.... দৰ্জাত ঢকিওৱাৰ শব্দ শুনি ভিতৰত মানুহজনী ধহ্মহাই উঠি বহিল..... দৰ্জাখন খুলি দুয়োকো দেখি মানুহজনীৰ মনটো ফৰকাল হৈ পৰিল......লগে লগে কৌতূহ...
.... দৰ্জাত ঢকিওৱাৰ শব্দ শুনি ভিতৰত মানুহজনী ধহ্মহাই উঠি বহিল..... দৰ্জাখন খুলি দুয়োকো দেখি মানুহজনীৰ মনটো ফৰকাল হৈ পৰিল......লগে লগে কৌতূহলৰ গোলক এটা উজাৰ খাই আহিল......
জিন্তু গীতাৰ্থ ( JINTU GITARTHA )
কজলা সন্ধিয়াটো গলি গলি কুঁৱলিত মিলি গৈছে ৷
মৰণাৰ চকৰীত ঘূৰা বলধহালৰ ডিঙিৰ ঘণ্টাৰ টিং টিঙাই উঠা লয়ে গাঢ় কুঁৱলিক যেন ৰেপি ৰেপি থানবান কৰিব লাগিছে ৷ ধান কটাৰ সময়৷ পকা ধানৰ ভৰত দোঁ খাই পৰা গছবোৰ কাটি-মাৰি ৰ’দত দি ভঁৰালত থোৱালৈকে কমখন কথা নে ! ভাগ্যে ধান কটা মানুহ, আজিকালি সহজে পোৱা যায় ৷ বছৰৰ এই সময়ছোৱাত ম’হৰ গাডীয়ে-দাৱনীয়ে ভৰি পৰে৷ এতিয়াতো মৰণা মৰা মেছিনো পোৱা যায় ৷
এইবোৰ কথাকে ভবাণীয়ে কনক বাপুৰ সৈতে আলচি আছে ৷ ডায়েবেটিছে পোৱা ভবাণীয়ে আজিকালি সন্ধিয়াটো কনকৰ ঘৰতেই কটায় ৷ হোজা কনকৰ কথাবোৰত কমখন আমোদ পোৱা যায় নে! কনকৰ ঘৰলৈ এনেও অনেক মানুহৰ আহ-যাহ ৷ বড়ো মানুহটোৰ ঘৰতেই দেওপানীটুপিৰ ব্যৱস্থা৷ ঘৈণীয়েকে ভাজি দিয়া সৰু আলু, কেতিয়াবা ভজা গাহৰিৰ সোৱাদ ৰসনাত তুলি লৈ মানুহবোৰ পৰম তৃপ্তিৰে ঘৰলৈ যায়গৈ ৷ এই দেওপানীটুপিৰ অচিলা লৈয়ে চাৰিজনীকৈ জীয়েকক কৰ্মঠ ডেকা একোটাৰ হাতত গতালে৷ পিছে, ভবাণীয়ে এইবোৰৰ এবিধো মুখত নিদিয়ে৷ মানুহটোৰ সন্ধিয়াৰ সময়কণ গৈ নাহে ৷ ল’ৰাটোক বাহিৰত ৰাখি পঢ়ুৱাই আছে ৷ বিষে কাবু কৰি পেলোৱা ঘৈণীয়েকে একেখন ঘৰতে বিয়া হোৱা বায়েকৰ সৈতে এই সময়ত কথাৰ মহলা মাৰে৷ ঘৰখনৰ হু হু শূন্যতা ভবাণীৰ সহ্য নহয় ৷ সেয়ে কনকৰ চোতালৰ জুইকুৰাই অনেক কথাৰ সন্মোহনেৰে টানি নিয়ে আৰু ভবাণীয়ে সেই কথন-জালত চগা হৈ জাপ মাৰে৷ অইন দিনাৰ দৰে আজিও ভবাণীয়ে কনকৰ সৈতে চাধাৰ লগত কথাৰ জোলোঙাখন মেলিছে ৷ তাৰ পৰাই সাত ভাৰস্তৰ যতমানে কথাবোৰ বেঙে জপিওৱাদি জঁপিয়াই জঁপিয়াই ওলাব লাগিছে ৷ দেওপানীৰ আৱহ-আৱাহনৰ সন্মোহনে টানি অনা মতলীয়া মানুহকেইটা এতিয়াও আহি ওলাবৰ হোৱা নাই এথোন ৷
নোক্-নোক্-নোক্-নোক্
বাঁহচুপাৰ তলতে বান্ধি থোৱা গাহৰিকেইটাৰ আৱাজ শুনা গ’ল৷ তাৰ পৰা কিছু আঁতৰতে ধান কাটিবলৈ অহা দলটোৱে বাহৰ পাতিছে ৷ দল জানো এটাঞ্জ এই সময়ত দলে দলে দাৱনী গাঁৱত সোমাইছে ৷ ইহঁতৰ প্ৰায়ভাগেই বৰপেটাৰ ফালৰ৷ আঁচ পৰা নীলা লুঙী যেন আঢ়ৈহতীয়া গামোচা পিন্ধা, কেট কেট কৰে ক’লা এই মানুহখিনিৰ ওচৰেদি গ’লেই নাকত গোন্ধ এটা লাগেহি৷ খাটি খোৱা দেহৰ গোন্ধ৷ দাৰিদ্ৰ্য আৰু শ্ৰমে হাতত ধৰা-ধৰিকৈ থকা জীৱনৰ গোন্ধ ৷ এপাল পিল পিল কৰে ল’ৰা-ছোৱালী আৰু তিৰোতামখাক ঘৰত এৰি ইহঁতে মাহদিয়েকৰ বাবে গুচি আহে, গোন্ধটোৰ সৈতে ৷
–‘বাপুই বিহুক ল’গিন্ আইহব’ না?'
