Page Nav

HIDE

Grid

GRID_STYLE

সহযাত্ৰী হওঁক ৰক্তময় 'ফেব্ৰুৱাৰী,১৯৮৩'-ৰ মাহযোৰা চৰ্চাৰ...

প্ৰকাশ হ'ব, চহিদ-কথা আৰু গহপূৰ-ধূলা-চাউলখোৱা-নেলী-গোৰেশ্বৰ-বিষ্ণুপূৰ-চিলাপথাৰ আদি গণহত্যাৰ  বিষয়ে  . .... সমগ্ৰ অসম আন্দোলনৰ ভিতৰত '...


প্ৰকাশ হ'ব, চহিদ-কথা আৰু গহপূৰ-ধূলা-চাউলখোৱা-নেলী-গোৰেশ্বৰ-বিষ্ণুপূৰ-চিলাপথাৰ আদি গণহত্যাৰ  বিষয়ে 

..... সমগ্ৰ অসম আন্দোলনৰ ভিতৰত 'ফেব্ৰুৱাৰী,১৯৮৩' মাহটোৱেই আছিল আন সময়তকৈ পৃঠক.... সেয়ে আমি বিশেষভাৱে এই মাহটোৰ ঘটনাৰাজি-পৰিস্থিতিক ২০২১ চনৰ ফেব্ৰুৱাৰীত চাব বিচাৰিছো.....বিগত দিনত প্ৰকাশ নোহোৱা বহু তথ্যৰে সমাহাৰ ঘটিব আমাৰ এই আয়োজনত... আপুনি নিশ্চয় আমাৰ সহযোগীত হ'ব....

 সম্পাদকীয় :

VOl-1 ISSUE-4

বিদেশী বহিষ্কাৰ আন্দোলন বা অসম আন্দোলনৰ বিষয়ে অধ্যয়ন নকৰাকৈ অসমৰ সাম্প্ৰতিক ৰাজনৈতিক-সামাজিক-অৰ্থনৈতিক পৰিস্থিতি তথা অৱস্থানৰ বিচাৰ বিশ্লেষণ সম্পূৰ্ণ নহয়। ছবছৰ ধৰি চলা পৃথিৱীৰ বিৰল সেই ছাত্ৰ-নেতৃত্বাধীন আন্দোলনে কেৱল ৰাজ্যৰ বিদেশী সমস্যা সমাধানৰ দাবীকে জোৰদাৰ কৰা নাছিল। অসম আন্দোলনৰ মাজেৰেই প্ৰকাশ ঘটিছিল অসমীয়াৰ আত্মপৰিচয় কিম্বা অস্তিত্বৰ সুৰক্ষাৰ শংকা। জনতাই প্ৰকাশ কৰিছিল ৰাজ্যখনে দীৰ্ঘকাল ভোগ কৰি থকা অৰ্থনৈতিক সমস্যা, উন্নয়নত কেন্দ্ৰৰ অৱজ্ঞা-অৱহেলা, ৰাজ্যৰ সম্পদ লুণ্ঠন-নিবনুৱা সমস্যা-জাতীয় পৰিচয়-অস্তিত্বৰ সংকটৰ প্ৰসংগও। পিছে আন্দোলন চলি থকাৰ মাজতে কেন্দ্ৰই অসমত জাপি দিছিল নিৰ্বাচন। ১৯৮৩ চনৰ ফেব্ৰুৱাৰী মাহত নিৰ্বাচন অনুস্থিত কৰাৰ ঘোষণাৰ পিছতেই অগ্নিগৰ্ভা হৈ উঠিছিল অসম। আৰু ১ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যখন হৈ উঠিছিল ৰক্তময়। ফেব্ৰুৱাৰীতেই হাজাৰ হাজাৰ জনৰ তেজেৰে নিজৰা বৈ গৈছিল অসমৰ বিভিন্ন প্ৰান্তত। কৰবাত যদি আৰক্ষী-নিৰপত্তাৰক্ষীৰ গুলিয়ে আন্দোলনকাৰীৰ বুকু ভেদিছে, লাঠি-বুটজোতাৰে দেহ নিথৰ কৰি দিছে। কৰবাত আকৌ আন্দোলনকাৰীয়ে দলে বলে গৈ  'বিদেশী' বুলি চিহ্নিত বাংলাভাষী হিন্দু-মুছলিম বিভিন্ন গাঁৱত আক্ৰমন কৰি হত্যালীলা-অগ্নিসংযোগ কৰিছে। আনকি জনজাতীয় গাঁৱতো আন্দোলনকাৰীয়ে আক্ৰমন কৰি হত্যালীলা-অগ্নিসংযোগ কৰিছিল। গহপুৰ, চাউলখোৱা চাপৰি, নেলী, বৰবৰী, গোৰেশ্বৰ, খৈৰাবাৰী, বাধাকৰা, ধেমাজীৰ বিষ্ণুপূৰ, চিলাপথাৰ আদি এলেকাত গণহত্যা সংঘটিত হৈছিল। এই আক্ৰমন কৰবাত সাম্প্ৰদায়িক ৰূপত, কৰবাত ভাষিক বিদ্বেষ ৰূপত আৰু কৰবাত জনজাতীয় বিদ্বেষী ৰূপত সংঘটিত হৈছিল। ফলত পৰৱৰ্তী কালত অসমৰ গোষ্ঠীগত সামাজিক দূৰত্ব বৃদ্ধি হল। প্ৰভাৱ পৰিল ৰাজ্যৰ সামাজিক-অৰ্থনৈতিক-ৰাজনৈতিক ক্ষেত্ৰত।

