Page Nav

HIDE

Grid

GRID_STYLE

পেলিয়’চিন যুগৰ পৰা একবিংশ শতিকালৈ... অযুত প্ৰত্যাহ্বান নওচি বৰ্তি আছে যি

অনুমিত্ৰা ফুকনঃ হাতী -- বৃহৎ শৰীৰ এটা লৈ গহীন-গম্ভীৰ ভাৱে কৰা চলন-ফুৰণে মনত সদায় এক সমীহ ভাৱৰ উদ্ৰেক কৰে নহয়নে ; সেই যেন ত্ৰায়’চিক যুগৰ এতিয়...


অনুমিত্ৰা ফুকনঃ

হাতী -- বৃহৎ শৰীৰ এটা লৈ গহীন-গম্ভীৰ ভাৱে কৰা চলন-ফুৰণে মনত সদায় এক সমীহ ভাৱৰ উদ্ৰেক কৰে নহয়নে ; সেই যেন ত্ৰায়’চিক যুগৰ এতিয়াও ৰহস্যময় হৈ থকা দাইন’চ’ৰাচৰ পৃথিৱীখনলৈ মনত পেলাই দিয়ে। আজিৰ পৰা ৬০ মিলিয়ন বছৰৰো আগৰ পেলিয়’চিন যুগতেই পৃথিৱীত বসতি কৰিবলৈ আৰম্ভ কৰা Proboscidae অৰ্থাৎ শূৰযুক্ত প্ৰাণীসমূহৰ ভিতৰত কেৱল মাত্ৰ হাতীয়েই হৈছে বৰ্তমান পৃথিৱীত উপলব্ধ প্ৰাণী। পৃথিৱীৰ বিভিন্ন অঞ্চলৰ পৰা উদ্ধাৰ হোৱা প্ৰাগ্‌ঐতিহাসিক যুগৰ (জীৱাশ্ম) ফছিল তথা ফছিলৰ ধ্বংসাৱশেষ সমূহে প্ৰমান কৰে যে অতীতৰ বিভিন্ন সময়ত পৃথিৱীত বসবাস কৰা সেই শূৰযুক্ত তৃণভোজী প্ৰাণী সমূহৰ শৰীৰৰ আকাৰ বৰ্তমান আমি দেখা হাতীতকৈ বহুগুণে ডাঙৰ আছিল। কিন্তু লাহে লাহে বিভিন্ন কাৰকৰ প্ৰভাৱত এই প্ৰাণীবোৰৰ কিছুমান পৃথিৱীৰ পৰা সম্পূৰ্ণৰূপে লুপ্ত হৈ গ’ল আৰু বিৱৰ্তন হৈ সলনি হ’বলৈ আৰম্ভ কৰা প্ৰাকৃতিক পৰিৱেশৰ লগত সংগতি ৰাখি কিছুমান প্ৰাণীৰ বিৱৰ্তন হৈ বৰ্তমান আমি দেখিবলৈ পোৱা আকাৰৰ হাতীৰ উৎপত্তি হ’লগৈ।

