Page Nav

HIDE

Grid

GRID_STYLE

কাৰ্বি আংলঙৰ গ্ৰাম্য অৰ্থনীতিলৈ প্ৰত্যাহ্বান

গাঁৱে গাঁৱে দিনে-নিশাই বন্যপ্ৰাণী .......বিগত কেবা মাহ ধৰি প্ৰায় এশ জনীয়া হাতীৰ এটা জাকে নিশা বৃহত্তৰ খেৰণি অঞ্চলৰ বগৰীঘাট, দাসবস্তি, মাজবস্...


গাঁৱে গাঁৱে দিনে-নিশাই বন্যপ্ৰাণী

.......বিগত কেবা মাহ ধৰি প্ৰায় এশ জনীয়া হাতীৰ এটা জাকে নিশা বৃহত্তৰ খেৰণি অঞ্চলৰ বগৰীঘাট, দাসবস্তি, মাজবস্তি, বাগিছাডুবি, মাটিখোলা, খেৰণি কছাৰী গাওঁ আদি গাঁৱত সন্ত্ৰাস সৃষ্টি কৰি ৰাইজৰ নিদ্ৰা হৰণ কৰি আহিছে.....কেৱল নিশাৰ ভাগত নহয়, দিন দুপৰীয়াও প্ৰায় এশ-ডেৰশ জনীয়া হাতীৰ এটা জাকে  অঞ্চলবাসীক হাৰাশাস্তি কৰি আহিছে.....

খেৰণিৰ পৰা কনক দেউৰী

অসমৰ কৃষি অৰ্থনীতিলৈ অনবদ্য বৰঙণি যোগাই আহিছে কাৰ্বি আংলং জিলাৰ কৃষকে। পিছে এই কৃষক সকল তথা জিলা খনৰ কৃষি-অৰ্থনীতিলৈ প্ৰত্যাহ্বান নমাই আনিছে বন্যপ্ৰাণী আক্ৰমনে। বিশেষকৈ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বনৰীয়া হাতীয়ে ধাৰাবাহিকভাৱে সৃষ্টি কৰি আহিছে অৱৰ্ণনীয় তাণ্ডৱ। খেৰণি বনাঞ্চলিক কাৰ্যালয় অন্তৰ্গত ৰানাইমাবিল গাঁৱত নিশা বৃহৎ বনৰীয়া হাতীৰ এটা জাকে কেবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ, ভঁৰাল আদি ভাঙি লণ্ডভণ্ড কৰে। লগতে বাৰীৰ তামোল-নাৰিকল, কুঁহিয়াৰ, কল গছ, ঘৰৰ বয়বস্তু আদি ভাঙি চিঙি বিস্তৰ ক্ষতি সাধন কৰে। আনকি নিশা হাতীৰ জাকটোয়ে ৰানাইমাবিল গাঁৱত একাংশ লোকৰ বাস গৃহত আক্ৰমণ চলায়। আনকি ঘৰ লণ্ডভণ্ড কৰি থকা অৱস্থাত প্ৰায় ডেৰ ঘণ্টা জোৰা সময়লৈকে শ্বাসৰুদ্ধভাৱে একোটা পৰিয়ালৰ সাত জনকৈ সদস্যই এটি সৰু কোঠাৰ ভিতৰত গৃহবন্দী হৈ থাকিবলগীয়াও হয়। গুৰুত্বপূৰ্ণ যে বিগত কেবা মাহ ধৰি প্ৰায় এশ জনীয়া হাতীৰ এটা জাকে নিশা বৃহত্তৰ খেৰণি অঞ্চলৰ বগৰীঘাট, দাসবস্তি, মাজবস্তি, বাগিছাডুবি, মাটিখোলা, খেৰণি কছাৰী গাওঁ আদি গাঁৱত সন্ত্ৰাস সৃষ্টি কৰি ৰাইজৰ নিদ্ৰা হৰণ কৰি আহিছে। কেৱল নিশাৰ ভাগত নহয়, দিন দুপৰীয়াও প্ৰায় এশ-ডেৰশ জনীয়া হাতীৰ এটা জাকে  অঞ্চলবাসীক হাৰাশাস্তি কৰি আহিছে। দিনৰ পোহৰত জাকটোয়ে কুঁহিয়াৰ খেতিৰ মাজত আশ্ৰয় লৈ থকাৰ ফলত কৃষক ৰাইজে কৃষি কাৰ্যও সম্পাদন কৰিব নোৱাৰা হৈছে, যাৰ বাবে এতিয়া কৃষক ৰাইজে মূৰে কপালে হাত দিবলগীয়াত পৰিছে। বিপৰীতে সন্ধ্যা হোৱা মাত্ৰকেই হাতীৰ জাকটোয়ে কেবাটাও ভাগত বিভক্ত হৈ গাঁৱে গাঁৱে প্ৰৱেশ কৰি বাসগৃহ, বয়বস্তু ভাঙি চিঙি লণ্ডভণ্ড কৰাৰ লগতে শাক পাচলিৰ খেতি, পথাৰ পকা ধান, কুঁহিয়াৰ আদি খাই-গচকী তহিলং কৰি আহিছে। হাতীৰ জাকটোক লৈ এতিয়া আতংকিত গাঁওবাসী আৰু কৃষক ৰাইজ। হাতীৰ অত্যাচাৰত কৃষি কাৰ্যৰ বিস্তৰ ক্ষতি হৈছে। জিলাখনৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটিত আঘাত পৰিছে। গাঁৱে গাঁৱে দিনে ৰাতিয়ে দীৰ্ঘ দিনৰ পৰা সন্ত্ৰাস সৃষ্টি কৰি অহা হাতীৰ জাকটোক জনাঞ্চলৰ পৰা বনাঞ্চললৈ খেদি পঠিওৱাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে  বন বিভাগ। উল্লেখযোগ্য যে একাংশ গঞা-কৃষক ৰাইজে উপায়ন্তৰ হৈ খেৰণি বন কাৰ্যালয়ত উপস্থিত হৈ শীঘ্ৰে ব্যৱস্থা গ্ৰহণ তথা পৰিত্ৰাণৰ কাবৌ প্ৰাৰ্থনাও কৰা পৰিলক্ষিত হৈছে।  বন বিভাগে এই ক্ষেত্ৰত কেতিয়া কঠোৰ ব্যৱস্থা লব সেয়া তাৎপৰ্যপূৰ্ণ।


No comments