ফেছীবাদৰ জ্বলন্ত প্ৰমাণ চিমেন চাপৰিৰ পৰমা :‘আছু’-‘গণ সংগ্ৰাম পৰিষদৰ নৃশংসতাৰ জীৱন্ত সাক্ষী মাতৃ-পুত্ৰ ...মোৰ সন্মুখতে মো আইতাক ঘপিয়াই, কোবাই...
ফেছীবাদৰ জ্বলন্ত প্ৰমাণ চিমেন চাপৰিৰ পৰমা :‘আছু’-‘গণ সংগ্ৰাম পৰিষদৰ নৃশংসতাৰ জীৱন্ত সাক্ষী মাতৃ-পুত্ৰ
দিগন্ত শৰ্মাঃ
[ধেমাজিৰ চিলাপথাৰৰ নিকটৱৰ্তী আৰ্নে-চাপৰি , চিমেন-চাপৰি আদিত বাস কৰা বাংলাভাষী হিন্দু মানুহৰ গাঁওসমূহত ফেব্ৰুৱাৰী মাহৰ ২0 আৰু ২১ তাৰিখত ধাৰাবাহিকভাৱে চলে ভয়াৱহ আক্ৰমণ, সংঘটিত হয় গণনিধন কাণ্ড৷অসমীয়াভাষী আৰু জনজাতীয় হাজাৰ হাজাৰ লোকে একত্ৰিত হৈ অতিকে নিৰ্মম আৰু জঘন্যভাৱে আক্ৰমণ কৰে চিলাপথাৰৰ নিকতৱৰ্তী আৰ্নে চাপৰিৰ বৃহত্তৰ এলেকাত– য’ত আজিও আছে হাজাৰ হাজাৰ নিপীড়িত-নিৰ্যাতিত ভুক্তভোগী জনসাধাৰণ৷ সেই নৃশংস, নাৰকীয় ঘটনাৰ ন্যায়প্ৰাপ্তি অপেক্ষাত আজিও দিন অতিবাহিত কৰিছে দুৰ্গম অৰ্নে চাপৰি এলেকাত৷ সেই নিৰীহ বাঙালী লোকসকল বিদেশী বহিষ্কাৰ আন্দোলনে সৃষ্টি কৰা সংঘাতৰ কিদৰে বলি হৈছিল, সেই সংঘাতৰ পূৰ্বৰ আৰু পিচৰ প্ৰব্ৰজন [Migration] বা স্থানান্তৰণ [Displacement] পৰিস্থিতি, সংঘাতৰ পৰৱৰ্তী পৰ্যায়ৰ ন্যায়াপ্ৰাপ্তিৰ ব্যৱস্থাই নিপীড়িতসকলক কিদৰে প্ৰভাৱিত কৰিলে, পৰৱৰ্তী দিনত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত নিৰ্যাতিতসকলৰ ভূমিকা কি আছিল...৷ অগ্নিগৰ্ভা ১৯৮৩ চনৰ ফেব্ৰুৱাৰী মাহত অসমত বাঙালীসকল কিদৰে নিৰ্যাতিত হৈছিল– ক্ষেত্ৰভিত্তিক অধ্যয়নেৰে যুগুত কৰা হৈছে এই প্ৰতিবেদন:]
আৰ্নে চাপৰি অঞ্চলৰ বাংলাভাষী গাঁওসমূহত অসমীয়াভাষী লোকে চলোৱা আক্ৰমণৰ পূৰ্বে আন এক নৃশংস আক্ৰমণ সংঘটিত হৈছিল চিমেন চাপৰি অঞ্চলত৷ বিশেষকৈ চিমেন চাপৰিৰ খেৰনি বস্তিত অসমৰ ‘অস্তিত্ব ৰক্ষা’ৰ আন্দোলনকাৰীসকলে পৰিকল্পিতভাৱে আক্ৰমণ কৰিছিল৷ খেৰনি বস্তি অঞ্চলত আক্ৰান্ত হোৱা বহু পৰিয়ালে পিচত চিমেন চাপৰি এৰি আহি মাজৰবাৰী চিমেনমুখ অঞ্চলত বাস কৰিবলৈ লৈছিল৷ ঘৰ-ভেটি হেৰুৱাই সৰ্বস্বান্ত হোৱা ভুক্তভোগীসকল এতিয়াও আছে মাজৰবাৰী অঞ্চলত– অসমীয়াৰ নিৰ্মম আক্ৰমণৰ জীৱন্ত সাক্ষী হৈ৷...
