কঠোৰ শ্ৰমেৰে অভাৱগ্ৰস্ত পৰিয়ালৰ নাৰীয়ে গঢ়িছে অৰ্থনীতিৰ বুনিয়াদ ...চাৰি-পাঁচগৰাকী মহিলাই একেলগে গাড়ী ভাৰা কৰি সত্তৰ- আাশী কিলোমিটাৰ বাট গা...
কঠোৰ শ্ৰমেৰে অভাৱগ্ৰস্ত পৰিয়ালৰ নাৰীয়ে গঢ়িছে অৰ্থনীতিৰ বুনিয়াদ
...চাৰি-পাঁচগৰাকী মহিলাই একেলগে গাড়ী ভাৰা কৰি সত্তৰ- আাশী কিলোমিটাৰ বাট গাড়ীৰ পিচফালে থিয় হৈ আহে…
দিগন্ত শৰ্মা
গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ উজান বজাৰ অঞ্চলৰ এটি পথৰ দাঁতিত বহি শাক-পাচলি, ফল-মূল বিক্ৰী কৰি আছিল এগৰাকী মহিলাগৰাকীই। প্ৰায় চল্লিশবছৰ বয়সীয়া জানকী ৰাভা নামৰ মহিলাগৰাকী ঘৰ কামৰূপ গ্ৰাম্য জিলাৰ বকো অঞ্চলৰ নিকটৱৰ্তী কায়ষ্ঠপাৰা গাৱঁত।
"পুৱা চাৰি- পাঁচমান বজাতে ঘৰৰ পৰা আহি কোনোমতে ন বজাতহে বজাৰখন পাতিব পাৰিলো৷ পুৱাই আমি মহিলাবোৰে শাক-পাচলি, ফল-মূলৰ বস্তাবোৰ গাড়ীত তোলো। একেলগে চাৰি-পাঁচগৰাকী মহিলাই একোখন গাড়ী ভাৰাত লওঁ। সামগ্ৰীৰ বস্তাবোৰৰ সৈতেই আমি গাড়ীৰ পিচফালে উঠি থিয় হৈ আহো। পূৱা আমাৰ গাঁৱৰ পৰা যাত্ৰা আৰম্ভ কৰিলে পুৱা আঠ মান বজাত গূৱাহাটী উজানবজাৰ পাওঁ। ইয়াতে আহি পথৰ দাঁতিত বস্তাবোৰ নমাই বজাৰ পাতোতে এঘণ্টামান লাগে। তাৰপিছত দিনটো সামগ্ৰীবোৰ বিক্ৰী কৰি আকৌ সন্ধিয়া ছটামান বজাত আমি উভটি যাওঁ। ঘৰ পাওঁতে আঠ-নটা বাজে। ভিতৰৰ গাঁৱৰ পৰা প্ৰায় সত্তৰ কিলোমিটাৰ পথ এইদৰেই আহি সামগ্ৰী বিক্ৰী কৰি আমি যিকেইটা ধন পাওঁ সেইকেইটাৰে আমি ঘৰ চলাওঁ।"...
