Page Nav

HIDE

Grid

GRID_STYLE

মোডীৰ দেশত Skill development-ৰ মৰিচীকা

পৃথিৱীৰ আটাইতকৈ যুৱ শক্তিধৰ দেশ ভাৰতত ক্ষয়িষ্ঞু 'ষ্কিল ইণ্ডিয়া'  যুৱ প্ৰজন্মই দক্ষতা বিকাশৰ ক্ষেত্ৰত কিয় এতিয়াও ইমান পিছপৰি আছে, প...


পৃথিৱীৰ আটাইতকৈ যুৱ শক্তিধৰ দেশ ভাৰতত ক্ষয়িষ্ঞু 'ষ্কিল ইণ্ডিয়া'


 যুৱ প্ৰজন্মই দক্ষতা বিকাশৰ ক্ষেত্ৰত কিয় এতিয়াও ইমান পিছপৰি আছে, পিছপৰি থাকিবলগীয়া হৈছে আৰু বিকাশ, Digital India , make in India ৰ শ্লোগান দিয়া এই ৰাষ্ট্ৰবাদী চৰকাৰখনে দক্ষতা বিকাশৰ ক্ষেত্ৰত লোৱা পদক্ষেপ বোৰ কিমান দূৰ ফলপ্ৰসূ হৈছে

ভাস্কৰ কলিতা:

   পৃথিৱীৰ দেশসমূহৰ ভিতৰত আটাইতকৈ অধিক যুৱক- যুৱতীৰ সংখ্যা ভাৰতত আছে। ২০১১ চনৰ লোকপিয়ল অনুসৰি ১৫-২৪ বছৰৰ ভিতৰত মুঠ জনসংখ্যাৰ ১৯.১% হৈছে যুৱক- যুৱতী। ২০২০ চনলৈকে এই সংখ্যা ৩৪.৩৩% হৈছে গৈ। মানে কবলৈ গ'লে আমাৰ দেশখন হৈছে পৃথিৱীৰ আটাইতকৈ যৌৱনপূৰ্ণ দেশ। ২০১৩ ৰ ১৭ এপ্ৰিলৰ "The Hindu" ৰ report অনুসৰি ভাৰতত গড়ে ২৯ বছৰীয়া লোকৰ সংখ্যাই সৰ্বাধিক। চহৰীকৰণৰ বাবে, নিজৰ জীৱিকাৰ তাড়নাত গাওঁ অঞ্চলৰ গৰিষ্ঠসংখ্যক যুৱক- যুৱতীয়ে বৰ্তমান চহৰমুখী হোৱা পৰিলক্ষিত হৈছে আৰু এটা সোত হৈছে। অৱশ্যে ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ হোৱা বাবে স্বাধীনতাৰ বহু বছৰ পিছলৈ গাঁৱলীয়া জনসাধাৰণ চহৰমুখী হোৱা নাছিল। আৰ্থিক অনাটন আছিল যদিওঁ মানুহবোৰে কিবাকৈ হ'লেও নিজৰ আৰু পৰিয়ালটোৰ ভৰণ- পোষণৰ দায়িত্ব মূৰত লৈ কাম কৰি গৈছিল। কিন্তু ১৯৯১ চনৰ নতুন অৰ্থনৈতিক নীতিৰ আগমণে , গাওঁ অঞ্চলৰ যুৱক- যুৱতী সকলক চহৰৰ জাক- জমকতাই আকৃষ্ট কৰাত সফল হ'ল। ব্যক্তিগত কৰণ, উদাৰীকৰণ আৰু গোলকীকৰণ চমুকৈ ( LPG) ৰ আগমনে ভাৰতৰ অৰ্থনীতিৰ বাবে এখন নতুন দুৱাৰ মুকলি কৰি দিলে। অৱশ্যে এই নতুন পুঁজিবাদী ব্যৱস্থাৰ ফলত দেশৰ জনতাৰ একো উন্নতি নহ'ল। কেইটামান দেশৰ মুনাফালোভী ব্যক্তিয়ে জনতাৰ পৰা দেশৰ সম্পদ মুক্ত ভাবে লুণ্ঠন কৰাৰ এখন দলিচা হে পাৰি দিয়া হ'ল। তথাপি ভাগি পৰা অৰ্থনীতি আৰু উদ্যোগ খণ্ড‌ই নতুনকৈ ঠন ধৰি উঠিলে ফলত মালিক শ্ৰেণীৰ MNC, IT sector আদিত প্ৰয়োজন আহি পৰিল দক্ষতা পূৰ্ণ নতুন প্ৰজন্মৰ। বাংগালোৰ, মুম্বাই, কলকাতা, চেন্নাই আদি চহৰবোৰত লাখ লাখ যুৱক - যুৱতীয়ে কৰ্মসংস্থানৰ বাট দেখা পালে। এনেকৈয়ে চহৰবোৰ মহানগৰলৈ পৰিৱৰ্তিত হ'ল আৰু আধুনিক প্ৰযুক্তিবিদ্যাৰ লগত ভাৰতৰ জনসাধাৰণৰো পৰিচয় হ'ল।

