বৰপেটা জিলাৰ গাঁৱত আৰ্থ-সামাজিক সমীক্ষা পূৰ্ববংগীয় মূলৰ ভূমিহীন কৃ্ষকসকল আহি গাঁওখন স্থাপন কৰিছিল.......যোৱা দুটা দশক ধৰি গাঁওখনত অন...
বৰপেটা জিলাৰ গাঁৱত আৰ্থ-সামাজিক সমীক্ষা
এশ দহবছৰ পূৰণি এখন গাঁও, নামঃ ছিকাৰ ভিঠা ৷ অসমৰ বৰপেটা জিলাৰ সদৰ চহৰৰ পৰা পূবফালে প্ৰায় ১৫ কিলোমিটাৰ দূৰত অৱস্থিত গাঁওখন৷ পূৰ্ববংগীয় মূলৰ ভূমিহীন কৃ্ষকসকল আহি গাঁওখন স্থাপন কৰিছিল ৷ এই অঞ্চলটোত অত্যন্ত ঘন জংঘল আছিল ৷ জংঘলত বিভিন্ন বনৰীয়া জন্তু আছিল ৷ অসমৰ বিভিন্ন ঠাইৰ পৰা চিকাৰীবোৰে সেই বনৰীয়া জন্তুবোৰ চিকাৰ কৰিবলৈ আহিছিল ৷ সেই চিকাৰীসকলেই গাঁৱখনৰ নাম ছিকাৰ ভিঠা ৰাখিছিল ৷ বর্তমান গাঁৱখনত ৩৭৮ টা পৰিয়াল আছে ৷ জনসংখ্যা ১৯২৪ ৷ আমাৰ নিজস্ব উদ্যোগত যোৱা ফেব্ৰুৱাৰী মাহত গাঁওখনৰ আৰ্থ-সামাজিক অৱস্থা জানিবলৈ এটা সমীক্ষা কৰিছিলোঁ ৷ সেই সমীক্ষাৰ তথ্য তথা জুলাই মাহৰ ২৩ আৰু ২৪ তাৰিখত কৰা ক্ষেত্ৰভিত্তিক অধ্যয়নৰ সহায়ত এই লেখাটো যুগুত কৰা হৈছে ৷ লেখাটোত বিশেষকৈ অর্থনৈতিক দিশটো আলোচনা কৰাৰ প্ৰয়াস কৰা হৈছে ৷
কৃষি খণ্ডঃ
ছিকাৰ ভিঠা গাঁওখনৰ এশদহবছৰীয়া ইতিহাসৰ প্ৰথম নটা দশকত উৎপাদিকা শক্তিৰ পৰিৱৰ্তন হোৱা নাছিল ৷ আনকি ষাঠিৰ দশকৰ সেউজ বিপ্লৱৰো কোনো প্ৰভাৱ পৰা নাছিল ৷ একৈশ শতিকাৰ আৰম্ভণিতহে কৃষি খণ্ডত উৎপাদিকা শক্তিৰ পৰিৱৰ্তন হ’ব ধৰে ৷ যোৱা এক দশক ধৰি মাছ উৎপাদন যথেষ্ট বৃদ্ধি পাইছে ৷ কিন্তু শস্য উৎপাদনৰ ক্ষেত্ৰত বিশেষ সফলতা দেখা নাযায় ৷
শস্য উৎপাদনঃ
গাঁওখনত মুঠ ১১৩৯ বিঘা (৭.৫ বিঘাত ১ হেক্টৰ) মাটি আছে ৷ ইয়াৰে ৪৪০ বিঘা ভূমিত শস্য উৎপাদন হয় ৷ ৩৯০ বিঘা ভূমিত বছৰত দুটা খেতি হয় – ইৰি ধান (উচ্চ উৎপাদনশীল আৰু হাইব্ৰিড ধানক এই অঞ্চলত ইৰি ধান বুলি কয় ৷ এই অঞ্চলৰ প্ৰধান খাৰিফ শস্য ৷) আৰু সৰিয়হ ৷ সৰিয়হ খেতি সম্পূর্ণভাবে বাণিজ্যিক উদ্দেশ্যত কৰে ৷ ইৰি ধান খেতি ভোগৰ উদ্দেশ্যে কৰে ৷ লকডাউন আৰম্ভ হোৱাৰ পূৰ্বেই সৰিয়হ শস্য চপাই বিক্ৰী কৰিছিল ৷ ইৰি ধান খেতিত জলসিঞ্চনৰ কাম কৰিব লগা সময়ত সম্পূর্ণ লকডাউন চলি আছিল, সেয়ে