Page Nav

HIDE

Grid

GRID_STYLE

১৯৮৩-ৰ ধূলাৰ খিলঞ্জীয়া গণহত্যাৰ ন্যায় বিচাৰ নহ'ল কিয়?

  অসম আন্দোলনৰ সাম্প্ৰদায়িক সংঘাতৰ অন্য এক অধ্যায় পানীয়াখাট-ঠেকেৰাবাৰীৰ ঘটনা ....সেই সাম্প্ৰদায়িক ঘটনাত ২১ জন থলুৱা লোকে প্ৰাণ দিবলগীয়া হৈছি...

 

অসম আন্দোলনৰ সাম্প্ৰদায়িক সংঘাতৰ অন্য এক অধ্যায় পানীয়াখাট-ঠেকেৰাবাৰীৰ ঘটনা

....সেই সাম্প্ৰদায়িক ঘটনাত ২১ জন থলুৱা লোকে প্ৰাণ দিবলগীয়া হৈছিল...ধূলাৰ একাংশ ধৰ্মীয় সংখ্যালঘূ লোকে বহু হিন্দু থলুৱা লোকক ৰক্ষা কৰিছিল আক্ৰমণকিৰীৰ কবলৰ পৰা....

দিগন্ত শৰ্মা
সেইদিনা আছিল ১৭ ফেব্ৰুৱাৰী। সময় তেতিয়া দিনৰ প্ৰায় ১১-৩০ বাজিছে। হঠাতে হাজাৰ হাজাৰ মানুহে যাঠি-জোং, লাঠি, জুই-শিখা, তৰোৱাল আদি লৈ আহি আমাৰ গাঁওখনত আক্ৰমণ কৰিলে। এচামে ঘৰবোৰতজুই লগাই দিবলৈ ধৰিলে।এচামে ঘৰবোৰত বিচাৰি বিচাৰি আমাৰ মানুহবোৰক আক্ৰমণ কৰিলে। মই দৌৰি পলাই প্ৰাণ বচালো। মোৰ বয়স তেতিয়া ১৫ বছৰ। আমাৰ দৰে একাংশই দৌৰি পলাই প্ৰাণ বচালে। পিছে বয়সস্থ সকলে আৰু মহিলা সকলৰ অধিকাংশই দৌৰিব নোৱাৰিলে। আমাৰ সৰু গাঁওখনৰ পূৱ অংশৰ পৰিয়ালবোৰৰ ওপৰত প্ৰথমে আক্ৰমণ কৰিছিল। মোৰ দেউতা, দুজনী মা, সৰু ভাই, ককাদেউতা, দুজন খুৰা, দুজনী খুৰীক হত্যা কৰিলে। গাঁৱৰ অনেক জনক হত্যা কৰিলে। সিহঁতৰ আক্ৰমণত আহত হ'ল বহুজন। ১৯৮৩ চনৰ সেইদিনটোৰ কথা মনত পৰিলেই আজিও শিয়ৰি উঠো..! দিনটোৰ কথা মনলৈ আনিবলৈ ভয় লাগে।'--কথাখিনি কৈ মুনীন্দ্ৰ নাথ নামৰ ব্যক্তিজনে উচুপি উঠিল।মুনীন্দ্ৰ নাথ হ'ল দৰং জিলাৰ সদৰ মঙলদৈৰ নিকটৱৰ্তী ধূলাৰ পানীয়াখাট গাঁৱৰ বাসিন্দা। ১৫বছৰ বয়সতে পিতৃ-মাতৃ-ভাতৃ সহ পৰিয়ালৰ অনেকজনক তেওঁ হেৰুৱাইছিল ঘাতকৰ আক্ৰমণত। প্ৰায় ছমাহ কাল আছিল আশ্ৰয় শিবিৰত ।...সেইদিনা অৰ্থাৎ ১৭ ফেব্ৰুৱাৰীৰ দিনা পূৰ্ববংগীয় মূলৰ মুছলিম  সম্প্ৰদায়ৰ কেইবাহাজৰ লোকে পানীয়াখাট আৰু ঠেকেৰাবাৰী-হীৰাপাৰা গাঁও দুখনত আক্ৰমণ কৰিছিল। সেইদিনা ধূলাৰ পানীয়াখাট গাঁৱৰ ন জনকৈ লোকৰ মৃত্যু হৈছিল, আহত হৈছিল বহুজন। একেদৰে ঠেকেৰাবাৰী-হীৰাপাৰা গাঁওখনত দিনৰ প্ৰায় ১১-৪৫ বজাত আক্ৰমণ কৰিছিল উন্মত্ত মুছলিম লোকৰ দলে। ঠেকেৰাবাৰী-হীৰাপাৰা গাঁৱৰ ১২ জনকৈ লোকৰ মৃত্যু হৈছিল সেই সাম্প্ৰদায়িক ঘটনাত। ধূলাৰ ঘটনাত ২১ জনে প্ৰাণ দিবলগীয়া হৈছিল। 