– ‘আইহ্ব’৷ বিহুত বন্ধ পাব ৷ ’
– ‘গাহৰি মাৰিম৷ বাপুকো মাতিম দে ভাত খাবা ৷ ’
– ‘হ’ব দে৷ ’
– ‘এন আৰ চিৰ ফৰমখান তই লেখি দিবিনে৷ ’ অনাখৰী কনকে ভবাণীৰ মুখলৈ বৰ আশাৰে চাই কৈ উঠে ৷
– ‘হ’ব দে৷ কালিক ল’গিন্ দিনত লেখি দিম ৷ ’
ৰাতিৰ কুঁৱলি ফালি কোনোবা এটা হুৰমুৰাই সোমাই আহিল ৷ ম’হৰ ডিঙিৰ ঘণ্টাৰ টুং-টাং আৱাজ শুনা গ’ল৷ হৰকলা খুলি সোমাই অহা অৱয়বটো ক্ৰমাৎ ওচৰ চাপি অহাত ঠিকেই চিনি পোৱা গ’ল!৷ সেয়া ভ’ঠ’ৰ পুতেক উচচব৷ মুঢ়াটো টানি লৈ বহি উচ্চৱে কৈ উঠিল, ‘নৰেনৰ তাতে বাহা কৰা ধান কাটাকেইটাক কুবেইছি বোলে !
– ‘হা ! কি নো কৱ? কুনি?' দুখন মুখ একেলগে উন্মুখ হৈ উঠিল ৷
– ‘এ, সিটো চুপাত বোলে গৰুচুৰ হৈছি৷ আহুন চুৰ কৰা বুলি চ’লি কেইটামানে আহি মাৰি গেইছি বোলে ৷ ’
– ‘ইস, বৰ বয়া কথা হ’লেই৷ ’
– ‘কালিক লগি মিটিং বইহ্ব’ হান পাওঁ ৷ ’
– ‘আক’ লাভ নাই, এনাই মিটিং কতবাৰ বহিল !'
এই সমস্ত আলোচনা কাঁড় একোপাট হৈ মিঠেৰ কাণত বিন্ধেগৈ ৷ কনকৰ ঘৰত বাহা কৰি থকা দলটোৰ গাইড়ান মিঠেৰ মনত বিচিত্ৰ ভাবে খেলা কৰিবলৈ ধৰিলে৷ পুহ মাহৰ চেং চেং কৰে ৰ’দত দিনটো ধান কাটি বোজাই কৰি ম’হৰ গাড়ীৰে গৃহস্থৰ ঘৰত চমজাই দি অহাৰ সমস্ত ক্লান্তি ডেও দি এক ধৰণৰ শংকাই মিঠেৰ মনত গা কৰি উঠিল ৷ মিঠেৰ চৰুচাইৰ দৰে মুখখনত যেন কোনোবাই আঁউসী ৰাতি এটাহে ওলোমাই দিলে ৷ এনেয়ে কত ৰকমৰ কথা ওলাই আছে এইকেইদিন৷ কোনোৱে কৈছে, বাংলাদেশী বুলি সবকে খেদিব হেনো৷ মাৰামাৰিও হ’ব হেনো ! খুন খাৰাবাজ্ব ইয়া আল্লাহ, কি হ’ব? কি হ’ব?