জলসিঞ্চন আৰু নিৰণি কাৰ্যত কিছু অসুবিধা হৈছিল ৷ লকডাউনে বিশেষ ক্ষতি কৰিব পৰা নাছিল যদিও এইবাৰ আগতীয়াকৈ অহা বান আৰু ধাৰাষাৰ বৰষুণে ক্ষতি কৰিছে ৷ স্থানীয় কৃষকসকলৰ মতে – প্ৰায় এক তৃতীয়াংশ খেতিয়কৰ ধান বানে সম্পূর্ণ নষ্ট কৰিছে ৷ বাকী দুই-তৃতীয়াংশই পথাৰৰ পৰা ধান কাটি আনিছিল যদিও বৰষুণৰ বাবে ভালদৰে মৰণা মৰা তথা শুকাব পৰা নাছিল ৷
মাছ উৎপাদনঃ
গাঁওখনত ৩১ শতাংশ পৰিয়ালৰ প্ৰধান জীৱিকা কৃষি ৷ ইয়াৰে ৫৭ শতাংশ পৰিয়াল মাছ উৎপাদনত জড়িত ৷ এই অঞ্চলত মাছ সম্পূর্ণভাবে বাণিজ্যিক উদ্দেশ্যত কৰে ৷ লকডাউনৰ প্ৰভাৱ এই ক্ষেত্ৰত যথেষ্ট পৰে ৷ চৰকাৰে লকডাউন ঘোষণা কৰা দিনৰ পৰা উৎপাদিত মাছৰ বিপণন প্ৰক্ৰিয়া সম্পূর্ণ বন্ধ ৷ বিপণন প্ৰক্ৰিয়া বন্ধ হোৱা বাবে বিপণনৰ সৈতে জড়িত সকলো শ্ৰমিক আৰু বেপাৰী কর্মহীন হৈছে ৷ পুখুৰী লীজত লৈ মাছ উৎপাদন কৰা স্থানীয় ব্যক্তি মিলন খানে কোৱা মতে- “ লকডাউনে আমাৰ জীৱনলৈ অন্ধকাৰ নমাই আনিছে ৷ মই আৰু মোৰ বন্ধু – দুয়ো একেলগে ১৪টা পুখুৰী লীজত লৈছোঁ ৷ পুখুৰী কেইটাৰ মুঠ আকাৰ ৯৫ বিঘা ৷ যোৱা বছৰৰ প্ৰলয়ংকৰী বানত ৯টা পুখুৰী তল গৈ সকলো মাছ ওলাই গৈছিল ৷ প্ৰায় বিশ লাখ টকা লোকচান হৈছিল ৷ প্ৰায়খিনি টকা ঋণী হৈ আছোঁ ৷ ভাবিছিলোঁ এই বছৰ ঋণৰ এটা অংশ যিকোনো প্ৰকাৰে পৰিশোধ কৰিম ৷ কিন্তু লকডাউনে আমাৰ আশাত চেঁচা পানী ঢালিলে ৷ আমি সাধাৰণতে সৰু মাছ বিক্ৰী কৰোঁ ৷ প্ৰতি সপ্তাহত প্ৰায় ২০ কুইন্টল মাছ বিক্ৰী কৰোঁ ৷ কিন্তু যোৱা চাৰি মাহত এক কিলোগ্ৰাম মাছো বিক্ৰী কৰিব পৰা নাই ৷ আমি স্থানীয় বজাৰত মাছ বিক্ৰী নকৰোঁ ৷ সৰু মাছ উৎপাদকসকলে স্থানীয় বজাৰত বিক্ৰী কৰে ৷ আমি ৰাজ্যৰ বিভিন্ন বজাৰত গৈ বিক্ৰী কৰোঁ ৷ আমাৰ মাছ কেতিয়াবা ৰাজ্যৰ বাহিৰলৈও যায় ৷ লকডাউনৰ প্ৰথম তিনিমাহ মাছৰ সকলো বজাৰ সম্পূর্ণ বন্ধ আছিল ৷ যোৱা এমাহ ধৰি সৰু সৰু কেইখনমান বজাৰ পুনৰ চালু হৈছে যদিও আমি মাছ ধৰিব পৰা নাই ৷ পুখুৰীত পানী ভর্তি ৷ আনকি কিছুমান পুখুৰীৰ ওপৰেদি পানীৰ সোঁত বৈ আছে ৷ ইমান বেছি পানীত মাছ ধৰা সম্ভৱ নহয় ৷ তদুপৰি প্ৰতিদিন বৰষুণ দি আছে ৷ বজাৰ চলি থকা সময়ত বৰষুণ দিলে মাছৰ দাম আধালৈকে কমে ৷ কেতিয়াবা পেলাই থৈ আহিব লাগে ৷ বজাৰত যোগাযোগ কৰি দেখিলোঁ – ২২ জুলাইৰ পৰা পুনৰ জিলাৰ বাহিৰত মাছ নিয়া বন্ধ কৰি দিছে ৷”