এছিয়ান আৰু আফ্ৰিকানঃ 

বৰ্তমান পৃথিৱীত স্থলচৰ প্ৰাণী সমূহৰ ভিতৰত সৰ্ববৃহৎ প্ৰাণী হাতী মূলতঃ দুই প্ৰকাৰৰ এছিয়ান আৰু আফ্ৰিকান। অঞ্চলবিশেষে আফ্ৰিকান হাতীৰ মাজতে থকা কিছুমান বৈশিষ্টৰ ভিন্নতাৰ বাবে ইহঁতক আকৌ দুটা প্ৰজাতিত ভাগ কৰা হৈছে : আফ্ৰিকান অৰণ্য অঞ্চলৰ হাতী (African Forest Elephant) আৰু আফ্ৰিকান জোপোহা তথা ঘাহঁনি অঞ্চলৰ হাতী (African Bush Elephant/African Savannah Elephant)। জেনেটিক পৰীক্ষা-নিৰীক্ষাত প্ৰমাণিত হৈছে যে আফ্ৰিকান অৰণ্যৰ হাতী আৰু জোপোহা তথা ঘাহঁনি অঞ্চলৰ হাতীৰ মাজত থকা জেনেটিক পাৰ্থক্য এতিয়াৰ পৰা মিলিয়ন বছৰৰ আগতেই আহি পৰিছিল যাৰ ফলত সিহঁতৰ শাৰীৰিক পাৰ্থক্যবোৰৰ সৃষ্টি হৈছিল। আফ্ৰিকান জোপোহা তথা ঘাহঁনি অঞ্চলৰ হাতীৰ আকাৰ সকলোতকৈ বৃহৎ। ইহঁতৰ উচ্চতা প্ৰায় ১৩ ফুটলৈকে হোৱা দেখা যায়। এছিয়ান আৰু আফ্ৰিকান হাতীৰ মূল শাৰিৰীক পাৰ্থক্যৰ উৎস হ’ল- কাণৰ আকাৰ, কপালৰ আকৃতি, দীঘল দাঁত (Tusk)ৰ উপস্থিতি, হূঁৰত থকা আঙুঠিৰ সংখ্যা (ring count), ভৰিৰ নখৰ সংখ্যা (toenail count), নেজৰ আকাৰ আৰু দৈৰ্ঘ, পিঠিৰ ভাঁজৰ আকৃতি। আফ্ৰিকান হাতীৰ মতা আৰু মাইকী দুয়োটাৰ ক্ষেত্ৰতে দীঘল দাঁত থকা দেখা যায় কিন্তু এছিয়ান হাতীৰ কেৱল মতাবোৰ হে দঁতাল হয়। পাৰিৱেশিক গুৰুত্বৰ দিশৰ পৰা হাতী অতি গুৰুত্বপূৰ্ণ প্ৰাণী। ইহঁতেই আছলতে বসবাস কৰা বনাঞ্চল সমূহৰ লগতে তাত বাস কৰা অন্য জীৱ সমূহকো ৰক্ষনাৱেক্ষণ দিয়ে আৰু জীৱসমূহৰ বৃদ্ধি তথা বিকাশত সহায় কৰে। 

