৰে আজিকোপতি ন্যায় লাভ নকৰিলে...

সেই দিনটো আছিল ১৮ ফেব্ৰুৱাৰী, ১৯৮৩ চন৷ কামৰূপ জিলাৰ গোৰেশ্বৰ চহৰৰ নিকটৱৰ্তী আঠখন গাঁৱত আক্ৰমণ কৰিছিল উগ্ৰজাতীয়তাবাদী অসমীয়া লোকে৷ সেই গাঁওকেইখন আছিল হাজলপাৰা, বেতনা, চিলকীঝাৰ, ৫ নং গোৰেশ্বৰ, বালাহাটী, গোহাইগাঁও, জানপাৰা আৰু ২ নং গোৰেশ্বৰ৷ সম্পূৰ্ণৰূপে এই আঠখন গাঁও ধবংস হৈ গৈছিল৷ সেই ভয়াৱহ দিনটোৰ কথা মনত পেলাই হাজলপাৰা গাঁৱৰ পংকজ বিশ্বাস নামৰ ব্যক্তিজনে কৈছিল– বিদেশী বহিষ্কাৰ আন্দোলনে বা অসম আন্দোলন আছিল আমাৰ বাবে আতংকময়৷ বিশেষকৈ ১৮ ফেব্ৰুৱাৰীৰ দিনটোত আমি প্ৰায় আঠখন গাঁৱৰ ৰাইজে ১৬০ জন লোকক হেৰুৱাবলগীয়াত পৰিছিলো৷ সেই দিনটোৰ স্মৃতিয়ে আমাক আজি এনেদৰে ব্যথিত কৰে যে সেয়া মনত পৰিলেই মনোকষ্ট হয়৷ মন্দিৰৰ দবাৰ কোবৰ শব্দই প্ৰায়ে আমাক সেই আতংকময় দিনটোক মনত পেলাই দিয়ে৷ কাৰণ দবা কোবায়েই আক্ৰমণকাৰীসকল একত্ৰিত হৈছিল আৰু গাঁওবোৰ ঘেৰি ধৰি আক্ৰমণ কৰিছিল৷ প্ৰথমে হাজলপাৰা, চিলকিঝাৰ আৰু তাৰ পিচত আন গাঁওবোৰত আক্ৰমণ কৰিছিল৷ আচলতে ১৭ তাৰিখে অৰ্থাৎ আগদিনা ৰামপুৰ [গোহাঁইহাউলি] গাঁৱত নাগাৰা [দবা] বজাই আক্ৰমণকাৰীবোৰ একত্ৰিত হৈছিল৷ সেইদিনা ৰাতিয়েই বৰনদীৰ পূব পাৰৰ অৰ্থাৎ দৰং জিলাৰ জালুকবাৰী গাঁৱত জুই দিছিল৷ পিচদিনা পুৱাৰ পৰাই কামৰূপ জিলাৰ বাঙালী লোক বাস কৰা গাঁওবোৰত আক্ৰমণ কৰিছিল৷ আমি পলাইছিলো৷ আমাৰ গাঁৱৰে একাংশৰ মৃত্যু হৈছিল৷ ৩ নং হাজলপাৰা গাঁৱৰ সুকোমল বিশ্বাস নামৰ ব্যক্তিজনৰ পৰিয়ালৰ ১৪ জন লোকক হত্যা কৰিলে৷ সেইদৰে ধীৰেন দাস নামৰ ব্যক্তিজনৰ পিতৃ-মাতৃসহ ১২ জন লোকক হত্যা কৰিছিল৷’

সুকোমল বিশ্বাস নামৰ ব্যক্তিজনে জানিবলৈ দিলে যে তেওঁ পৰিয়ালৰ বসন্ত বিশ্বাস [৬৫], সুকেশ বিশ্বাস [৪৫], পৰিমল বিশ্বাস [৪০], কানন বিশ্বাস [২০], ভুৱন বিশ্বাস [১২], বিজয় বিশ্বাস [ৰৰ], অনিমা বিশ্বাস [১৫], সন্ধ্যাৰাণী বিশ্বাস [১৪], সুষমা বিশ্বাস [১৫], বিমল বিশ্বাস [৩৪]ক হত্যা কৰিছিল৷

