Page Nav

HIDE

Grid

GRID_STYLE

মহিলা আৰু নিবনুৱা যুৱক যুৱতীৰ বাবে এক সাহস আৰু আদৰ্শৰ প্ৰতীক মৰিগাঁৱৰ জুনুমা মালি ডেকা

গো-পালনেৰে দাঙি ধৰিছে স্বাৱলম্বিতাৰ নিদৰ্শন, নিবনুৱা যুৱক যুৱতীৰ বাবে আদৰ্শ  জুনুমা  যি সময়ত আত্মসংস্থাপনৰ কাৰণে একাংশ শিক্ষিত যুৱক যুৱতীয়ে ...


গো-পালনেৰে দাঙি ধৰিছে স্বাৱলম্বিতাৰ নিদৰ্শন, নিবনুৱা যুৱক যুৱতীৰ বাবে আদৰ্শ  জুনুমা 


যি সময়ত আত্মসংস্থাপনৰ কাৰণে একাংশ শিক্ষিত যুৱক যুৱতীয়ে কেৱল চাকৰিৰ পিছতে দৌৰি ফুৰিছে,তেনে সময়ত এগৰাকী সৎ সাহসী মহিলা জুনুমা মালি ডেকাই ঘৰতে অতি চালুকীয়া অৱস্থাৰ পৰাই গো পালন কৰি আজি এগৰাকী সফল গো পালক হবলৈ সক্ষম হৈছে

বিষ্ণু ডেকা

১২ ছেপ্টেম্বৰ/২০২১

 এসময়ত আনৰ পৰা গাখীৰ কিনি খোৱা মহিলা গৰাকীয়ে এতিয়া নিজে দৈনিক বিক্ৰী কৰে প্ৰায় ৭০ লিটাৰ গাখীৰ।মাহত গাখীৰ বিক্ৰী কৰি মহিলা গাৰকীয়ে উপাৰ্জন কৰে প্ৰায় ৩০ হাজাৰ টকা।যি গৰাকী মহিলাই আনৰ পৰা গাখীৰ কিনি মাহত ১২ শ টকা দিব লগা হোৱাত ঘৰতে নিজাববীয়াকৈ এজনী গৰু কিনি দূৰ কৰিব বিচাৰিছিল ঘৰৰ গাখীৰ কণৰ অভাৱ।পাছত আকৌ গাখীৰ বিক্ৰী কৰি এটা হাত খৰচ উলিয়াব পৰা যাব বুলি আনৰ পৰা এজনী চেউৰী আধিৰ পুহিবলৈ আনিছিল সেই মহিলা গৰাকী হৈছে মৰিগাঁও জিলাৰ দন্দুৱাৰ জুনুমা মালি ডেকা।বৰ্তমান জুনুমাৰ আছে জাৰ্ছী আৰু বৰ্ণশংকৰ জাতৰ ১০ জনী খীৰতি গাই,৮ জনী উন্নত জাতৰ চেউৰী আৰু দুটা সৰু দমৰা সহ মুঠ ২০ টা গৰু।উল্লেখ্য যে ২০১৫ চনত গো পালন কৰিবলৈ প্ৰয়াস কৰা জুনুমা মালি ডেকাই প্ৰথম পৰ্যায়ত নিজাববীয়াকৈ এজনী গৰু কিনি অনাৰ লগতে আনৰ পৰা আধিকৈ পুহিবলৈ লৈ গৈছিল আন এজনী থলুৱা প্ৰজাতিৰ চেউৰী গৰু।পিছত তেওঁ এই গৰু দুজনী পশুপালন বিভাগৰ দ্বাৰা প্ৰজনন ঘটাই লাভ কৰিলে দুজনী বৰ্ণশংকৰ জাতৰ চেউৰী।মহিলা গৰাকীৰ গাই পালনৰ এয়াই আৰম্ভণি।পাছলৈ আৰু থমকি ৰব লগীয়া হোৱা নাই জুনুমা মালি ডেকা।ইয়াৰ লগতে ২০১৬ চনত তেওঁ পুনৰ লৈ আহে আন এজনী জাৰ্চী।ক্ৰমান্বয়ে গাই পালনৰ প্ৰতি আগ্ৰহী হৈ পৰা জুনুমাই এই বিষয়ত কিন্তু কোনো প্ৰশিক্ষণ লাভ কৰা নাছিল।অৱশেষত মৰিগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ৰিজুস্মিতা শৰ্মা ডেকাৰ সৈতে গো পালনৰ ওপৰত প্ৰশিক্ষণ আৰু বেংকৰ ঋণৰ সন্দৰ্ভত অৱগত হৈ আৰ ই এছ টিত প্ৰশিক্ষণ লাভ কৰে।ইয়াৰ পাছতে তেওঁ নিজাববীয়াকৈ এজনী দুজনী কৈ খিৰতী গাই ৪ জনী আৰু চেউৰী ৩ জনী কৰিলে।