সামাজিক বান্ধোনৰ ক্ষেত্ৰত হাতী অতি স্পৰ্শকাতৰ প্ৰাণী। বহু সময়ত সিহঁতে এটাই আনটোৰ সহায়ৰ সাৰথি হোৱাৰ পৰিলক্ষিত হয়। হাতীৰ অনুভৱ শক্তি আৰু জ্ঞান যথেষ্ট উচ্চ ক্ষমতাসম্পন্ন। সিহঁতৰ নিজৰ মাজত আৰু চাৰিওকাষৰ পৰিৱেশৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ স্পৰ্শ, গোন্ধ, দৃষ্টিশক্তি আৰু শব্দ এই আটাইকেইটা অনুভূতিয়েই ব্যৱহাৰ কৰে। সাধাৰণ মানুহৰ শ্ৰৱন ক্ষমতাৰ বাহিৰৰ অতি নিম্ন কম্পনাংক (low frequency) ৰ অৱশব্দ (infrasound) ও হাতীয়ে শুনাৰ ক্ষমতা থাকে। বন্য হাতীৰ স্বভাৱ আৰু জীৱন ধাৰন প্ৰণালীৰ বিষয়ে এতিয়াও বহু তথ্য আৱিষ্কাৰ হ’বলৈ বাকী আৰু ই গৱেষণাৰ এক আকৰ্ষণীয় বিষয়। এতিয়ালৈকে আৱিষ্কৃত তথ্য মতে অতি আশ্চৰ্যকৰভাৱে বন্য হাতীয়ে জীৱন ধাৰণৰ বাবে কিছুমান সামাজিক নিয়ম-কানুন মানি চলে। ইহঁতে বসবাস কৰা বিশেষধৰণৰ সামাজিক ব্যৱস্থাটোক fisson-fusion society বুলি কোৱা হয়। এই ব্যৱস্থাৰ মতে হাতীৰ বহুতো পৰিয়াল একেলগে দলবান্ধি থাকে। দলটোত সদস্যৰ সংখ্যা সাল-সলনি হৈ থাকে, কেতিয়াবা নতুন পৰিয়াল তথা সদস্যই আহি দলত যোগদান (fusion) কৰে আৰু কেতিয়াবা কেইবাজনো সদস্যই এই দলৰ পৰা আতঁৰি (fisson) গৈ আকৌ এটা নতুন দল গঠন কৰি বসবাস কৰিবলৈও ল’ব পাৰে। মাইকী হাতী আৰু পোৱালি হাতীবোৰে প্ৰায়ে এইধৰণৰ দল বান্ধি থাকে। দলত গুৰি ধৰোতা মতা হাতী নেথাকিলে আটাইতকৈ বয়সীয়া মাইকী হাতীজনীকেই দলটোৰ মুৰব্বী হিচাপে মানি লোৱা হয়। প্ৰাপ্তবয়স্ক মতা হাতী বা মখনাই এই দলৰ পৰা ওলাই গৈ অকলশৰীয়াকৈ থাকিবলৈ লয় আৰু প্ৰজননৰ সময়তহে এইধৰণৰ দলবোৰত বসবাস কৰিবলৈ লয়হি। হাতীৰ গৰ্ভাৱস্থাৰ সময় (Gestation period) প্ৰায় দুবছৰ আৰু ৪ ৰ পৰা ৬ বছৰৰ মুৰে মুৰেহে হাতীয়ে গৰ্ভধাৰণ কৰিব পাৰে। হাতীৰ একোটাহঁত দলৰ সকলো সদস্যই লগলাগি পোৱালীবোৰৰ ৰক্ষণা-বেক্ষণ দিয়া দায়িত্ব অতি নিয়াৰিকৈ পালন কৰে। 

আমি সকলোৱে জানো যে দঁতাল হাতীৰ দীঘল দাঁতদুটা সিহঁতে বিভিন্ন কামত ব্যৱহাৰ কৰে। এই বাহিৰৰ পৰা দৃষ্টিগোচৰ হৈ থকা দীঘল দাঁত (incisor)দুটাৰ সৈতে হাতীৰ মুখৰ ভিতৰত মুঠ ২৬ টা দাঁতৰ বিন্যাস থাকে আৰু খাদ্য চুবোৱা দাঁত (molar) বোৰ ৬ বাৰলৈকে সৰে আৰু গজে, যিটো মানুহৰ ক্ষেত্ৰত মাত্ৰ দুবাৰহে হয়। এই দাঁত সৰা প্ৰক্ৰিয়াৰ ওপৰত ভিত্তি কৰিয়েই হাতীৰ বয়স গণনাও কৰিব পাৰি। দঁতাল হাতীৰ মাখনৰঙী মূল্যবান দীঘল দাতঁদুটাৰ ওপৰত ভিত্তি কৰিয়েই অতীজৰে পৰা সমগ্ৰ পৃথিৱীতে চলি আহিছে হাতীৰ দাঁতৰ ৰমৰমীয়া ব্যৱসায়। সেইকাৰণেই হেজাৰ হেজাৰ হাতীয়ে চিকাৰীৰ হাতত প্ৰাণ হেৰুৱাই আহিছে। হাতী চিকাৰ এসময়ত ৰজা-মহাৰজা আৰু ধনী জমিদাৰ সকলৰ বাবে ৰং-ৰহইচ আৰু বল-ক্ষমতা প্ৰদৰ্শনৰো উৎস আছিল। তাৰোপৰি বিভিন্ন কামত ব্যৱহাৰৰ বাবে বনৰীয়া হাতী ধৰি সিহঁতক অমানুষিক উপায়েৰে প্ৰশিক্ষন দি সেই কামৰ বাবে উপযুক্ত কৰি তোলাটো বহু প্ৰচলিত প্ৰথা। চাৰ্কাচ আদিত মানুহৰ মনোৰঞ্জন কৰিবৰ বাবেও বহু হাতীক ব্যৱহাৰ কৰা হৈছিল। এই ধৰণৰ মানুহৰ প্ৰয়োজন পুৰাবৰ বাবেই কিমান যে বন্য হাতীক পোহনীয়া কৰি তুলি সিহঁতৰ প্ৰাকৃতিক জীৱনৰ পৰা বঞ্চিত কৰা হৈছিল তাৰ হিচাপ কৰা কঠিন।

