Page Nav

HIDE

Grid

GRID_STYLE

তৰালি , বিনীতা , প্ৰেমদা , দীপিকাৰ অনন্য জীৱন সংগ্ৰাম

একালত শিক্ষাগ্ৰহণৰ সুবিধা লাভ নকৰা মহিলাই গঢ়িছে গ্ৰাম্য অৰ্থনীতিৰ ভঁৰাল ....কামৰূপ, বৰপেটা, গোৱালপাৰা আদি জিলাৰ বিভিন্ন গ্ৰাম্য এলেকাৰ একাধ...


একালত শিক্ষাগ্ৰহণৰ সুবিধা লাভ নকৰা মহিলাই গঢ়িছে গ্ৰাম্য অৰ্থনীতিৰ ভঁৰাল

....কামৰূপ, বৰপেটা, গোৱালপাৰা আদি জিলাৰ বিভিন্ন গ্ৰাম্য এলেকাৰ একাধিক মহিলাই গাহৰি পালন, ছাগলী পালন, নাৰ্চাৰী প্ৰস্তুত, সৰিয়হ খেতি, উদ্যান শস্যৰ খেতি আদিত নিয়োজিত হৈছে ...


দিগন্ত শৰ্মা:

     কেইবছৰমান আগলৈকে তৰালি ৰাভাৰ পৰিয়ালটোৰ জীৱন-জীৱিকা নিৰ্ভৰ কৰিছিল তৰালিৰ স্বামীৰ উপাৰ্জনৰ ওপৰত৷ তৰালিৰ স্বামীয়ে দিন-মজুৰি কৰি যিখিনি ধন পায় সেয়াই আছিল পৰিয়ালটোৰ উপাৰ্জন৷ অৰ্থৰ প্ৰয়োজন হ’লেই তৰালিয়ে হাত পাতিবলগীয়া হৈছিল স্বামীৰ ওচৰত৷ কিন্তু তৰালি ৰাভা এতিয়া এগৰাকী স্বাৱলম্বী মহিলা৷ একালৰ উপাৰ্জনহীন তৰালিয়ে তিনিবছৰপূৰ্বে আৰম্ভ কৰিছিল কৃষিকাৰ্য৷  ২০১৫ চনত ঘৰৰ কাষৰে মাটি এডৰাত জৈৱিক পদ্ধতিৰে বিলাহী খেতি কৰি কেইবাহাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল মহিলাগৰাকীয়ে৷ ইয়াৰ পিচত তৰালি ৰাভাই পিচলৈ উভতি চাবলগীয়া হোৱা নাই৷ সম্প্ৰতি তৰালি ৰাভা এগৰাকী সফল ‘মহিলা খেতিয়ক’৷ কামৰূপ [গ্ৰাম্য] জিলাৰ বটাকুছি গাঁৱৰ বাসিন্দা তৰালি ৰাভাই ২০১৫ চনত তিনিহাজাৰ টকা ঋণ লৈ প্ৰথমে খেতি আৰম্ভ কৰিছিল৷ খেতিডৰাৰ পৰা কেইবাগুণ ধন লাভ কৰাৰ পিচত গাঁওখনৰ আন মহিলাসকলেও তৰালিৰ সহযোগত খেতি কৰিবলৈ আগবাঢ়ি আহে৷ প্ৰায় ১৮ গৰাকী মহিলাক ‘মহিলা কৃষক’ হোৱাৰ বাট মোকলাই দিয়ে তৰালি ৰাভাই আৰু নিজেও এগৰাকী স্বাৱলম্বী ‘মহিলা কৃষক’ হিচাপে প্ৰতিষ্ঠিত হয়৷ তৰালিয়ে গুৱাহাটীৰ কাঁহিকুছি কৃষি গৱেষণা প্ৰতিষ্ঠানত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ সুযোগ লাভ কৰে আৰু তাৰপিচত ঘৰতেই জৈৱিক সাৰ, দৰব প্ৰস্তুত কৰিবলৈ লয়৷ এগৰাকী আদৰ্শ ‘মহিলা কৃষক’ হিচাপে স্বীকৃত তৰালি ৰাভাই পৰিচালনা কৰে সোণালী আত্ম-সহায়ক গোট৷

