অগ্ৰগামী যাত্ৰাৰে আনৰ বাবে প্ৰেৰণা সফল মহিলা কৃষক... ...ধৰিত্ৰী আত্ম সহায়ক গোটৰ সদস্যা ভাৰতী হাজৰিকাই পশুপালন, ধান উৎপাদনৰ উপৰিও অব্যাহত ৰ...
অগ্ৰগামী যাত্ৰাৰে আনৰ বাবে প্ৰেৰণা সফল মহিলা কৃষক...
...ধৰিত্ৰী আত্ম সহায়ক গোটৰ সদস্যা ভাৰতী হাজৰিকাই পশুপালন, ধান উৎপাদনৰ উপৰিও অব্যাহত ৰাখিছে উদ্যান শস্যৰ খেতি...
দিগন্ত শৰ্মা
দৰিদ্ৰতা উত্তৰণৰ পথৰ এগৰাকী সংগ্ৰামী নাৰী ভাৰতী হাজৰিকা৷ গ্ৰামাঞ্চলৰ এটি দৰিদ্ৰ পৰিয়ালৰ এইগৰাকী মহিলা সদস্যই অৰ্থ বিচাৰি পুৰুষৰ ওচৰত হাত পতাৰ পৰিবৰ্তে নিজে মুকলি কৰিছে উপাৰ্জনৰ পথ৷ কৃষিকৰ্মত জৰিত হৈ আগুৱাইছে সফলতাৰ বাটেৰে৷
অৰ্থাভাৱত পৰি হাত সাৱতি বহি থাকি বা আনৰ ওচৰত হাত পতা, পৰিয়ালৰ প্ৰধান উপাৰ্জনকাৰী পুৰুষ সদস্যৰ ওপৰতে নিৰ্ভৰ নকৰি নিজৰ উপাৰ্জনেৰে ভাৰতী হাজৰিকাই পৰিয়ালৰ প্ৰগতিত গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে৷
দৰং জিলাৰ দাঁহা গাঁৱৰ এইগৰাকী মহিলাই ২০১৯ চনত গাহৰি পালনৰ বাবে আই টি চি প্ৰকল্পৰ ৰ পৰা ৭০০০ টকা ঘূৰ্ণীয় মান পুঁজি লৈ বৈজ্ঞানিক আৰ্হিত গাহৰি পালন আৰম্ভ কৰে। এবছৰৰ অন্তত গাহৰি পোৱালি বিক্ৰী কৰি প্ৰায় ৪৫০০০ টকা উপাৰ্জন কৰে। সেই উপাৰ্জনৰ টকাৰে তেওঁ প্ৰায় আধা বিঘা মাটিত এটি পুখুৰী খন্দায়৷ ছমাহৰ পিছৰপৰা পুখুৰীত মাছ পালনেৰে মহিলা গৰাকীয়ে প্ৰতি সপ্তাহতে ধন উপাৰ্জন কৰিব৷লৈ আৰম্ভ কৰে৷ আনহাতে, নিজৰ চাৰি বিঘা মাটিত সম্পূৰ্ণ জৈৱিক প্ৰক্ৰিয়াৰে এছ আৰ আই পদ্ধতিত ধান খেতি কৰি দুগুণ হাৰত কেইবা কুইন্টল ধান উৎপাদন কৰে৷
গাঁওখনৰ ধৰিত্ৰী আত্ম সহায়ক গোটৰ সদস্যা ভাৰতী হাজৰিকাই পশুপালন, ধান উৎপাদনৰ উপৰিও অব্যাহত ৰাখিছে উদ্যান শস্যৰ খেতি৷ মহিলা গৰাকীয়ে কৃষিকৰ্মত নমাৰ পূৰ্বে 'চেষ্টা' নামৰ স্বেচ্ছাসেৱী সংস্থাটিৰ জৰিয়তে প্ৰশিক্ষণ লয়৷ । আত্মনিৰ্ভৰশীলতা আৰু পৰিয়ালৰ দৰিদ্ৰতা উত্তৰণৰ বাবে মহিলা কৃষক ভাৰতী হাজৰিকা আন বহুতৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে৷ অৰ্থাভাৱত পৰি হাত সাৱতি বহি থাকি বা আনৰ ওচৰত হাত পতা, পৰিয়ালৰ প্ৰধান উপাৰ্জনকাৰী পুৰুষ সদস্যৰ ওপৰতে নিৰ্ভৰ নকৰি নিজৰ উপাৰ্জনেৰে ভাৰতী হাজৰিকাই পৰিয়ালৰ প্ৰগতিত গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে৷
No comments