মিছিলাৰ ছিন্ন ভৰি, পক্ষৰ উকা কঁপাল– অসমীয়া অস্তিত্ব ৰক্ষকে সমাজক দিয়া ‘নিৰ্মম উপহাৰ’ ...মানুহবোৰে আমাক আগুৰি ধৰিলে... সিহঁতৰ কোনোবাই মোক দীঘ...
...মানুহবোৰে আমাক আগুৰি ধৰিলে... সিহঁতৰ কোনোবাই মোক দীঘল ডেগাৰ এখনেৰে ঘাপ মাৰিলে..আৰু ভৰি এখন দুটুকুৰা হৈ গ’ল....
দিগন্ত শৰ্মাঃ
[১৯৮৩ চন: অগ্নিগৰ্ভা হৈ পৰে অসম। কংগ্ৰেছ চৰকাৰৰ নিৰ্মম দমন-উৎপীড়ণ-গুলিচালনাত ৰক্তাক্ত হৈ উঠে ফেব্ৰুৱাৰী। অসমত পুলিচী অত্যাচাৰ তীব্ৰতৰ হৈ উঠে। আত্মগোপন কৰে বহু আন্দোলনকাৰীয়ে। আন্দোলনকাৰী জনতাই আইন হাতত তুলি লয়।এনে সময়তে অসমত জনগণৰ মাজত বিভাজন হয়। নিৰ্বাচন বিৰোধী আৰু নিৰ্বাচনৰ সমৰ্থক শ্ৰেণী। নিৰ্বাচনৰ সমৰ্থক সকল অসমীয়াৰ শত্ৰু হিচাপে চিহ্নিত হয়। আৰম্ভ হয় সাম্প্ৰদায়িক-ভাষিক আৰু গোষ্ঠী বিদ্বেষ। আন্দোলনৰ সমৰ্থক হাজাৰ হাজাৰ লোকে 'বিদেশী’ লোকক খেদি পঠিওৱাৰ বা বিতাড়ন কৰাৰ পদক্ষেপ লয়৷ একে সময়তে প্ৰশাসনযন্ত্ৰ অচল কৰি দিবলৈয়ো আছু, গণ সংগ্ৰাম পৰিষদ নেতৃত্বাধীন আন্দোলনকাৰী পক্ষই বহু গোপন বেআইনী কাৰ্যকলাপ আৰম্ভ কৰে৷ সমগ্ৰ অসম পৰিণত হয় জলন্ত অগ্নিকুণ্ডত৷ জাতীয় সংগঠনৰ বিৰোধিতাক অৱজ্ঞা কৰি ইন্দিৰা গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰো চলায়৷ বিপৰীতে বিজেপি নেতা অটল বিহাৰী বাজপেয়ীয়ে নিৰ্বাচন বিৰোধীতাৰে অসমত সভাত ভাষণ দিয়ে। ইফালে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ একাংশই এই নিৰ্বাচনক অবৈধ নিৰ্বাচন আখ্যা দিয়ে৷ আন্দোলনকাৰীয়ে নিৰ্বাচন বৰ্জনৰ আহ্বান দিয়ে৷ এই আহ্বানলৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ গৰিষ্ঠসংখ্যকে সহাৰি জনায়৷ বিপৰীতে কংগ্ৰেছ-বাওঁপন্থী দল আৰু পি-টি-চি-এ নিৰ্বাচনত অংশ লয়। আৰক্ষী থানা ঘেৰাও, ৰাস্তা-ঘাট বন্ধ, দলং জ্বলোৱা আদি আৰম্ভ হয়৷ কেইবাজনো ছাত্ৰ নেতাৰ মৃত্যু হয় পুলিচৰ গুলীচালনাত৷ অসমত অসমীয়াৰ অস্তিত্ব ৰাখিবলৈ বিদেশীমুক্ত কৰিব লাগিব৷ তাৰবাবে বিদেশীক খেদিব লাগিব৷ চৌদিশে ৰজনজনাই উঠে: সেই উত্তেজক ধবনি– ‘আহ ঐ আহ, ওলাই আহ! খেদ ঐ খেদ, বিদেশীক খেদ...’ ক’ত থকা বিদেশীক খেদিব? আন্দোলনকাৰীৰ কিছুমান নেতাই বিভিন্ন জিলাৰ চৰ-চাপৰি, বনাঞ্চল, গ্ৰেজিং এলেকা, পতিত ভূমি, চৰকাৰী মাটিত বাস কৰা লোকক বিদেশী বুলি চিনাক্ত কৰি সেই এলেকাসমূহত আক্ৰমণ কৰে৷ মঙলদৈৰ চাউলখোৱা চাপৰি, নগাঁও [বৰ্তমানৰ মৰিগাঁও] জিলাৰ নেলী অঞ্চল, মৈৰাবাৰী, কামপুৰ, চামগুৰি, কামৰূপ জিলাৰ গোৰেশ্বৰ, চমৰীয়া, দৰং জিলাৰ খৈৰাবাৰী-কলাইগাঁও-ধূলা আদিত সংঘটিত হয় গণহত্যা৷ অসমীয়াভাষী আৰু জনজাতীয় লোকৰ মাজত সংঘটিত হয় সংঘৰ্ষ। গহপূৰত সংঘটিত হয় গণনিধন কাণ্ড। ইয়াৰ মাজতেই নিৰ্বাচন হৈ যায়। ১৯৮৩ চনৰ গোটেই ফেব্ৰুৱাৰী মাহটোতে অসমত বুকুৱেদি বৈ যায় তেজৰ নৈ।কংগ্ৰেছী শাসকে জাপি দিয়া নিৰ্বাচন আৰু আন্দোলনৰ সমৰ্থকে আইন হাতত তুলি লোৱাৰ পৰিনতিত মুক্ত আকাশৰ তলত বন্যপ্ৰাণীয়ে সোৱাদ লয় মানুহৰ তেজ-মঙহৰ। বিশ্বত মানৱতাৰ বধ্যভূমি ৰূপে চিহ্নিত হয় অসম। সেইদৰে বৰ্তমানৰ ধেমাজি জিলাৰ অন্তৰ্গত [তেতিয়াৰ লখিমপুৰ জিলা] বিষ্ণুপুৰ, শান্তিপুৰত ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখৰ পৰা আৰু আৰ্নে-চাপৰি , চিমেন-চাপৰি আদিত বাস কৰা বাংলাভাষী হিন্দু মানুহৰ গাঁওসমূহত ফেব্ৰুৱাৰী মাহৰ ২0 আৰু ২১ তাৰিখত ধাৰাবাহিকভাৱে চলে ভয়াৱহ আক্ৰমণ, সংঘটিত হয় গণনিধন কাণ্ড৷অসমীয়াভাষী আৰু জনজাতীয় হাজাৰ হাজাৰ লোকে একত্ৰিত হৈ অতিকে নিৰ্মম আৰু জঘন্যভাৱে আক্ৰমণ কৰে চিলাপথাৰৰ নিকতৱৰ্তী আৰ্নে চাপৰিৰ বৃহত্তৰ এলেকাত– য’ত আজিও আছে হাজাৰ হাজাৰ নিপীড়িত-নিৰ্যাতিত ভুক্তভোগী জনসাধাৰণ৷ সেই নৃশংস, নাৰকীয় ঘটনাৰ ন্যায়প্ৰাপ্তি অপেক্ষাত আজিও দিন অতিবাহিত কৰিছে দুৰ্গম অৰ্নে চাপৰি এলেকাত৷ সেই নিৰীহ বাঙালী লোকসকল বিদেশী বহিষ্কাৰ আন্দোলনে সৃষ্টি কৰা সংঘাতৰ কিদৰে বলি হৈছিল, সেই সংঘাতৰ পূৰ্বৰ আৰু পিচৰ প্ৰব্ৰজন [Migration] বা স্থানান্তৰণ [Displacement] পৰিস্থিতি, সংঘাতৰ পৰৱৰ্তী পৰ্যায়ৰ ন্যায়াপ্ৰাপ্তিৰ ব্যৱস্থাই নিপীড়িতসকলক কিদৰে প্ৰভাৱিত কৰিলে, পৰৱৰ্তী দিনত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত নিৰ্যাতিতসকলৰ ভূমিকা কি আছিল...৷ অগ্নিগৰ্ভা ১৯৮৩ চনৰ ফেব্ৰুৱাৰী মাহত অসমত বাঙালীসকল কিদৰে নিৰ্যাতিত হৈছিল– ক্ষেত্ৰভিত্তিক অধ্যয়নেৰে যুগুত কৰা হৈছে এইলানি লেখা]
প্ৰতিবেদন-২
"সিহঁতৰ কোনোবাই মোক দীঘল ডেগাৰেৰে ঘাপ মাৰিলে আৰু মোৰ ভৰি এখন দুটুকুৰা হৈ গ’ল..."