গোটেই ৰাতি মিঠেৰ টোপনি নাহিল৷ অনেক বিচিত্ৰ ভাবে মানুহটোক কাবু কৰি ৰাখোঁতেই পূবে ঢলফাট দিলে ৷
চাওঁতে চাওঁতে দুটা দিন পাৰ হৈছে ৷
এই দুদিন নিয়ৰত গা ধোৱা ধানগছ আৰু জিলী পোকৰ বৃন্দগানৰ বাহিৰে পথাৰত আন একো নাছিল৷ সিদিনাৰ ঘটনাটোৰ পিছত কেউটা দলেই ধান কাটিবলৈ অমান্তি হৈছিল৷ নহ’বওনো কিয়? মিছা অপবাদ কোনে গাত পাতি লয়? তাতে খাটি খোৱা তেজ ৷ অৱশেষত মিটিং বহিল৷ গাঁৱৰে এম ই স্কুলখনত মিটিং বহে৷ জনে জনে মত দিছে৷ সিটো চুপাৰ ফুকলীয়া ল’ৰাকেইটাৰ বাপেক-খুড়াকৰ চিঞৰত স্কুলৰ টিনপাতৰ ছাল কঁপি উঠে৷ এই উঠি অহা ল’ৰাকেইটাৰ চাল-চলন এনেয়ে বৰ সুবিধাজনক নাছিল৷ তথাপি, ৰাইজৰ আগতনো কোন প্ৰভু একা? বাধ্যত পৰি ল’ৰাকেইটাই মাফ খুজিলেগৈ৷
দুটা দিনৰ মূৰকত আজি আকৌ পথাৰবোৰ কেচ কেচ শব্দৰে ভৰি উঠিছে৷ ৰ’দত চিক্মিকোৱা ধাৰাল কাঁচিৰে ঘপাঘপ বছৰেকৰ আশা আৰু হেঁপাহবোৰ কাটি কাটি গোটাব লাগিছে৷ বিনিময়তঞ্জ বিনিময়ত গৃহস্থৰ পৰা অলপ চাউল আৰু দুটামান সব্জী৷ সব্জীওনো কি? দুটা আলু আৰু কেইটামান মূলা অথবা কবি৷ কবিতোলাত উভৈনদীকৈ হোৱা মূলাবোৰৰ বেছিখিনি মানুহে হয় ধান কটাকেইটাক দিয়ে নহ’লে গৰুক দিয়ে ৷
আজি মিঠেৰ মুখ ফৰকাল৷ গৃহস্থই দি যোৱা টেকেলি পিঠা আৰু গাখীৰ চাহ ৰংমনে মুখত দিছে ৷ হওক তেওঁ, মানুহখিনিয়ে ‘চাথ’ দিছে৷ নিজৰ দলটোৰ নহ’লেও একে কাম কৰা মানুহখিনিৰ প্ৰতি অন্যায় হোৱাটো মিঠে নিবিচাৰে ৷
দিনবোৰ পাৰ হৈ গৈ থাকে ৷
পথাৰ উদং হৈ আহে৷ মানুহৰ চোতাল, বাৰাণ্ডা ভৰি আহে ডাঙৰিৰ ভৰত৷ ভৰি আহে মিঠেৰ দুচকুৰ আশাৰ পুখুৰী দুটা৷ নভৰিব হে নে? মানুহবোৰৰ ধান বেছিকৈ হোৱা মানেই সিহঁতৰ ভাগতো বাঢ়িব৷ এঘৰত বিঘাই বাৰ-পোন্ধৰ পাল্লাকৈ ধান পাব৷ এই পোৱাখিনিৰেইতো বছৰটো চলিব পাৰিব৷ নহ’লে নৈৰ পাৰৰ চৰত ভাতৰ বাবে হাহাকাৰ কৰি মৰিব লাগিব৷ আকৌ, ল’-ছালিকেইটাৰ খা-খৰচ, তিৰিৰ সৰু-সুৰা চখ, এই যেনে চিক্মিক্ কৰে ৰঙা শাৰী এখন, ঝুনঝুনাই উঠা এজাপ বহুৰঙী খাৰু– সকলো পোৱা ধান বিকিয়েই পূৰাব লাগিব৷ আকৌ, এইবাৰ বা কি হয় ক্ক এন আৰ চি-ৰ নামতো টকা লাগিব৷ ফৰম অনা, দিবলৈ যোৱাজ্ব আকৌ হেনো পিছতো মাতিব৷ কমখন নগুৰ-নাগতি নে ক্ক ভবাণী আৰু কনকে কৰা আলোচনাবোৰ টিভি চাই আহি দি থকা টিপ্পনীবোৰ শুনিলে তাৰ মনটো দেখোন কেনেবা কেনেবাখন কৰে৷ অথচ ক’তা ক্ক টিভিত দেখুওৱাৰ দৰে, মানুহে বাটে-ঘাটে আলচাৰ দৰে ইয়াতচোন তেনে একোৱেই নাই ৷
