Page Nav

HIDE

Grid

GRID_STYLE

১৪ ফেব্ৰুৱাৰী, '৮৩ : শীৰ্ণ জীয়াধলৰ বুকুৱেদি বাঙালীৰ তেজৰ সোঁত..

বিষ্ণুপূৰ-শান্তিপূৰত জীৱন্তে অগ্নিদগ্ধ হৈছিল বহুজন বাঙালী  ....জীয়াধলৰ পাৰৰ হাবিত বাঙালী মানুহ লুকাই থকাৰ কথা কেনেবাকে জানিব পাৰিলে আৰু আকৌ ...

ধেমাজিৰ ভুক্তভোগী বাঙালী সম্প্ৰদায়ৰ লোক..

বিষ্ণুপূৰ-শান্তিপূৰত জীৱন্তে অগ্নিদগ্ধ হৈছিল বহুজন বাঙালী

 ....জীয়াধলৰ পাৰৰ হাবিত বাঙালী মানুহ লুকাই থকাৰ কথা কেনেবাকে জানিব পাৰিলে আৰু আকৌ নৃশংসতাৰে সেই হাবিৰ চৌদিশে জুই দিলে.....হাবিৰ মাজতেই একাংশ লোক জীৱন্তে অগ্নিদগ্ধ হ’ল...

দিগন্ত শৰ্মাঃ

জীয়াধল নামৰ নৈখনৰ পাৰত গঢ়ি উঠা এখন চহৰৰ নাম ধেমাজি৷ অৰুণাচলৰ পৰা নামি অহা জীয়াধল- অসমৰ ধেমাজিবাসীৰ বাবে আয়ুস ৰেখা৷ জীয়াধলে নিৰ্ণয় কৰে সেই উপত্যকাৰ জনতাৰ ঠিকনা আৰু জীৱন পৰিক্ৰমা৷ জীয়াধলে কোনোবাখন গাঁৱত যদি সংহাৰলীলা চলায়, কোনোবাখনত আকৌ সভ্যতাৰ ন-ৰূপ দিয়ে৷ জীয়াধল নৈখন সেইবাবেই হয়তো ধেমাজাবাসীৰ বাবে সুহৃদ বন্ধু আৰু বিষাদৰো আধাৰ৷ বৰ্ষাকালৰ জীয়াধল-ধেমাজীবাসীৰ শত্ৰু, শীত কালৰ শীৰ্ণ জীয়াধল সেই বৃহৎ সেউজ ভূমিৰ জনগণৰ বাবে পৰম বন্ধু৷...

পিছে সুখ-দুখৰ সুঁতিস্বৰূপ সেই জীয়াধলৰ পাৰত ১৯৮৩ চনৰ ফেব্ৰুৱাৰী মাহত সংঘটিত হৈছিল এনে এক নৃংশস কাণ্ড– যি ঘটনা দেখি হয়তো শীৰ্ণ জীয়াধলৰ বুকু কঁপি উঠিছিল৷ কি ঘটিছিল জীয়াধলৰ পাৰত ?...

জীয়াধল নৈৰ পাৰত অৱস্থিত বৃহত্তৰ বিষ্ণুপুৰ, শান্তিপুৰ এলেকাত বাস কৰা বাঙালী সম্প্ৰদায়ৰ লোকৰ ওপৰত ১৯৮৩ চনৰ ১৪ ফেব্ৰুৱাৰীত চলিছিল নৃশংস আক্ৰমণ৷ অসমীয়াভাষী লোকে সংঘটিত কৰিছিল সেই আক্ৰমণ৷ বাংলাভাষী মানেই যেন বিদেশী বা বাংলাদেশী এনে মনোভাৱ সেই সময়ত গা কৰি উঠিছিল৷

বিদেশী বহিষ্কাৰ আন্দোলনৰ এক ৰক্তাক্ত অধ্যায় আছিল ফেব্ৰুৱাৰী,১৯৮৩। ‘আছু’, ‘সদৌ অসম গণ সংগ্ৰাম পৰিষদ’ আদি সংগঠনৰ নেতৃত্ব চলা বিদেশী বহিষ্কাৰ আন্দোলনে অবিভিক্ত লখিমপুৰ জিলাত এনে পৰ্যায়লৈ উন্নীত হৈছিল যে 'ফেব্ৰুৱাৰী,১৯৮৩' -ত সেয়া আন্দোলন নাছিল৷ সেয়া আছিল বাংলাভাষী লোকৰ ওপৰত অসমীয়াভাষী তথা খিলঞ্জীয়া লোকে চলোৱা পৰিকল্পিত আক্ৰমণ৷ ধেমাজী চহৰৰ উত্তৰ দিশে অৱস্থিত বিষ্ণুপুৰ, শান্তিপুৰ আদি অঞ্চলত হাজাৰ হাজাৰ অসমীয়া লোকে নিৰ্মম আক্ৰমণ চলাইছিল৷ বহু গাঁৱত অগ্নিসংযোগ কৰিছিল, হত্যা কৰিছিল ৪০ জনতকৈয়ো অধিক লোকক৷

