Page Nav

HIDE

Grid

GRID_STYLE

নিৰ্দয় সময়ক সাক্ষী কৰি গঠিত 'আছা'ৰ ৰূপালী জয়ন্তী

  কি আছিল সদৌ আদিবাসী ছাত্ৰ সন্থাৰ জন্মৰ আঁৰত --জাষ্টিন লাক্ৰা  নেতৃত্বত  লক্ষীমপুৰ জিলাৰ জুনুবস্তি আদিবাসী হাইস্কুলত অনুষ্ঠিত হোৱা  সভাত  গ...

 

কি আছিল সদৌ আদিবাসী ছাত্ৰ সন্থাৰ জন্মৰ আঁৰত


--জাষ্টিন লাক্ৰা  নেতৃত্বত  লক্ষীমপুৰ জিলাৰ জুনুবস্তি আদিবাসী হাইস্কুলত অনুষ্ঠিত হোৱা  সভাত  গঠন কৰা   হৈছিল সদৌ অসম আদিবাসী ছাত্ৰ সন্থা  (AASAA) নামৰ অৰাজনৈতিক  ছাত্ৰ সংগঠনৰ  ৷  এই হয়তো সময়ৰ আহ্বান আছিল ৷ পিছলৈ শোষণহীন এক স্বতন্ত্ৰ বলিষ্ঠ সমাজ গঠনৰ দিশে আগবাঢ়িল সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ৷

ৰমেশ চন্দ্ৰ চৰেণ


সদৌ আদিবাসী ছাত্ৰ সন্থাই ২৫  বছৰত  ভৰি দি  ৰূপালী জয়ন্তী বৰ্ষত স্পৰ্শ  কৰিলে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হ'ল আদিবাসী সমাজৰ  ৰাজহাড় স্বৰূপ। নানা ঘাত-প্ৰতিঘাত, বাধা বিঘিণিক নেওচি সাংগঠনিক শক্তিৰে সংগ্ৰামী জাতীয় সত্বাক বহন কৰা সংগঠনটিৰ এক বজ্ৰকণ্ঠত পৰিনত হৈছিল সমগ্ৰ অসমত ৷ এক নিৰ্দয় সময়ক সাক্ষী কৰি ১৯৯৬ চনৰ ২ জুলাই তাৰিখে।

 ১৯৯৬ চনৰ আদিবাসী-চাওঁতাল আৰু বড়ো সকলৰ মাজত হোৱা শ্বাসৰুদ্ধ  হ্ৰদয়বিদাৰক  গোষ্ঠীগত সংঘৰ্ষৰ ঘটনা৷ কোকোৰাঝাৰ, গোসাইগাও, বঙ্গাইগাওঁত গোষ্ঠীগত সংঘৰ্ষ হোৱা বড়ো উগ্ৰপন্থীৰ দলে আদিবাসী চাওঁতাল লোক সকলক  খেদি খেদি হত্যা কৰা সেই  হত্যালীলা আছিল অবৰ্ণনীয় ৷ চাৰিওফালে নিঠৰ শৰীৰ পৰি ৰৈছিল ৷  কেওঁপিনে মৃত্যুৰ কিৰিলি ৷ শাসকীয় চৰকাৰেও দমন কৰিব পৰা নাছিল ৷ নিৰাপত্তা নামত চৰকাৰৰ ভুমিকা আছিল শূন্য ৷ বিভিন্ন দল সংগঠনেও  এই  সংঘৰ্ষক  লৈ সন্তোষ জনক ভুমিকা পালন কৰিব পৰা নাছিল ৷ প্ৰতিবাদৰ নামত মাথো

জাষ্টিন লাক্ৰা 

নিৰৱ দৰ্শক ৷ আদিবাসী সকলৰ দুখ দুৰ্দশা কোলাই পাচিয়ে নধৰা হৈছিল ৷ নানা জৰ্জৰিত সমস্যা, মানৱতাৰ সীমা উলংঘা কৰা  এক নিৰ্দয় সময়ক সাক্ষী কৰি ১৯৯৬ চনৰ ২ জুলাই তাৰিখে ঁজাষ্টিন লাক্ৰা  নেতৃত্বত  লক্ষীমপুৰ জিলাৰ জুনুবস্তি আদিবাসী হাইস্কুলত অনুষ্ঠিত হোৱা  সভাত  গঠন কৰা   হৈছিল সদৌ অসম আদিবাসী ছাত্ৰ সন্থা  (AASAA) নামৰ অৰাজনৈতিক  ছাত্ৰ সংগঠনৰ  ৷  এই হয়তো সময়ৰ আহ্বান আছিল ৷ পিছলৈ শোষণহীন এক স্বতন্ত্ৰ বলিষ্ঠ সমাজ গঠনৰ দিশে আগবাঢ়িল সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ৷ 