উল্লেখযোগ্য যে লখিমপুৰ, নগাওঁ, কামৰূপ আদি জিলাৰ মাছ উৎপাদক সকলে এইখন গাঁৱৰ পৰা পোনা মাছ কিনিবলৈ আহে ৷ অসমত পোনা মাছ উৎপাদনত বৰপেটা জিলা অন্যতম ৷ বৰপেটা জিলাৰ ভিতৰত ছিকাৰ ভিঠা অঞ্চল অন্যতম ৷ সেয়ে লকডাউনৰ ফলত হোৱা ক্ষতিৰ পৰিমাণো বেছি ৷ গাঁৱখনত যদিও মাত্ৰ ১৭ শতাংশ পৰিয়ালৰ প্ৰধান জীৱিকা মাছ উৎপাদন, ধনী-গৰিব সকলো পৰিয়াল কম-বেছি পৰিমাণে ইয়াৰ লগত জড়িত ৷ গাঁওখনৰ এই ১৭ শতাংশ পৰিয়াল পুখুৰীৰ মালিক, প্ৰায় শতাধিক শ্ৰমিকে একমাত্ৰ পুখুৰীৰ মাছ উৎপাদন ক্ষেত্ৰত কাম কৰে ৷ দ্বিতীয়তে, গাঁৱখনৰ নিচেই কাষেদি মৰা চাউলখোৱা নদী বৈ গৈছে ৷ নদী বুলি কোৱা হয় যদিও ইয়াৰ চৰিত্ৰ বিলৰ দৰে ৷ এই নদীখনৰ দুয়োকাষে অসংখ্য সৰু-বৰ খাল আছে ৷ এই নদী আৰু খালৰ মাছ ধৰি বহুতে জীৱন নির্বাহ কৰে ৷ লকডাউনত বজাৰ বন্ধ হোৱা বাবে এই মাছমৰীয়াসকলেও যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে ৷ তৃতীয়তে, এই অঞ্চলত ১৩ খন বলেৰো ভেন গাড়ীয়ে মাছ বজাৰলৈ নিয়ে ৷ এখন গাড়ীয়ে মাহত কমেও পোন্ধৰ দিন মাছ নিয়ে ৷ এখন গাড়ীত চালকৰ উপৰি চাৰিজন শ্ৰমিক লগত যায় ৷ চতুৰ্থতে, গাঁওখনত এখন মাছৰ বজাৰ আছে ৷ দিনত দুবাৰ বজাৰ বহে ৷ বজাৰখনৰ এজন দালালে জনোৱা মতে- পুখুৰীত মাছ উৎপাদন কৰা ব্যৱসায়ীসকলে স্থানীয় বজাৰখনত মাছ বিক্ৰী নকৰে, তথাপি প্ৰতিদিন গড় হিচাপে ১০ কুইন্টলকৈ মাছ বেচা-কিনা হয় ৷ মূলত: নদী আৰু খালৰ মাছ বিক্ৰী হয় ৷ এইখন বজাৰৰ পৰা শতাধিক বেপাৰীয়ে মাছ ক্ৰয় কৰি ওচৰৰে বজাৰত বিক্ৰী কৰে ৷ কিছুমানে ঘৰে ঘৰে গৈ বিক্ৰী কৰে ৷লকডাউনত এই বজাৰখন তিনিমাহ বন্ধ আছিল ৷ বজাৰ বন্ধ থকাৰ বাবে এই অসংখ্য মাছমৰীয়া আৰু বেপাৰীবোৰ কর্মহীন হৈ আছিল ৷
মুর্গীৰ ফাৰ্ম আৰু দুগ্ধপাম:
যোৱা কিছু বছৰ ধৰি কিছু লোকে নিজৰ ঘৰত মুৰ্গীৰ ফার্ম কৰি জীবন নিৰ্বাহ কৰি আছে ৷ থলুৱা তথা ব্ৰইলাৰ উভয় জাতৰ কুকুৰা পোহে ৷ কিছুমানে হাঁহ পোহে ৷ ছিকাৰ ভিঠা গাঁৱখনত এনেকুৱা পাঁচখন মুর্গী ফার্ম আছে ৷ লকডাউনে এই ব্যৱসায় সম্পূর্ণ বন্ধ কৰিবলৈ বাধ্য কৰিছে ৷ কুকুৰা আৰু হাঁহৰ ফার্ম কৰা স্থানীয় ব্যক্তি মান্নান দেৱানক বজাৰতে লগ পালোঁ ৷ তেওঁ নিজেই ওচৰত আহি ক’লে যে –“মোৰ মুর্গীৰ ফার্মৰ বাহিৰে আন কোনো উপার্জন নাই ৷ যোৱা চাৰিমাহ ধৰি ফার্ম বন্ধ ৷ কুকুৰা নাই ৷ বজাৰত মুর্গীৰ পোৱালী নাই ৷ কণীৰ পৰা মুৰ্গী পোৱালী উৎপাদন কৰিম বুলি ভাবিছিলোঁ ৷ কিন্তু কৃত্ৰিমভাবে উম দিয়া মেচিন বজাৰত নাই ৷ মেচিনটো অন্য ৰাজ্যৰ পৰা আহে ৷ সম্প্ৰতি যোগান বন্ধ ৷ লকডাউন শিথিল হোৱাৰ পাছত পকী দলং নির্মাণৰ কাম কৰিব ধৰিছিলোঁ ৷ বান হোৱাৰ বাবে সেয়াও বন্ধ হৈ গ’ল ৷ এতিয়া চাউল কিনাৰ সামর্থ্য নোহোৱা হৈছে ৷ কোনেও ধাৰ নিদিয়ে ৷ ঈদ আহিছে- ল’ৰা-ছোৱালীক কাপোৰ কিনি দিব পৰা নাই ৷ নিজে ফটা কাপোৰ পিন্ধি বজাৰলৈ আহিছোঁ ৷” দেখিলোঁ পিন্ধি থকা গেঞ্জিটো ৰ লগতে লুঙিখনো চিঙা ৷গ্ৰামাঞ্চলত কিছু লোকে এজনী বা দুজনীকৈ জাৰ্চি গাই পোহে ৷ জাৰ্চি গাইবোৰে থলুৱা গাইতকৈ বহুত বেছি গাখীৰ দিয়ে ৷ গাখীৰৰ বজাৰত লকডাউনৰ বিশেষ প্ৰভাৱ পৰা নাই ৷ অৱশ্যে গাইৰ খাদ্যৰ দাম বৃদ্ধি পাইছে ৷
অনাকৃষি খণ্ড:
যোৱা দুটা দশক ধৰি গাঁওখনত অনাকৃষি খণ্ডৰ বৃদ্ধি হৈছে ৷ কৃষকৰ সন্তানে এতিয়া কৃ্ষক হোৱাৰ দু:স্বপ্ন নেদেখে ৷ কৃষিভূমিৰ অভাৱ আৰু কৃষি কার্য অলাভজনক হোৱা বাবে কৃষকসকলে কৃষি কার্য এৰিব ধৰিছে ৷
অনাকৃষি খণ্ডৰ শ্ৰমিক:
গ্ৰামাঞ্চলত শ্ৰমিকসকলক কৃষি আৰু অনাকৃষি খণ্ডত পৃথককৈ ভাগ কৰা কঠিন ৷ এজন শ্ৰমিকে সাধাৰণতে দুয়োটা খণ্ডতে কাম কৰে ৷ খেতি পথাৰৰ কামৰ সময়ত কৃষি শ্ৰমিক হিচাপে কাম কৰে, আকৌ স্থানীয় ইটাভাতা বা আন কামৰ সুযোগ পালে তাতো বিশুদ্ধ শ্ৰমিক হৈ কাম কৰে ৷ কিন্তু যোৱা দুই দশক ধৰি এই গাঁওখনত অনাকৃষি খণ্ডত কাম কৰা বেছিভাগ শ্ৰমিকক চিনাক্ত কৰা সহজ হৈছে ৷ চলিত বর্ষৰ ফেব্ৰুৱাৰী মাহৰ তথ্য মতে – ১১৭ জন শ্ৰমিকে দেশৰ বিভিন্ন চহৰত কাম কৰিবলৈ গৈছে ৷ এই শ্ৰমিকসকলৰ বেছি ভাগৰে বয়স পঁচিশ বছৰৰ ভিতৰত ৷ ইহঁতে কেতিয়াবা ঘৰলৈ আহিলেও খেতি পথাৰত কাম নকৰে ৷ জিৰণি ল'বলৈকেহে আহে ৷ অৱশ্যে বেছিভাগৰে খেতি মাটি নাই ৷ ভূমিহীন ৷ ইহঁতক বিশুদ্ধ 'সর্বহাৰা' বুলি ক’ব পাৰি ৷ লকডাউনে এই পৰিয়ালকেইটাক সর্বাধিক ক্ষতি কৰিছে ৷ শ্বিলং, পুনে, গুৱাহাটী, বেঙ্গালুৰু, হায়দৰাবাদ আদি বিভিন্ন মহানগৰবোৰত কাম কৰে ৷ এই মহানগৰকেইখন এতিয়াও সম্পূর্ণ বন্ধ ৷ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত কাম কৰি থকা সকলে লকডাউন ঘোষণা কৰাৰ সময়তে উভতি আহিছিল ৷ বাকী ঠাইবোৰলৈ যোৱা শ্ৰমিকসকলৰ একাংশ লকডাউন শিথিল হোৱাৰ পাছত উভতি আহিছে ৷ একাংশ এতিয়াও কর্মস্থানতে আছে ৷ এই শ্ৰমিকসকল অসংগঠিত ক্ষেত্ৰত কাম কৰে ৷ সকলোৱে কর্মহীন হৈছে ৷ বেছিভাগেই কর্মসংস্থান হেৰুৱাইছে ৷ ইহঁতৰ পৰিয়ালৰ জনজীৱন সম্পূর্ণ স্তব্ধ হৈছে ৷ শ্বিলঙত কাম কৰা এজন স্থানীয় শ্ৰমিক ছহিবৰ আলীয়ে কয় - “ লকডাউন ঘোষণা কৰাৰ দিনাখন ঘৰলৈ আহিছোঁ ৷ হাতত মাত্ৰ পাঁচ হাজাৰ টকা লৈ আহিছিলোঁ ৷ ভাবিছিলোঁ কেইদিনমান পিছতে কর্মস্থানলৈ যাব পাৰিম ৷ আজি চাৰিমাহ পাৰ হ’ল ৷ কর্মহীন হৈ বহি আছোঁ ৷ গাঁৱতো কোনো কাম নাই ৷ আমাৰ সাঁচতীয়া টকাও নাই ৷ যিখিনি উপাৰ্জন কৰোঁ চাৰিজনীয়া পৰিয়ালে কোনোমতে চলোঁ ৷ প্ৰথমাৱস্থাত আত্মীয়ৰ পৰা কিছু টকা ধাৰ কৰি চলিছিলোঁ ৷ বর্তমান কাৰো হাতত টকা নাই ৷ প্ৰায় সকলোৰে অৱস্থা একে ৷ জীৱনত কোনোদিন ইমান আর্থিক সংকটত পৰা নাছিলোঁ ৷ ক'বলৈ লাজ লাগে- দুবছৰীয়া সন্তানটোৱে চকলেট খোৱাৰ কাৰণে কান্দিলেও এটা চকলেট কিনি দিব পৰা নাই ৷ চৰকাৰে প্ৰতি মাহে দহ কেজিকৈ দিয়া চাউল আৰু বজাৰৰ পৰা ঋণ কৰি অনা চাউল মিহলাই ভাত ৰান্ধি খাই আছোঁ ৷ শাক-পাচলিৰ ভিতৰত সপ্তাহত এক কেজিকৈ আলু কিনোঁ আৰু ঘৰৰ পদুলিত হোৱা শাক, কচু আদি খাই কোনোমতে দিন পাৰ কৰি আছোঁ ৷ জীৱনত কোনোদিন সূদত টকা ঋণ কৰা নাছিলোঁ ৷ কিছুদিন আগতে এজন মহাজনৰ পৰা মাহত পাঁচ টকা সূদত পোন্ধৰ হাজাৰ টকা ঋণ কৰিছোঁ ৷ নাজানোঁ এইদৰে আৰু কিমান দিন চলিব পাৰিম ৷”সম্প্ৰতি গ্ৰামাঞ্চলত কিছুমান যুৱকে ই-ৰিক্সা, টেম্প'(অ'টো) আদি চলায় ৷ তেওঁলোকেও লকডাউনত কর্মহীন হৈছে ৷