প্ৰতিগৰাকী মহিলাই আছিল একো একোটি অভাৱগ্ৰস্ত পৰিয়ালৰ সদস্য, দৰিদ্ৰতাই পিষ্ট কৰা গ্ৰামাঞ্চলীয় লোক৷ কিন্তু কঠোৰ শ্ৰমেৰে কৰা এই কামৰ বাবে তেওঁলোকৰ জীৱনধাৰা প্ৰগতিৰ দিশে আগুৱাইছে
জানকীয়ে গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় আশী কিলোমিটাৰ দূৰৈৰ এই গাঁওখনৰ পৰা শাক-পাচলি, ফল-মূল লৈ আনি বিক্ৰী কৰিছে। পিছে কেৱল তেওঁয়েই নহয়, বকো অঞ্চলৰ বৃহত্তৰ শিঙৰা গাঁৱৰ দেৱজানী ৰাভা, পুতুলী ৰাভা, ৰেখামনি ৰাভা আদি বহু মহিলাই সপ্তাহত তিনি-চাৰিদিনকৈ সত্তৰ- আাশী কিল'মিটাৰ পথ অতি কষ্টৰে অতিক্ৰম কৰি আহে গুৱাহাটী মহাগৰলৈ। সকলোৰে উদ্দেশ্য- নিজ ঘৰত উৎপাদিত বা গাঁৱৰ ঘৰে ঘৰে উৎপাদিত বিভিন্ন শাক-পাচলি, কচু-ঢেঁকীয়া, আদা-হালধি, আলু, বিভিন্ন জাতৰ টেঙা, হাঁহ-পাৰ-কুকুৰা, ভিন্ন প্ৰকাৰৰ চাউল, কল-কুঁহিয়াৰ আদি লৈ আহি চহৰত বিক্ৰী কৰা ৷ কামৰূপ জিলাৰ বেলপাৰা, ৰাজাপাৰা, শিঙৰা , বক্ৰাফিৰা আদিৰ দৰে অঞ্চলৰ হাজাৰ হাজাৰ পৰিয়ালৰ, গ্ৰাম্যঞ্চলীয় জনতাৰ অৰ্থনৈতিক উত্তৰণৰ পথ নিৰ্মাণৰ কাহিনী এয়া। শিঙৰা গাঁৱৰ কবিতা ৰাভা নামৰ মহিলা গৰাকীয়ে ক'লে, 'আমি কেৱল নিজৰ ঘৰত উৎপাদিত সামগ্ৰীয়েই যে লৈ আহো তেনে নহয়, আমাৰ অঞ্চলটোৰ খেতিয়কসকলে ঘৰতে উৎপাদন কৰা সামগ্ৰীবোৰ সংগ্ৰহ কৰো। বিশেষকৈ মহিলাসকলে ঘৰত যিবোৰ সামগ্ৰী উৎপাদন কৰে সেইবোৰ আমি বিচাৰি কিনি আনো। সেইবোৰ গোটাই চাৰি-পাঁচগৰাকী মহিলাইএকেলগে গাড়ী ভাৰা কৰি সত্তৰ- আাশী কিলোমিটাৰ বাট গাড়ীৰ পিচফালে থিয় হৈ গুচি আহো। আমাৰ এই ব্যৱসায়ৰ ফলত গাঁৱৰ আন মানুহেও উৎপাদিত ফচলৰ এখন বজাৰ ঘৰতে লাভ কৰিছে। বিশেষকৈ মহিলাসকলে এই ক্ষেত্ৰত এঢাপ আগবাঢ়িছে। আগতে সামগ্ৰী উৎপাদন কৰিলেও বজাৰ নাছিল। দাম কম আছিল। এতিয়া আম ওলাই অহাৰ পৰা অন্য এখন বজাৰ সৃষ্টি হৈছে। আনকি এশ কিল'মিটাৰ দূৰৈৰ বজাৰলৈয়ো গৈ আমাৰ গাঁৱৰ মহিলাই এতিয়া সামগ্ৰী বিক্ৰী কৰে। কেৱল ঘৰৰ পুৰুষজনৰ ওপৰতি ওপৰতে