জুৰি বৰা বৰগোহাঞিৰ বড়ো আন্দোলন আধাৰিত উপন্যাস . ......বড়ো ডেকাসকলে সূচনা কৰা আন্দোলনত নাৰীসকলে সৰ্বস্ব উজাৰি দিছিল.....বড়োসকলৰ নিজৰ ভাষা আৰু...
জুৰি বৰা বৰগোহাঞিৰ বড়ো আন্দোলন আধাৰিত উপন্যাস
.......বড়ো ডেকাসকলে সূচনা কৰা আন্দোলনত নাৰীসকলে সৰ্বস্ব উজাৰি দিছিল.....বড়োসকলৰ নিজৰ ভাষা আৰু অস্তিত্ব হেৰুৱাই পেলোৱাৰ ভয়....গাঁওবাসীয়ে আন্দোলনকাৰীক কৰা সহায় আৰু তাৰ ফলত লাভ কৰা আৰক্ষীৰ নিৰ্যাতন...পখিলা, চিনু, প্ৰমিলা, চিখলা, সৰুভনীহঁতে আজীৱন ধৰ্ষিতা হোৱাৰ মানসিক যাতনা কিদৰে বহন কৰে.....
নিশা ভূঞাঃ
প্ৰত্যেকজন ব্যক্তিৰে নিজৰ জীৱনৰ সৈতে সংপৃক্ত কেতবোৰ অতিকৈ গুৰুত্বপূৰ্ণ ঘটনা মনৰ একোণত সজীৱ হৈ থাকে। পিছে কোনো এজন ব্যক্তি আমাৰ সামাজিক প্ৰেক্ষাপটৰ সৈতে সংপৃক্ত হৈ থকা কেতবোৰ অতিকৈ গুৰুত্বপূৰ্ণ ঘটনাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত নহ'লেও তেওঁৰ মনত তেনে ঘটনাৰ চাপ কোনো কোনো সময়ত বিভিন্ন সমলৰ সহায়ত দকৈ খোদিত হয়। এই ক্ষেত্ৰত মূলতঃ তেনে ঘটনা বা বিষয়ক মূল ৰূপে লৈ ৰচনা কৰা অনন্য সাহিত্যৰাজীয়ে প্ৰায়েই গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰে। পঢ়ুৱৈৰ মনত গভীৰ চাপ চিৰদিনৰ বাবে বহুৱাবলৈ সক্ষম হোৱা তেনে এখন উপন্যাস হৈছে "সিহঁত"। জুৰি বৰা বৰগোহাঞি হৈছে এই উপন্যাসখনৰ স্ৰষ্টা। নিজস্ব ৰচনাশৈলী আৰু কিছু ব্যতিক্ৰম বিষয়ক নিজৰ ৰচনাৰাজীৰ মাজেৰে তুলি ধৰি ইতিমধ্যেই পঢ়ুৱৈৰ মাজত চৰ্চিত তথা জনপ্ৰিয় হোৱা জুৰি বৰা বৰগোহাঞিয়ে ৰচনা কৰা কেইখনমান উপন্যাসৰ নাম হৈছে - " ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নন্দিনী","আপোনজনৰ ঠিকনা", "ৰাগ ইমন ", "ভোক" ,"নাং-ফা", " আংকুশ" আদি। "সিহঁত" হৈছে তেওঁৰ শেহতীয়া সৃষ্টি। মূলতঃ বড়ো আন্দোলনৰ পটভূমিত ৰচিত এই উপন্যাসখনে কেৱল সেই আন্দোলনৰেই নহয়, আন্দোলনৰ সৈতে জড়িত কেতবোৰ অতিকৈ কৰুণ দিশ আৰু নিৰ্মম বাস্তৱৰ নিৰ্মোহ বিশ্লেষণ কৰিছে।
"সিহঁত"ৰ সন্দৰ্ভত ঔপন্যাসিকাগৰাকীয়ে এনেদৰে কৈছিল - " অসমত বিভিন্ন আন্দোলন হৈছে, সংঘৰ্ষ হৈছে, য'ত মানুহে সৰ্বস্ব হেৰুৱাইছে। এই আন্দোলন-সংঘৰ্ষসমূহত নাৰীসকল বেছিকৈ জীয়াতু ভোগা পৰিলক্ষিত হয়। "উপন্যাসখনৰ প্ৰত্যেকটো পৃষ্ঠাই যেন সেই কথাকে সত্য ৰূপে প্ৰমাণ কৰিছে। বড়ো আন্দোলন হৈছিল পৃথক বড়ো ৰাজ্য গঠনৰ দাবীত। মূলতঃ বড়ো ডেকাসকলে সূচনা কৰা সেই আন্দোলনত বড়ো নাৰীসকলে নিজৰ সৰ্বস্ব উজাৰি দিছিল। কেৱল ডেকাসকলৰ কথা অনুসৰিয়েই তেওঁলোকে আন্দোলনত সহযোগ কৰিছিল যদিও তাৰ ফলস্বৰূপে তেওঁলোক হৈছিল শোষিত- লাঞ্চিত। তাৰেই জীৱন্ত দলিল ৰচিত হৈছিল ১৯৮৮ চনৰ ২৫ আৰু ২৭ জানুৱাৰীৰ নিশা। এই কালনিশা দুটিত বড়োভূমিত আইন ৰক্ষকৰ দ্বাৰাই ধৰ্ষিতা হৈছিল মুঠ ১১ গৰাকী নাৰী। সেই শিহৰণকাৰী জীয়া কাহিনীকেই "সিহঁত" উপন্যাসত তুলি ধৰা হৈছে।
