ফেব্ৰুৱাৰী,৮৩ মাহটোৰ প্ৰতিটো দিনৰ ঘটনাৰ তথ্য.... .....ইন্দিৰা গান্ধীৰ নেলী আৰু গহপুৰ ভ্ৰমণ.... ধেমাজিৰ চিমেন চাপৰিত বাঙালী সম্প্ৰদায় বহু গাঁ...
ফেব্ৰুৱাৰী,৮৩ মাহটোৰ প্ৰতিটো দিনৰ ঘটনাৰ তথ্য....
দিগন্ত শৰ্মাঃ
তেজে ধোৱা ফেব্ৰুৱাৰী,১৯৮৩। এই মাহটোৰ প্ৰতিটো দিনৰ প্ৰতিটো ক্ষনত সংঘটিত ঘটনাৰ গুৰুত্ব ৰাজনৈতিক ভাৱে আৰু গৱেষণামূলক ভাৱে অপৰিসীম। সমগ্ৰ অসম আন্দোলনৰ ভিতৰত 'ফেব্ৰুৱাৰী, ১৯৮৩' মাহটোৱেই আছিল আন সময়তকৈ পৃঠক। সেয়ে আমি বিশেষভাৱে এই মাহটোৰ ঘটনাৰাজি-পৰিস্থিতিক ২০২১ চনৰ ফেব্ৰুৱাৰীত চাব বিচাৰিছো। প্ৰতিটো ঘটনাক দিনলিপিত সন্নিৱিষ্ট কৰা অসম্ভৱ যদিও সীমিত পৰিসৰত ঘটনা ৰাজিক তুলি ধৰিবলৈ চেষ্টা কৰা হৈছে। যাতে মাহটোৰ সংঘাত আৰু সংগ্ৰামৰ কিছু আভাস ন-প্ৰজন্মই পাব পাৰে। প্ৰতি দেওবাৰে 'ফেব্ৰুৱাৰী,১৯৮৩'-ৰ সাতোটাকৈ দিনৰ ঘটনাৰ কিছু তথ্য ধাৰাবাহিকভাৱে আগবঢ়োৱা হৈছে---
ফেব্ৰুৱাৰী– ২১
● প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ নেলী আৰু গহপুৰ ভ্ৰমণ৷
● কামৰূপ জিলাৰ গোৰেশ্বৰৰ পৰা প্ৰায় দুহেজাৰ ভাষিক সংখ্যালঘূ সম্প্ৰদায়ৰ লোকে পলাই গৈ পশ্চিমবংগত আশ্ৰয় লয়৷
● ধেমাজিৰ চিমেন চাপৰিত বাঙালী সম্প্ৰদায় বহু গাঁৱত আক্ৰমণ। হতা-হত বহুজন
● কামৰূপ আৰু নগাঁও জিলাৰ বিভিন্ন ঠাইৰ পৰা ৪৮ টা মৃতদেহ উদ্ধাৰ৷
ফেব্ৰুৱাৰী– ২২
● অসমৰ ঘটনাত ৰাষ্ট্ৰ সংঘৰ সচিব প্ৰধান পেৰেজ ডি কুৱেলাৰৰ দুখ প্ৰকাশ৷
● কৰ্মচাৰী পৰিষদৰ ১৮ দিনীয়া অসহযোগৰ সামৰণি৷
● নৱ-নিৰ্বাচিত চৰকাৰ গঠনৰ বিৰুদ্ধে কৰ্মচাৰীৰ সৰ্বাত্মক অসহযোগ পালন৷ ফেব্ৰুৱাৰী-২৩
● নেলী-ত সহস্ৰাধিক শৱদেহ সৎকাৰ।
● ধেমাজিৰ আৰ্নে চাপৰিত বহু বাঙালী লোকৰ ক্ষত বিক্ষত মৃতদেহ উদ্ধাৰ।
ফেব্ৰুৱাৰী --২৪
● নেলী-গহপূৰ-চিলাপথাৰৰ ঘটনা সন্দৰ্ভত বহু গোচৰ ৰুজু।
ফেব্ৰুৱাৰী--২৫
● নেলী-চাউলখোৱাৰ বহু ভুক্তভোগীৰ আৰক্ষী থানাত কেইবাশতাধিক এজাহাৰ দাখিল।
● আন্দোলনৰ বিভিন্ন স্থানীয় নেতা-আছু নেতাৰ বিৰুদ্ধে হত্যাকাণ্ডৰ গোচৰ ৰুজু। বহুজনক আটক।
ফেব্ৰুৱাৰীৰ পিছৰ কেইটামান উল্লেখযোগ্য সাম্প্ৰদায়িক ঘটনা:
