সংঘাতৰ বিষবাষ্পই তেওঁলোকক আৰু স্পৰ্শ কৰিব নোৱাৰে ....চাউলখোৱাবাসীৰ বাবে ন্যায় বিচাৰো আহক..... ...চাউলখোৱা, অপৰীয়া চাপৰিৰ লোকসকলেও সম্প্ৰতি ...
সংঘাতৰ বিষবাষ্পই তেওঁলোকক আৰু স্পৰ্শ কৰিব নোৱাৰে
....চাউলখোৱাবাসীৰ বাবে ন্যায় বিচাৰো আহক........চাউলখোৱা, অপৰীয়া চাপৰিৰ লোকসকলেও সম্প্ৰতি আক্ৰমণকাৰীৰ সৈতেই উঠা বহা কৰে...বজাৰ কৰে একেলগে, পথাৰত খেতিকৰে ভাতৃৰ দৰে......বিচাৰে সংঘাতহীন শান্তিপূৰ্ণ এখন সমৃদ্ধিশালী সমাজ
সম্পাদকীয়ঃ
VOL. 1, ISSUE NO 7
চাউলখোৱা বাসীয়ে যি বৃহৎ আক্ৰমণৰ সন্মুখীন হৈছিল উগ্ৰজাতিয়তাবাদী, সাম্প্ৰদায়িক শক্তিৰ দ্বাৰা তাৰ পৰা তেওঁলোকে কি শিক্ষা গ্ৰহণ কৰিলে? অথবা সামন্তবাদী শক্তি বা প্ৰতিক্ৰিয়াশীল চক্ৰৰ উচতনিত উত্তেজিত হৈ চাউলখোৱা, অপৰীয়াত যি সকলে আৱেগিবভাৱে গৈ আক্ৰমণ কৰিছিল সেই আক্ৰমণকাৰী সকলে ঘটনাটোৰ পৰা কি শিক্ষা গ্ৰহণ কৰিলে, সেই আক্ৰমণৰ প্ৰয়োজনীয়তা আছিলেনেঞ্জ আক্ৰমণৰ ৰূপকাৰ শক্তি প্ৰকৃততে কোন আছিল বুলি পিছত আক্ৰান্ত আৰু আক্ৰমণকাৰী সাধাৰণ লোকে জানিব পাৰিছিল –এনে অনেক প্ৰশ্ন লৈ আমি দুয়োটা শিবিৰ এচাম মানুহৰ সৈতে কথাপাতিছিলো৷ একে আষাৰেই সকলোৱে স্বীকাৰ কৰিছিল যে সেয়া আছিল এক বিৰাট নেতিবাচক ঘটনা৷ আক্ৰমণকাৰী এচামে কৈছিল তেওঁলোক এচাম ক্ষমতালোভী তথা ‘অন্য শক্তি’ৰ আহিলাত পৰিণত হৈছিল৷ তেওঁলোকে ভৱিষ্যতে পৰস্পৰক এনে সংঘাতৰ পযাৰ্য়লৈ যাবলৈ নিদিয়ে৷ বিশেষকৈ উগ্ৰজাতীয়তাবাদী আৰু সাম্প্ৰদায়িক শক্তিৰ পৰা দূৰত থাকিবলৈ সতৰ্ক কৰি দিয়ে৷ কাৰণ চাউলখোৱাত আক্ৰমন কৰিবলৈ যোৱা এচামেই পিছত সন্ত্ৰাসবাদী সংগঠনত যোগ দিছিল৷ এচামে সম্প্ৰদায়িক শক্তিৰে চামিল হৈছিল৷ একাংশ নেতাই ৰাজনৈতিভাৱে ক্ষমতালাভ কৰি বেপৰো¸ৱা হৈ পৰিছিল৷ এতিয়া এচামে তেনে অপশক্তিৰ পৰা আতৰি আহিছে৷ আনকি যি চাউলখোৱা, অপৰীয়াত আক্ৰমণ কৰিবলৈ গৈছিল, সেই চাউলখোৱা অঞ্চলৰ লোকৰ সতে এতিয়া একেলগে একেখন পথাৰতে খেতি কৰে৷ একেলগে বজাৰত বহে৷ ইজনে সিজনৰ সতে সহৃদয়তাৰে কথা পাতে৷ আক্ৰমণকাৰীৰ সন্তানে আক্ৰান্ত সকলৰ সন্তানৰ সৈতে একেলগে স্কুলত পঢ়ে৷ ভাতৃ-ভগ্নীৰ দৰে সহপাঠীৰ সৈতে শিক্ষা গ্ৰহণ কৰে৷ সেই দৰে চাউলখোৱা, অপৰীয়া চাপৰিৰ লোকসকলেও সম্প্ৰতি আক্ৰমণকাৰীৰ সৈতেই উঠা বহা কৰে৷ বজাৰ কৰে একেলগে, পথাৰত খেতিকৰে ভাতৃৰ দৰে৷ মনৰ মাজত কিবা ক্ষোভ থাকিলেও প্ৰকাশ নকৰে৷