মূখ্য চৰিত্ৰ পখিলাৰ সৈতে উপন্যাসখনৰ আৰম্ভণিৰ পৰাই পঢ়ুৱৈৰ এক যাত্ৰা ঔপন্যাসিকগৰাকীয়ে নিশ্চিত কৰিছে সাৱলীল আৰু অতি সৰল বৰ্ণনাৰে। বড়ো আন্দোলনৰ আৰম্ভণি, বড়োসকলৰ নিজৰ মুখৰ ভাষা আৰু অস্তিত্ব হেৰুৱাই পেলোৱাৰ ভয়, আন্দোলনৰ বাবে নিৰ্মাণ হোৱা ফৈদ, গাঁওবাসীয়ে আন্দোলনকাৰীক কৰা সহায় আৰু তাৰ ফলত লাভ কৰা আৰক্ষীৰ নিৰ্যাতন , আন্দোলনৰ নামত এচামে লাভ কৰা সুবিধা- এচামৰ নিজৰ জীৱনটোলৈ তথা পৰৱৰ্তী প্ৰজন্মলৈ হোৱা শোষণ আদি সকলো দিশ উপন্যাসখনত উনুকিয়াই দেখুওৱা হৈছে। তদুপৰি আন্দোলনকাৰী ডেকাৰ বাবে ৰাতিটোৰ ভিতৰতে বড়ো নাৰীসকলে আৰণাই বৈ দিয়া কথাই শৰাইঘাটৰ ৰণৰ কথাবোৰ পঢ়ুৱৈক সোঁৱৰাই দিয়ে। তেনেদৰে একালৰ আন্দোলনকাৰীয়ে( নিৰজন, বিশ্বজিত) পৰৱৰ্তী সময়ত সেই পথ এৰি ৰাজনৈতিক ক্ষেত্ৰত জড়িত হৈ পৰা অথবা আৰ্থিক ভাৱে স্বচ্ছল হৈ পৰা প্ৰসংগটিয়ে বহু পঢ়ুৱৈৰ মনত নিশ্চয়কৈ আলফা-ছালফা এই বিষয়টিকো টানি আনিবলৈ সক্ষম হ'ব। এক কথাত , সামাজিক প্ৰসঙ্গসমূহ যে প্ৰায় সকলো সময়তে সমাৰ্থক হয়, সেই কথা "সিহঁত" উপন্যাসখনে সুন্দৰ ভাৱে তুলি ধৰিছে। এই সকলোৰে বিপৰীতে পখিলা, চিনু, প্ৰমিলা, চিখলা, সৰুভনীহঁতে আজীৱন ধৰ্ষিতা হোৱাৰ মানসিক যাতনা কিদৰে বহন কৰে, এচামৰ স্বাৰ্থৰ বাবে কিদৰে তেওঁলোকে নিৰপৰাধী হৈয়ো আজীৱন শাস্তি লাভ কৰিব লগীয়া হয়- সেই সকলো দিশ অতি মৰ্মস্পৰ্শীভাৱে তুলি ধৰা হৈছে। অন্যহাতে ধৰ্ষিতা হৈয়েই মৃত্যু বৰণ কৰা জয়াই কেৱল আইনৰ তথাকথিত কাগজী মেৰপাকৰ বাবে ন্যায় লাভ নকৰা বিষয়টিয়ে পঢ়ুৱৈক ভাবুক কৰি তুলিব। কালৰ সোঁতত হয়তো তেওঁলোক এদিন হেৰাই গ'লহেতেন, যাতনাৰ সেই কাহিনী এদিন লুপ্ত হৈ পৰিলহেঁতেন ! জুৰি বৰা বৰগোহাঞিয়ে ক্ষেত্ৰ ভিত্তিত অধ্যয়নৰ দ্বাৰা তেওঁলোকৰ লগতে সেই মূল কাহিনীক কিছু কল্পনাৰ ৰহণেৰে " সিহঁত" উপন্যাসত গাঁঠি ৰাখিলে।
প্ৰথম দৃষ্টিতে উপন্যাসখনৰ শিৰোনামটি দেখি হয়তো মনলৈ প্ৰশ্ন আহিব পাৰে, সিহঁত কোন? উপন্যাসখন পঢ়াৰ পিছত ক'ব পাৰি যে, সিহঁত দৰাচলতে অনেক সত্তা। আন্দোলনৰ নামতেই "দখনা চুৱা"হোৱা নাৰীসকল- সিহঁত। অন্যহাতে নাৰীসকলক নিজৰ কামনাৰ বলি হ'বলৈ বাধ্য কৰোৱা পুৰুষ--সিহঁত। তেনেদৰেই আন্দোলনত জড়িত, সমাজৰ উন্নতি বাবে কাম কৰি যাবলৈ আগবাঢ়ি অহা স্বাৰ্থপৰ তথা সুবিধাবাদীচাম- সিহঁত। এই উপন্যাসখনে পঢ়ুৱৈক নিশ্চিত ভাৱে এক নতুন বিষয়ৰ সৈতে চিনাকি কৰাই দিব, কিছু কথা নতুনকৈ ভবাৰ পথ দিব। ২০২০ চনৰ ডিচেম্বৰ মাহত প্ৰকাশ পোৱা এই উপন্যাসখনৰ প্ৰকাশক হৈছে বনলতা। ২৭৮ পৃষ্ঠাৰ এই উপন্যাসখনৰ মূল্য ৩৩০ টকা।।
No comments