ঘটনা সংঘটিত হোৱাৰ পিছদিনাই স্থানীয় গাঁও বুঢ়া মাধৱ চন্দ্ৰ নাথে মঙলদৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। গোচৰ নং আছিল ৯০/১৯৮৩। ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৭/১৪৮/১৪৯/৪৩৬/৩০২/৩৫৪/৩২৬/৩২৫/৩৮০/১৫৩(ক) ধাৰা গোচৰটোৰ সৈতে সংযুক্ত কৰা হৈছিল।বিদেশী বহিষ্কাৰ আন্দোলনৰ ৰক্তাক্ত ফেব্ৰুৱাৰীৰ আন নিৰ্মম অধ্যায় হিচাপে সংযোজিত হৈছিল।উল্লেখ্য যে, ১৭ ফেব্ৰুৱাৰীত ধূলাৰ ঘটনা সংঘটিত হোৱাৰ এদিন আগতে (১৪ আৰু ১৫ তাৰিখে) চাউলখোৱা চাপৰিত গণহত্যা হৈছিল। চাউলখোৱাৰ ঘটনাৰ প্ৰতিক্ৰিয়া আছিল ধূলাৰ ঘটনা। পিছে আৰক্ষীয়ে এই সাম্প্ৰদায়িক ঘটনা ৰোধত ব্যৰ্থ হৈছিল।

ধূলাৰ একাংশ ধৰ্মীয় সংখ্যালঘূ লোকে বহু হিন্দু থলুৱা লোকক ৰক্ষা কৰিছিল আক্ৰমণকিৰীৰ  পৰা....

 ধূলাৰ ঠেকেৰাবাৰী-হীৰাপাৰা গাঁৱৰ এগৰাকী ভুক্তভোগী ব্যক্তি জিতেন নাথ। তেওঁ ঘটনা সন্দৰ্ভত কৈছিল-'ফেব্ৰুৱাৰীৰ ১৫ তাৰিখে চাউলখোৱা চাপৰিত বংগীয় মূলৰ মূছলিম লোকক আক্ৰমণ কৰাৰ প্ৰতিক্ৰিয়া হিচাপে ১৭ তাৰিখে আমাৰ ঠেকেৰাবাৰী-হীৰাপাৰা-পনীয়াখাট গাঁৱত এচাম লোকে আক্ৰমণ কৰে বুলি পিছত আমি জানিব পাৰিছিলো। আমি ভাবো চাউলখোৱাত আক্ৰমণ কৰি সাম্প্ৰদায়িক সংঘাত তীব্ৰতৰ নকৰা হ'লে আমাৰ গাঁৱৰ একৈশ জনকৈ লোকক হেৰুৱাব নালাগিলহেতেন। সেই ঘটনাই আমাক বহু পিছুৱাই দিলে, এটা প্ৰজন্মৰ উন্নতিত বাধা আহি পৰিল। উদাহৰণ স্বৰূপে, সেই ঘটনাত নিহত শনিয়া নাথৰ দুই কন্যাই আনৰ ঘৰত দিন মজুৰি কৰিবলগীয়া হৈছিল। সেই দুই কন্যাৰ মাতৃৰ পিছত চিকিৎসাৰ অাভাৱত মৃত্যু হৈছে। একাংশ লোকে সেই ঘটনাৰ পিছত ইয়াৰ পৰা আতৰি গৈছে। এচাম শিশু এচ ও এচ ভিলেজতো দিয় হৈছিল। আমি বহুদিন আশ্ৰয় শিবিৰত আছিলো। পিছে এটা কথা স্বীকাৰ কৰিব লাগিব যে একাংশ পূৰ্ববংগীয় মুছলিম লোকে আমাৰ বহুতৰে জীৱন ৰক্ষা কৰিছিল। উন্মত্ত আক্ৰমণকাৰীৰ কবলত পৰাৰ পৰা ৰক্ষা কৰিছিল আৰু আশ্ৰয় দিছিল। উদাহৰণ স্বৰূপে জালালুদ্দিন আহমেদ, আব্দুল জলিল আদি। ধূলাৰ এই ধৰ্মীয় সংখ্যালঘূ লোখ সকলে বহু হিন্দু থলুৱা লোকক ৰক্ষা কৰিছিল আক্ৰমণকিৰীৰ কবলৰ পৰা। যি নহওক সেই নৃশংস ঘটনা ভুক্তভোগীয়ে আজিও ন্যায় নাপালে। অৰ্থসাহায্য পালে, পিছে দোষী শাস্তি নাপালে।'উল্লেখ্য যে এই ঘটনাত জৰিত থকা ৪৪ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছিল। গোচৰটো মঙলদৈ মহকুমা আদালতত বছৰ বছৰ ধৰি চলি আছে। বিগত ৩৮ বছৰত অধিকাংশ অভিযুক্তৰে মৃত্যু হৈছে। নিৰ্মম ঘটনাৰ ভুক্তভোগী সকলে ১৯৮৩ চনৰ পৰা আজি পৰ্যন্ত অপেক্ষা কৰি আছে ন্যায়ৰ বাবে। পিছে ন্যায় প্ৰাপ্তিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে ১৯৮৩-ৰ ফেব্ৰুৱাৰীত ধৰ্মীয় সংখ্যালঘূ আক্ৰমণকাৰীৰ দ্বাৰা আক্ৰান্ত থলুৱা লোকসকল।..

[ অনুসন্ধানমূলক-স্বতন্ত্ৰ-মুক্ত সাংবাদিকতাৰ যাত্ৰা অব্যাহত ৰাখিবলৈ versatilestory.com-ক প্ৰয়োজন আপোনাৰ সহযোগিতা, পৰামৰ্শ আৰু আৰ্থিক সহায়ৰ। আমাৰ যাত্ৰাক আৰ্থিকভাৱে সহায় কৰিবলৈ মবাইল নম্বৰ ৮৬৩৮৬৯৮৪৫০-ত যোগাযোগ কৰক। আপুনি যি কোনো পৰিমানৰ আৰ্থিক বৰঙণি আগবঢ়াব পাৰে। ]

No comments