Page Nav

HIDE

Grid

GRID_STYLE

ৰিজাৰ্ভ বেংকৰ তথ্য: ৩৬ খন ৰাজ্যৰ ভিতৰত ৩০ নং স্থানত অসম

দেশৰ ৭৫ টা ক্ষেত্ৰৰ ৭৪টাতে অসমৰ স্থান নিম্ন  .. .ৰিজাৰ্ভ বেংকে প্ৰস্তুত কৰি উলিওৱা ২০১৯-২০২০ বৰ্ষৰ পৰিসংখ্যাৰ হাতপুথিখনে অসমবাসীলৈ কঢ়িয়াইছে ...


দেশৰ ৭৫ টা ক্ষেত্ৰৰ ৭৪টাতে অসমৰ স্থান নিম্ন 

...ৰিজাৰ্ভ বেংকে প্ৰস্তুত কৰি উলিওৱা ২০১৯-২০২০ বৰ্ষৰ পৰিসংখ্যাৰ হাতপুথিখনে অসমবাসীলৈ কঢ়িয়াইছে আশাহত হোৱাৰ বতৰা...'এ ফৰ আসাম' অসমত প্ৰযোজ্যনে....তুংগত নিৰ্বাচনী প্ৰচাৰ অব্যাহত তাৰ মাজতে এনেসমূহ তথ্যই প্ৰভাৱ পেলাব ...

বিনেখা সিন্‌হা :

  • ধান উৎপাদনেৰে অসমৰ স্থান ভাৰতৰ ভিতৰত ১০ নংত
  • গাখীৰ উৎপাদনত দেশৰ ভিতৰত অসমৰ স্থান ২১  নংত,
  • কণী উৎপাদনতো সৰ্বভাৰতত অসমৰ স্থান ১৮ নংত,
  • মাছ উৎপাদনত ১২নং আৰু মাংস উৎপাদনতো ১৮ নংত
  • উদ্যোগৰ দিশতো ভাৰতৰ ভিতৰত অসমৰ স্থান ১৩ নংত 
  • কেৱল মাত্ৰ  পথ যোগাযোগত প্ৰথম পাচঁটা স্থানৰ ভিতৰত 

বিধান সভা নিৰ্বাচন সমাগত। ইতিমধ্যে নিৰ্বাচনৰ তাৰিখো ঘোষণা কৰিলে নিৰ্বাচন আয়োগে। নিৰ্বাচনী ধুমুহাজাক এনেকৈ বলিছে যে সামাজিক কাম কাজ অথৱা ৰাজ্যৰ উন্নয়নৰ দিশটোতকৈ মুখ্য আকৰ্ষণৰ কেন্দ্ৰ এতিয়া জনপ্ৰতিনিধিৰ ব্যক্তিগত জীৱন। নিৰ্বাচনী ধামখুমীয়াৰ মাজতে ৰিজাৰ্ভ বেংকে প্ৰস্তুত কৰি উলিওৱা ২০১৯-২০২০ বৰ্ষৰ পৰিসংখ্যাৰ হাতপুথিখনে অসমবাসীলৈ কঢ়িয়াইছে  আশাহত হোৱাৰ বতৰা।  কিয়নো প্ৰধানমন্ত্ৰী মোদীয়ে কোৱা এ ফৰ আসামৰ সংজ্ঞাই সলাইছে ৰূপ। অসম স্থান এতিয়া ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমূহৰ তুলনাত ৰিজাৰ্ভ বেংকৰ পৰিসংখ্যাত নিম্নগামী হৈছে।

দেশৰ সমূহ ৰাজ্যৰ লগতে কেন্দ্ৰীয় শাষিত অঞ্চলসমূহৰ মাজত চলোৱা সমীক্ষাত , ৭৫ টা বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ তালিকা চিনাক্তকৰণত অসমৰ স্থান ৩০ নম্বৰলৈ নিম্নগামী হৈছে। কোনোটো বিষয়তে নাই পাৰদৰ্শিতা। কেৱল মাত্ৰ শ্লগানেৰে পৰিচালিত হোৱা ৰাজ্য অসম। জাতি মাটি ভেটিৰ কোনো এটাই সুৰক্ষিত নহয়। নিবনুৱাৰ ভয়াবহতাৰে সৰ্বাধিক নিবনুৱা থকা ৰাজ্যৰ ভিতৰত অসমৰ স্থান এতিয়া ১১ নং ত। প্ৰায় একেই ফলাফল দৰিদ্ৰতাৰ ক্ষেত্ৰতো সৰ্বাধিক দৰিদ্ৰতা থকা ৰাজ্যসমূহৰ ভিতৰত দেশৰ ভিতৰতে অসমৰ স্থান ৮ নংত। 