মহিলা গৰাকীয়ে বৰ্তমান দুজনী গাই ডায়েৰী ছেছনত ৰাখি বৰ্তমান দৈনিক প্ৰায় ৭০ লিটাৰ গাখীৰ বিক্ৰী কৰি মাহেকত প্ৰায় ৩০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে

এনেদৰে গো পালনৰ প্ৰতি অধিক আগ্ৰহী হৈ পৰা মহিলা গৰাকীয়ে বেংকৰ পৰা ঋণ লবলৈ মন মেলি মৰিগাঁও ইউ বি আইৰ পৰা ২০২০ চনত লাভ কৰিলে ৭ লাখ টকা।এই ধন ৰাশিৰে তেওঁ এটা উন্নত মানৰ গোহালি নিৰ্মাণ কৰাৰ উপৰিও বৰ্ণশংকৰ জাতৰ ৬ জনী খিৰতী গাই গৰু কিনি লয়।অধিক আগ্ৰহ আৰু উদ্যমেৰে গো পালনৰ প্ৰতি আগবাঢ়ি যোৱা মহিলা গৰাকীৰ গোহালিত আছে এতিয়া ১০ জনী খিৰতী গাই,৮ জনী উন্নত জাতৰ চেউৰী আৰু দুটা মতা পোৱালি সহ মুঠ বিশটাকৈ গৰু।উল্লেখ্য যে মহিলা গৰাকীয়ে ইয়াৰে বৰ্তমান দুজনী গাই ডায়েৰী ছেছনত ৰাখি বৰ্তমান দৈনিক প্ৰায় ৭০ লিটাৰ গাখীৰ বিক্ৰী কৰি মাহেকত প্ৰায় ৩০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।উৎপাদিত গাখীৰখিনি পূৰবী ডায়েৰীত বিক্ৰী কৰাৰ উপৰিও দৈ,ঘিউ,পনীৰ আদি নিজাববীয়াকৈ তৈয়াৰ কৰি স্থানীয়ভাৱে বিক্ৰী কৰিও অৰ্থ উপাৰ্জন কৰি এগৰাকী সফল স্বাৱলম্বী মহিলা হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।মহিলা গৰাকীৰ এনে কৰ্ম আদৰ্শৰ বাবে ইতিমধ্যে Dr. V. Kurien Innovative Dairy Farmer Award 2021 বৰ্ষৰ বঁটাও লাভ কৰিছে । 


উল্লেখ্য যে ইতিমধ্যে পূৰবী ডায়েৰীৰ পৰা এই গৰাকী মহিলা গো পালকে লাভ কৰিছে এটা গাখীৰ খিৰোৱা  মেচিন।এনেদৰে নিজৰ আত্মবিশ্বাস আৰু সাহসেৰে আগবাঢ়ি যোৱা জুনুমা মালি ডেকাই ভৱিষ্যতে ৫০ জনী গাই পালনৰ সপোন পুহি ৰাখিছে।প্ৰণিধানযোগ্য যে যি সময়ত আত্মসংস্থাপনৰ কাৰণে একাংশ শিক্ষিত যুৱক যুৱতীয়ে কেৱল চাকৰিৰ পিছতে দৌৰি ফুৰিছে,তেনে সময়ত এগৰাকী সৎ সাহসী মহিলা জুনুমা মালি ডেকাই ঘৰতে অতি চালুকীয়া অৱস্থাৰ পৰাই গো পালন কৰি আজি এগৰাকী সফল গো পালক হবলৈ সক্ষম হৈছে।এনে সময়ত জুনুমা মালি ডেকা অকল মহিলা সকলৰ বাবেই নহয় নিবনুৱা যুৱক যুৱতী সকলৰ বাবেও যেন এক সাহসৰ প্ৰতীক হৈ পৰিছে।

No comments