‘সেইদিনা ৰাতিপুৱা ঘৰতে ইটো-সিটো কাম কৰি আছিলো৷ ল’ৰা-ছোৱালীকেইটাই চোতালতে আছিল৷ সিহঁতৰ দেউতাকে এবাৰ বাটলৈ যায়, এবাৰ ঘৰলৈ আহে৷ গাঁৱৰ ডাঙৰ মানুহবোৰে দুদিন আগতেই ধেমাজিৰ ফালে বহুত ডাঙৰ গণ্ডগুল হোৱা বুলি শুনিছিল৷ সেইদিনাও আমাৰ গাঁৱৰ উত্তৰ ফালে বহুত হাই-উৰুমি শুনিছিলো৷ কি হৈছে ক’ত– একো ধৰিব পৰা নাছিলো৷ কিন্তু হঠাতে ৰাতিপুৱা আমাৰ গাঁৱতো চিঞৰ-বাখৰ, হুলস্থূল, কান্দোন, মাৰ-ধৰ আৰম্ভ হৈ গ’ল৷ হাজাৰ হাজাৰ মানুহে আগুৰি ধৰিলে আমাৰ গাঁও৷ সিহঁতৰ হাতত দা, যাঠি, জোং, ধেনুকাড়, বন্দুক, লাঠি আৰু জুই শিখা৷... আমাৰ গাঁৱৰ মানুহবোৰে পলাবলৈ ধৰোতে যাকে যতে পাৰে ঘপিয়ালে-মাৰিলে৷ আক্ৰমণকাৰীৰ এচামে লাঠীৰে কোবালে, এচামে ধেনুকাড়, বন্দুক মাৰিলে৷ মই ঘৰৰ চোতালৰ পৰা ল’ৰা-ছোৱালী দুটাক হাতত ধৰি প্ৰাণ বচাবলৈ দৌৰ দিলো৷ মোৰ স্বামী আৰু আমাৰ ডাঙৰ ছোৱালী ৰীণায়ো দৌৰ দিলে৷ কিন্তু দৌৰি থাকোতেই সেই অস্ত্ৰ-শস্ত্ৰ লোৱা মানুহবোৰে আমাক আগুৰি ধৰিলে৷ সিহঁতৰ কোনোবাই মোক দীঘল ডেগাৰ এখনেৰে ঘাপ মাৰিলে৷ ঘাপটো মোৰ ভৰিত লাগিল আৰু ভৰি এখন দুটুকুৰা হৈ গ’ল৷ আঠুৰ তলৰ টুকুৰাটো দূৰলৈ চিটিকি গ’ল আৰু মই অজ্ঞান হৈ পৰিলো৷’ কথাখিনি কৈ মিছিলা নমসূদ্ৰ নামৰ তিনি কুৰি পাঁচবছৰীয়া মহিলাগৰাকী ৰৈ গ’ল৷ শৰীৰ আঁচলেৰে মহিলাগৰাকীয়ে দুগালেৰে বৈ অহা চকুপানী মছিলে৷ কিছুসময় তেওঁ তলমূৰ কৰি ৰৈ থাকিল৷ মহিলাগৰাকীয়ে এখন পীৰাত বহি কথাবোৰ কৈ আছিল৷ তেওঁ এইবাৰ হাত দুখনেৰে শাৰীখন কোচাই বাও ভৰিখন দাঙি দেখুওৱালে– ‘এইখন চাওঁক...৷’
মিছিলা নমসূদ্ৰ -------------------- |
আমাৰ একমাত্ৰ ল’ৰা ১২ বছৰীয়া বিজয়ক আৰু ছোৱালী ছবছৰীয়া শ্ৰীমতীক সেই ঘাতক বাহিনীয়ে কাটি মাৰি পেলাইছে৷ মই য’ত পৰি আছিলো সেই ঠাইৰ ওচৰতেই হেনো বিজয় আৰু শ্ৰীমতীৰ মৃতদেহ পৰি আছিল৷ তেতিয়া মই স্বামীক সুধিছিলো– ডাঙৰ ছোৱালী ৰীণা ক’ত? স্বামীয়ে কৈছিল– ৰীণাৰ [১৬] হাতত দাৰ ঘাপ পৰিছে, পিঠিত এডাল কাড়ে বিন্ধিছে....