পুৰ্বকালৰে পৰাই আদিবাসী সমাজ বৰ্ণ বৈষম্য ,শোষন ,নিৰ্যাতন , অত্যাচাৰ, পৰাধীনতা,লাঞ্ছনা, প্ৰৱঞ্চনা, প্ৰতাৰণাৰ বলি হৈ আছে  ৷ অদ্যাপি মুক্ত হব পৰা নাই ৷ বৰং তিলে তিলে স্বাৰ্থন্ধ  ৰাজনৈতিক নীতিৰ কৰাল গ্ৰাসত ডুব গৈ আছে বৃহত্তৰ আদিবাসী সমাজ ৷ আজি বিশ্বায়নৰ যুগতো আদিবাসী সমাজৰ তথৈবচ অৱস্থা ৷ সময়ৰ লগে লগে দিন  মাহ বছৰ যুগ সলনি হল কিন্তু আদিবাসী সমাজৰ বিশেষ একো পৰিবৰ্তন নহল ৷ উল্লেখ্য যে  ১৯৯৬ চনত হোৱা গোষ্ঠীগত সংঘৰ্ষত বহু নিৰিহ  আদিবাসী লোকে  এতিয়াও  শৰনাৰ্থী শিবিৰত দিন কটাবলগীয়া হৈ  আছে ৷ চৰকাৰে সংস্থাপন দিব পৰা নাই ৷ নিজ গৃহলৈও  উভতি  যাব পৰা নাই  গোষ্ঠী  সংঘৰ্ষৰ  নিৰ্যাতিতা  সকলে ৷ সৰ্বতোদিশে পিছপৰা সমাজখন শোষিত নিষ্পেষিত , প্ৰৱঞ্চিত অৱহেলিত আৰু কিমান দিনলৈ......৷ 

 কোকৰাঝাৰৰ হত্যাকাণ্ড ,  বেলতলাৰ কাণ্ড  বিভিন্ন সময়ত  বড়ো উগ্ৰপন্থীয়ে আদিবাসী সকলৰ ওপৰত গুলি বৰ্ষণ , আদিবাসীৰ সমস্যাক লৈ বিভিন্ন ৰাজনৈতিক দলে ঠগ প্ৰলোভনেৰে ৰাজনীতি কৰণ কৰা , জনজাতিকৰনৰ  কৰা  ভুমি অধিকাৰ প্ৰদান, মজুৰি বৃদ্ধি  তথা   শৈক্ষিক সমস্যাকে  ধৰি এশ এবুৰি জৰ্জৰিত সমস্যাক লৈ  কি দৰে মোকাবিলা কৰি ন্যায় প্ৰদান কৰাব অথবা  সমাধান সুত্ৰ উলিয়াব  সেয়া সংগঠটিৰ  বিচাৰ্যৰ  বিষয়  ৷

প্ৰাগঐতিহাসিক যুগৰে পৰা আৰ্য সকল অহা বহু পুৰ্বেই সভ্যতাৰ প্ৰতিষ্ঠা কৰা আদিবাসী সকলৰ জীৱন সংকটাপন্ন অৱস্থা ৷ জীবন জীৱিকাৰ বাবে আজি আদিবাসী সকল ৰাজপথত ৷ নিম্নতম মজুৰিৰ বাবে সংগ্ৰাম কৰিব লগা হৈছে ৷ সুৰক্ষা আৰু আত্মপ্ৰতিষ্ঠাৰ বাবে  দীৰ্ঘদিনীয়া সংগ্ৰাম আৰু আত্ম বলিদান দিব লগা হৈছে ৷ ইয়াতকৈ আৰু পৰিতাপৰ বিষয় কি হব পাৰে ? আদিবাসী সকলৰ নিজা সাংবিধানিক অধিকাৰ , কৰ্তব্য ,শিক্ষা , কলা, কৃষ্টি, সংস্কৃতি, ভাষা, সাহিত্য তথা আৰ্থসামাজিক বিষয়ক বিশদভাৱে আলোচনা কৰিবৰ বাবে বিভিন্ন সময়ত ছাত্ৰ সংঘটনটিয়ে ‌আদিবাসী মহাসভা আয়োজন কৰি আহিছে ৷ বিভিন্ন সময়ত জনজাতিকৰণৰ দাবীত প্ৰতিবাদ ধৰ্না ধৰ্মঘট আদি কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে অসমৰ জ্বলন্ত সমস্যাৰাজিৰ ওপৰতো মাত মাতি আহিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ৷ আজি   সংগঠনটিৰ  ২৪ বছৰ সম্পূৰ্ণ  হৈ ২৫  বছৰত  ভৰি দি  ৰূপালী জয়ন্তী বৰ্ষত স্পৰ্শ  কৰিলেগৈ  ৷ 