ক্ষুদ্ৰ ব্যৱসায়:
ক্ষুদ্ৰ ব্যৱসায়ীসকল কি ধৰণে ক্ষতিগ্ৰস্ত হৈছে, সেই সম্পর্কে জানিবলৈ স্থানীয় বজাৰখনত গৈছিলোঁ ৷ গ্ৰামাঞ্চলৰ এই সৰু সৰু বজাৰবোৰ দাপোনৰ দৰে ৷ এই দাপোনত স্থানীয় মানুহৰ অৰ্থনৈতিক ছবি স্পষ্ট প্ৰতিফলিত হয় ৷ স্থানীয় বজাৰখন তেনেই সৰু ৷ দুখনৰ বাহিৰে বাকীকেইখন দোকান সৰু সৰু ৷ কিছুমান অতি ক্ষুদ্ৰ ৷ প্ৰায় ১৩০ খন দোকানৰ ভিতৰত ১০২ খন দোকান খোলা পালোঁ ৷ বাকী কেইখন বন্ধ ৷ জানিব পাৰিলোঁ- বিক্ৰী নোহোৱা বাবে লকডাউন শিথিল কৰাৰ পাছতো দোকান কেইখন খোলা নাই ৷ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ লকডাউনত বজাৰখন সম্পূর্ণ বন্ধ আছিল ৷ পৰৱর্তী সময়ত লকডাউন শিথিল হৈছে যদিও বেচা-কিনা যথেষ্ট কমিছে ৷ ১০২খন দোকানৰ বর্তমান বিক্ৰীৰ পৰিমাণ আৰু লকডাউনৰ পূৰ্বে হোৱা আনুমানিক বিক্ৰীৰ পৰিমাণ তুলনা কৰি দেখা গ’ল ৫৬ শতাংশ বিক্ৰী হ্ৰাস পাইছে ৷ বিক্ৰী হ্ৰাসৰ প্ৰধান কাৰণ গ্ৰাহকৰ ক্ৰয় ক্ষমতা কমিছে ৷ দ্বিতীয়তে, লকডাউনৰ সুযোগত বৃহৎ ব্যৱসায়ীসকলে বস্তুৰ দাম বৃদ্ধি কৰিছে ৷
একমাত্ৰ চৰকাৰী চাকৰিয়ালৰ বাহিৰে সকলোৰে ক্ৰয়ক্ষমতা অকস্মাৎ অভাৱনীয়ভাৱে হ্ৰাস পাইছে ৷ উল্লেখ্য যে- চৰকাৰী চাকৰিয়াল তথা অন্যান্য মধ্যবিত্ত পৰিয়ালৰ লোকসকলে বজাৰত শাক-পাচলি আৰু অতি প্ৰয়োজনীয় বস্তুহে স্থানীয় বজাৰৰ পৰা কিনে ৷ বেছিভাগ বস্তু চহৰৰ বজাৰৰ পৰা কিনে ৷ সেয়ে একমাত্ৰ ক্ৰয়ক্ষমতা থকা মধ্যবিত্ত গ্ৰাহকৰ পৰা স্থানীয় দোকানীবোৰ বঞ্চিত ৷ এখন গাঁৱত শতকৰা পাঁচটা পৰিয়ালো মধ্যবিত্ত শ্ৰেণীত নপৰে ৷ বাকী ৯৫ শতাংশ মানুহৰ ক্ৰয়ক্ষমতা হ্ৰাস পোৱা বাবে অতি প্ৰয়োজনীয় বস্তুহে কিনে ৷ সৰুৰে পৰা বজাৰখনত ব্যৱসায় কৰা আব্দুল ৰহিমে এই সম্পর্কে কয় যে- “শিক্ষানুষ্ঠান বন্ধ হোৱা বাবে কিতাপ-বহীৰ বিক্ৰী বন্ধ ৷ যোৱা এপ্ৰিল মাহৰ পৰা গোটেই অঞ্চল বানপানীত ভাহি আছে, ধান তল গৈছে, মাছ মাৰিব পৰা নাই, সকলো শ্ৰমিক কর্মহীন হৈ ঘৰত বহি আছে- এনে অৱস্থাত কোনে কি কিনিব !”