‘তাৰ পিছত মই সেই ঠাইতে পৰি থাকিলো৷ স্বামীয়ে পিছত গাঁৱৰ আন মানুহৰ সৈতে ধৰি দাঙি আনিলে৷ যেতিয়া জ্ঞান ঘূৰি আহিল তেতিয়া মোৰ ভৰিৰ অৱশিষ্টখিনিত কাপোৰেৰে বান্ধি থোৱা আছিল৷ এক অসহনীয় যন্ত্ৰণাত মই চটফটাবলৈ ধৰিলো৷ তাৰ মাজতে মই মোৰ স্বামীক শুধিলো– ল’ৰা-ছোৱালীকেইটাৰ কথা৷ তেতিয়া মোৰ স্বামীয়ে হুকহুকাই কান্দিবলৈ ধৰিলে আৰু ক’লে– আমাৰ একমাত্ৰ ল’ৰা ১২ বছৰীয়া বিজয়ক আৰু ছোৱালী ছবছৰীয়া শ্ৰীমতীক সেই ঘাতক বাহিনীয়ে কাটি মাৰি পেলাইছে৷ মই য’ত পৰি আছিলো সেই ঠাইৰ ওচৰতেই হেনো বিজয় আৰু শ্ৰীমতীৰ মৃতদেহ পৰি আছিল৷ তেতিয়া মই স্বামীক সুধিছিলো– ডাঙৰ ছোৱালী ৰীণা ক’ত? স্বামীয়ে কৈছিল– ৰীণাৰ [১৬] হাতত দাৰ ঘাপ পৰিছে, পিঠিত এডাল কাড়ে বিন্ধিছে৷ তাই মাটিত পৰি থকাত হয়তো মৰা বুলি আক্ৰমণকাৰীয়ে এৰি থৈ গ’ল৷ স্বামীৰ এই কথাই মোৰ ভৰি কটাৰ দুখ-যন্ত্ৰণাতকৈ দুগুণে বঢ়াই দিলে পুত্ৰ-কন্যাৰ মৃত্যুৰ দুখ-যন্ত্ৰণাই৷ য়িাৰ পিছত মোক ভৈৰৱপুৰ আশ্ৰয় শিবিৰলৈ স্বামীয়ে লৈ আহিল৷...’
‘শিবিৰত কিমান দিন থাকিল?’
‘সঠিক মনত নাই৷ কিন্তু মনত আছে– মোৰ এই ভৰিখন আৰু দুই সন্তানক কাঢ়ি নিয়া অসমীয়া লোকৰ সেই আক্ৰমণটো ১৯৮৩ চনৰ ফেব্ৰুৱাৰী মাহত মানে ফাগুন মাহৰ প্ৰথম সপ্তাহত ঘটিছিল৷ সেই দিনটোৰ পিছত মই মোৰ স্বামী নোহোৱাকৈ লৰচৰ কৰিবই নোৱাৰা হ’লো৷ ইফালে আমাৰ ঘৰ-বাৰীও সকলো পুৰি পেলাইছিল আক্ৰমণকাৰীয়ে৷ আশ্ৰয় শিবিৰৰ পৰা পিছত লখিমপুৰ হাস্পতাল আৰু ডিব্ৰুগড় হাস্পতালত প্ৰায় ছমাহ মান থাকি চিকিৎসা কৰালো৷ পিছত গাঁৱলৈ ঘূৰি আহিলো যদিও এবছৰ পিছত ১৯৮৪ চনত এদিন হঠাতে মোৰ স্বামী [নৰেশ নমসূদ্ৰ]ৰ মৃত্যু হ’ল৷ আৰু ঘৰখনত সেই সংঘাতে পংগু কৰা মই আৰু মোৰ কন্যা ৰীণা থাকিলোগৈ৷ ৰীণাৰ আহত হাত, মোৰ এখন ভৰি নাই৷ উঃ কি যন্ত্ৰণা...৷’