.....সমগ্ৰ অসম আন্দোলনৰ ভিতৰত 'ফেব্ৰুৱাৰী,১৯৮৩' মাহটোৱেই আছিল আন সময়তকৈ পৃঠক.... সেয়ে আমি বিশেষভাৱে এই মাহটোৰ ঘটনাৰাজি-পৰিস্থিতিক ২০২১ চনৰ ফেব্ৰুৱাৰীত চাব বিচাৰিছো.....বিগত দিনত প্ৰকাশ নোহোৱা বহু তথ্যৰে সমাহাৰ ঘটিব আমাৰ এই আয়োজনত... আপুনি নিশ্চয় আমাৰ সহযোগীত হ'ব....


 একালৰ বৃহত্তৰ অসমীয়া জাতিগঠন প্ৰক্ৰিয়াত বাধা পৰিল। সেই প্ৰভাৱ আজিও আছে। পিছে সেই সংঘাতময় দিনবোৰে জাগ্ৰত কৰি ৰখা অযুত প্ৰশ্নৰ সমাধান আৰু ভুলৰ শুধৰণি অবিহনে অসমৰ ভৱিষ্যৎ মসৃণ নহয়। নতুন প্ৰজন্মই সেই সংঘাতপিষ্ট সময়বোৰ নজনাকৈ আজিৰ ৰাজনীতি-সমাজ অধ্যয়ণ আধৰুৱা হ'ব। সেয়ে আমি www.versatilestory.com য়ে ফেব্ৰুৱাৰী মাহটোত "১৯৮৩-ৰ ফেব্ৰুৱাৰী"ত সংঘটিত ঘটনাৰ বিস্তৃত চৰ্চা কৰি। থাকিব ক্ষেত্ৰভিতিক প্ৰতিবেদন, লিখনি আদি। সমগ্ৰ অসম আন্দোলনৰ ভিতৰত 'ফেব্ৰুৱাৰী,১৯৮৩' মাহটোৱেই আছিল আন সময়তকৈ পৃঠক, সেয়ে আমি বিশেষভাৱে এই মাহটোৰ ঘটনাৰাজি-পৰিস্থিতিক ২০২১ চনৰ ফেব্ৰুৱাৰীত চাব বিচাৰিছো। বিগত দিনত প্ৰকাশ নোহোৱা বহু তথ্যৰে সমাহাৰ ঘটিব আমাৰ এই আয়োজনত। আপুনি নিশ্চয় আমাৰ সহযোগীত হ'ব। মাহটোৰ প্ৰতি দেওবাৰে প্ৰকাশ হ'ব লেখাবোৰ। আপুনিও দিব পাৰে ফেব্ৰুৱাৰী,১৯৮৩ ৰ ঘটনা সম্পৰ্কীয় লেখা। 

সম্পাদনা সমিতিৰ হৈ--

 দিগন্ত শৰ্মা 

www.versatilestory.com 

(Vol-1 Issue-4 )

No comments