Page Nav

HIDE

Grid

GRID_STYLE

সেউজ বিপ্লৱ-নীল বিপ্লৱ-শ্বেত বিপ্লৱেৰে অভিলেখ গঢ়া জনতা পূনৰ প্ৰলয়ৰ শংকাত

বান্ধ মেৰামতি নকৰিলে ভয়ানক বানৰ সন্মুখীন হব জিলাবাসী ......  আতংকিত হৈছে জনতা......প্ৰশাসন আৰু জলসম্পদ বিভাগে দৃঢ় পদক্ষেপ লৈ  ব্ৰহ্মপুত্ৰ আ...


বান্ধ মেৰামতি নকৰিলে ভয়ানক বানৰ সন্মুখীন হব জিলাবাসী

...... আতংকিত হৈছে জনতা......প্ৰশাসন আৰু জলসম্পদ বিভাগে দৃঢ় পদক্ষেপ লৈ  ব্ৰহ্মপুত্ৰ আৰু কলং নদীৰ জৰাজীৰ্ণ বান্ধ সমূহ মেৰামতি নকৰিলে এইবাৰ  বানে প্ৰলয়ৰ সৃষ্টি কৰিব..... বৰ্তমান সময়ত ব্ৰহ্মপুত্ৰৰ বহু কেইটা অংশ উন্মুক্ত অৱস্হাত আছে......