৪ নং বিষ্ণুপুৰ গাঁৱৰ ভুক্তভোগী মহিলা বকুলী দেৱনাথে সেই দুঃসহ দিনৰ কথা বৰ্ণনা কৰিছিল এইদৰে, ‘ৰাতিপুৱাপ্ৰায় ন মান বজাত টেকজুৰি অঞ্চলৰ পৰা আহি বহু মানুহে আমাৰ গাঁৱত জুই দিছে৷ মানুহ মাৰিছে৷ কণ কণ ল’ৰা-ছোৱালী লৈ আমি পলাইছো৷ উত্তৰ দিশে থকা অৰুণাচল সীমান্তৰ পাহাৰত আশ্ৰয় লৈছো৷ মোৰ সন্মুখতে দীনেশ দেৱনাথ নামৰ মানুহজনক ঘঁপিয়াই মাৰিছে৷ পাহাৰত আশ্ৰয় লৈ থাকোতেও মানুহ মাৰিছে৷ ঘৰ-বাৰী সকলোবোৰ পুৰিছিল৷ পিচত আহি আকৌ বান্ধিছো৷ একে কথাই ক’লে ২ নং বিষ্ণুপুৰ গাঁৱৰ মুক্তা ৰয় নামৰ ব্যক্তিগৰাকীয়ে৷ তেওঁ আৰু ক’লে, ‘পাহাৰত আশ্ৰয় লৈ থাকোতে অৰুণাচলৰ আদি জনগোষ্ঠীৰ মানুহে আমাক সহায় কৰিছে৷ ভাত দিছে, পানী দিছে, থাকিবলৈ ঠাই দিছে৷ বহু পিচতহে অসম চৰকাৰৰ পুলিচ আহি শিবিৰ পাতিছে৷’

সেই দিনা জীয়াধলৰ পাৰৰ হাবিত বাঙালী মানুহ লুকাই থকাৰ কথা কেনেবাকে জানিব পাৰিলে৷ আৰু আকৌ নৃশংসতাৰে সেই হাবিৰ চৌদিশে জুই দিলে৷ হাবিৰ মাজতেই একাংশ লোক জীৱন্তে অগ্নিদগ্ধ হ’ল৷ একাংশ লোকে প্ৰাণ বচাবলৈ জায়ীধলৰ বুকুত জপিয়ালে৷ 

সেইদৰে হৰেন্দ্ৰ বিশ্বাস নামৰ ৫ নং টেকজুৰি বিষ্ণুপুৰ গাঁৱৰ মুখিয়াল ব্যক্তিজনে ক’লে– ‘ইয়াত ৪০ জন মানুহক হত্যা কৰিছে৷ আক্ৰমণ কৰিবলৈ আহোতে আমাৰ গাঁৱৰ মানুহবোৰ জীয়াধল নদীৰ পাৰৰ হাবিয়নিৰ মাজত লুকাই প্ৰাণ বচোৱাৰ চেষ্টা কৰিছিল৷ আচলতে ১৩ ফেব্ৰুৱাৰীৰ দিনাই প্ৰথম উত্তেজনাৰ সৃষ্টি হৈছিল৷ টেকজুৰি, পাঁচআলি আদিত মাৰপিট হৈছিল৷ ১৩ ফেব্ৰুৱাৰীৰ দিনা আক্ৰমণ কৰিবলৈ অহা অসমীয়া লোকক বিষ্ণুপুৰ অঞ্চলৰ বাঙালী সম্প্ৰদায়ৰ এচামে বাধা প্ৰদান কৰিছিল৷ পিচদিনা অৰ্থাৎ ১৪ তাৰিখৰ দিনা গোটেই অঞ্চলটোতে ইমান বৃহৎ আক্ৰমণ হ’ল যে হাজাৰ হাজাৰ মানুহে অঞ্চলটো ঘেৰি ধৰিলে৷ সকলোৰে হাতত দা-জোং-যাঠি-জুইশিখা৷ এচামৰ হাতত হাতে সজা বন্দুক আছিল৷ পিচে সেই দিনা জীয়াধলৰ পাৰৰ হাবিত বাঙালী মানুহ লুকাই থকাৰ কথা কেনেবাকে জানিব পাৰিলে৷ আৰু আকৌ নৃশংসতাৰে সেই হাবিৰ চৌদিশে জুই দিলে৷ হাবিৰ মাজতেই একাংশ লোক জীৱন্তে অগ্নিদগ্ধ হ’ল৷ একাংশ লোকে প্ৰাণ বচাবলৈ জায়ীধলৰ বুকুত জপিয়ালে৷ পিচত জীয়াধলৰ দাঁতিত বহুতৰে মৃতদেহৰ অৱশিষ্ট উদ্ধাৰ হৈছে৷ আনহাতে এচামক ১৫ ফেব্ৰুৱাৰীতো হত্যা কৰিছে৷'