কনকৰ চোতালত সিজু গছডালৰ একাষে জ্বলি থকা চাকিৰ সমুখৰ বিষ্ণু ভগৱানজনাৰ ফটোখনলৈ মিঠেৰ চকু গ’ল৷ এৰা, কি যে বিষম কথা ক্ক এহাতে মাৰিবলৈ গদা, আনহাতে অভয়বাণী৷ একেই কথা দেখোন ইয়াতো ৷ এহাতে শুনিলেই ভয় লগা তেজৰঙী কথাবোৰ আৰু আনহাতে তেনেই সৰল যেন লগা, দেখি থকা এই মানুহবোৰ৷ এই মানুহবোৰ দেখোন নিজৰ জাতিৰ নহয়৷ তথাপি সিদিনা সিহঁতৰ হৈয়ে কথা ক’লে৷ ইয়া আল্লাহ, তুমি আছা৷ সবতে বিয়পি আছা ৷ তুমি থাকোঁতে কি ভাই-ভাইৰ মাজত খুন-খৰাবা হ’বলৈ দিবা৷ ক্ৰমে ক্ৰমে মিঠে মায়া-সম্পাতত ডুব যায়৷ চকুৰ সন্মুখত অস্পষ্টকৈ ভাহি উঠে তেজৰ ৰং৷ ধীৰে ধীৰে ৰংটো শাৰী এখনেৰে মেৰিয়াই ৰখা শুকান-উবান ৰচকী মানুহ এজনীৰ গাটোত লিপিত খাই ধৰেগৈ৷ আহ্, এয়াচোন তাৰ মৰমৰ ফুলমতী৷ ইচ্ক্ আৰু যাতনাৰে মিঠে সেইখিনিতে ৰৈ যায়৷
পিছদিনা ৰাতিপুৱা সাৰ পাওঁতে, মিঠেৰ অলপ পলম হ’ল৷ ইতিমধ্যে ট্ৰাক আহি পাইছে৷ যোৱা এটা মাহে আৰ ঘৰত, তাৰ ঘৰত ধান কাটি পোৱা সমস্ত ধান বোজাই কৰাও হৈ গৈছে ৷ মিঠে গাইড়ান নিজৰ দলটোৰ সৈতে যাবলৈ ওলাইছে ৷ দলটোৰ বাকী মানুহখিনি ম’হৰ গাড়ীতে যাব৷ কনকে ঘৈণীয়েক অপেৰ সৈতে চোতাললৈ ওলাই আহিল৷ অতদিনে বাহা কৰি থাকিব দিয়া এই উদাৰ মানুহহালৰ প্ৰতি মিঠে গাইড়ান কৃতজ্ঞতাৰ ভৰত দোঁ খাই পৰিল৷ মিঠে তাৰ স্বভাৱসুলভ ঢেকটোৰে কৈ উঠিল, ‘কাকা, তুমি একবাৰ নেও নাকে? আংগৰ বাৰিত্তে বেৰায়া আইগা, চল’৷ আজকেই ঘূইৰা আইমু ৷ ’
– ‘এহ, মই আৰ’ যাং না ! গেলি আহিম নু কেনাকে আৰ’? কনকৰ মাতত দোধোৰ-মোধোৰ সুৰ ফুটি উঠিল৷
– ‘বাৰাঅ’, বাৰাঅ’৷ থবাৰ আইমু৷ আমি তহ্ আবাৰি ঘূইৰা আৱাই লাগব’৷ ’ মিঠেৰ কথা শুনি অ’পে প্ৰবোধ দিলে, ‘যা যা, ইমান কে কৈছি৷ ঘূৰিও আহাঁ হ’ব দে ৷ ’