বিশ্ব কঁপাই যোৱা মানৱ অধিকাৰ উলংঘাৰ সাক্ষী হৈ ৰ’ল পৰমা মালোদাস
চিমেন চাপৰিৰ ভুক্তভোগী জনতা কেৱল আন্দোলনকাৰীৰ আক্ৰমণৰে সাক্ষী নহয়, বিদেশী বহিষ্কাৰ আন্দোলনৰ নামত যে অসমৰ ভিন্ন প্ৰান্তত ফেছীবাদৰ জোঁৱাৰ উঠিছিল তাৰো জ্বলন্ত প্ৰমাণ৷ চিলাপথাৰৰ নিকটৱৰ্তী বৃহত্তৰ আৰ্নে চাপৰি বা চিমেন চাপৰিৰ ওপৰত অসমীয়া লোকে চলোৱা আক্ৰমণ কিমান নৃশংস আছিল আৰু সেই আক্ৰমণৰ ফলত একো একোজন ব্যক্তি বা একোটা পৰিয়ালে ঘটনাৰ পিচৰ কালছোৱাত কিদৰে জীৱন অতিবাহিত কৰিবলগীয়া হৈছিল– সেয়া প্ৰমাণ কৰে পৰমা মালোদাস নামৰ যুৱকজনৰ জীৱন পৰিক্ৰমাই৷...
পৰমাৰ ছিন্ন হাতখন অসম আন্দোলনৰ ফেচিষ্ট চৰিত্ৰৰ প্ৰতীক
ধেমাজী জিলাৰ অন্যতম চহৰ চিলাপথাৰৰ পৰা প্ৰায় বিশ কিলোমিটাৰ দূৰত অৱস্থিত মাজৰবৰী বজাৰ৷ চিমেনমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত মাজৰবাৰী অঞ্চলৰ প্ৰাণকেন্দ্ৰস্বৰূপ মাজৰবাৰী বজাৰত আমি যেতিয়া উপস্থিত হৈছিলো তেতিয়া আমাৰ স’তে যোৱা ধনঞ্জয় নাথ নামৰ সমাজকৰ্মী যুৱকজনে ক’লে– ‘সৌ যুৱকজনলৈ চাওঁক৷
এজন যুৱকলৈ আঙুলিয়াই দেখুৱালে এজন যুৱকলৈ৷ ভালদৰে লক্ষ্য কৰি দেখিলো– আমি বহি থকা চাহ দোকান এখনৰ পিনে যুৱক এজন আগবাঢ়ি আহিছে৷
যুৱকজনৰ সৈতে ধনঞ্জয়ে আমাক চিনাকী কৰাই দিলে৷ আমি নমস্কাৰ জনালো৷ প্ৰত্যুত্তৰত যুৱকজনে এখন হাত দাঙি সম্ভাষণ জনালে৷ লগে লগে আমি আচৰিত হ’লো৷ দুহাত তুলি আনৰ সম্ভাষণৰ প্ৰত্যুত্তৰ দিবলৈ যুৱকজনৰ এখন হাত নাই৷ ঠিক বাহুৰ তলতেই হাতখন ছিন্ন৷...
এই যুৱকজনেই হৈছে পৰমা মালোদাস৷ আৰু পৰমাৰ এই ছিন্ন হাতখন হৈছে ‘অসম আন্দোলন’ৰ ফেচিষ্ট বাহিনীৰ জঘন্যতম কাৰ্যকলাপৰ জ্বলন্ত উদাহৰণ৷ ১৯৮৩ চনৰ ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় পষেকত ‘অসমীয়া’ লোকে পৰিকল্পিতভাৱে চলোৱা আক্ৰমণৰ সাক্ষী পৰমা মালোদাস৷ আৰু সদৌ অসম ছাত্ৰ সন্থা, অসম গণ সংগ্ৰাম পৰিষদ আদিৰ নেতৃত্বত তথা প্ৰফুল্ল কুমাৰ মহন্ত, ভৃগু কুমাৰ ফুকন, ভৰত চন্দ্ৰ নৰহ আদি নেতাৰ নিৰ্দেশনাত পৰিচালিত বিদেশী বিতাড়ন আন্দোলনৰ গণসংহাৰৰ অন্যতম প্ৰমাণ৷...