নিৰ্ভৰ নকৰি আমি নিজৰ উপাৰ্জনৰ পথ উলিয়াইছো। আমাক একালত অভাৱে বৰ জুৰুলা কৰিছিল৷ কিন্তু এইদৰে শ্ৰম কৰি বজাৰমুখী হোৱাৰ পিছত আমাৰ পৰিয়ালবোৰৰ আৰ্থিক উন্নতি হৈছে৷ আামি নিজেও খেতি কৰিছো আৰু আন খেতিয়ককো বজাৰ দিছো৷ গাঁৱৰ দৰিদ্ৰ পৰিয়ালবোৰৰ এইদৰে উন্নতিৰ দিশত আগবাঢ়ি গৈছে৷ মোৰ দৰে কেইবাশ মহিলাই পৰিয়াল পৰিচালনা কৰি আছে এইদৰে।'
তাৎপৰ্যপূৰ্ণ যে, এইসকল মহিলাই অশেষ কষ্টৰে বিভিন্ন গ্ৰাম্যঞ্চলৰ অৰ্থনীতিৰ বুনিয়াদ গঢ়ি তুলিছে।প্ৰতিগৰাকী মহিলাই আছিল একো একোটি অভাৱগ্ৰস্ত পৰিয়ালৰ সদস্য, দৰিদ্ৰতাই পিষ্ট কৰা গ্ৰামাঞ্চলীয় লোক৷ কিন্তু কঠোৰ শ্ৰমেৰে কৰা এই কামৰ বাবে তেওঁলোকৰ জীৱনধাৰা প্ৰগতিৰ দিশে আগুৱাইছে৷
উল্লেখ্য যে কেইবাবছৰ পূৰ্বলৈকে চৰম অভাৱ আৰু দৰিদ্ৰতাই কোঙা কৰা এই সকলৰ এতিয়া আৰ্থিক অৱস্থা যথেষ্ট উন্নত পৰ্যায়লয়লৈ আহিছে এই বজাৰ সংযোগী কৰণৰ জৰিয়তে৷ আনকি এইসকল শ্ৰমজীৱী মহিলাৰ কঠোৰ আৰু বলিষ্ঠ পদক্ষেপৰ বাবে সেই অঞ্চলবোৰৰ বহু পৰিয়ালে পৰোক্ষভাৱে আৰ্থিক স্বচ্ছলতাৰ ক্ষেত্ৰত আগবাঢ়িছে। সমান্তৰালকৈ কৃষিজ সামগ্ৰীক অধিক হাৰত বজাৰলৈ উলিয়াই অনাত সহায় কৰিছে।
এইসকল মহিলাই অভাৱৰ তাৰণাৰ পৰা নিজকে মুক্ত কৰিছে, শক্তিশালী কৰিছে গ্ৰাম্য অৰ্থনীতিক
গ্ৰাম্য অৰ্থনীতিৰ ভেঁটি সবল কৰা এইসকল মহিলাই দেখুৱাইছে বজাৰ সংযোগীকৰণৰ অনন্য নিদৰ্শন। গ্ৰাম্যাঞ্চলীয় একোখন ঘৰত উৎপাদিত সামগ্ৰী প্ৰকৃত বজাৰৰ অভাৱত ঘৰতে নষ্ট হয় বা সামগ্ৰীৰ উচিত মূল্য নাপায়৷ উৎপাদকৰ সৈতে যদি বজাৰৰ সংযোগ নাথাকে তেন্তে সামগ্ৰীৰ মূল্যও নাপায়৷ অৰ্থাৎ বজাৰ সংযোগীকৰণ নহলে গ্ৰাম্য অৰ্থনীতিৰ ভেটিও গঢ়ি নুঠে৷ ইয়াৰ বিপৰীতে গ্ৰামাঞ্চলৰ মহিলাই গাৱঁৰ সামগ্ৰী উৎপাদক কৃষকৰ পৰা সামগ্ৰী ক্ৰয় কৰি আনি বা নিজে উৎপাদন কৰা সামগ্ৰীৰ যি ধৰনে মহানগৰীৰ বজাৰৰ সতে সংযোগ ঘটাইছে তাৰ দ্বাৰা সেই অঞ্চলৰ অৰ্থনীতিৰ বিকাশ হৈছে৷ এই কথা জানিব পৰা যায় বকো, ৰংজুলি, ধূপধৰা