মাৰ্চ– ৪
● সৰুপেটাত ৰফিকুল ইছলাম, আব্দুল হালিম, আব্দুল মতিন আৰু ৰাইজুদ্দিন আহমদ নামৰ চৰিজন লোকক দোকানৰ মাল নিবলৈ আহোতে দুষ্কৃতিকাৰীয়ে হত্যা কৰে৷
মাৰ্চ– ৫
● গুৱাহাটী-আজাৰাৰ অন্তৰ্গত গৰল ভট্টাপাৰত কিছুমান দুৰ্বৃত্তই গাড়ী ৰখাই কেইবাজনো মুছলমান লোকক গাড়ীৰ পৰা জোৰপূৰ্বক নমাই আনি হত্যা কৰে, দুজনে কথোমপি প্ৰাণ ৰক্ষা কৰে৷ তেওঁলোক দুজন হ’ল আবু ছামা আৰু ছাহজাহান৷ ঘৰ ছয়গাঁও অঞ্চলৰ জাহিৰপুৰত৷
মাৰ্চ– ৬
● অসমৰ গণহত্যাৰ প্ৰতিবাদত বাংলাদেশৰ এঘাৰ দলীয় জোঁটৰ প্ৰতিবাদ৷
মাৰ্চ–৭
গুৱাহাটীৰ দক্ষিণ শৰণীয়াৰ হলধৰ পাঠকৰ ঘৰৰ ভিতৰত এটি বোমা বিস্ফোৰণ৷ এই ঘটনাত অনিল ডেকা আৰু মতিয়ৰ ৰহমানৰ মৃত্যু হয়৷
মাৰ্চ– ১৭
● মঙলদৈ মহকুমাৰ ছিপাঝাৰ অঞ্চলত মিজাজুৰ ৰহমান নামৰ এজন খিলঞ্জীয়া মুছলমান যুৱকক হত্যাৰ ঘটনাক কেন্দ্ৰ কৰি সেই অঞ্চলত তুমুল আলোড়নৰ সৃষ্টি হয়৷
মাৰ্চ– ১৯
● বৰপেটা জিলাৰ ভেল্লাৰ ওচৰৰ নগাঁৱত লাইন বাছ ৰখাই চাৰিজন মুছলমান পুৰুষ তিনিজনী মহিলা আৰু এটি শিশুক দুষ্কৃতিকাৰীয়ে অপহৰণ কৰে৷
● তেজপুৰৰ পাণপুৰ ফেৰীঘাট আৰু লালটাপুত সাম্প্ৰদায়িক সংঘৰ্ষ৷ বহু আক্ৰমণকাৰী নিহত
মাৰ্চ– ২৭
● গোলাঘাট মহকুমাৰ বৰগীয়াত ৪০ টা মুছলমান পৰিয়ালৰ ঘৰ ভস্মীভূত৷
মাৰ্চ– ৩০
● হাজোৰ বুল্লুট বজাৰত দুটা শক্তিশালী বোমা বিস্ফোৰণ৷ নিহত ২২ জন৷
● শিৱসাগৰ জিলাৰ ৰংবা চাপৰিত থকা ২২ টা মুছলিম পৰিয়ালৰ ঘৰত আন্দোলনকাৰীৰ অগ্নিসংযোগ৷
এপ্ৰিল– ১--৬
● কোকৰাঝাৰ অঞ্চলত ৰাজবংশীৰ দ্বাৰা ভাষিক আৰু ধৰ্মীয় সংখ্যালঘূ গাঁও আক্ৰমণ৷ ৩০ খনতকৈও অধিক গাঁও ভস্মীভূত৷ নিহত প্ৰায় ১৭ জন৷
এপ্ৰিল– ১১-১২
● আছুৰ মুছলিম ছাত্ৰৰ আছুৰ শীৰ্ষ নেতৃবৃন্দলৈ পোন্ধৰ দফীয়া দাবী চনদ৷
এপ্ৰিল– ২০
● শান্তিৰ নবেল বঁটা বিজয়ী বিশ্ববিশ্ৰুত মানৱ সেৱিকা মাদাৰ টেৰেছাৰ সৈতে সদৌ অসম ইছলামী সমাজৰ নেলী, চামগুৰি আদি অঞ্চল ভ্ৰমণ৷
মে’– ৪
● ছাত্ৰ সন্থাত বিভাজন ৷
● নুৰুল হুছেইনকে ধৰি আছুৰ কেবাজনো মুছলিম ছাত্ৰ ১৫ দফীয়া দাখিল কৰাৰ অপৰাধত আছুৰ পৰা বহিষ্কৃত৷
No comments