মিছিলা নমসূদ্ৰই ছিন্ন ভৰিখনলৈ চাই উচুপি থাকিল৷ মিছিলাৰ বয়সে এতিয়া তিনি কুৰি বছৰ অতিক্ৰম কৰিছে৷ ৩৮ বছৰ পূৰ্বে বিদেশী বিতাড়নৰ নামত অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ নামলৈ হাতে কামে বিদেশী খেদিবলৈ গৈ বাংলাভাষী একাংশ লোকৰ ওপৰত যি হিংস্ৰ আক্ৰমণ সংঘটিত কৰিছিল তাৰেই সাক্ষী হিচাপে আজিও ধেমাজি জিলাৰ চিলাপথাৰ থানাৰ অন্তৰ্গত আৰ্নে ৰামনগৰ গাঁৱত আছে মিছিলা নমসূদ্ৰ৷ স্বামীৰ মৃত্যুৰ পিছত সম্পূৰ্ণৰূপে অসহায় হৈ পৰে মিছিলা৷ কিন্তু আন্দোলনকাৰীয়ে ঘপিয়াই আহত কৰা কন্যা ৰীণাক স্থানীয় এজন যুৱকে বিয়া কৰায় আৰু মিছিলাৰ দৈনন্দিন জীৱনৰ চালিকা শক্তি হৈ পৰে জোঁৱায়েক৷ দুডাল পেং কাষত লৈ এখন ভৰিৰে কোনোমতে চলা-ফুৰা কৰে মিছিলা৷ প্ৰতিমুহূৰ্ততে ছিন্ন ভৰিখনে মিছিলাক সোৱৰাই থাকে অসমীয়া জাতিয়ে সংঘটিত কৰা সেই নৃশংসতা, বৰ্বৰতাৰ কথা৷ কেৱল মিছিলা নামৰ মহিলাগৰাকীৰ ক্ষেত্ৰতেই নহয়, বৃহত্তৰ আৰ্নে চাপৰি অঞ্চলত মিছিলা নমসূদ্ৰৰ সেই ছিন্ন ভৰিখন এতিয়া অসমীয়া উগ্ৰজাতীয়তাবাদৰ নিৰ্মম, ঘৃণনীয় তথা নাৰকীয় অধ্যায়ৰ জলন্ত সাক্ষ্য৷ সেইগৰাকী মিছিলাই যেতিয়া পেং দুডালৰ আশ্ৰয়ত ঘৰৰ পৰা ওলাই ইফাল-সিফাল কৰে, তেতিয়াই যেন গাঁওবাসীৰ [সেই সময়ৰ ভুক্তভোগী] চকুত ভাহি আহে নৃশংস আক্ৰমণৰ ছবি৷...
"মোৰ শিৰৰ সেন্দুৰ হেৰুৱালো– বিয়াৰ মাত্ৰ সাত দিন পিছতে..."
আৰ্নে ৰামনগৰ গাঁৱত আৱেগ বিহ৩লভাৱে মিছিলাই অসমীয়াভাষী স্থানীয় জনজাতীয় লোকৰ সেই বৰ্বৰ আক্ৰমণৰ কথা বৰ্ণনা কৰি থকাৰ সময়তে মিছিলাৰ কাষতে বহি আছিল আন এগৰাকী মহিলা৷ মিছিলাৰ কথা শেষ হ’বলৈ ধৰোতে বহি থকা সেই মহিলাগৰাকীয়ে কৈছিল– ‘সেই আক্ৰমণৰ দিনটোত মোৰ বিয়া হোৱাৰ সাত দিন হৈছিল৷ আগৰ দেওবাৰত মোৰ বিয়া আছিল৷ পিছৰ দেওবাৰত আমি আক্ৰান্ত হৈছিলো৷ মোক আৰ্নে ৰামনগৰত বিয়া দিছিল৷ দুদিন আগত স্বামীৰ ঘৰলৈ গৈছিলো৷ কিন্তু স্বামীৰ সৈতে এদিন কটোৱাৰ পিছদিনাই সেই আক্ৰমণ হ’ল৷...
উকা কঁপাল........পক্ষ নমসূদ্ৰ ------------------ |
No comments