বিশালকায় দেহৰ অধিকাৰী হাতীৰ একো একোটা দলক চলন-ফুৰণ, বসবাস আৰু খাদ্যৰ আহৰণৰ বাবে এক বৃহৎ এলেকাৰ দৰকাৰ হয়। সাধাৰণতে হাতীয়ে এখন বনাঞ্চলৰ পৰা ওচৰৰ সংযুগী বনাঞ্চললৈ চলা-ফুৰা কৰিবলৈ কিছুমান নিৰ্দিষ্ট হাবিতলীয়া পথ ব্যৱহাৰ কৰে, এই পথ বোৰক হাতীৰ corridor বা হস্তী দণ্ডী বুলি কোৱা হয়। ২০১২ চনৰ জৰীপৰ পৰা WTI (Wildlife Trust of India) য়ে প্ৰকাশ কৰা তথ্য মতে গোটেই ভাৰতবৰ্ষতে মুঠ ১০১ টা হাতীৰ corridor আছে, ইয়াৰ ভিতৰত ২৩ টা corridor উত্তৰ-পূব ভাৰতৰ ৰাজ্য কেইখন সংযুগী। হাতীৰ বাসোপযুক্ত বনাঞ্চল সমুহ ধ্বংসৰ লগতে এই নিৰ্দিষ্ট corridor সমূহৰ ক্ৰমাগত উচ্চেদ আৰু বিচ্ছিন্নকৰণে (fragmentation) বৰ্তমান এই বৃহৎ প্ৰাণীবিধৰ বাবে বাসস্থান আৰু খাদ্যৰ নাটনি সৃষ্টি কৰিছে। উপযুক্ত খাদ্য আৰু বাসস্থানৰ অভাৱত হাতীয়ে বনাঞ্চলৰ দাতিকাষৰীয়া অঞ্চলৰ খেতিৰ শস্য খোৱা আৰু জনবসতিপূৰ্ণ অঞ্চলত খাদ্য বিচাৰি ঘৰ-বাৰী নষ্ট কৰা আদি কিছুমান নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে। ফলত প্ৰচুৰ মাত্ৰাত হাতী আৰু মানুহৰ সংঘাত বাঢ়ি আহিছে আৰু নামি আহিছে হস্তীকূলৰ লগতে মানুহৰো জীৱনলৈ বিপৰ্যয়। আজি অসমতো বিভিন্ন অঞ্চলত হাতী আৰু মানুহৰ সংঘাত লক্ষনীয় ভাৱে বৃদ্ধি পাইছে। 