বাংলাভাষী লোকৰ ওপৰত কিমান নিৰ্দয়ভাৱে অসমৰ খিলঞ্জীয়া লোকে অত্যাচাৰ-উৎপীড়ন চলাইছিল, বিশ্ব কঁপাই যোৱাকৈ মানৱ অধিকাৰ উলংঘা কৰিছিল তাৰ সাক্ষী হৈ ৰ’ল পৰমা মালোদাসৰ দৰে লোক৷ উল্লেখ্য যে আন্দোলনকাৰীয়ে চিমেন চাপৰিৰ বাংলাভাষী লোক অধ্যুষিত এলেকাত আক্ৰমণ চলাওতে পৰমাৰ এখন হাত ঘপিয়াই কাটি দুটুকুৰা কৰিছিল৷ আৰু তেতিয়া পৰমা আছিল এজন কিশোৰ ছাত্ৰ৷ সেইজন পৰমাৰ ছিন্ন হাতখন অসম আন্দোলনৰ ফেচিষ্ট চৰিত্ৰৰ প্ৰতীক৷
মাজৰবাৰী বজাৰৰ মাজত লগ পাওঁতে পৰমাই সেই ভয়াৱহ দিনটোৰ কথা কৈছিল এনেদৰে– ‘সেইদিনা বতৰ ডাৱৰীয়া আছিল৷ দিনৰ প্ৰায় দহ-এঘাৰ মান বজাত ঘৰৰ ওচৰতে লগৰীয়াৰ সৈতে খেলি আছিলো৷ কিন্তু হঠাতে গম পালো গাঁৱৰ মানুহবোৰে দৌৰা-দৌৰি কৰিছে৷ চিঞৰ-বাখৰ কৰি পলাবলৈ ধৰিলে৷ ঘৰলৈ দৌৰ মাৰি গৈ দেখিলো আমাৰ ঘৰৰ ফালে বহু মানুহ হাতত অস্ত্ৰ-শস্ত্ৰ লৈ আগুৱাই আহিছে৷ চিঞৰ-বাখৰ শুনি বহুত ভয় লাগিছিল৷ দূৰৈত গাঁৱৰ সিটো মূৰে জুই শিখা দেখিবলৈ পাইছিলো৷ তেতিয়া মোৰ এগৰাকী আইতাও ঘৰৰ পৰা ওলাই আহিল৷ আইতাই খোজকাঢ়িব নোৱাৰে৷ তথাপি লাখুটি লৈ আইতা ঘৰৰ পৰা ওলাই আহিল৷ ইতিমধ্যে আনবোৰে পলাবলৈ ধৰিছে৷ মই আইতাৰ হাতত ধৰি দক্ষিণ-পশ্চিম দিশে আগুৱাই গ’লো৷ খোজকাঢ়িবলৈ দেহত শক্তি নথকা আইতায়ো প্ৰাণৰ মমতাত থৰক-বৰককৈ আগবাঢ়িছিল৷ কিছুদূৰ আগবাঢ়ি যোৱাৰ পিচত বহু মানুহে আমাক আগুৰি ধৰিলে৷ সিহঁতৰ হাতত দা-তৰোৱাল-লাঠি, জুই শিখা আদি বহুতো৷ সিহঁতক দেখি ভয়তে প্ৰায় মুৰ্চা যোৱাৰ দৰে হ’লো৷ কি কৰিম ভাবিবই নোৱাৰিলো৷ এনেতে মানুহজাকে আগুৰি ধৰিলে আমাক আৰু মোৰ সন্মুখতে মো আইতাক ঘপিয়াই, কোবাই মাৰি পেলালে৷ মই মূৰটো ঘূৰোৱা যেন অনুভৱ কৰিলো, কিন্তু তেনেতে সেইটামানে মোক থাপ মাৰি ধৰি টানি নিলে৷ কেইজমানে মোক দাৰে ঘপিয়ালে৷ মই চিঞৰ মাৰিলো৷ সিহতৰ কোনোবা এজনে মোৰ বাওঁ হাতখনত ঘাপ মাৰিলে আৰু হাতখন দুচোৱা হৈ এচোৱা দূৰত চিটিকি পৰিল৷ মই অজ্ঞান হৈ পৰি থাকিলো৷’
