Page Nav

HIDE

Grid

GRID_STYLE

নেলীৰ শত শত অনাথ শিশুৰ নৱজীৱনৰ ৰূপকাৰ-আজিমুদ্দিন চৌধুৰী

এফালে নৃশংস গণহত্যা, আনফালে শত শত অনাথ শিশুক নতুন জীৱন দান  . ..একাংশ সমাজসেৱী ব্যক্তিৰ সহযোগত তেতিয়া স্থাপন কৰে এখন এচ.অ.এচ. শিশু গাঁও...যি...


এফালে নৃশংস গণহত্যা, আনফালে শত শত অনাথ শিশুক নতুন জীৱন দান 

...একাংশ সমাজসেৱী ব্যক্তিৰ সহযোগত তেতিয়া স্থাপন কৰে এখন এচ.অ.এচ. শিশু গাঁও...যিখন শিশুগ্ৰাম স্থাপন কৰা হয় হোজাইত৷ আজিমুদ্দিন চৌধুৰীয়ে এই হোজাই এচ.অ.এচ. শিশু গাঁৱৰ তত্বাৱধানৰ দায়িত্ব লাভ কৰে...


দিগন্ত শৰ্মা: 

নেলী আৰু ইয়াৰ নিকটৱতীৰ্ গাঁওসমূহত ১৮ ফেব্ৰুৱাৰিৰ দিনা আক্ৰমণ সংঘটিত হোৱাৰ পাচত যিদৰে মৃতদেহবোৰ য’তে ত’তে পৰি ৰৈছিল, সেইদৰে প্ৰাণ বচাবলৈ সক্ষম হোৱা সকলেও বিভিন্ন স্থানত আশ্ৰয় লৈছিল৷ পৰৱতীৰ্ সময়ত চৰকাৰী পক্ষৰ উদ্যোগত আৰু এচাম সমাজ সচেতন, মানৱতাবাদী মানুহৰ উদ্যোগত আহত সকলক তথা প্ৰাণ বচাবলৈ সক্ষম হোৱা লোকসকলক আশ্ৰয় প্ৰদান কৰা হৈছিল৷ নগাঁও চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি হৈছিল শতাধিকজন৷ নেলীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত স্থাপন কৰা সাহায্য শিবিৰত চিকিৎসা সেৱা আৰু কিছু পৰিমাণে খাদ্য যোগান ধৰিছিল চৰকাৰে৷ কিন্তু সকলোতকৈ দুখজনক অৱস্থা আছিল পিতৃ-মাতৃক হেৰুৱাই অনাথ হোৱা শিশুসকলৰ৷ সেই অনাথ শিশু সকলৰ ভৱিষ্যতক লৈ সকলো লোকেই উদ্বিগ্ন হৈ পৰিছিল৷ পিতৃহাৰা সন্তানক বুকুত বান্ধি আহত মাতৃয়ে আশ্ৰয় শিবিৰত বা চিকিৎসালয়ৰ বাৰান্দাত অসহায়ভাৱে সময় অতিবাহিত কৰিছিল; মাতৃহাৰা সন্তানক, কেচুৱাক বুকুত সাৱটি কোনো পিতৃয়ে অনিশ্চিত ভৱিষ্যতক ধিয়াই নেলীৰ বধ্যভূমিৰ দাঁতিৰ সাহায্য শিবিৰত দিন অতিবাহিত কৰিছিল৷