একেদৰে কামৰূপ জিলাৰ ঔফুলা গাঁৱৰ প্ৰতিমা ৰাভাই দুবছৰ আগতে ঘৰতে আৰম্ভ কৰিছিল এখন ক্ষুদ্ৰ নাৰ্চাৰী৷ যিখন নাৰ্চাৰী এতিয়া প্ৰতিমাৰ অৰ্থ উপাৰ্জনৰ প্ৰধান সম্বল হৈ পৰিছে৷ এগৰাকী মহিলা কৃষক হিচাপে স্বীকৃত প্ৰতিমাক অনুসৰণ কৰি ওলাই আহিছে গাঁৱৰ আন এচাম মহিলা– স্বাৱলম্বী হ’বলৈ৷ ‘গ্ৰামীণ চাহাৰা’ নামৰ সংস্থাটোৰ পৰা ঋণ হিচাপে আৰ্থিক সাহায্য লাভ কৰিছিল প্ৰেমদা ৰাভাই৷ এইগৰাকী মহিলাই ২০১৫ চনত উদ্যান শস্যৰ বিভাগৰ প্ৰশিক্ষণ লৈ আৰম্ভ কৰে নাৰ্চাৰী৷ ছহাজাৰ টকাৰে আৰম্ভ কৰা নাৰ্চাৰীখনৰ পৰা চাৰিগুণ বেছি ধন উপাৰ্জন কৰিবলৈ সক্ষম হয় প্ৰেমদা৷

‘মই এতিয়া সুখী, কাৰণ মই এতিয়া স্বাৱলম্বী৷ এসময়ত আৰ্থিক অভাৱত ভুগিছিলো৷ এতিয়া নিজৰ প্ৰয়োজনীয় ধন নিজেই উপাৰ্জন কৰিবলৈ সক্ষম হৈছো৷’– দীপিকা দাস নামৰ ‘মহিলা কৃষক’গৰাকীৰ ভাষ্য এয়া৷ দীপিকাৰ স্বামী বিজন দাস এগৰাকী দিন-মজদুৰ৷ বৰপেটা জিলাৰ চেঙাৰ বামপাৰা গাঁৱৰ বাসিন্দা দীপিকাই দুবছৰপূৰ্বে ‘মহিলা কিষাণ স্বশক্তিকৰণ যোজনা’ৰ অধীনত সাহায্য লাভ কৰি কৃষিকৰ্মত আত্মনিয়োগ কৰে৷ একালৰ উপাৰ্জনহীন দীপিকাই এই যোজনাৰ সহায়ত সফল কৃষকৰ পৰ্যায়লৈ উন্নীত হয়৷ সেইদৰে কামৰূপ জিলাৰ বিনীতা ৰাভা নামৰ মহিলাগৰাকীয়ে নিজৰ ২.প্ত বিঘা মাটিত প্ৰথমে চাৰিশ জোপা মালভোগ কলৰ খেতি আৰম্ভ কৰে৷ উদ্যান শস্যৰ প্ৰশিক্ষণ লৈ পিচত এটি স্বেচ্ছাসেৱী সংস্থাৰ পৰা সামান্যতম ধন ঋণ হিচাপে লোৱা বিনীতা ৰাভাই মালভোগ কলৰ খেতিৰ লগতে জলকীয়া আৰু লেচেৰা মাহৰ খেতিও সংলগ্ন কৰে৷ বিনীতা ৰাভাৰ মালভোগ কলৰ খেতিয়ে ৰাজ্যৰ আন প্ৰান্তৰ উদ্যান শস্যৰ খেতিয়ককো আকৰ্ষিত কৰিছে৷