ইয়াতকৈও ভয়াবহ ফলাফল স্বাস্থ্যৰ দিশটোত কিয়নো অসমৰ মানুহৰ গড় জীৱনকাল ভাৰতৰ অন্য ৰাজ্যৰ লোকতকৈ অতি কম।ছট্টিছগড় আৰু মধ্যপ্ৰদেশৰ পাছতে অসমৰ স্থান। অসমৰ মানুহৰ গড় আয়ুসকাল মাত্ৰ ৬৯ বছৰ। দেশৰ ভিতৰতে কম গড় আয়ুসকালেৰে অসমৰ স্থান  ৩ নংত। শিশুৰ মৃত্যুৰ ক্ষেত্ৰতো অসমৰ স্থান ৩ নংত।

কৃষি ক্ষেত্ৰতো একেই ভয়াবহ ছবি দেশৰ কৃষিপ্ৰধিন ৰাজ্যসমূহৰ ভিতৰত অসমো এখন পঞ্জাৱে কৃষিৰ ক্ষেত্ৰত ভাল ফলাফল দেখুৱাই যদিও অসমতকৈ পঞ্জাৱৰ কৃষি মাটিৰ পৰিমান ক'ম। অসমৰ মানুহৰ মুখ্য আহাৰ ভাত ইফালে ধান খেতিৰ উপযোগী মাটিৰে ভাৰতৰ ভিতৰত অসমৰ স্থান ৭  নংত অথচ ধান উৎপাদনেৰে অসমৰ স্থান ভাৰতৰ ভিতৰত ১০ নংত। পশুধন পামৰ উন্নয়নৰ ঢাক ঢোলো যে ফোপোলা তাৰেই প্ৰমান মাছ-মাংস, কণী, গাখীৰ প্ৰত্যেকটোৱেই আমদানী কৰিব লাগে বহিঃ ৰাজ্যৰ পৰা। গাখীৰ উৎপাদনত দেশৰ ভিতৰত অসমৰ স্থান ২১  নংত, কণী উৎপাদনতো সৰ্বভাৰতত অসমৰ স্থান ১৮ নংত, মাছ উৎপাদনত ১২নং আৰু মাংস উৎপাদনতো ১৮ নং। ২০১৬ চনত কাৰ্যভাৰ গ্ৰহণ কৰা সোনোৱাল চৰকাৰৰ উদ্যোগ প্ৰতিষ্ঠাৰ প্ৰতিশ্ৰুতিও ফোটোকাৰ ফেন কিয়নো উদ্যোগৰ দিশতো ভাৰতৰ ভিতৰত অসমৰ স্থান ১৩ নংতহে এতিয়াও। ৭৫ টা ক্ষেত্ৰৰ ৭৪টাতে অসমৰ স্থান নিম্ন কেৱল মাত্ৰ এটা বিষয়তে প্ৰথম পাচঁটা স্থানৰ ভিতৰত থাকিবলৈ সক্ষম হৈছে সেয়া হৈছে পথ যোগাযোগ।

 তুংগত নিৰ্বাচনী প্ৰচাৰ অব্যাহত তাৰ মাজতে এনেসমূহ তথ্যই প্ৰভাৱ পেলাব বুলি আগতীয়াকৈ সচেতনতা অবলম্বনেৰে নিৰ্বাচনী যুঁজত নামিছে শাসকীয় দলটো। প্ৰতিশ্ৰুতি বা অন্যান্য ইচ্ছু  এইবাৰৰ নিৰ্বাচনৰ মূল বিষয় নহয় মূল বিষয় হৈছে সভ্যতাৰ বিকাশ, মোগলৰ অৱসান,ব্যক্তিকেন্দ্ৰীক আক্ৰমন। আমিও সোঁতত ভাহি অংক কৰিছো স্কুটি, বুলেটৰ। পিছে এই লৰা-ধেমালি সমূহে মুখ্যস্থান লাভ কৰা অসমত ৰাইজে প্ৰশ্ন উত্থাপন কৰিবলৈ আহৰি পাবনে এ ফৰ আসামৰ প্ৰতিশ্ৰুতিৰ ৰূপায়ন হ'ব  ক'ত কেতিয়া। নে ধেমালি হ'ব--- পাঁচ বছৰত অসমৰ বানপানী নিৰ্মূলৰ অলৌকিক স্বপ্ন !

No comments