Page Nav

HIDE

Grid

GRID_STYLE

গ্ৰাম্য অৰ্থনীতিৰ ভেটি নিৰ্মানৰ সংগ্ৰামত দিমীলাৰ পাৰত এদল যুৱক

  পশ্চিম মঙলদৈ কৃষি  উন্নয়ন পাম এতিয়া বহুলোকৰ বাবে আৰ্দশ বহু প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ সক্ষম হোৱা ব্যতিক্ৰম চিন্তাধাৰাৰ এই যুবক সকল হৈ পৰি...

 

পশ্চিম মঙলদৈ কৃষি  উন্নয়ন পাম এতিয়া বহুলোকৰ বাবে আৰ্দশ


বহু প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ সক্ষম হোৱা ব্যতিক্ৰম চিন্তাধাৰাৰ এই যুবক সকল হৈ পৰিছে এতিয়া আনৰ বাবে আদৰ্শ .....বহুজনে তেওঁলোকৰ এই মহান কামকলৈ প্ৰশংসা কৰা দেখা গৈছে 

জ্যোতি প্ৰসাদ শৰ্মা :

এটি যুৱকৰ দল ৷ আটাইকেইজনেই শিক্ষিত নিবনুৱা ৷ হাতে হাতে কৃষি সঁজুলি লৈ নামি পৰিছে দিমীলা নৈ পাৰৰ কৃষি ভূমিত ৷ লক্ষ্য কৃষিকৰ্মৰে স্বাৱলম্বী হোৱা ৷ দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত গভৰা গাঁৱৰ দুনী মহাবিদ্যালয়ৰ প্ৰায়  ৩০ বিঘা কৃষি মাটি লীজত লৈ অব্যাহত ৰাখিছে কৃষিকৰ্ম ৷ বিভিন্ন খেতিৰে সেউজ বিপ্লৱৰ নিদৰ্শন দাঙি ধৰিছে পশ্চিম দৰঙৰ কৃষি উদ্যমী এইসকল যুৱকে ৷ যিটো সময়ত চৰকাৰী চাকৰিৰ পিছত দৌৰি নিবনুৱাসকল হতাশ আৰু নিৰাশত ভোগা দেখা গৈছে সেই সময়ত কিন্তু এইদল যুৱকে নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ যুঁজত অৱতীৰ্ণ হৈ আছে। এই যুৱকসকল হৈছে শৰৎ ডেকা, প্রফুল্ল চহৰীয়া, অমিয় কুমাৰ ডেকা, উৎপল শৰ্মা, হিতেশ ৰাজবংশী, অৰুপ শৰ্মা, লক্ষ্যধৰ ডেকা, প্রহ্লাদ ডেকা, ধ্ৰুৱজ্যোতি শৰ্মা । বহু প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ সক্ষম হোৱা ব্যতিক্ৰম চিন্তাধাৰাৰ এই যুবক সকল হৈ পৰিছে এতিয়া আনৰ বাবে আদৰ্শ আৰু নিদৰ্শনস্বৰূপ ৷ বহুজনে তেওঁলোকৰ এই মহান কামকলৈ প্ৰশংসা কৰা দেখা গৈছে ৷ পশ্চিম মঙলদৈ কৃষি উন্নয়ন পাম নামাৰে নামাকৰন কৰি ২০১৭ চনত এখন সমিতি গঠন কৰি কৰি আহিছে কৃষিকৰ্ম ৷ ধান খেতিৰ পিচত সৰিয়হৰ লগতে বিভিন্ন শাক পাচলিৰ খেতি কৰি যথেষ্ট উপকৃত হ’বলৈ সক্ষম হয় তেওঁলোক ৷ ধান খেতি কৰাৰ উপৰিও কেইবা শতাধিক জোপা কলগছ ৰোপন কৰিছে।  তেওঁলোকৰ কৃষিকৰ্মৰ প্ৰতি থকা ধাউতি দেখি মহকুমা কৃষি বিষয়াসকলে সহায় কৰাৰ লগতে কিদৰৰ্গানসন্মত ভাৱে খেতি কৰিলে অধিক লাভান্বিত হ’ব পাৰি সেই সম্পৰ্কে সততে দিহা পৰামৰ্শ দি আহিছে ৷ ইয়াৰ উপৰি এইদল যুৱকৰ কৃষিকৰ্মৰ প্ৰতি থকা ধাউতি দেখি মহকুমা কৃষি বিভাগৰ পৰা ধান, সৰিয়হ আদিৰ বীজৰ লগতে সাৰ যোগান ধৰে তেওঁলোকক ৷ বিশেষকৈ গভৰা আৰু বোনমাঝাৰ গ্ৰামসেৱকে সততে তেওঁলোকৰ লগত যোগাযোগ কৰি কৃষি সম্পৰ্কে বিভিন্ন দিহা পৰামৰ্শ দি অহা পৰিলক্ষিত হৈছে ৷ সাম্প্ৰতিক সময়ত যুৱ প্ৰজন্মই কৃষিকৰ্মৰ প্ৰতি অনীহা প্ৰকাশ কৰাৰ সময়ত এইচাম যুৱকৰ কৃষিৰ প্ৰতি থকা ধাউতি দেখি সকলোৱে তেওঁলোকক প্ৰশংসা কৰা দেখা গৈছে ৷ খেতিৰ জড়িয়তে যাতে তেওঁলোক নিজে নিজে স্বাৱলম্বী হোৱাৰ লগতে আনকো স্বাৱলম্বী কৰি তোলে এতিয়া সেয়া সকলোৰে কামনা ৷ পশ্চিম মঙলদৈ কৃষি  উন্নয়ন পাম এতিয়া বহুলোকৰ বাবে আৰ্দশ আৰু নিদৰ্শন হৈ পৰিছে ৷ তেওঁলোক আৰু আগুৱাই যাওক তাৰে কামনা ৷ কিয়নো কৃষিকৰ্ম থাকিলেহে দেশৰ অৰ্থনীতি সৱল হৈ থাকিব ৷

No comments