এই সন্দৰ্ভত আইনুদ্দিন আহমেদৰ বক্তব্য অতি গুৰুত্বপূৰ্ণ৷ তেওঁ কয় ‘ চাউলখোৱাৰ ঘটনাই ’ আমাক সকলোকে ব্যথিত কৰে৷ চাউলখোৱাত যি সকলৰ ঘাতকৰ হাতত মৃত্যু হ’ল সেইসকলক যি ঠাইত পৰি আছিল সেই ঠাইতেই কবৰস্থ কৰা হৈছিল৷ কিন্তু অজস্ৰ মানুহৰ মৃত্যু হৈছিল পানীত ডুবি৷ প্ৰাণৰ মমতাত নদী পাৰ হবলৈ একেখন নাঁৱতে শ শ মানুহ যেতিয়া উঠিছিল টুলুঙা নাও ডুবি বহুতৰে মৃত্যু হৈছিল৷ এচামৰ কংকাল পিছত বালি চাপৰিত পোৱা গৈছিল৷ আনকি পিছত যেতিয়া মাছ বিচাৰি এচামে নদীৰ সঁুতিত জাল মাৰিছিল তেতিয়া নৰ কংকাল তথা লাওখোলা জালত লাগি আহিছিল৷ এই লাওখোলাবোৰ সাবটি এচাম সন্তান হেৰুৱা মাতৃয়ে কান্দি উঠিছিল৷ এনে ঘটনাবোৰে আমাক দুখ দিয়ে বাৰুকৈয়ে৷ আগৰ কথাবোৰৰ আলম লৈয়ে এচাম সাম্প্ৰদায়িক শক্তিয়ে চাউলখোৱাৰ একাংশ লোকৰ মাজতো সাম্প্ৰদায়িকতাৰ বীজ সোমোৱাই দিব বিচাৰে৷ আমি সেই কাৰ্যক বাধা দিও৷ এচাম মানুহ আহি মুছলিম উগ্ৰজাতীয়তাবাদৰ বিকাশ কৰাব বিচাৰে৷ আমি তেনে শক্তিক খেদি পঠিয়াও৷ আমি গণতন্ত্ৰত বিশ্বাসী৷ আমাৰ অৰ্থনীতিৰ ভেটি কৃষি৷ বছৰ বছৰ ধৰি বানপানী আৰু গৰাখহনীয়াৰ বাবে কৃষিক্ষেত্ৰত অগ্ৰগতি কৰিব নোৱাৰাত আমি অনগ্ৰসৰতাৰ কবলত পৰি আছো৷ আনহাতে সেই বৃহৎ গণনিধন কাৰ্যৰ ভুক্তভোগী হৈও আমি ন্যায় নাপালো৷ সেইবুলি ভাতৃত্ববোধ আমি ত্যাগ নকৰো৷ এতিয়াও আমি এচাম মানুহ লগ পাও যিয়ে আমাৰ ইয়াত আক্ৰমন কৰিবলৈ আহিছিল৷ সেই সকলৰ সতে আমি মাতবোল কৰো৷ সিহতৰ বহুতেই আমাক ক্ষমা বিচাৰে সেই আক্ৰমণৰ বাবে৷ আমাৰ নতুন প্ৰজন্ময়ো সিহঁতৰ সন্তানৰ সৈতে একেলগে পঢ়া-শুনা কৰে, ব্যৱসায় কৰে, উভয়পক্ষৰ ভুল বুজাবুজি ক্ৰমশ : নাইকিয়া হৈছে৷ গতিকে অপশক্তিৰ ওপৰত নতি স্বীকাৰ নকৰো৷” উল্লেখ্য যে, এইগৰাকী আইনুদ্দিন আহমেদেই চাউলখোৱাৰ আক্ৰমণৰ ঘটনাৰ পিছত আশ্ৰয় শিবিৰ স্থাপন কৰি অজস্ৰ গৃহহাৰাক সহায় কৰিছিল আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিছিল৷ তেওঁৰো ঘৰবাৰী ভ স্মীভূত হৈছিল৷