একেখন ট্ৰাকতে মিঠেৰ সৈতে কনকো উঠিল৷ বয়সে পচপন্নৰ ওচৰ চাপো চাপো হোৱা এই মানুহটোৱে আজিও ধুতীৰ ওপৰত বগা ছাৰ্টৰ সৈতে গামোচাখন গলত ল’লে৷ লগতে মোনা এখনো ল’লে৷ বোলো পাৰিলে বৰপেটাৰ পৰা অলপ বজাৰ কৰিও আনিব পৰা যাব৷ কমতে পায় তাত৷ ট্ৰাকৰ ড্ৰাইভাৰৰ নাম্বাৰটো ড্ৰাইভাৰে নিজেই ফোনটোত ‘চেভ’ কৰি দিলে ৷ ঘৰত একেটাই ফোন৷ সেইটো ঘৰতে এৰি যাব৷ তেহে ড্ৰাইভাৰক ফোন কৰিয়েই খবৰ পাব পাৰিব ৷
বেলি পশ্চিমৰ জখলাৰে নামিবলৈ লৈছে ৷
মানদিয়া চৰৰ পৰা এইছোৱা কমখন বাট নে ! যিহে ৰাস্তা৷ ট্ৰাকৰ জোকাৰণিত এবাৰ ইফাল, এবাৰ সিফাল পাবলগীয়া হয়৷ তাতে আকৌ মিঠেৰ ঘৰত পেট উগাৰি উগাৰি খাই অহা কথা৷ নাখাই পাৰি নে ! ইমান সাদৰেৰে তৰহে তৰহে আঞ্জা দিছে ৷ এৰা৷ ইমান আদৰক নো নেওচা দিয়া যায় কেনেকৈ? আনকি ট্ৰাকৰ পৰা ধানৰ বস্তাবোৰ নমাই থান-থিত লগাই থকাৰ মাজতে মিঠে এপাকত জালখন লৈ গৈ মাছো মাৰিলে ৷ ঘৰলৈ বুলি ৰৌ-মাছ এটাও কনকৰ খন্তি-মোনাখনতে বান্ধি দিছে ৷ আজানৰ শব্দ ভাহি অহা পৰতে সিহঁত ট্ৰাকত উঠিল ৷ ট্ৰাকৰ ড্ৰাইভাৰে দুয়োকে আনি বৰপেটাত নমাই সুধি-পুছি বাছ এখনত উঠাই দিলে ৷
– ‘ভাই, টিহু যাব’ না?'
– ‘যাব’ যাব’৷ উঠ্ উঠ্৷ ’
মিঠে আৰু কনকে পিছফালৰ ছীটত বহি ল’লে৷ ইতিমধ্যে ট্ৰাকৰ ড্ৰাইভাৰে বিদায় মাগিছে৷ ঠেলি-হেঁচি একসোপামান মানুহ বাছখন উঠোৱাৰ পিছত হেণ্ডিমেনে বাছৰ পিছফালৰ দৰ্জাত জোৰকৈ থাপ্পৰ এটা মাৰিলে৷ বাছ চলিবলৈ লাগিল৷ বতাহৰ খোজতকৈও আগত উজনিমুৱা বাছখন দৌৰিবলৈ ধৰিলে ৷
সাজবেলাৰ পখীৰ দৰে বেলি কেতিয়াবাই বাহত সোমাইছে ৷
আন্ধাৰে জগত ছানি ধৰিছে ৷ কুঁৱলিয়ে গুলুম মাৰি ধৰা ৰাতিটো ক্ৰমশঃ বাঢ়ি আহে৷ দেওপানীৰ নিচাই ৰসনাত দেওধবনি তুলি কাবু কৰি পেলোৱা মানুহকেইটাই ঢলং-পলং খোজেৰে এইমাত্ৰ উঠি গৈছে৷ বতাহত বিয়পি পৰা ৰহীৰ গোন্ধ ফালি এক ধৰণৰ শূন্যতাই মানুহজনীক গবা মাৰি ধৰিলেহি৷ নধৰিবই বা কিয়ঞ্জ জগতৰ যতমানে কু-ভাববোৰে মূৰত ভৰ কৰিবলৈ ধৰিছেহি ৷ অতপৰ হ’ল৷ মানুহটোৰ দেখা-দেখিয়েই নাই ৷ ট্ৰাকৰ ড্ৰাইভাৰটোক ফোন কৰোঁতেও ক’লে, চাৰে-চাৰিটামান বজাতেই বাছত উঠাই দিয়া বুলি৷ নাই নাই, বিশ্বাস কৰিব নোৱাৰি৷ একো সঞ্জাত নাই ৷ টিভিত কিবা মিছা কথা দিয়ে নে? কি ঠিক, মানুহটো কিজানি দুই ফালাই কৰি পেলালে ! উস্ বুকুলৈ গধুৰ শিল এছটা যেন নামি আহে৷ অনেক ধৰণৰ মাৰাত্মক ভাবনাই মানুহজনীৰ লপ্থপীয়া দেহাটোক বেৰি ধৰে৷ ইমান দিনে পাই অহা সেই পৰিচিত গোন্ধটো যেন পুনৰ নাকত লাগিলহি৷ হয় হয়, ঠিক সেইটোৱেই গোন্ধ৷ ঘামত লেটি লোৱা গোন্ধটোৱেই সিহঁতৰ পৰিচায়ক ৷
উস্ নোৱাৰি আৰু৷ যোৱা এমাহে তেনেহ’লে কেনেকৈ এই গোন্ধটোৰ সৈতে মোকাবিলা কৰি আছিল তাই? গোন্ধটো যেন ক্ৰমাৎ বেছি হৈ আহিবলৈ ধৰিছে৷ তাৰ লগে লগে চকুৰ সমুখত যেন স্পষ্ট হৈ আহিব ধৰিছে তেজ বৰণৰ এখন খুংখাৰ অস্বচ্ছ ছবি৷ কেৱল লহু-লুহান এডোখৰ শৰীৰ৷ মানুহজনীয়ে কাঁথিত খক্খকাই বমি কৰি পেলালে৷
আন্ধাৰ আৰু কুঁৱলি ফালি সোঁ-সোঁৱাই বাছখন আগুৱাইছে৷ মানুহবোৰ ঠায়ে ঠায়ে নামিছে৷ বাছখনত এতিয়া কেৱল পিছৰ ছীটত মিঠে গাইড়ান আৰু কনক বাপু৷ দুয়োটাই বিড়ি শেষ কৰি থম থম মদন গোপাল হৈ বহি আছে৷ প্ৰথমতে দুয়োৰে মাজত কথাৰ কাপোৰ এখন বৈ উঠিব ধৰিছিল৷
– ‘তুহাৰ তাতে কাছ পায় না?'
– ‘এথেন সেনাকে পাবাৰ নাই৷ মাৰ্বা নেদেই চৰকাৰে৷ মনে মনেই মাৰ্বা লাগা হয়ে৷ ’
– ‘ মাৰা নাহ্?'
– ‘এ ক’ত পাবি? মান্হে মাৰি মাৰি শেষ কল্লাক৷ এথেন মাৰ্বা নেদাই ভালে হৈছি দে৷ নহ’লি উছান হ’লাক হৈ৷ ’
খিৰিকীৰে সৰকি অহা শীতল বতাহে দুয়োকে মেৰিয়াই ধৰে৷ ক্ৰমাৎ চিল্মিলীয়া টোপনিত দুয়ো মগন হৈ পৰে৷
বাছখনে জোৰেৰে ব্ৰেক মৰাত হঠাৎ ধহ্মহকৈ কনকে চকু মেলি দেখিলে, সন্মুখত বাছৰ ভিতৰখন খালী৷ চলন্ত বাছৰ পিছৰ ছীটত কেৱল তেওঁ আৰু টোপনিত ঢলি পৰা গাইড়ান৷ আগত সৌৱা, ড্ৰাইভাৰৰ কাষতে হেণ্ডিমেনে কলমটিয়াব লাগিছে৷ কনকে মিঠেক হেঁচুকি দিলে৷ – ‘বোলে টিহু দেখোন কেতিয়াবাতে পাবা লাগ্ছিল৷ যাচোন চা, হেণ্ডিমেনক সোধ৷
মিঠে হেঁহো-নেহো কৰা দেখি কনক নিজে আগবাঢ়ি গ’ল৷ – ‘এ বাপু, টিহু প’ৱাই নাই না কি এ?'
ড্ৰাইভাৰে-হেণ্ডিমেনে কোব খোৱা সাপৰ দৰে জিকাৰ মাৰি উঠিল, ‘হা, টিহু ! টিহুৰ চ’ক দেখোন মান্ধাতা যুগতে এৰি আইহ্লো, আখ্ৰা চ’ক পালোঁ৷ নাম নাম, নাজ্না যদি উঠা কিয়াহ !'