 ‘উগ্ৰ অসমীয়া’ ঘাতক বাহিনীৰ আক্ৰমণত আত্মীয়ক হেৰুৱাৰ বেদনা বুকুত বান্ধি আহত দেহাৰে কণমানি সন্তানক লগত লৈ সময়ৰ ক্ষণ গনিছিল অজস্ৰজনেই৷ তেনে দুৰ্যোগৰ দিনত কোনে কাক সহায় কৰিব/ কাৰ ভৱিষ্যত কোনে নিশ্চিত কৰিব/ দেশৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে নেলীৰ বধ্যভূমি স্বচক্ষে প্ৰত্যক্ষ কৰি যোৱাৰ পিছতো ভুক্তভোগীসকলে ভৱিষ্যতক লৈ সন্দিহান আছিল৷ পিছে তেনে এক জটিল সন্ধিক্ষণতে এজন যুৱকে অনাথ শিশু সকলৰ বাবে ‘কিবা’ কৰাৰ বাবে আগবাঢ়ি আহিছিল৷ যিয়ে ইন্দিৰা গান্ধীৰ ওচৰলৈ গৈ সাহসেৰে অনাথ শিশুসকলৰ বাবে কিবা ব্যৱস্থা কৰিবলৈ আহ৩ান জনাইছিল৷ তেওঁ আছিল আজিমুদ্দিন চৌধুৰী৷ ইন্দিৰা গান্ধীয়ে যেতিয়া নেলীৰ গণহত্যাস্থলী প্ৰত্যক্ষ কৰিবলৈ আহিছিল তেতিয়া আজিমুদ্দিন চৌধুৰীয়েই গান্ধীৰ ওচৰ চাপি গৈ কৈছিল অজস্ৰ মৃত শিশুক একেলগে সমাধিস্থ কৰাৰ কথা৷ আনকি আজিমুদ্দিন চৌধুৰীয়ে সেই সমাধি স্থান দেখুৱায়ো দিছিল৷ পিচত চৌধুৰীয়ে অনাথ শিশুসকলৰ কল্যাণৰ হকে কাম কৰিবলৈ প্ৰধানমন্ত্ৰী গৰাকীক আবেদন জনাইছিল৷ ইয়াৰ পিচত আজিমুদ্দিন চৌধুৰীৰ জীৱনৰ যাত্ৰাপথেই সলনি হ’ল৷

 ...নেলীৰ ক্ষতিগ্ৰস্ত গাঁওসমূহৰ বহু শিশুৱে পিতৃ-মাতৃক হেৰুৱাই অনাথ হৈ পৰিছিল৷ এই অনাথ শিশুসকলক সুকীয়াকৈ সুন্দৰ পৰিৱেশত ডাঙৰ দীঘল হ’ব পৰাকৈ সুবিধা প্ৰদান কৰিবলৈ আগবাঢ়ি আহে আজিমুদ্দিন চৌধুৰী৷ একাংশ সমাজসেৱী ব্যক্তিৰ সহযোগত তেতিয়া স্থাপন কৰে এখন এচ.অ.এচ. শিশু গাঁও৷ যিখন শিশুগ্ৰাম স্থাপন কৰা হয় হোজাইত...

 নেলীকে ধৰি তেতিয়াৰ অবিভিক্ত নগাঁও জিলাৰ বহুকেইখন গাঁও ১৯৮৩ চনৰ ফেব্ৰুৱাৰি মাহত সাম্প্ৰদায়িক সংঘাতৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল৷ জিলা খনৰ ক্ষতিগ্ৰস্ত গাঁওসমূহৰ বহু শিশুৱে পিতৃ-মাতৃক হেৰুৱাই অনাথ হৈ পৰিছিল৷ এই অনাথ শিশুসকলক সুকীয়াকৈ সুন্দৰ পৰিৱেশত ডাঙৰ দীঘল হ’ব পৰাকৈ সুবিধা প্ৰদান কৰিবলৈ আগবাঢ়ি আহে আজিমুদ্দিন চৌধুৰী৷ একাংশ সমাজসেৱী ব্যক্তিৰ সহযোগত তেতিয়া স্থাপন কৰে এখন এচ.অ.এচ. শিশু গাঁও৷ যিখন শিশুগ্ৰাম স্থাপন কৰা হয় হোজাইত৷


