Page Nav

HIDE

Grid

GRID_STYLE

ৰাজ্যৰ পৰ্যটন অৰ্থনীতিলৈ আশাৰ ৰেঙণি

কাজিৰঙাত তিনি মাহত লক্ষাধিক পৰ্যটক: অসম, উত্তৰ-পূবৰ অধিক    .......পৰ্যটন ক্ষেত্ৰখনত নতুনত্ব আনি থলুৱা পৰ্যটকে ভিৰ কৰিলেহি ...... কাজিৰঙাৰ প...


কাজিৰঙাত তিনি মাহত লক্ষাধিক পৰ্যটক: অসম, উত্তৰ-পূবৰ অধিক 
 

.......পৰ্যটন ক্ষেত্ৰখনত নতুনত্ব আনি থলুৱা পৰ্যটকে ভিৰ কৰিলেহি ......

কাজিৰঙাৰ পৰা বিতোপন মাজি: 

ৰাজ্যৰ পৰ্যটন উদ্যোগটোক জীপাল কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন  লক্ষাধিক পৰ্যটকৰ ৷ ক’ভিড ভীতিৰ মাজতে ক’ভিড প্ৰ’ট’কল মানি যোৱা ২১ অক্টোৱৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰাৰ প্ৰথম তিনিটা মাহতে দৰ্শন কৰিলে লক্ষাধিক পৰ্যটকে৷ অৰ্থাৎ ২০২০ -২১ পৰ্যটন বৰ্ষত কাজিৰঙা পৰ্যটন ক্ষেত্ৰই অতিক্ৰম কৰিলে অতি গুৰুত্বপূৰ্ণ তিনিটা মাহ৷ গুৰুত্বপূৰ্ণ এই প্ৰথম তিনিটা মাহতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিলে এক লাখ দহ হাজাৰতকৈ অধিক পৰ্যটকে৷ বিশ্বজুৰি বিভীষিকাৰ সৃষ্টি কৰা কৰণাৰ আশংকাৰ মাজত আৰম্ভ কৰা ২০২০-২১ পৰ্যটন বৰ্ষই প্ৰথম অৱস্থাত গভীৰ অনিশ্চয়তাৰ সৃষ্টি কৰিছিল ৷ সময় বাগৰাৰ লগে লগে পৰ্যটন ক্ষেত্ৰখনত নতুনত্ব আনি থলুৱা পৰ্যটকে ভিৰ কৰিলেহি কাজিৰঙাত ৷ 

এইবাৰ কাজিৰঙা ভ্ৰমণ কৰা অধিকাংশ পৰ্যটকেই অসমৰ৷ অতি নগন্য সংখ্যক কাষৰীয় দুই এক ৰাজ্যৰ বিপৰীতে বিদেশী পৰ্যটকৰ সংখ্যা ১৭৫ জন মানহে ৷আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা মুকলি কৰিলে বিদেশী পৰ্যটক আগমনৰ আশা

উল্লেখ্য, চলিত পৰ্যটন বৰ্ষৰ অহা ৩১ মাৰ্চলৈকে এক লাখ পঁচিশ হাজাৰ পৰ্যটক আগমনৰ আশা প্ৰকাশ কৰিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটকৰ কাজিৰঙা দৰ্শন কৰিবলৈ কৰা ভিৰৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কেৱল মাত্ৰ তিনিমাহতে লাভ কৰিলে এক লাখ দহ হাজাৰ পৰ্যটকসহ দুই কোটি ছয় লাখ টকাৰ অধিক ৰাজহ৷ উল্লেখ্য, এইবাৰ কাজিৰঙা ভ্ৰমণ কৰা অধিকাংশ পৰ্যটকেই অসমৰ৷ অতি নগন্য সংখ্যক কাষৰীয় দুই এক ৰাজ্যৰ বিপৰীতে বিদেশী পৰ্যটকৰ সংখ্যা ১৭৫ জন মানহে ৷ আনহাতে চলিত পৰ্যটন বৰ্ষত ভোমোৰাগুৰিৰ নদী পৰ্যটনেও লাভ কৰিছে ব্যাপক সঁহাৰি৷ কাজিৰঙাৰ কাষৰীয় কলিয়াবৰৰ ভোমোৰাগুৰিত ব্ৰহ্মপুত্ৰৰ বুকুত আৰম্ভ কৰা নদী পৰ্যটনত  ইতিমধ্যে সোতৰ হাজাৰ পৰ্যটকে আনন্দ লৈছে নদী পৰ্যটনৰ৷ অহা মাহৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা মুকলি কৰিলে বিদেশী পৰ্যটক আগমনৰ আশা প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

No comments