ৰাষ্ট্ৰবাদী চৰকাৰখনে দক্ষতা বিকাশৰ ক্ষেত্ৰত লোৱা পদক্ষেপ বোৰ কিমান দূৰ ফলপ্ৰসূ 

       দুখৰ বিষয় যে ইমান যুৱ প্ৰজন্মই গিজগিজাই থকা দেশখনত দক্ষতাৰ দিশৰ পৰা তেওঁলোক বহু পিছপৰি ৰল। চীন, দক্ষিণ কোৰিয়া, জাপান আদি দেশৰ লগত আমাৰ দেশে প্ৰতিযোগিতাৰ পৰা যেন একেবাৰে হেৰাই গ'ল বা আতৰি আহিলে। UPA1 আৰু UPA2 ৰ শাসনকালত দেশত উন্নয়ন হৈছিল যদিওঁ বিয়াগোম বিয়াগোম দুৰ্নীতিয়ে সেই উন্নয়নৰ ছবিক জনতাৰ মন- মগজুৰ পৰা মচি পেলালে।  ফলত ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত এজন বিকাশ পুৰুষক ৰাইজৰ আগত তুলি ধৰিলে । সেই বিকাশ পুৰুষ জনক দেশৰ পুঁজিপতী গোষ্ঠীয়ে , সংবাদ মাধ্যম আৰ- এছ- এছ আৰু ধৰ্মীয় অনুষ্ঠান সমূহে সহজ- সৰল দেশবাসীৰ মন - মগজুত ধুনীয়াকৈ এক অৱতাৰী পুৰুষ ৰূপে প্ৰতিষ্ঠিত কৰি দিলে। এই সময়ছোৱাত আমাৰ যুৱ সমাজে ভোটাধিকাৰৰ জৰিয়তে কংগ্ৰেছৰ অপশাসন আৰু শোষণৰ পৰা মুক্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। হয়, সেই আপুনি বুজি উঠা নৰেন্দ্ৰ দামোদৰ দাস মোডীয়ে হয়। আমাৰ দেশৰ যুৱক- যুৱতীয়ে নিজৰ সপোন, ৰাম ৰাজ্য প্ৰতিষ্ঠা হোৱাৰ আনন্দত পাৰভঙা উছাহেৰে মোডী ডাঙৰীয়াক এবাৰ নহয় দুবাৰকৈ প্ৰধান সেৱকৰ আসনত অধিষ্ঠিত হোৱাৰ সুযোগ প্ৰদান কৰিলে।

বিজেপি চৰকাৰৰ এই দুটা কাৰ্যকালত দেশখন বিকাশৰ পিনে কেনেকৈ আগুৱাই গ'ল বা আগবাঢ়ি গৈছে সেই বিষয়ে মোৰ দৰে সাধাৰণ নাগৰিকৰ হাতত বিশেষ তথ্য নাই। অৱশ্যে মহান অন্ধভক্ত আৰু ৰাষ্ট্ৰবাদী সকলে বিকাশৰ এই তথ্য পাকিস্তান, চীনৰ পৰা হ'লেও বিচাৰি আনি Mainstream Media ত দিনে- নিশাই ভক্তি ৰসৰ দৰে বজাই আছে যে সেইটো দেখিবলৈ পাইছোঁ। সেইবোৰ কথা এতিয়া নাপাতো। ইয়াতে ম‌ই এটা কথাৰ ওপৰতে প্ৰধানকৈ দৃষ্টি নিৱদ্ধ কৰিব খুজিছোঁ যে আমাৰ দেশখন আৰু দেশখনৰ যুৱ প্ৰজন্মই দক্ষতা বিকাশৰ ক্ষেত্ৰত কিয় এতিয়াও ইমান পিছপৰি আছে, পিছপৰি থাকিবলগীয়া হৈছে আৰু বিকাশ, Digital India , make in India ৰ শ্লোগান দিয়া এই ৰাষ্ট্ৰবাদী চৰকাৰখনে দক্ষতা বিকাশৰ ক্ষেত্ৰত লোৱা পদক্ষেপ বোৰ কিমান দূৰ ফলপ্ৰসূ হৈছে সেইটোহে প্ৰধান আলোচ্য বিষয়। 

     