মোনায়ে-মানুহে মিঠেৰ সৈতে কনক নামি পৰিল৷
ৰাতি ভালেখিনি হৈছে৷ দোকান-পোহাৰবোৰ কেতিয়াবাই বন্ধ হৈছে৷ দুই এখন বন্ধ দোকানৰ বাহিৰত জ্বলি থকা বাল্ববৰ পোহৰ কুঁৱলি ভেদ কৰি আন্ধাৰৰ মাজত ছিটিকি পৰিছেহি৷ ৰাস্তাটোৰ একাষে খন্তি মোনাখনৰ সৈতে কনকে মূৰে-কপালে হাত দি বহি পৰিল৷ দুয়োটাৰে কি কৰোঁ গোপাল, ক’লৈ যাওঁ কৃপাল অৱস্থা৷ একো চিনি নাপায়, জানি নাপায়৷ ক্ষণে ক্ষণে মোনাৰ ভিতৰত মাছটোৱে একোবাৰ উছাল মাৰি উঠে৷ সৌৱা কি? ভগা-ছিগা পোহৰ আৰু আন্ধাৰৰ মাজত কিছু দূৰৈত হটঙা অৱয়ব এটি জিলিকি উঠিল ৷ সিহঁতহালক এইদৰে বহি পৰা দেখি অৱয়বটো কোবা-কুবিকৈ ওচৰ চাপি আহিল ৷
– ‘হে ইচৰ, কুলিচ নেকি ! ইতাহে পৰিল মৰণকাল৷ ’ কনকে মনতে সাতোটি সেৱা আগবঢ়ায় ৷
– ‘কোন হে? এই ৰাতিখান এনাকে বহি আছে কিয়াহ?' জবৰজং যুৱকটিয়ে গৰ্গৰাই উঠিল ৷ – ‘এ বাপা, আমাৰ আজি যিখান হে হ’ল’, এই বুলি কনকে আদ্যোপান্ত বিৱৰি ক’লে৷ ইতিমধ্যে আৰু দুজন ডেকা আহি উপস্থিত হৈছিলহি৷ তিনিওটাই মিলি মিঠে আৰু কনকক ওচৰৰে মানুহ এঘৰলৈ লৈ গ’ল৷ ঘৰবোৰ থেপা-থেপিকৈ সজা ৷ মানুহবোৰৰ মাত-কথা মিঠেৰ লগত প্ৰায় মিলে৷ একে জাতৰ মানুহ৷ পৰিচিত ঘামৰ গোন্ধ এটা আহি কনকৰ নাকত লাগিলহি৷ গোন্ধটোৱে কনকৰ মনত শংকাৰ পানীগছা এটা বঢ়াই আনে৷ অচিন ঠাই, অচিন মানুহ ৷ তাতে আজিকালি যি সোপাহে কথা শুনা যায়৷ সিদিনা নদলা বজাৰলৈ যাওঁতেও একেইসোপা কথাই শুনিবলৈ পাইছিল৷ শুনিলেই চকুৰ সন্মুখত তেজৰ নৈ একোখন যেন ফেনে-ফুটুকাৰে বাঢ়ি অহা দেখিবলৈ পায় ৷
– ‘পিছে ৰ’বচোন ৰ’ব৷ আপ্নালোকৰ এটা দেখোন আমাৰ জাতৰে৷ আৰু আপ্নাক দেখোন কাছ্ৰি হান পায়!' মতলব কি?'
কনকৰ ভাবত যতি পৰে৷ মানুহবোৰৰ মনত সংশয়৷ এৰা হ’বৰে কথা৷ বতাহত উৰি ফুৰা খবৰ কিছুমানে যেন মানুহৰ তেজত শংকা আৰু বিদ্বেষৰ কাঁইট ছটিয়াই দিছে৷
– ‘অ’ বাপাহাত ঐ, আক’ মতলব নাই ঔ ৷ ’ কনকে পুনৰ সমস্ত কথা বিৱৰি ক’লে৷ আলচ হ’ল৷ টেম্প’ এখনো ওচৰৰ ঘৰৰ পৰা মতাই অনা হ’ল৷ পিছে ল’ৰাটো যাবলৈ মান্তি নহয়৷ হ’বনো কেনেকৈ, দিন-কাল যিহে হৈছে ৷ টি ভিত দেখোন সেই বাতৰিসোপাই দি থাকে৷ তাতে আকৌ বতাহ গৰম কৰি ৰখা এন আৰ চি-ৰ এনে অস্থিৰ সময়ত? উস্, কি যঁট ! যোৱাৰ বাটটো পায়ো হেৰুৱাব লাগিছে এতিয়া৷ কনকে মনতে ভাবে, অইন উপায় নহ’লে মাছটোকে দি দিব লাগিব৷ এই ভাবি কনকে মোনাখন দুগুন আশাৰে সাবট মাৰি ধৰে৷ ভিতৰত মাছটোৰ উশাহ কমি আহিছে হ’ব পায়৷ উছাল মৰাটোও নাই দেখোন৷ অৱশেষত তিনি ডেকাই টেম্প’ ড্ৰাইভাৰৰ সৈতে হুইচ’ মাৰি থৈ আহিবলৈ ওলাল ৷ –‘এহ্ ব’ল ব’ল৷ টিহু চ’কত নামে দি আহিম৷ ’
