চৰ-চাপৰিৰ কবিতা: পালছিগা নাওঁৰ যাত্ৰী মই . ..অপমৃত্যুৰ সোৱাদৰ--বাবে অপেক্ষা-সিহঁতৰ বাবে-উদাৰতা, মানৱতা, সৌজন্যতা-সস্তীয়া কল্পকথা-আনৰ বেদনা...
...অপমৃত্যুৰ সোৱাদৰ--বাবে অপেক্ষা-সিহঁতৰ বাবে-উদাৰতা, মানৱতা,
সৌজন্যতা-সস্তীয়া কল্পকথা-আনৰ বেদনা কষ্টক্লান্ত......
মল্লিক সাত্তাৰ
মাজ দৰিয়াত পালছিগা নাওঁৰ
যাত্ৰী মই---
চৌপাশৰ প্ৰৱল ঢৌবোৰে
জনালে মৃত্যুৰ জাননী
বঠাহীন নাওঁ মেলি দি
পাৰ পোৱাৰ বাবে
ব্যাকুল আকুলতা
প্ৰাণফটা ক্ৰন্দন, কিন্তু
শুনিবলে নাই কাৰো
হাবিয়াস উদ্দীপনা
সৌজন্যতা, মানৱতা
ইজন সিজনৰ মাজত
গুন গুননি
অপমৃত্যুৰ সোৱাদৰ
বাবে অপেক্ষা
সিহঁতৰ বাবে
উদাৰতা, মানৱতা, সৌজন্যতা
সস্তীয়া কল্পকথা
আনৰ বেদনা কষ্টক্লান্ত
জীৱন নদীত
তৃপ্তিৰ জলকেলিৰে
লব বিচাৰে আসুৰিক
মানৱতা ।
++++++
মল্লিক সাত্তাৰ, জৰুৱা চৰ, ধুবুৰী ।
No comments