২০১৫ ত কেন্দ্ৰীয় চৰকাৰখনে PMKVY( Pradhan Mantri Kaushal Vikash Yajana) নামৰ আঁচনি এখন আৰম্ভ কৰে। চৰকাৰখনে সমগ্ৰ দেশতে ২.৪ মিলিয়ন মানে বিছ লাখ মানুহক দক্ষতা বিকাশ কৰি তুলিবলৈ ১৫০০ কোটি টকা এই আচঁনিৰ অধীনত মুকলি কৰি দিয়ে। শিক্ষা আধাতে সমাপ্ত কৰি বেকাৰ বহি থকা, যুৱক- যুৱতীক আৰু নিম্ন মধ্যবিত্ত ঘৰৰ লৰা- ছোৱালীক আত্মনিৰ্ভৰশীল কৰি তোলাৰ মানসেৰে এই আচঁনি খন মুকলি কৰা হৈছিল। যেন দৰ্জী, Beautician, makeup artist, Hotel management, computer coaching , mechanical আদি ক্ষেত্ৰত এজন ল'ৰা আৰু এজনী ছোৱালীক সম্পূৰ্ণৰূপে দক্ষ কৰি তুলি দেশৰ অৰ্থনীতিত নিজৰ অৱদান আগবঢ়োৱাৰ লগতে নিবনুৱা সমস্যাৰ দৰে ভয়াৱহ সমস্যাটোৰ লগত মোকাবিলা কৰাৰ উদ্দেশ্য‌ই আছিল এই PMKVY ৰ প্ৰধান লক্ষ্য।

বৃত্তিমুখী শিক্ষা-ক্ষেত্ৰত দক্ষ ব্যক্তিৰ অভাৱ, চৰকাৰৰ গুৰুত্বহীনতাত যুৱক- যুৱতীৰ আশা ভংগ 

    দ্বিতীয় পৰ্যায়তো PMKVY 2.0 আঁচনি খন আৰম্ভ কৰা হৈছিল। কেন্দ্ৰীয় বাজেটৰ পৰা ১২,০০০ কোটি টকা আকৌ এবাৰ মুকলি কৰি দিয়া হ'ল। দেশৰ ১০ মিলিয়ন  যুৱ প্ৰজন্মক মানে ১ কোটি যুৱক-যুৱতীক এই আচঁনিৰ অধীনত সাঙুৰি লোৱা হ'ল। 

       আমাৰ ৰাজ্য খনৰো বহু যুৱক- যুৱতীয়ে এই PMKVY ৰ অধীনত কৰ্মসংস্থানৰ বাবে হেতা ওপৰা লগোৱা পৰিলক্ষিত হ'ল। কাৰণ সকলোকে জীৱীকা লাগে , লাগে ঘৰখন চলাবলৈ কিছু পুঁজি।  ২০১৫ চনৰ ASDM ( Assam Skill Development Mission) আঁচনি খন Under society Act ৰ অধীনত পোন প্ৰথমবাৰৰ বাবে আৰম্ভ কৰে। দক্ষতা বিকাশৰ জৰিয়তে সংস্থাপনৰ বাট মুকলি কৰি দি ৰাজ্যত নিবনুৱা সমস্যা সমাধান কৰাটোৱেই আছিল এই আচঁনিখনৰো উদ্দেশ্য। গুৱাহাটী মহানগৰৰ যুৱক- যুৱতী সকলক এই আচঁনিখনে প্ৰথমাৱস্থাত আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল যদিওঁ সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাবলৈ সক্ষম নহল। আকৰ্ষণ কৰিব পৰা বা বৃত্তিমুখী শিক্ষা প্ৰদানৰ ক্ষেত্ৰত দক্ষ ব্যক্তিৰ অভাৱ আৰু চৰকাৰৰ গুৰুত্বহীনতাই যুৱক- যুৱতীৰ আশা ভংগ কৰিলে । নিবনুৱা যুৱক- যুৱতীক আত্মনিৰ্ভৰশীল হ'ব পৰাকৈ আত্মবিশ্বাস যোগোৱাত ব্যৰ্থ হ'ল এই আচঁনি। এইটো ২০১৫ ৰ পৰা ২০১৭ ৰ সময়খিনিত কথা । লাহে লাহে এই আচঁনিৰ ওপৰত দেশৰ যুৱ- প্ৰজন্মৰ বিশ্বাস যোগ্যতা একেবাৰেই নোহোৱা হৈ আহিল। ক'বলৈ বেয়া লাগিছে আৰু লাজ লাগিছে যে বৰ্তমান skill development ৰ কাৰ্যালয়বোৰত বেছিভাগ সময় তলা ওলমি থকা পৰিলক্ষিত হৈছে।

Skil India Mission ৰ " S' টোৱে ক'ৰবাত হেৰাই থাকিল ক'ত?