কথাখিনি কৈ বহু সময়ৰ বাবে মৌন হৈ থাকিল পৰমা৷ পৰমাৰ কথা শুনি থকা আমি সকলোৱে নিস্তব্ধ হৈ পৰিলো৷ কিছুসময় সকলোৱে নিৰৱে থকাৰ পিচত দেখিলো– পৰমাই সোঁহাতখনেৰে বাওঁহাতখনৰ ছিন্ন অংশত স্পৰ্শ কৰিছে৷ ‘এয়া চাওক’– পৰমাই ছিন্ন হাতখন দাঙি ধৰিলে ; অসমীয়া উগ্ৰজাতীয়তাবাদীয়ে এটি কিশোৰৰ ওপৰত চলোৱা ‘দানৱীয় নিপীড়নৰ প্ৰতীক’ সেই খণ্ডিত হাতখন কিছু সময়লৈ আমাৰ চকুৰ সন্মুখত থিৰ হৈ থাকিল৷
কোনো প্ৰশ্ন নাই, কোনো উত্তৰ নাই– আমাৰ পৰা৷
মৌনতা ভাঙি পৰমাই ক’লে– ডিঙি, পিঠিতো আছে আক্ৰমণকাৰী, আন্দোলনকাৰীৰ দাৰ ঘাপৰ চিহ্ন৷ এইবাৰ পৰমাই গাৰ চোলা দাঙি শৰীৰৰ ক্ষতচিহ্ন দেখুওৱালে৷
তাৰ পিচত পুনৰ ক’লে– মোক মৃত বুলি ভাবি সেইদিনা পেলাই থৈ যোৱাৰ পিচত ৰাতি দেউতাই বিচাৰি আহি মোক তুলি লৈ গৈছিল৷ আইতা প্ৰিয়বালা মালোদাসৰ মৃতদেহ তাতেই পৰি ৰৈছিল৷ পিচত গাঁৱৰ মানুহে সৎকাৰ কৰিছিল৷ ইফালে মোৰ মা কালীদাসী মালোদাসৰ চকুৰ ঠিক তলতে দাৰ ঘাপ পৰিছিল৷ নাকটো কটা গৈছিল৷ মা আৰু মোক দুদিন পিচতহে আশ্ৰয় শিবিৰলৈ অহা ডাক্টৰে চিকিৎসা কৰিছিল৷ পিচত অৰুণাচল প্ৰদেশৰ পাচিঘাটৰ হাস্পতালত চিকিৎসা কৰাইছিল৷
মোৰ স্কুললৈ যোৱা বন্ধ হৈ গৈছিল৷ এটি দীৰ্ঘ হুমুনিয়াহ এৰি পৰমা থমকি ৰৈছিল৷ কথাবোৰ শুনি থকা ধনঞ্জয় নাথ নামৰ সমাজকৰ্মী যুৱক এজনে কৈছিল– ‘পৰমাৰ জীৱন সংগ্ৰামৰ কথা আমি ভালকৈ জানো৷ পৰমাই সেই ঘটনাৰ পিচত এখন হাতেৰেই কিতাপৰ বোজা লৈ বহু দূৰৈৰ স্কুললৈ আহ-যাহ কৰিছিল৷ আমাৰ লগতে পঢ়িছিল৷ বিশ কিলোমিটাৰ দূৰ চাইকেল চলাই চিলাপথাৰলৈ মেট্ৰিক পৰীক্ষা দিবলৈ গৈছিল৷ কেৱল সেয়াই নহয়, এইজন পৰমাই এখন হাতেৰে চাইকেলৰ হেণ্ডেলত ধৰি ঘৰে ঘৰে মুৰি বিক্ৰী কৰি পৰিয়াল চলাইছে৷ কিন্তু সেইজন পৰমাক সহায় কৰিবলৈ বা ন্যায় দিবলৈ কোনো আগবাঢ়ি নাহিল৷ পৰমাৰ দোষ কি আছিলঞ্জ আচলতে পৰমাৰ দৰে যুৱকৰ সমুখত আজি অসম আন্দোলনৰ নেতৃত্বই থিয় হ’বলৈ সাহস কৰা নাই৷ তেওঁলোকে নিৰ্যাতিত লোকসকলক ক্ষতিপূৰণ বা ন্যায় প্ৰদান দূৰৈৰ কথা, নিপীড়িতসকলৰ ওচৰত ক্ষমা ভিক্ষা কৰিবলৈয়ো সৎ সাহস নোহোৱা হৈ গৈছে৷’...