তৰালি, বিনীতা, প্ৰেমদা, দীপিকাৰ উপৰি ফুলতৰা দাসৰ সৰিয়হ খেতি, সোণাতী ৰাভাৰ ধানখেতি আদিয়ে একো একোটা পৰিয়ালকেই যে, আৰ্থিক স্বচ্ছলতাৰ দিশেৰে আগবঢ়াই লৈ গৈছে তেনে নহয়৷ এইসকল মহিলা কৃষকে কৃষিকৰ্মৰে বৰঙণি যোগাইছে অসমৰ গ্ৰাম্য অৰ্থনীতিৰ ভঁৰাললৈ৷ এনে মহিলাসকলক অনুসৰণ কৰিয়েই সম্প্ৰতি কামৰূপ, বৰপেটা, গোৱালপাৰা আদি জিলাৰ বিভিন্ন গ্ৰাম্য এলেকাৰ একাধিক মহিলাই গাহৰি পালন, ছাগলী পালন, নাৰ্চাৰী প্ৰস্তুত, সৰিয়হ খেতি, উদ্যান শস্যৰ খেতি আদিত নিয়োজিত হৈছে আৰু স্বাৱলম্বনৰ পথেৰে অগ্ৰসৰ হৈছে৷ আনহাতে, ৰাজ্যৰ কৃষিক্ষেত্ৰত এতিয়াও খেতিয়ক বুলিলে সাধাৰণতে যি ধাৰণা আহে, সেয়া এইসকল ‘মহিলা কৃষকে’ সলনি কৰিবলৈ বাধ্য হৈছে৷ কিয়নো এইসকল মহিলাই কেৱল মাটিডৰাত খেতি কৰিয়েই ক্ষান্ত থকা নাই৷ বৰং এবাৰ সফলতা লাভ কৰাৰ পিচত পুনৰ অধিক মূলধন বিনয়োগেৰে কৃষিক্ষেত্ৰ প্ৰসাৰ কৰিছে৷ সমান্তৰালকৈ নিকটৱৰ্তী আন একাংশ মহিলাকো কৃষিকৰ্মৰে স্বাৱলম্বী হোৱাত সহায় কৰিছে৷ তৰালি ৰাভা, বিনীতা ৰাভা, প্ৰেমদা ৰাভা, দীপিকা দাস আদিয়ে কৃষিকৰ্মৰে জীৱন সংগ্ৰামক অন্য এক দিশেৰে আগবঢ়াই লৈ গৈছে৷ এইসকল ‘মহিলা কৃষকে’ নিৰ্মাণ কৰা পথেৰে ৰাজ্যৰ অনেক মহিলাই আগুৱাই আহিব৷ একালত শিক্ষাগ্ৰহণৰ সুবিধা লাভ নকৰা বহু মহিলাই ইতিমধ্যেই এনে পথেৰে আগুৱাই গৈছে৷ স্বাৱলম্বনৰ এনে পথেৰে অগ্ৰসৰ হৈ যে গ্ৰামাঞ্চলৰ নাৰীয়ে সৱলীকৰণৰ লক্ষ্যত উপনীত হ’ব পাৰে, মহিলা কৃষকসকলে প্ৰমাণ কৰিছে সেই কথা৷

[ অনুসন্ধানমূলক-স্বতন্ত্ৰ-মুক্ত সাংবাদিকতাৰ যাত্ৰা অব্যাহত ৰাখিবলৈ versatilestory.com-ক প্ৰয়োজন আপোনাৰ সহযোগিতা, পৰামৰ্শ আৰু আৰ্থিক সহায়ৰ। আমাৰ যাত্ৰাক আৰ্থিকভাৱে সহায় কৰিবলৈ মবাইল নম্বৰ ৮৬৩৮৬৯৮৪৫০-ত যোগাযোগ কৰক। আপুনি যি কোনো পৰিমানৰ আৰ্থিক বৰঙণি আগবঢ়াব পাৰে। ]


No comments