– ‘পিছে বাপা, টাকা-সিকাৰ কথাও তো আছে নহয়৷ ’ মিঠে আৰু কনকে প্ৰায় একেলগে কৈ উঠিল ৷
– ‘এ, হ’ব হ’ব৷ মিলা-মিলি কৰি কিবা অলপ দিব৷ আপ্নালোকেও বৰ কষ্ট পালাক ৷
ৰাতি এপৰ হৈছে ৷
মানুহবোৰ মৰ-ঘুমটিত৷ ষ্ট্ৰীট লাইটৰ সেমেকা পোহৰত টিহু নগৰৰ নিৰ্জন বাটটো মায়াময় হৈ উঠিছে৷ টিহুৰ চ’কতে নমাই দিয়াৰ কথা আছিল যদিও ল’ৰাকেইটাই দাগা-মিললৈকে আহি আগুৱাই থৈ গ’ল৷ কনকৰ লগত থকা তিনিশ টকা পূৰা-পূৰিকৈ সিহঁতৰ হাতত তুলি দিলে৷ মিঠেও জেপৰ পৰা দুশটকীয়া নোট এখন উলিয়াই কৃতজ্ঞতাৰে দি দিলে৷ ডাঠ কুঁৱলিৰ মাজেৰে দুয়ো ঘৰলৈ বুলি হন্হনাই খোজ ল’লে ৷
প্ৰায় আধা ঘণ্টা বেলি খোজ কাঢ়ি দুয়ো ঘৰৰ হৰকলা পাইছেহি৷ গোটেই গাঁওখনত গা সিৰ্সিৰাই যোৱা নৈঃশব্দ্য৷ কাঁথিৰ বাবটো তেতিয়াও জ্বলি আছে ৷ দৰ্জাত ঢকিওৱাৰ শব্দ শুনি ভিতৰত মানুহজনী ধহ্মহাই উঠি বহিল৷ দৰ্জাখন খুলি দুয়োকো দেখি মানুহজনীৰ মনটো ফৰকাল হৈ পৰিল৷ লগে লগে কৌতূহলৰ গোলক এটা উজাৰ খাই আহিল ৷
গা-পা ধুই দুয়ো পাটীত পৰিল৷ পূৰ্বে বাহা কৰি থকা গোহালিৰ ওচৰৰ ঠাইডোখৰলৈ যাব খোজোতেই কনকে মিঠেক মাতিলে, ‘আহ আহ, মিঠে আহ৷ এতেই ঘূম’বি আহ৷ তাতে যাবা নাল্গে আৰু ৷ ’
সৌৱা, দুইজনে মাটিৰ মজিয়াত তুলি পাৰি কৰা অস্থায়ী বিছনাত হাত-ভৰি মেলি শুই পৰিছে৷ মানুহজনীয়ে মাছটো বাছিবলৈ লৈছে ৷ তলমুৱা হৈ মাছ বাছি থাকোঁতেই মানুহজনীয়ে অনুভৱ কৰিলে, গোন্ধ এটা যেন আহি নাকত লাগিছেহি৷ তাই এবাৰ মাটিৰ বিছনাত পৰি ৰোৱা, মানুহ দুজনলৈ চালে ৷ তাই ঠিকেই বুজিলে, গোন্ধটো তাৰ পৰাই আহিছে৷ ক্ৰমশঃ গোন্ধটো বাঢ়ি আহিল আৰু অনাদি-অনন্তক সামৰি ভূমি-ভূমা বিদাৰি কুণ্ডলী পকাই ওপৰলৈ উঠি গৈ সমস্তক ঘেৰি ধৰিলেহি৷ পেটটো পাক মাৰি ধৰিছে নেকি বাৰু? সেই বমি বমি ভাব ! নাই নাই, সেইবোৰ দেখোন একো হোৱা নাই৷ বৰঞ্চ চকুৰ সন্মুখত এক আধিভৌতিক দৃশ্যৰ উপৰিপাতন ঘটিল৷ সৌৱা, সৌৱা তেজৰ নৈ ফালি ফুলি উঠিছে এপাহ ৰাতিফুল৷ তাৰ পৰা ভাহি অহা গোন্ধটোৱে সমস্তক ছানি ধৰিছে৷ তাই ঠিকেই বুজিলে, এই গোন্ধ হৃদয়-বৃন্তৰ পৰা নিৰ্গত ৷
তেতিয়াও ৰাতি বহুপৰ বাকী ৷।
================
No comments