অধিক মাত্ৰাত হ্ৰাস হাতীৰ সংখ্যাঃ

এইদৰে বিভিন্ন বিপদৰ সন্মুখীন হৈ পাৰ হৈ যোৱা শতিকাটোত সমগ্ৰ এছিয়ান হাতীৰে সংখ্যা ৫০% তকৈ অধিক মাত্ৰাত হ্ৰাস পালে। একে সময়তে অবাধ চিকাৰ আৰু বাসস্থান ধ্বংসৰ বাবে আশীৰ দশকত আফ্ৰিকান হাতীৰ প্ৰায় ৭০% ৰো অধিক সংখ্যকেই পৃথিৱীৰ পৰা হেৰাই গৈছিল কিন্তু ২০০৫-২০০৬ চনৰ জৰীপে ক্ৰমান্বয়ে ইহঁতৰ জনসংখ্যা কিছু বৃদ্ধি হোৱাটো সূচায়। ২০০৮ চনত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণকাৰী সংস্থা (IUCN) য়ে আফ্ৰিকান হাতীক ক্ৰমাগতভাৱে বিপদাপন্ন হ’বলৈ গৈ থকা (vulnerable) প্ৰাণী আৰু এছিয়ান হাতীক বিপদাপন্ন (Endangered) প্ৰাণী হিচাপে স্বীকৃতি দিয়ে। ২০১২ চনত TRAFFIC ( Wildlife Trade Monitoring Network) নামৰ লণ্ডনস্থিত বেচৰকাৰী সংস্থান এটাই প্ৰকাশ কৰা প্ৰতিবেদন মতে প্ৰতি দিনে চিকাৰীৰ হাতত প্ৰাণ হেৰুৱা আফ্ৰিকান হাতীৰ সংখ্যা ৫৫ টাতকৈ অধিক। সমগ্ৰ পৃথিৱীতে হস্তীকূলৰ সংৰক্ষণ আৰু সুৰক্ষাৰ সজাগতাৰ বাবে উচৰ্গা কৰি থাইলেণ্ডৰ ৰাণী চিৰিকিতৰ পৃষ্ঠপোষকতাত ১৯৯৬ ত গঢ়ি উঠা Elephant Reintroduction Foundation নামৰ এক বেচৰকাৰী সংস্থা আৰু When Elephants Were Young (2016), Return to the Forest (2012) আদিৰ দৰে হাতীৰ তথ্যসমৃদ্ধ কিতাপৰ লিখক তথা তথ্যচিত্ৰ নিৰ্মাতা পেট্ৰিছিয়া চিম্‌সৰ সন্মিলিত প্ৰচেষ্টাত ২০১২ চনৰ পৰা ১২ আগষ্ট দিনটো প্ৰতি বছৰে বিশ্ব হস্তী দিৱস হিচাপে পালন কৰিবলৈ লোৱা হয়। বৰ্তমান ভাৰতত মুঠ ৩০ খন বনাঞ্চল হাতীৰ বাবে সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰা হৈছে আৰু লগতে ভাৰত চৰকাৰে হাতীৰ গৱেষণা আৰু সংৰক্ষণৰ বাবে বিভিন্ন প্ৰকল্প আৰম্ভ কৰিছে। হাতী আৰু মানুহৰ সংঘাত কমাবলৈও বিভিন্ন উপায় উদ্ভাৱন কৰি অঞ্চল বিশেষে কাৰ্য্যকৰী কৰাটোও অতি দৰকাৰী। এই ক্ষেত্ৰত বিভিন্ন অঞ্চলৰ বন-বিভাগ আৰু চৰকাৰী-বেচৰকাৰী সংস্থানে কিছু ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু প্ৰতি বছৰে ৰেইলৰ খুন্দাত আহত হৈ বা লাইনত কটা গৈ অথবা বিদ্যুৎপৃষ্ট হৈ মৃত্যু হোৱাৰ দৰে শোকাৱহ ঘটনাৰ লগতে কিছুদিনৰ আগতে ভাৰতৰ কেৰেলাত মানুহৰ বৰ্বৰতাই হত্যা কৰা সেই গৰ্ভৱতী হাতীজনীৰ দৰে কাহিনীৰ পুণৰাবৃত্তি হোৱাতো আমি কেতিয়াও নিবিচাৰো। সেয়েহে এইক্ষেত্ৰত আইন কানুন প্ৰনয়নত কঠোৰতা অৱলম্বন কৰা আৰু গনসজাগতা কাৰ্য্যকৰী কৰাৰ অতি প্ৰয়োজনীয়তা আছে। 

হাতী মেৰে সাথী।

আমাৰ আপোন হাতী সংৰক্ষণৰ পদক্ষেপ লও আহক।

No comments