মোৰ ডাঙৰ ল’ৰাৰ এখন হাত কাটি পেলালে, মোৰ পত্নীৰ মুখতেই ঘপিয়াইছে, মোৰ মূৰত দাৰ ঘাপৰ চিহ্ন এতিয়াও আছে
এটি ভগ্নপ্ৰায় পঁজাঘৰত আমি লগ পাইছিলো মাজৰবাৰীৰ পৰমাৰ পিতৃ সূৰ্য মালোদাসক৷ তেওঁ কৈছিল– ‘চিমেন চাপৰিৰ খেৰনি বস্তিত থাকোতে মোৰ আছিল ১২ বিঘা খেতিমাটি৷ এতিয়া মাত্ৰ এই ভেটিটো৷ তিৰাশী চনৰ ঘটনাই আমাক সকলো শেষ কৰিলে৷ মোৰ ডাঙৰ ল’ৰা পৰমাৰ এখন হাত কাটি পেলালে৷ মোৰ পত্নীৰ মুখতেই ঘপিয়াইছে৷ মোৰ মূৰত দাৰ ঘাপৰ চিহ্ন এতিয়াও আছে৷ বহু অসমীয়া মানুহে আহি আমাক আক্ৰমণ কৰিছে, ঘৰত জুই দিছে, খেদি পঠিয়াইছে৷
কিন্তু এচাম অসমীয়া মানুহে আকৌ আমাক আশ্ৰয়ো দিছে৷ মোৰ পত্নী কালীদাসীক বড়ো মানুহেই উদ্ধাৰ কৰি পিচত মোক গতাই দিছে৷ আনহাতে একাংশ মিছিং মানুহে আমাৰ গাঁৱত আক্ৰমণ কৰিছিল, কিন্তু এচাম মিছিং জনগোষ্ঠীৰ মানুহে আমাৰ বহুতকে আশ্ৰয় দিছিল, প্ৰাণ বচাইছিল৷ সেয়া যিয়েই নহওক মোৰ পত্নীৰ মুখখনৰ সেই ক্ষতচিহ্ন আৰু পুত্ৰ পৰমাৰ কটা হাতখন দেখিলে আজিও অঞ্চলটোৰ সকলোৰে মনলৈ আহে সেই ভয়াৱহ দিনটোৰ কথা৷ মৃত্যু নোহোৱালৈকে আমি অসমীয়াৰ সেই আক্ৰমণ পাহৰিব নোৱাৰিম৷ সেই আঘাত কেৱল আমাৰ দেহতে স্থায়ী হৈ থকা নাই, মনতো থাকিল স্থায়ী হৈ৷’...