আজিমুদ্দিন চৌধুৰীয়ে এই হোজাই এচ.অ.এচ. শিশু গাঁৱৰ তত্বাৱধানৰ দায়িত্ব লাভ কৰে৷ কিয়নো তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নিৰ্দেশত আজিমুদ্দিন চৌধুৰীয়ে দেশৰ অন্যপ্ৰান্তৰ এচ.অ.এচ. ভিলেজ পৰিচালনাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি উভতি আহিছিল৷ প্ৰথমে বাহঁ-খেৰেৰে সাধাৰণ জুপুৰি ঘৰ সাজি সেই অনাথ শিশুসকলৰ বাবে আশ্ৰয়স্থলী নিৰ্মাণ কৰা হৈছিল৷ আজিমুদ্দিন চৌধুৰীয়ে নেলী, বৰবাৰী আদিকে ধৰি নগাঁও জিলাৰ বিভিন্ন গাঁৱৰ পৰা সাম্প্ৰদায়িক সংঘাতত পিতৃ-মাতৃক হেৰুৱাই অনাথ হোৱা শিশু সকলক বিচাৰি নিছিল আৰু হোজাই এচ.অ.এচ. শিশু গ্ৰামত ১৯৮৪ চনত ভৰ্তি কৰাইছিল৷ প্ৰথমে ৩১২ টি অনাথ শিশুক অন্তভুৰ্ক্ত কৰাইছিল৷ সেই অনুসৰি শিশুগ্ৰামত সুকীয়াকৈ কেইবাগৰাকীও মাতৃ নিয়োগ কৰিছিল আৰু সুকীয়াকৈ এখন নতুন ঘৰৰ দৰে আবাসিক পৰিৱেশ গঢ়ি তুলিছিল৷ সেই শিশু গাঁৱলৈ অহা শতাধিক শিশুৱে কেইবাগৰাকীও মাতৃ লাভ কৰিছিল৷ কিন্তু পিতৃ হিচাপে শিশুসকলে ওচৰতে পাইছিল এজন মানুহক; সেই গৰাকীয়েই আছিল আজিমুদ্দিন চৌধুৰী৷ তেওঁ পিচলৈ শিশুগ্ৰামখনৰ সঞ্চালক পদ লাভ কৰিছিল৷ হোজাই শিশু গাঁৱৰ শতাধিক কিশোৰ কিশোৰীৰ ‘পিতৃ’ হৈ পৰিছিল আজিমুদ্দিন চৌধুৰী৷ নেলীৰ সাম্প্ৰদায়িক সংঘাতৰ সেয়া যেন আছিল অন্য এক ছবি৷.....এচামে হাতত অস্ত্ৰ-শস্ত্ৰ লৈ গৈ শতাধিক শিশুক ১৮ ফেব্ৰুৱাৰিৰ দিনা নেলীকে ধৰি নিকটৱতীৰ্ গাঁৱত নিৰ্মমভাৱে হত্যা কৰিছিল আৰু আজিমুদ্দিন চৌধুৰীৰ দৰে ব্যক্তিয়ে সেই ঘটনাত কোনোমতে প্ৰাণটো বচাবলৈ সক্ষম হোৱা শতাধিক শিশুক অশেষ কষ্টৰে ডাঙৰ দীঘল কৰি ভৱিষ্যতে একো একোজন সুনাগৰিক হিচাপে গঢ়ি তোলাৰ চেষ্টা কৰিছিল৷ প্ৰকৃতাৰ্থত এগৰাকী মানৱ সেৱাত ব্ৰতী মানৱতাবাদী ব্যক্তি আজিমুদ্দিন চৌধুৰী৷ এই গৰাকী ব্যক্তিয়ে হোজাইৰ শিশু গাঁৱৰ শিশুসকলক এনেদৰে নৱজীৱন দান কৰিলে যে ১৯৮৩ চনৰ ফেব্ৰুৱাৰি মাহত একাংশ হিংস্ৰ মানুহৰ আক্ৰমণত অনাথ হোৱা প্ৰতিগৰাকী শিশুৱেই এতিয়া একো একোজন সমাজৰ প্ৰতিস্থিত ব্যক্তি৷ কোনোবাজন যদি চিকিৎসক, কোনোবাজন হয়তো অভিযন্তা, কোনোবাগৰাকী যদি শিক্ষয়িত্ৰী কোনোবাগৰাকী হয়তো নাৰ্চ, কোনোবা গৰাকী আকৌ সমাজকমীৰ্, কোনোবাজেন হয়তো ভাৰতীয় সেনা বাহিনীৰ যোদ্ধা হৈ দেশ ৰক্ষা কৰিছে৷ আজিমুদ্দিন চৌধুৰীয়েএই লেখকৰ সৈতে হোৱা কথা-বতৰাত ক’লে- ‘‘মানৱ সেৱাক জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰিছিলো৷ সেই মতেই হোজাইৰ এচ.অ.এচ. বিলেজৰ সৈতে জড়িত হৈ পৰিছিলো৷

 


