Page Nav

HIDE

Grid

GRID_STYLE

ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ বহুমুখী প্ৰতিভাধৰ সাংবাদিক প্ৰকাশ কায়স্থ

কবি কল্পদ্ৰুম খ্যাত এগৰাকী ব্যক্তিৰ বিষয়ে... ...কবি তথা কবিতাৰ সংগঠক হিচাবে সমাজত তেওঁৰ এক সুকীয়া পৰিচয় আছে... ৰমেশ চন্দ্ৰ চৰেণ সাহিত্যৰ লগত...


কবি কল্পদ্ৰুম খ্যাত এগৰাকী ব্যক্তিৰ বিষয়ে...



...কবি তথা কবিতাৰ সংগঠক হিচাবে সমাজত তেওঁৰ এক সুকীয়া পৰিচয় আছে...



ৰমেশ চন্দ্ৰ চৰেণ

সাহিত্যৰ লগতে সংবাদসেৱাত একান্তভাবে মনোনিৱেশ দিয়া বহুমুখী প্ৰতিভা সম্পন্ন এগৰাকী ব্যক্তি হল প্ৰকাশ কায়স্থ ৷ বিশ্বনাথ জিলাৰ বিহালীৰ কুলাগুৰি গাওঁত  ১৯৭২ চনত এক শুভক্ষণত  জন্মগ্ৰহণ কৰে ৷ পিতৃ অমৰনাথ কায়স্থ আৰু মাতৃ ৰেণু কায়স্থৰ জেষ্ঠপুত্ৰ প্ৰকাশ কায়স্থই    স্থানীয় কুলাগুৰি প্ৰাথমিক বিদ্যালয়ৰ নামভৰ্তি কৰি শিক্ষা জীৱনৰ পাতনি মেলে  ৷ পৰৱৰ্তী পৰ্যায়ত বিহালী হাইস্কুলৰ পৰা ১৯৮৯  হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছত বিহালী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে ৷ কায়স্থই হাইস্কলীয়া জীৱনৰ পৰাই কবিতা চৰ্চা আৰম্ভ কৰে ৷ নিয়মীয়াকৈ কাব্য চৰ্চা অব্যাহত ৰখা কায়স্থই অসমৰ বহুকেইখন কাব্যালোচনী , সাহিত্যলোচনীত তেওঁৰ কবিতা প্ৰকাশ পাইছে ৷ সমান্তৰালকৈ গুৱাহাটীৰ পৰা প্ৰকাশিত মাহেকীয়া কাব্যালোচনী কল্পদ্ৰুমৰ পৰা ১৯৯৭ চনত “ কবি কল্পদ্ৰুম ৯৭”  উপাধি সন্মান লাভ কৰে ৷ এয়াই তেওঁৰ আৰম্ভণি ৷ পিছলৈ আৰু  ঘুৰি চাবৰ নহল ৷ সাহিত্য চৰ্চাৰ লগতে লেখামেলাৰ প্ৰতি টান থকা কায়স্থই সংবাদসেৱাৰ প্ৰতি বিশেষভাবে মনোনিৱেশ দিয়ে ৷ প্ৰথমে মহাজাতি কাকতৰ জৰিয়তে সংবাদ ক্ষেত্ৰখনত জড়িত হৈ পৰা কায়স্থই পাছলৈ  সেই সময়ৰ অগ্নিগড় . সাতদিনীয়া সংবাদ  কাকতত সংবাদসেৱা আগবঢ়াই ৷ একে সময়তে বিভিন্ন বিষয়ক তত্বগধুৰ প্ৰবন্ধও লেখামেলা অব্যাহত ৰাখে ৷ পৰৱৰ্তী সময়ত  আমাৰ অসম কাকতত একেৰাহে দহবছৰ কাল বেদেতীৰ প্ৰতিবেদক হিচাবে সংবাদসেৱা আগবঢ়াই ৷ তদুপৰি আজিৰ বাতৰি, বুধবাৰ,সোমবাৰ আদি কাকতৰ উপৰিও শংকৰজ্যোতি কাকতখনতো সাংবাদিকতা কৰি সংবাদজগতখনৰ এক গুৰুত্বপুৰ্ণ ভূমিকা পালন কৰে ৷ আনহাতে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ কাকত দ্যা পলিটিকেল টাইমছ অফ ইণ্ডিয়া , খবৰ হলছল হিন্দীৰ অসমৰ আৱাসিক সম্পাদক হিচাবেও কাৰ্যনিৰ্বাহ কৰে কায়স্থই ৷ ইপিনে হিন্দী পৰ্টেল....আৱাজ নিউজৰ বিশ্বনাথ জিলাৰ ব্যুৰ'চিফ হিচাবে কাৰ্যনিৰ্বাহ কৰে ৷ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ হিন্দী ছেটেলাইট K Newsতো জড়িত হৈ পৰে ৷ বৰ্তমান দৈনিক পৰিবৰ্তন উদয় কাকতখনৰ অসমৰ ষ্টেট ব্যুৰচিফ হিচাবে একান্ত নিষ্ঠা সহকাৰে দায়িত্ব পালন কৰি আহিছে ৷ গুৱাহাটীৰ পৰা প্ৰকাশিত সাপ্তাহিক“ মেগন” কাকতখনৰ বিশ্বনাথ জিলাৰ হৈ সংবাদসেৱা অব্যাহত ৰাখিছে ৷ শেহতীয়াকৈ তিনিবছৰ ধৰি অসমৰ জনপ্ৰিয় ছেটেলাইট ছেনেল Assam Talksত বৰগাংৰ সংবাদাতা হিচাবে সেৱা আগবঢ়াই আছে ৷ এগৰাকী সংবাদজগতখনৰ সংগঠক হিচাবে কায়স্থৰ  বিশেষ সুনাম আছে ৷ তেওঁ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ ৰাজ্যিক সাধাৰণ সম্পাদকৰ দৰে গুৰুত্ব দায়িত্ব পালন কৰি সাংবাদিকৰ ন্যায় আৰু সুৰক্ষাৰ স্বাৰ্থত নিস্বাৰ্থভাবে সংগ্ৰাম চলাই অহাৰ সমান্তৰালকৈ মহাসভাৰ বিভিন্ন সাংগাঠনিক কামত আত্মনিয়োগ কৰি অগ্ৰনী ভূমিকা পালন কৰাৰ লগতে  বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সমুহক বিভিন্ন বঁটা আৰু সন্মান প্ৰদান কৰি অনুপ্ৰাণিত কৰি আহিছে ৷  পিছলৈ  মহাসভাৰ ৰাজ্যিক সভাপতি হিচাবে দায়িত্ব লাভ কৰা কায়স্থই  এই পৰ্য্যন্ত নিষ্ঠা আৰু সততাৰে নিজা   দায়িত্ব পালন কৰি আছে ৷ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় ন্যায় মৰ্ছাৰ অসমৰ প্ৰভাৰী হিচাবেও  কাৰ্যৰত ৷ আনহাতে  এগৰাকী গীতিকাৰ হিচাবে পৰিচিত প্ৰকাশ কায়স্থ ৷ তেওঁ ভালে সংখ্যক গীত ৰচনা কৰি খ্যাতি অৰ্জন কৰিছে ৷ বৰ্তমান স্বৰচিত প্ৰায় তিনিশৰো অধিক গীত লিখি প্ৰকাশ কৰাৰ চিন্তা চৰ্চা কৰিছে ৷ নিজকে প্ৰচাৰ কৰি ভাল নোপোৱা কায়স্থই অলপতে স্বৰচিত কাব্যগ্ৰন্থ “কাক দি যাম কবিতাৰ উত্তৰকাল”  নামৰ গ্ৰন্থ প্ৰকাশ কৰিছে ৷ ভাৰতীয় জীৱন বীমা নিগমৰ অভিকৰ্তা হিচাবে কৰ্মৰত কায়স্থই ইতিমধ্যে ভালে সংখ্যক চুটি গল্প, নিবন্ধ আদি বিভিন্ন কাকত আলোচনীত প্ৰকাশ পাইছে ৷ ইয়াৰ উপৰিও কবি তথা কবিতাৰ সংগঠক হিচাবে সমাজত তেওঁৰ এক সুকীয়া পৰিচয় আছে ৷ এটা সময়ত বেদেতী কবি চক্ৰ , বিহালী কবি কাননৰ কাব্য অনুষ্ঠানৰ লগত জড়িত হৈ কেইবাখনো কাব্যালোচনী, গ্ৰন্থ সম্পাদনা, কৰাৰ উপৰিও সাহিত্যলোচনী নীলকণ্ঠ আৰু অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ মুখপত্ৰ মাহেকীয়া বাৰ্তালোচনী, এবিপিএম মিডিয়াৰ সম্পাদক হিচাবে সম্পাদনা কৰি ৰাইজৰ মাজত বিশেষভাবে তেওঁ  জনপ্ৰিয় হৈ পৰিছিল ৷ যদিও বৰ্তমান আলোচনী দুখন বন্ধ হৈ আছে ৷ বিভিন্ন  দল সংগঠনৰ লগতে সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতপ্ৰোতভাবে জড়িত হৈ পৰা সমাজসেৱক হিচাবে জিলাখনত তেওঁৰ এক পৰিচয় আছে ৷  সাংবাদিকৰ বিভিন্ন দাবী অভাৱ অভিযোগ সমুহৰ লগতে অসমৰ জাতীয় জীবনৰ লগতে জড়িত বিভিন্ন বিষয়ক সততে মাত মাতি অহা কায়স্থই ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সাংবাদিক সংগঠন অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ পত্ৰকাৰ ৰত্ন সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷ আনকি সৃষ্টি পদাতিকৰ পৰাও গ্ৰাম্য সাংবাদিকতা বঁটা লাভ কৰে ৷ একেদৰে সাংবাদিকতা আৰু সমাজ সেৱাৰ স্বীকৃতি স্বৰূপে Political times of India আৰু Social justice of Indiaৰ দ্বাৰা ঐতিহাসিক চিতোৰগঢ়ত আন্তৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰে ৷ ভাৰতৰ শক্তিশালী সংবাদ মাধ্যম IPN গোষ্ঠীৰ দ্বাৰা পৰিচালিত সংবাদ ক্ষেত্ৰখনতো প্ৰকাশ কায়স্থই নিজৰ বলিষ্ঠ ভূমিকা আগবঢ়াই দেশ দহৰ লগতে সমাজখনক আগবঢ়াই লৈ যোৱাৰ গুৰুত্বপুৰ্ণ ভূমিকা পালন কৰিছে ৷ এই গৰাকী সব্যসাচী স্বৰূপ  বহুমুখী প্ৰতিভাসম্পন্ন সাংবাদিকৰ কৰ্মোদ্যম সকলোৱে একেমুখে  প্ৰসংশা কৰে ৷ তেওঁৰ  দীৰ্ঘায়ু আৰু সমাজৰ উত্তৰণত  নিৰন্তৰ কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে এই প্ৰতিবেদকে ৷




No comments