এচাম অসমীয়াই বাংলাভাষী লোকক আক্ৰমণ কৰিবলৈ গৈছিল আন এচামে নিৰ্যাতিত-আৰ্তজনক আশ্ৰয় দিছিল
চিমেন চাপৰিৰ আক্ৰমণৰ আগতে খবৰ দিছিল এজন অসমীয়া লোকে৷ বহুতে গৃহাৰাক আশ্ৰয় দিছিল৷ চিমেন চাপৰিৰ খেৰনি বস্তিৰ এগৰাকী ভুক্তভোগী মহিলা হিমানী দাস৷ মহিলাগৰাকীয়ে সেই বিশেষ দিনটোৰ কথা তেওঁ ক’ল– ‘আমাৰ গাঁওখনৰ ওচৰতে এখন অসমীয়াভাষী লোকৰ গাঁও আছিল৷ গাঁওখনৰ নাম আছিল বৰুৱাপাম৷ সেইদিনা বৰুৱাপাম গাঁৱত বহু মানুহ গোট খাইছিল৷ এজন অসমীয়াভাষী মানুহ, তেওঁৰ উপাধি আছিল বৰদলৈ৷ বৰদলৈয়ে সেইদিনা খুউব পুৱাতে গৈ আমাৰ গাঁৱত খবৰ দিছিল যে আজি গণ্ডগোল হ’ব৷ লগতে আমাক সাৱধান হৈ থাকিবলৈ কৈছিল৷ পিচে পুৱা প্ৰায় ন মান বজাত আমাৰ গাঁৱত আক্ৰমণ কৰিলে৷ গাঁৱৰ উত্তৰ ফালে জুই দিলে৷ ঘৰত জুই দিলে, বহু মানুহ মৰিলে৷ বহুতে পলালে৷ আমাৰ সম্পৰ্কীয় হেমন্ত দাস নাম ৰএজন চিনাকী অসমীয়া মানুহেই ধৰি নি ঘৰৰ ভিতৰত সোমাই দি বাহিৰৰ পৰা জুই দিলে৷ এনেদৰে আক্ৰমণ হোৱাৰ পিচত আমি যেতিয়া ৰাস্তাৰে পলাই দৌৰি দৌৰি পলাই আহিলো তেতিয়া ৰাস্তাৰ কাষৰ মিছিং জনগোষ্ঠী আৰু বড়ো পৰিয়াল কিছুমানে আমাক আশ্ৰয় দিছিল৷ পিচে আমি দৌৰি দৌৰি আহি তেলেম ৰে’ল ষ্টেচনত উঠিলোহি৷ তাতে ৰাতি কটালো৷ বহু হাজাৰ মানুহে ষ্টেচনত থাকিল৷ কিন্তু ৰাতি অৰুণাচলৰ পৰা কিছুমান আদি জনগোষ্ঠীৰ যুৱক আহি আমাৰ মানুহবোৰৰ মাজৰে পৰা কেইবাজনীও ছোৱালী জোৰ-জুলুম কৰি লৈ গ’ল৷ সেই ছোৱালীবোৰ আৰু ঘূৰি নাহিল৷ ইয়াৰ পিচত আমি চিলাপথাৰলৈ আহি শিবিৰত আশ্ৰয় ল’লো৷ প্ৰায় এমাহ থাকিলো৷ তাৰ পিচত আমি মাজৰবাৰী লৈ আহিলো৷... কথাখিনি কৈ মহিলাগৰাকীয়ে উচুপি উঠিছিল৷ কিছু পিচত কৈছিল– ‘আমাৰ বঙালী সম্প্ৰদায়ৰ মানুহবোৰৰ কি দোষ আছিল?’
হয়তো এই প্ৰশ্নৰ উত্তৰ কোনেও দিব নোৱাৰিব৷ চিমেন চাপৰিৰ ঘটনাই স্পষ্ট কৰে এচাম অসমীয়াই বিদেশীৰ নামত বাংলাভাষী লোকক হত্যা কৰিবলৈ, ঘৰ-ভেটি, মাটি-বাৰী দখল কৰিবলৈ গৈছিল৷ সেইদৰে আন এচামে নিৰ্যাতিত, আৰ্তজনক আশ্ৰয় দি মানৱতাবোধ দাঙি ধৰিছিল।
[ অনুসন্ধানমূলক-স্বতন্ত্ৰ-মুক্ত সাংবাদিকতাৰ যাত্ৰা অব্যাহত ৰাখিবলৈ versatilestory.com-ক প্ৰয়োজন আপোনাৰ সহযোগিতা, পৰামৰ্শ আৰু আৰ্থিক সহায়ৰ। আমাৰ যাত্ৰাক আৰ্থিকভাৱে সহায় কৰিবলৈ মবাইল নম্বৰ ৮৬৩৮৬৯৮৪৫০-ত যোগাযোগ কৰক। আপুনি যি কোনো পৰিমানৰ আৰ্থিক বৰঙণি আগবঢ়াব পাৰে। ]
No comments