আদি অঞ্চলৰ গাওঁসমূহৰ পৰা গুৱাহাটীৰ বজাৰলৈ অহা মহিলাসকলৰ পৰা। এই প্ৰতিবেদকৰ সৈতে হোৱা আলাপত প্ৰেমদা ৰাভা নামৰ মহিলা গৰাকীয়ে ক'লে,-- 'আমি ঘৰৰ বাবে প্ৰয়োজনীয় ধন, সন্তানৰ পঢ়াৰ বাবে প্ৰয়োজনীয় ধন আদি উলিয়াইছো। ঘৰৰ পুৰুষজনৰ মুখলৈ চাই নাথাকি বা তেওঁৰ ওপৰত নিৰ্ভৰ নকৰি আমি স্বাৱলম্বনৰ বাবে ওলাই আহিছো। এই কাম কৰা দুবছৰ হ’ল৷ দুবছৰ আগলৈকে মোৰ পৰিয়ালৰ উপাৰ্জনকৰ্তা মানুহ আছিল এজন৷ বৰ অভাৱত দিন কটাইছিলো৷ এজনৰ মজুৰি কৰা ধনেৰে পৰিয়াল পৰিচালনা সম্ভৱ নহয়৷ সেয়ে মই গাৱঁৰ পৰা সামগ্ৰী লৈ অহা কাম আৰম্ভ কৰিলোঁ৷ লগতে মোৰ ঘৰৰ উৎপাদিত সামগ্ৰীও লৈ আহো৷ এতিয়া মোৰ উপাৰ্জন মোৰ স্বামীতকৈয়ো বেছি৷ আগতকৈ ঘৰৰ অভাৱবোৰ কমিছে৷ মোৰ দৰে আমাৰ অঞ্চলৰ দুখীয়া পৰিয়ালৰ বহু মহিলাই এইদৰে কাম কৰি উপাৰ্জনশীল হৈছে৷'
তাৎপৰ্যপূৰ্ণ যে, এইসকল মহিলাই গাঁৱৰ অৰ্থনীতিৰ ভেঁটি টনকীয়াল কৰিছে আৰু নিজৰ অৰ্থনৈতিক উত্তৰণ সম্ভৱ কৰি তুলিছে৷ ফলত পৰিয়ালবোৰৰ দৰিদ্ৰতাৰৰ পৰা উত্তৰণ ঘটিছে৷ সমান্তৰালকৈ গঢ়ি উঠিছে মহানগৰীৰ বজাৰৰ সৈতে গ্ৰাম্য এলেকাৰ উৎপাদকৰ সংযোগৰ এক নিৰৱ বিপ্লৱ। ষাঠি-সত্তৰ কিলোমিটাৰ দূৰৈৰ গাঁৱৰ পৰা একত্ৰিত হৈ আহি চহৰৰ মাজমজিয়াত স্বাধীনভাৱে যি ব্যৱসায় অব্যাহত ৰাখিছে, সেয়া নিসন্দেহেই আদৰণীয়। এইসকল মহিলাই অভাৱৰ তাৰণাৰ পৰা নিজকে মুক্ত কৰিছে, শক্তিশালী কৰিছে গ্ৰাম্য অৰ্থনীতিক, বজাৰ সংযোগীকৰণৰ দৰে কাৰ্যৰে ৰাজ্যৰ আৰ্থ-সামাজিক উত্তৰণত এনে গ্ৰামাঞ্চলীয় মহিলাৰ এই অগ্ৰগামী যাত্ৰাই অন্য প্ৰান্তৰৰ জনতাকো জাগ্ৰত কৰিব৷
========
(লেখক দিগন্ত শৰ্মা ' মানৱ অধিকাৰ আৰু নাগৰিকৰ স্বাধীনতা' বিষয়ক, মহিলা বিষয়ক, লিংগ সংবেদনশীলতা বিষয়ক আৰু গ্ৰাম্য সাংবাদিকতা বিষয়ক পুৰস্কাৰ প্ৰাপ্ত আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ মেডিয়া ফেলশ্যিপ প্ৰাপ্ত সাংবাদিক ) ৷ যোগাযোগ: ৮৬৩৮৬৯৮৪৫০
No comments