আনহাতে চুলেইমান আলী এজন যুৱক যিয়ে চাউলখোৱাৰ ঘটনাত পিতৃক হেৰুৱাইছিল৷ পিছত মাতৃৰো মৃত্যু হোৱাত তেওঁ অনাথ হৈ পৰিছিল৷ আনৰ আশ্ৰয়ত ডাঙৰ হোৱা চাউলখোৱাৰ নতুন প্ৰজন্ম চুলেইমানে কয় ‘আক্ৰমণৰ ঘটনাৰ সময়ত মোৰ বয়স এবছৰ৷ পিছত মোৰ পিতৃক কি দৰে হত্যা কৰিছিল সেয়া জানিছিলো আনৰ মুখত৷ সেই ঘটনাৰ পিছত মানসিক আঘাত আৰু শাৰীৰিক কষ্টৰে ডাঙৰ হৈছো৷ শিক্ষা গ্ৰহণ কৰিছো নিজে শ্ৰম কৰি, উপাৰ্জন কৰি৷ অকলেই নিজৰ জীৱনটোক গঢ়ি তুলিছো৷ কিন্তু সেই ঘটনাৰ ন্যায় প্ৰাপ্তিহে মোৰ বাবে আচল৷ আক্ৰমণকাৰীৰ সন্তানো মোৰ সহপাঠী আছিল৷ পিছে তাৰ অৰ্থ এইতো নহয় যে আক্ৰান্ত বা আক্ৰমণকাৰীৰ সন্তানৰে পুনৰ শত্ৰু আচৰনেৰে সংঘাতত লিপ্ত হ’ম৷ আমি ভাতৃত্ববোধহে বিচাৰো৷ বিচাৰো সংঘাতহীন শান্তিপূৰ্ণ এখন সমৃদ্ধিশালী সমাজ৷ আৰু সেই বাবে আজি নতুন প্ৰজন্মই উগ্ৰজাতীয়তাবাদৰ গৰ্ভত জন্মলাভ কৰা সংগঠনৰ পৰা আতৰত আছো৷ নতুন প্ৰজন্মৰ বাবে সেয়াই মংগল৷” কেৱল চুলেইমান আলী বা আইনুদ্দিন আহমেদেই নহয়, আক্ৰমণত নিযাতিত বা আক্ৰমনকাৰী অজস্ৰ লোকক একেখন বজাৰ, একেখন পথাৰ-চাপৰি, একোটা পথত এতিয়া লগ পোৱা যায়৷ একালৰ আক্ৰমণকাৰী শিক্ষকেই আক্ৰান্তজনৰ সন্তানক স্কুলত পঢ়ুৱায়৷ এনেদৰে দুয়োটা পক্ষই সংঘাত সৃষ্টিকাৰী অপশক্তিক আঁতৰাই পঠিয়াইছে৷ অনাগত দিনত তেনে এক অদৃশ্য শৃংখলেৰে সকলোবোৰেই বান্ধ খাই থাকিব বিচাৰে - যাতে সংঘাতৰ বিষবাষ্পই তেওঁলোকক স্পৰ্শ কৰিব নোৱাৰে৷ মাত্ৰ চাউলখোৱাবাসীৰ আক্ষেপ যে তেওঁলোকে আজিও বিচাৰি নাপালে - ন্যায়ৰ দুৱাৰ কেনি?
চাউলখোৱাবাসীৰ বাবে ন্যায় বিচাৰো আহক.....
দিগন্ত শৰ্মা
(সম্পাদনা সমিতিৰ হৈ)
www.versatilestory.com
VOL -1 ISSUE No -7
FEBRUARY 21, 2021
[ অনুসন্ধানমূলক-স্বতন্ত্ৰ-মুক্ত সাংবাদিকতাৰ যাত্ৰা অব্যাহত ৰাখিবলৈ versatilestory.com-ক প্ৰয়োজন আপোনাৰ সহযোগিতা, পৰামৰ্শ আৰু আৰ্থিক সহায়ৰ। আমাৰ যাত্ৰাক আৰ্থিকভাৱে সহায় কৰিবলৈ মবাইল নম্বৰ ৮৬৩৮৬৯৮৪৫০-ত যোগাযোগ কৰক। আপুনি যি কোনো পৰিমানৰ আৰ্থিক বৰঙণি আগবঢ়াব পাৰে। ]
No comments