বিষ্ণু ডেকাঃ 

অসমৰ সেউজ বিপ্লৱৰ ইতিহিসত বৰো ধানৰ খেতিৰে উৎপাদনত অভিলেখ গঢ়ি আহিছে মৰিগাঁও জিলাবাসীয়ে। প্ৰচুৰ মৎস্য উৎপাদনেৰে নীল বিপ্লৱৰ আগৰণুৱা মলিগাঁও। একেদৰে অভিলেখ সৃষ্টিকাৰী দুগ্ধ উৎপাদনেৰে মৰিগাঁও জিলা শ্বেত বিপ্লৱতো আন জিলাতকৈ বহু আগত। এই তিনি বিপ্লৱেৰে অসমৰ অৰ্থনীতিলৈ বিশেষ বৰঙণি যোগাই আহিছে জিলাখনৰ জনতাই। পিছে প্ৰতি বছৰে বানপানীয়ে মৰিগাঁও জিলাৰ জনতাৰ বিস্তৰ ক্ষতি কৰে। বানৰ উপৰিও গৰাখহনীয়া সমস্যাই জুৰুলা কৰি আহিছে ৰাইজক।  শেহতীয়াকৈ আন এক আশংকাত আতংকিত হৈছে মৰিগাঁও জিলাৰ জনতা। সেয়া হ'ল- প্ৰশাসন আৰু জলসম্পদ বিভাগে দৃঢ় পদক্ষেপ লৈ জিলাখনৰ ব্ৰহ্মপুত্ৰ আৰু কলং নদীৰ জৰাজীৰ্ণ বান্ধ সমূহ মেৰামতি নকৰিলে এইবাৰ মৰিগাঁৱত বানে প্ৰলয়ৰ সৃষ্টি কৰিব। বৰ্তমান সময়ত ব্ৰহ্মপুত্ৰৰ বহু কেইটা অংশ উন্মুক্ত অৱস্হাত আছে। এই অংশৰে যোৱাবাৰ পানী সোমাই জিলাখনত কেইবাটাও বানৰ সৃষ্টি কৰিছিল। জিলা খনৰ ভূৰাগাঁও ৰাজহ চক্ৰ আৰু মায়ং ৰাজহ চক্ৰৰ অন্তৰ্গত দিঘলিআটীৰ পৰা আমবাগানলৈ পাঁচ কিলোমিটাৰ অংশ আৰু সুঁতিৰ পাৰৰ পৰা খাটবড়ীলৈ সাত কিলোমিটাৰ অংশ উন্মুক্ত অৱস্হাত আছে। এই দুয়োটা উন্মুক্ত অংশত বান্ধ নিৰ্মান কৰিবৰ বাবে অঞ্চল বাসীয়ে দাবী কৰি আহিছে। ইফালে এই বান্ধবোৰৰ সন্দৰ্ভত জিলা জলসম্পদ বিভাগ আৰু জিলা প্ৰশাসনৰে যোগাযোগ কৰাত় যোৱা বছৰৰ বানৰ পাছতে দীঘলিআটীৰ পৰা আমবাগানলৈ আৰু সুঁতিৰ পাৰৰ পৰা খাটবড়ীলৈ বান্ধ দুটা নিৰ্মাণৰ বাবে জলসম্পদ বিভাগে ক্ৰমে ২০ কোটি আৰু ৩৫ কোটি টকীয়াৰ দুখন আঁচনি প্ৰস্তুত কৰি দুয়োটা স্হানতে বান্ধ নিৰ্মাণৰ বাবে যাৱতীয় ব্যৱস্হা গ্ৰহণ কৰাৰ কথা অৱগত কৰিছিল। অকল ইমানেই নহয় বান্ধ দুটাৰ বাবে প্ৰস্তুত কৰা আঁচনি দুখন  ডি ডি এমত অনুমোদন কৰাই অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্হাপনা বিভাগলৈ প্ৰেৰণ কৰা হৈছিল বুলিও জানিব দিছিল। দুৰ্ভাগ্যৰ কথা যে এনে আশ্বাস বৰ্তমানো আশ্বাস হৈয়ে আছে। বান্ধ দুটা নিৰ্মাণৰ নামত বৰ্তমানলৈ মাটি এচপৰাও পৰা নাই। যাৰ ফলত  খৰালিৰ পাছতে বৰষুণ দিবলৈ আৰম্ভ কৰিলে  ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ সামান্য বৃদ্ধি পোৱা মাত্ৰকে এই উন্মুক্ত দুই অংশৰে পানী সোমাই ভয়ানক বানৰ সৃষ্টি কৰিব  মৰিগাঁও জিলাৰ উত্তৰ পশ্চিমাঞ্চলত। ইফালে কলং নদীৰ সৰুআটি বান্ধটো জোৰা টাপলি মাৰি যোৱা বছৰ বানৰ মাজতে দিনে নিশাই কাম কৰি জলসম্পদ বিভাগে কোনোমতে চিগিব নিদি ভয়ানক  পৰিস্হিতিৰ পৰা জিলা খনক ৰক্ষা কৰিছিল। এইবাৰ সেই বান্ধটোৰ লগতে কলং নদীৰ বৰদল, বেলগুৰি, মনিপুৰ টুপ আদি বান্ধ কেইটাৰ অৱস্হাও এইবাৰ অতি সংকট জনক হৈ আছে। বান্ধ কেইটাৰ মেৰামতি জানুৱাৰী মাহতে নকৰিলে কলং নদীয়েও মৰিগাঁও জিলাত ভয়ানক বানৰ সৃষ্টি কৰিব। ইফালে বিৰিণাবাৰী অঞ্চলতো বৰ্তমান কোনো বান্ধৰ কাম হোৱা নাই। যোৱা বৰ্ষত টেঙাগুৰিত এছ অ পি ডিৰ ১৫ কোটি টকা  ব্যয় সাপেক্ষ বান্ধটোৰ নিৰ্মাণ প্ৰায় সম্পন্ন কৰিলে যদিও বৰ্তমান কলং নদীয়ে বিভিন্ন স্হানত খহনীয়াৰ সৃষ্টি কৰাৰ দৰেই  টেঙাগুৰিৰ বিভিন্ন অঞ্চলত চলি থকা ব্ৰহ্মপুত্ৰৰ খহনীয়াই টেঙাগুৰিৰ নৱ নিৰ্মিত ১৫ কোটি টকীয়া বান্ধটোলৈ তীব্ৰ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। লাহৰীঘাটৰ কাঠনি অঞ্চলত যোৱা বৰ্ষত খৰালি কালতে  পেলোৱা পাৰ্কোপাইন সমূহে কাঠনি অঞ্চলৰ খহনীয়া প্ৰতিৰোধত যথেষ্ট সহায় কৰিছে। অঞ্চলটোত হ্ৰাস পাইছে খহনীয়া। কাঠনিৰ আৰ্হি গ্ৰহণ কৰি অনুৰূপ ব্যৱস্হা টেঙাগুৰিতো খহনীয়া সৃষ্টি  হোৱা অঞ্চল সমূহত গ্ৰহণ কৰি খৰালি কালতে কিছু পাৰ্কোপাইন পেলোৱাৰ ব্যৱস্হা কৰিলে সুফল পোৱা যাব বুলি আশা কৰিব পাৰি। কিন্তু বৰ্তমানলৈকে মথাউৰীটো ৰক্ষা কৰিবৰ বাবে মৰিগাঁও জলসম্পদ বিভাগ বা জিলা প্ৰশাসনে কোনো ব্যৱস্হা হাতত লোৱা নাই। এই  মথাউৰী নিৰ্মান সম্পূৰ্ণ নকৰিলে আগন্তুক বৰ্ষত মৰিগাঁও জিলাবাসী বানত যে ককবকাব লাগিব সেয়া প্ৰায় নিশ্চিত। আনকি ভয়ংকৰ বানে হাইৱে পৰ্যন্ত বুৰাই পেলোৱা সম্ভাৱনা আছে। সেয়ে সময় থাকোতে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰি ২০২১ ত মৰিগাঁও জিলা খনক ভয়ংকৰ বান আৰু খহনীয়াৰ পৰা উদ্ধাৰ কৰিবলৈ মৰিগাঁও জিলা উপায়ুক্তক দাবী জনাইছে অঞ্চলবাসীয়ে। জিলা উপায়ুক্ত আৰু জলসম্পদ বিভাগে দৃঢ় পদক্ষেপ নললে ভয়ংকৰ পৰিস্হিতিৰ সৃষ্টি হব মৰিগাঁৱত। সেউজ বিপ্লৱ, নীল বিপ্লৱ, শ্বেত বিপ্লৱৰ ৰণুৱা মৰিগাঁও বাসীৰ সমস্যাক গুৰুত্ব দিবনে!

No comments