সুকোমল বিশ্বাসে ক’লে, 'এতিয়া সেইবোৰ কথা কোনোবাই মনত পেলাই দিলে আমি অতিকে দুখিত অনুভৱ কৰো৷ সেইদিনা মোৰ ওপৰতো আক্ৰমণ হৈছিল৷ মৃত্যু হোৱা বুলি আক্ৰমণকাৰীসকলে পেলাই থৈ গ’ল৷ কিন্তু পিচত জ্ঞান ঘূৰি অহাত বাচি গ’লো৷ আজিে মই শৰীৰ আৰু মনত সেই সংঘাতৰ ক্ষতচিহ্ন লৈ জীয়াই আছো৷'...কথাখিনি কৈ সুকোমল বিশ্বাস নামৰ মানুহজনে শোকাবিহ্বল হৈ মৌনতা অৱলম্বন কৰিছিল৷ বিদেশী বিতাড়ন আন্দোলনৰ এগৰাকী ভুক্তভোগী গোৰেশ্বৰৰ ধীৰেন দাসে ক’লে– ‘মোৰ পিতৃ সুৰেন্দ্ৰ দাস, মাতৃ শান্তি দাসকে ধৰি ৯ জন আত্মীয় লোকক হত্যা কৰিছে আন্দোলনকাৰীয়ে৷ আমি অসমীয়া ভাষাৰ শত্ৰু নে অসমীয়া জাতিৰ শত্ৰু আজিও বুজি নাপালো৷ ১৯৬০ চনৰ ভাষা আন্দোলনতো আমি আক্ৰান্ত হৈছিলো৷ সেয়া যিয়েই নহওঁক আমি নিৰ্যাতিত, নিপীড়িত মানুহবোৰে আজিকোপতি ন্যায় লাভ নকৰিলো৷ একোজন মৃত ব্যক্তিৰ বিপৰীতে পাঁচ হাজাৰ টকা, আহত ব্যক্তিৰ বাবে দুহেজাৰ টকাৰ একাকালীন সাহায্য দিছিল চৰকাৰে৷ এয়া কি প্ৰকৃত ক্ষতিপূৰণ? দোষীয়ে আজিও শাস্তি নাপালে৷...’

...ভাষিক সংখ্যালঘু  কেইবাশ লোকৰ মৃত্যু হৈছিল আৰু হাজাৰ হাজাৰ মানুহ গৃহহাৰা হৈছিল...আশ্ৰয় শিবিৰত থাকি পুনৰ গাঁৱলৈ ঘূৰি আহিছিল৷ ঘূৰি আহি দেখিছিল ঘৰ-ভেটিত কেৱল ছাই আৰু ছাই৷...

অঞ্চলটোত ক্ষেত্ৰ অধ্যয়ণ চলাই জানিব পৰা গৈছিল যে সেই বাঙালী সম্প্ৰদায়ৰ গাঁওবোৰত আন্দোলনকাৰী,আক্ৰমণকাৰীয়ে কেৱল মানুহ হত্যা কৰিয়েই ক্ষান্ত থকা নাছিল৷ এচামে সেই গাঁওবোৰৰ পৰা সা-সম্পদো লুট কৰিছিল৷ উল্লেখ্য যে বিদেশীৰ নামত গোৰেশ্বৰ অঞ্চলৰ বাঙালী সম্প্ৰদায়ৰ লোকে বাস কৰা গাঁওসমূহত আৰু দৰং জিলাৰ খৈৰাবাৰী অঞ্চলৰ বিভিন্ন ভাষিক সংখ্যালঘু বসতিপূৰ্ণ গাঁৱত চলোৱা আক্ৰমণৰ ফলত কেইবাশ লোকৰ মৃত্যু হৈছিল আৰু হাজাৰ হাজাৰ মানুহ গৃহহাৰা হৈছিল৷ গোৰেশ্বৰ ৰে’লৱে ষ্টেচনত প্ৰায় ১৫ হেজাৰ মানুহে আশ্ৰয় লৈ অনাহাৰে, অনিদ্ৰাৰে দিন কটাইছিল৷ আনকি অঞ্চলটোৰ বহু হাজাৰ লোকে পিচত পশ্চিমবংগলৈ আশ্ৰয় বিচাৰি গৈছিল৷ প্ৰায় ২৫ দিন সেই ভুক্তভোগী লোকসকলে আশ্ৰয় শিবিৰত থাকি পুনৰ গাঁৱলৈ ঘূৰি আহিছিল৷ ঘূৰি আহি দেখিছিল ঘৰ-ভেটিত কেৱল ছাই আৰু ছাই৷...