প্ৰশ্নটো হৈছে , দেশৰ জনসাধাৰণৰ পৰা সংগ্ৰহ কৰা কৰৰ ইমান বৃহৎ বৃহৎ ধনৰাশিৰ খৰচ কৰাৰ পিছতো কিয় এই PMKVY আচঁনিখন ব্যৰ্থ হ'বলগীয়া হ'ল?  কিয় দেশৰ লাখ লাখ যুৱ- প্ৰজন্মক সপোন দেখুওৱাই আধাতে অন্ধকাৰ ভৱিষ্যতৰ পিনে গতিয়াই দিলে ? কিয় Skil India Mission ৰ " S' টোৱে ক'ৰবাত হেৰাই থাকিল ?? হয় , ম‌ই কেৱল এই তিনটা প্ৰশ্নৰে উত্তৰ বিচাৰিছোঁ যদিওঁ চৰকাৰখনক সুধিবলৈ হাজাৰ হাজাৰ প্ৰশ্ন আছে। এনেকুৱা প্ৰশ্ন বোৰেই গণতান্ত্ৰিক পৰিকাঠামোক জীয়াই ৰাখে , জনসাধাৰণৰ প্ৰতি চৰকাৰৰ দায়িত্ববোধক প্ৰতিফলিত কৰে আৰু নিজেও এগৰাকী নাগৰিক হিচাপে চৰকাৰৰ প্ৰতিটো কামত সজাগ হৈ থকাৰ দিশটোকেই আঙুলিয়াই দিয়ে। 

       যদি আমি তথ্যবোৰ চাব ল‌ওঁ তেতিয়াহলে দেখা পাওঁ যে- ইমানবোৰ অৰ্থ ব্যয় কৰিও এতিয়ালৈকে কেৱল ৬ লাখ যুৱক- যুৱতীক হে দক্ষতাৰ প্ৰশিক্ষণ দিয়া বুলি প্ৰকাশ কৰিছে আৰু তাৰে ভিতৰত মাত্ৰ ৭২,৮৫৮ গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত যুৱক- যুৱতীয়েহে সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে। মানে দেশৰ কেৱল ১২% লৰা- ছোৱালীৰ বাবেহে এই মুধা- ফুটা PMKVY আঁচনি খনে সংস্থাপনৰ ৰাস্তা মুকলি কৰিব পাৰিছে। যিটো অত্যন্ত নিৰাশাজনক।      

হৰ্ডিঙৰ দৰেই জহিছে-খহিছে দক্ষতা বিকাশৰ আচঁনি

‌  আমি এইখিনি কথা কবলৈ বাধ্য যে কেন্দ্ৰীয় চৰকাৰৰ আন আন আচনি সমূহে মহানগৰৰ হৰ্ডিঙবোৰ চকুত লগাকৈ দেখুৱাই জহি খহি যোৱাৰ দৰেই এই দক্ষতা বিকাশৰ আচঁনিখনেও অতি বেয়াকৈ বিফলতাৰ সন্মুখীন হৈছে।  আৰু এই বিফলতাৰ দিশবোৰ যদি সূক্ষ্মভাৱে চাবলৈ যাওঁ তেন্তে সেইবোৰ হ'ব - চৰকাৰৰ সুনিৰ্দিষ্ট পৰিকল্পনা নোহোৱাকৈ লোৱা আকস্মিক সিদ্ধান্ত, কাৰিকৰী দিশত দক্ষতা পূৰ্ণ বিভাগীয় মন্ত্ৰীৰ অভাৱ, প্ৰশিক্ষণৰ বাবে নিয়োগ লাভ কৰা প্ৰশিক্ষকৰ অ- মনোযোগিতা, বিদ্যালয়- মহাবিদ্যালয়ত বৃত্তিমুখী শিক্ষাৰ ব্যৱস্থা নথকাৰ ফলত পৃথিৱীৰ অন্য উন্নত দেশৰ তুলনাত আমাৰ দেশৰ পুতৌজনক অৱস্থা, PMKVY ক কেৱল নিৰ্বাচনী ইচ্যুত ব্যৱহাৰ কৰাৰ মানসেৰে লোৱা সস্তীয়া সিদ্ধান্ত ইত্যাদি। মানে শেষত, ইয়াকে কৈ সামৰণি মাৰিম যে এই বিজেপি চৰকাৰখনে Skilling India ক যেন প্ৰহসনত পৰিণত কৰিবলৈ এই আচঁনিখন আৰম্ভ কৰিছিল।  

-------

[ভাস্কৰ কলিতা, গুৱাহাটীৰ নিবাসী । এগৰাকী যুৱ আৰু ছাত্ৰ কৰ্মী, ছাত্ৰ- ছাত্ৰীৰ অধিকাৰৰ বিষয়ে তেওঁলোকক সজাগ কৰা আৰু বস্তি অঞ্চলৰ মানুহক সামাজিক ভাবে সচেতন কৰাত জড়িত। YUVA ghy ত Community organiser হিচাপে কৰ্মৰত।]


No comments