বজাৰখনত সপ্তাহত দুবাৰ বজাৰ বহে ৷ বজাৰৰ দিনাখন সর্ব্বোচ্চ দুইহাজাৰ মানুহ হয় ৷ বজাৰ নোহোৱা দিনতো প্ৰায় পাঁচশ মানুহ সমবেত হয় ৷ বেছিভাগ দোকান অতি ক্ষুদ্ৰ ৷ বেছিভাগৰে কৃষি ভূমি নথকাৰ বাবে সৰু দোকান এখন দিছে ৷ সামান্য কৃষি ভূমি থকা সকলেও কৃষি কার্যৰে পৰিয়াল পোহপাল দিব নোৱাৰি দোকান এখন দিছে ৷ কাপোৰৰ দোকানী মতিয়ৰ ৰহমানৰ তিনি বিঘা কৃষি ভূমি আছে ৷ এই খিনি ভূমিত খেতি কৰি চাৰিজনীয়া সদস্যৰ পৰিয়ালটো পোহপাল দিব নোৱাৰি দুইবিঘা ভুমি আশি হাজাৰ টকা বন্ধকত থৈ সেই টকাৰে কাপোৰৰ দোকান দিছে ৷ তেওঁ ক’লে যে -“যোৱা বছৰ আশী হাজাৰ টকাৰ কাপোৰেৰে দোকানখন দিছিলোঁ ৷ যোৱা এবছৰত পূৰ্বতকৈও কষ্টেৰে দিন যাপন কৰি আছোঁ ৷ এতিয়া পঞ্চাশ হাজাৰ টকাৰ কাপোৰো দোকানখনত নাই ৷ সন্মুখত ঈদ ৷ সেয়ে বন্ধু এজনৰ পৰা দহ হাজাৰ টকা ধাৰ কৰি কাপোৰ আনিছোঁ ৷ কিন্তু ঈদৰ সময়তো বিক্ৰী নাই ৷ আজি এই সন্ধিয়ালৈকে ২৫০ টকাৰ কাপোৰ বিক্ৰী কৰিছোঁ ৷ লকডাউন শিথিল হোৱাৰ পাছত সপ্তাহত সাতশ টকাও বিক্ৰী নহয় ৷ দোকানখন দি মহা বিপদত পৰিছোঁ ৷”
আন এজন দোকানী মমৰেজ মোল্লাই কয় যে –“বিক্ৰী কমিছে যদিও বাকীত বস্তু কিনা গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাইছে ৷ লকডাউনে গ্ৰাহকৰ চৰিত্ৰ বেয়া কৰিছে ৷ হাতত টকা নথকা গ্ৰাহকে দুই-তিনিদিন বাকী কৰি বস্তু কিনিব ৷ পিছদিনা টকা খুজিলে তাৰ পিছৰ পৰা মোৰ দোকানত নাহে ৷ আন এখন দোকানত যায় ৷ তাতে কিছুদিন বাকী কৰি পুনৰ আন এখন দোকানত যায় ৷ আমাৰ এনে দূৰৱস্থা হৈছে- বাকীও নামাৰে, গ্ৰাহকজনো গুচি যায় ৷”
যিয়েই নহওক , চিকাৰ ভিঠা গাঁও খনৰ লোকে অসমৰ গ্ৰাম্য অৰ্থনীতিলৈ যথেষ্ঠ অৱদান আগবঢ়াই আহিছে।।
No comments