‘আন্দোলনৰ নেতৃতই বিদেশী বহিষ্কাৰৰ নামত যি কলংকিত ইতিহাস ৰচনা কৰিলে তাৰ জীৱন্ত সাক্ষ্য হাজলপাৰা, বেতনা, ছিলকীঝাৰ, গোৰেশ্বৰ আৰু দৰং জিলাৰ খৈৰাবাৰী অঞ্চলৰ ভুক্তভোগী বাঙালী সম্প্ৰদায়ৰ জনতা ৷ যিসকলে আজি অপেক্ষা কৰি আছে ন্যায়প্ৰাপ্তিৰ বাবে৷ উগ্ৰজাতীয়তাবাদৰ চিকাৰ হোৱা, ফেচিবাদৰ বলি হোৱা বা সংঘাতৰ বলি হোৱা অসমৰ এই লোকসকলক ন্যায় প্ৰদান কৰাত বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষৰ প্ৰশাসনযন্ত্ৰই ব্যৰ্থ হৈছে৷ ইয়াৰ বিপৰীতে দেশৰ অন্যপ্ৰান্তত গোষ্ঠী বিদ্বেষ, সাম্প্ৰদায়িক সংঘাতৰ বলি হোৱা লোকসকলক কিছু পৰিমাণে ক্ষতিপূৰণ দিছে৷ উদাহৰণস্বৰূপে ১৯৮৪ চনৰ ‘শিখ গণনিধন’ কাণ্ডৰ ক্ষতিগ্ৰস্তসকলক চৰকাৰে কেইবালক্ষ টকা ক্ষতিপূৰণ দিছে৷ ২০০২ চনৰ গুজৰাটত সংঘটিত সাম্প্ৰদায়িক সংঘাত সৃষ্টিকাৰী এচাম আদালতে দোষী সাব্যস্ত কৰিছে৷  অসমত ১৯৮৩ চনৰ সংঘাতত হাজাৰ হাজাৰ জনতাই প্ৰাণ হেৰুৱাৰ পিচতো সেই গণ সংহাৰ কাণ্ডবোৰৰ বিচাৰ নহ’ল৷ বৰং যিবোৰ গোচৰ ৰুজু হৈছিল সেই গোচৰসমূহ অসম চৰকাৰে বন্ধ কৰি দিলে৷ হত্যাকাৰীক চৰকাৰী পৃষ্ঠপোষকতাত মুক্ত কৰি দি সমগ্ৰ ন্যায় ব্যৱস্থাটোকে কুলষিত কৰিলে৷।

[ অনুসন্ধানমূলক-স্বতন্ত্ৰ-মুক্ত সাংবাদিকতাৰ যাত্ৰা অব্যাহত ৰাখিবলৈ versatilestory.com-ক প্ৰয়োজন আপোনাৰ সহযোগিতা, পৰামৰ্শ আৰু আৰ্থিক সহায়ৰ। আমাৰ যাত্ৰাক আৰ্থিকভাৱে সহায় কৰিবলৈ মবাইল নম্বৰ ৮৬৩৮৬৯৮৪৫০-ত যোগাযোগ কৰক। আপুনি যি কোনো পৰিমানৰ আৰ্থিক বৰঙণি আগবঢ়াব পাৰে। ]

No comments