সেই অনাথ শিশুসকলৰ জীৱনৰ সকলো দায়িত্ব মূৰ পাতি লবলগীয়া হৈছিল৷ প্ৰথমে বহুত অসুবিধা হৈছিল যদিও একাংশ ব্যক্তিৰ সহযোগিতাত অনাথ শিশুসকলক আগবঢ়াই লৈ যোৱাত, শিক্ষাদান কৰাত, খোৱা লোৱাকে ধৰি যাবতীয় সকলো যোগান ধৰাত সুবিধা হৈছিল৷ বৰ্তমান হোজাইৰ শিশুগাঁৱৰ যি অৱস্থা প্ৰথমতে তেনে নাছিল৷ প্ৰথমে সৰু সৰু জুপুৰিত শিশুবোৰক থাকিবলৈ দিয়া হৈছিল৷ পিচত বহুত উন্নত হ’ল৷ শিশুবোৰক পঢ়াৰ ক্ষেত্ৰত আগবঢ়াই দিয়া হ’ল৷ সেই শিশুবোৰ মোৰ বাবে সন্তানৰ দৰে৷ তাত কোনো ধমীৰ্য় পৰিচয়ৰ কথা নাছিল৷ সকলো সমান, সকলোৰে মৰ্যাদা সমান, অধিকাৰ সমান - এয়াই আছিল আমাৰ নীতি৷ নৈতিকতাৰ শিক্ষাৰে আমি উদ্বুদ্ধ হৈছো, শিশু সকলকো সেই শিক্ষা দিছিলো৷ এতিয়া যুৱক-যুৱতীৰূপে বা একোগৰাকী প্ৰতিস্থিত নাগৰিক হিচাপে একালৰ অনাথ শিশুসকলক এতিয়া দেখিলে নিজেই গৌৰৱবোধ কৰো৷ নেলীৰ হত্যাকাণ্ডৰ ফলত অনাথ হোৱা শিশুৱে আজি সুনাগৰিক হিচাপে প্ৰতিস্থিত৷ সিঁহত সকলোৱে মোক পিতৃ হিচাপে পৰিচয় দিয়ে৷’’

উল্লেখ্য যে এচ.অ.এচ. শিশু গাঁৱৰ উচ্ছ পদবীত কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰা আজিমুদ্দিন চৌধুৰীয়ে আগবঢ়োৱা সমাজসেৱাৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো স্বীকৃতি লাভ কৰিছে৷


শত-সহস্ৰ শিশুক নৃশংসভাৱে হত্যা কৰিব পৰা একাংশ উগ্ৰজাতীয়তাবাদীলোকে যিখন অসমত জন্ম গ্ৰহণ কৰিছে, সেই অসম মুলুকতে আজিমুদ্দিন চৌধুৰীৰ দৰে শত শত অনাথ শিশুক নতুন জীৱন দান কৰিব পৰা ব্যক্তিৰো জন্ম হৈছে৷ এফালে নেলী অঞ্চলত নৃশংস গণহত্যাৰ দৰে চৰম অমানৱীয় ঘটনা, আনফালে সেই ঘটনাৰ ভুক্তভোগী, অসহায় অনাথ শিশুবোৰৰ জীৱনক নতুন ৰূপত গঢ়ি তুলিবলৈ আজিমুদ্দিন চৌধুৰীৰ দৰে ব্যক্তিৰ মানৱতাবাদী বলিষ্ঠ পদক্ষেপ৷ 

‘চিতাৰ জুইৰ মাজৰ পৰা নতুন ৰূপত ওলাই অহা ফিনিক্স পখী’ৰ দৰে হয়তো আজিমুদ্দিন চৌধুৰীৰ মহান আদৰ্শ, মানৱসত্বাৰ বাবেই এচামে ভাঙিবলৈ বিচৰা সমাজখনতো ঐক্য আৰু শান্তিৰ বতৰাই নসাজেৰে পুনঃ পুনঃ উদ্ভাসিত হয়৷

[ অনুসন্ধানমূলক-স্বতন্ত্ৰ-মুক্ত সাংবাদিকতাৰ যাত্ৰা অব্যাহত ৰাখিবলৈ versatilestory.com-ক প্ৰয়োজন আপোনাৰ সহযোগিতা, পৰামৰ্শ আৰু আৰ্থিক সহায়ৰ। আমাৰ যাত্ৰাক আৰ্থিকভাৱে সহায় কৰিবলৈ মবাইল নম্বৰ ৮৬৩৮৬৯৮৪৫০-ত যোগাযোগ কৰক। আপুনি যি কোনো পৰিমানৰ আৰ্থিক বৰঙণি আগবঢ়াব পাৰে। ] 

No comments