হৰেন্দ্ৰ বিশ্বাসে বিষ্ণুপুৰৰ বাসগৃহত ঘটনাৰ বৰ্ণনা কৰি থাকোতে কাষতে বহি আছিল এগৰাকী মহিলা৷ তেওঁ ক’লে– ‘মোৰ নাম কামনা মণ্ডল৷ মোৰ পৰিয়ালৰ ৮ জনকৈ লোকক হত্যা কৰিছে সেইদিনা৷’ হৰেন্দ্ৰ বিশ্বাসে জানিবলৈ দিলে যে ৫ নং বিষ্ণুপুৰ গাঁৱৰ কণকাবালা সৰকাৰ [৬০], ৰেণুবালা বিশ্বাস [৪৫] আৰু ৰেণুৰ দুই কন্যা, বিচু বিশ্বাস [১২], শল্কী বিশ্বাস [১১], লক্ষীবালা মণ্ডল [৮০], ক্ষেপী বিশ্বাস [৪]ৰ মৃত্যু হৈছে৷ ইয়াৰোপৰি বিষ্ণুপুৰ অঞ্চলৰ দীনেশ দেৱনাথ [৫৫], কাশী ৰয় [৭০], যাদৱ ৰয় [৬০], যদু ৰয় [৫৪], পৰেশ ঘোষ [৪০], ৰমা ৰয় [২৫], ৰমেশ ৰয় [৬৫], ধীৰেন বিশ্বাস [৩০]ক হত্যা কৰিছে৷

আনহাতে ক্ষতিগ্ৰস্ত গাঁওসমূহ আছিল– ১নং বিষ্ণুপুৰ, ২নং বিষ্ণুপুৰ, ৩নং বিষ্ণুপুৰ, ৪নং বিষ্ণুপুৰ, ৫নং বিষ্ণুপুৰ, ধৰনী বস্তি, মাজৰ বস্তি, ৰথ বস্তি, দেউলদি বস্তি, দুলিয়া বস্তি, মিলনগাঁও, শিলালি গাঁও, শান্তিপুৰ, আৰ্যবস্তি, দাস বস্তি আদি৷পিচে জীয়াধলৰ দাঁতি হাবিয়নিত জীৱন্তে জ্বলাই দিয়া বা অঞ্চলটোত অসমীয়া লোকে বিদেশী খেদাৰ নামত যিমান লোকক হত্যা কৰিলে সেই ভুক্তভোগী পৰিয়ালে আজিও ন্যায় লাভ নকৰিলে৷উল্লেখ কৰা ভাল যে বিষ্ণুপুৰ-শান্তিপুৰৰ এই আক্ৰমণৰ আঁৰত আছিল ভূমিবিবাদ সম্পৰ্কীয় কিছু ঘটনা৷ কাৰণ অঞ্চলটোত বাস কৰা বাংলাভাষী বহুতেই আছিল ভিন্ন প্ৰান্তৰ পৰা প্ৰব্ৰজন কৰি অহা লোক৷ আৰু প্ৰব্ৰজন কৰি আহি অঞ্চলটোত বসতি স্থাপন কৰাৰ পিচতে একাংশ অসমীয়াভাষী লোকৰ মতে বাংলাভাষী লোকৰ ভূমিকেন্দ্ৰিক বিবাদ হৈছিল৷ অসম আন্দোলনে বিদেশী বহিষ্কাৰৰ নামত যেতিয়া ফেচিবাদী ৰূপ লাভ কৰিলে তেতিয়া ‘ভূমি বিবাদ ৰূপান্তৰ ঘটিছিল হিংস্ৰ পৰ্যায়লৈ৷ সেয়া যিয়েই নহওক চিলাপথাৰৰ আৰ্নেচাপৰি, চিমেন চাপৰিৰ নৃশংস গণ সংহাৰৰ ঘটনাৰ পূৰ্বে বিষ্ণুপুৰ-শান্তিপুৰত সংঘটিত ঘটনা আছিল তাৎপৰ্যপূৰ্ণ৷খেদৰ কথা এই ঘটনা ৰোধ কৰিবলৈ প্ৰশাসন যন্ত্ৰ ব্যৰ্থ হৈছিল৷ পৰিণতিত অজস্ৰ নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল৷ জীয়াধলৰ পাৰত অপমৃত্যু ঘটিছিল মানৱতাৰ৷  

[ অনুসন্ধানমূলক-স্বতন্ত্ৰ-মুক্ত সাংবাদিকতাৰ যাত্ৰা অব্যাহত ৰাখিবলৈ versatilestory.com-ক প্ৰয়োজন আপোনাৰ সহযোগিতা, পৰামৰ্শ আৰু আৰ্থিক সহায়ৰ। আমাৰ যাত্ৰাক আৰ্থিকভাৱে সহায় কৰিবলৈ মবাইল নম্বৰ ৮৬৩৮৬৯৮৪৫০-ত যোগাযোগ কৰক। আপুনি যি কোনো পৰিমানৰ আৰ্থিক বৰঙণি আগবঢ়াব পাৰে। ]

No comments