যোচেফ মিঞ্জ, লক্ষ্মী ওৰাং

সুদীৰ্ঘ সময়ছোৱাত আদিবাসী ছাত্ৰ সংগঠটিয়ে সমাজৰ হকে বিভিন্ন সময়ত কৰা কামৰ   বিশ্লেষণ কৰাৰ সময় ৷ কোকৰাঝাৰৰ হত্যাকাণ্ড ,  বেলতলাৰ কাণ্ড  বিভিন্ন সময়ত  বড়ো উগ্ৰপন্থীয়ে আদিবাসী সকলৰ ওপৰত গুলি বৰ্ষণ , আদিবাসীৰ সমস্যাক লৈ বিভিন্ন ৰাজনৈতিক দলে ঠগ প্ৰলোভনেৰে ৰাজনীতি কৰণ কৰা , জনজাতিকৰনৰ  কৰা  ভুমি অধিকাৰ প্ৰদান, মজুৰি বৃদ্ধি  তথা   শৈক্ষিক সমস্যাকে  ধৰি এশ এবুৰি জৰ্জৰিত সমস্যাক লৈ  কি দৰে মোকাবিলা কৰি ন্যায় প্ৰদান কৰাব অথবা  সমাধান সুত্ৰ উলিয়াব  সেয়া সংগঠটিৰ  বিচাৰ্যৰ  বিষয়  ৷ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হল আদিবাসী সমাজৰ  ৰাজহাড় স্বৰূপ ৷ আদিবাসী সমাজৰ হকে সংগঠটিৰ যথেষ্ট  কৰণীয় কাম আছে ৷ বিশেষকৈ আদিবাসী সকলৰ এই পৰ্যন্ত মুখ্যতঃ  জনজাতিকৰণৰ  লগতে গোষ্ঠী সংঘৰ্ষত শৰণাৰ্থী শিবিৰত আশ্ৰয় গ্ৰহন কৰা আদিবাসী সকলৰ পুনৰ সংস্থাপন নোহোৱা বিষয়টিয়ে যথেষ্ট উদ্বেগজনক ৷ আজি পৰ্যন্ত জনজাতিকৰণৰ প্ৰক্ৰিয়া ২০% ও আগবঢ়া পৰিলক্ষিত হোৱা নাই ৷ যদিও মৰ্যদাৰ হকে বলিষ্ঠ ভাবে   মাত মাতি অহা সংগঠনটিয়ে নিস্বাৰ্থ ভাবনাৰে আগবাঢ়ি গলে নিশ্চয়কৈ উদ্দেশ্যত সফল হব ৷ তাৰবাবে লাগিব একাগ্ৰতা, নিষ্ঠাৰে কৰ্তব্য পালন কৰাৰ মানসিকতা, পৰিকল্পিত আচনি , আৰু ৰাজনৈতিক কৌশলৰ সফল প্ৰয়োগ, সাংগাঠনিক দিশত সফল নেতৃত্বৰ  লগতে কাৰ্যৰ সফল ৰূপায়নৰ বাবে দৃঢ় সংকল্প লগতে অক্লান্ত  সংগ্ৰাম জৰিয়তে  নিহিত  উদ্দেশ্য  বাস্তৱত  ৰূপ দিব পাৰিব  ৷ আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসত প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত জাষ্টিন লাক্ৰাদেৱ,  বস্কো চেৰমাকো, আন্দ্ৰীয়াছ মাৰাণ্ডী প্ৰমুখ্যে সংগঠন তথা জাতিৰ  হকে  নিস্বাৰ্থ সেৱা আগবঢ়াই   শ্বহীদ  হল  সেই সকল পুণ্যাত্মাৰ প্ৰতি   মোৰ সশ্ৰদ্ধ প্ৰণাম জনাই  গভীৰ শ্ৰদ্ধাঞ্জলী জনালো ৷ লগতে সংগঠটিৰ দীৰ্ঘায়ু কামনা কৰিলো ৷


 


No comments