Page Nav

HIDE

Grid

GRID_STYLE

চৰ-চাপৰিবাসী মুছলমান কিদৰে খিলঞ্জীয়া, কিদৰে ভাৰতীয়?

  অসমলৈ বংগমূলীয় মুছলমানৰ প্ৰব্ৰজনৰ অন্য এক ইতিহাস  ......স্বাধীনতাৰ পূৰ্বে অসমলৈ প্ৰব্ৰজন কৰা লোকসকল আৰু এইসকলৰ সতি-সন্ততিসকল অকল ভাৰতীয়ই ন...

 




অসমলৈ বংগমূলীয় মুছলমানৰ প্ৰব্ৰজনৰ অন্য এক ইতিহাস 

......স্বাধীনতাৰ পূৰ্বে অসমলৈ প্ৰব্ৰজন কৰা লোকসকল আৰু এইসকলৰ সতি-সন্ততিসকল অকল ভাৰতীয়ই নহয়,খিলঞ্জীয়াও.....এক বুজনসংখ্যকে ১৯৫১ চনৰ লোকপিয়লৰ সময়ত উভতি আহিব পৰা নাছিল বাবে এওঁলোকৰ নাম এই লোকপিয়লত অন্তৰ্ভুক্ত হোৱা নাছিল.......

         ড° হাফিজ আহমেদ

            ‌‌       এক দীৰ্ঘকাল ধৰি চৰ-চাপৰি বাসী মুছলমান সকলক বাংলাদেশী বুলি এচাম লোকে কৈ অহা দেখা গৈছে । অপ-প্ৰচাৰৰ ফলত এচাম লোকে চৰ-চাপৰিবাসী মানেই বাংলাদেশী এনে ধাৰণা পোষণ কৰিব লৈছে।প্ৰকৃততে চৰ-চাপৰিবাসী মুছলমান সকল কোন?তেওঁলোকৰ ইতিহাসেইবা কি? চৰ-চাপৰিৰ ইতিহাস মানেই প্ৰব্ৰজনৰ ইতিহাস ।

                    ব্ৰিটিছে ১৮৫৯ চনৰ পিছত উৰিষ্যা,বিহাৰ,মধ্যপ্ৰদেশৰ পৰা অসমৰ চাহবাগিচাবোৰলৈ বনুৱা আমদানি কৰাৰ সমান্তৰালকৈ বংগৰ পৰা মুছলমান খেতিয়কৰ আমদানিও আৰম্ভ কৰে । উনৈশ শতিকাৰ মাজভাগৰ পৰা গোৱালপাৰা জিলাৰ ভূ-স্বামী আৰু জমিদাৰসকলে বংগৰ পৰা মুছলমান খেতিয়ক সকলক নিজৰ দায়িত্বতে আনিবলৈ আৰম্ভ কৰে। তদুপৰি সেইসময়ত অসম আৰু বংগৰ মাজত পানীৰে চলা  জাহাজৰ আৰকাটিসকলেও অসমৰ পতিত ভূমিত নিজৰ আত্মীয়-স্বজনক  বংগৰ পৰা আনি  সংস্থাপিত কৰিছিল । চৰ-চাপৰিৰ জনক স্বৰূপ ওচমান আলী সদাগৰক এইদৰেই তেওঁৰ আৰকাটি মোমায়েকে নগাঁৱৰ আলিটাঙনীত ১৮৮৫ চনত সংস্থাপিত কৰিছিল। শৰৎ চন্দ্ৰ সিংহদেৱে  তেওঁৰ এক লিখনিত উল্লেখ কৰিছে যে এনে এজন আৰকাটিয়েই ৮ হেজাৰ বিঘা মাটি বিচাৰি চাপৰৰ জমিদাৰক আবেদন কৰিছিল । এই সময়তে ব্ৰিটিছে ঢাকাৰ অনেক ব্যৱসায়ীক অসমত বেহা-বেপাৰ কৰিবলৈ 'লাইচেঞ্চ' প্ৰদান কৰিছিল । এনে ব্যৱসায়ীসকলেও অসমৰ বিভিন্ন স্থানত বসতি স্থাপন কৰিছিল ।

                  ১৮৯১ চনত গেইট্‌ চাহাবৰ তত্বাৱধানত যেতিয়া লোকপিয়ল হয়,তেতিয়া তেওঁ এক বিশেষ সমীক্ষা চলাইছিল,অসমলৈ তদানীন্তন ভাৰতৰ কোন প্ৰদেশৰ পৰা কিমান লোক আহিছিল ।সেই সমীক্ষামতে গোৱালপাৰা,কামৰূপ,দৰং আৰু নগাঁও জিলালৈ সৰ্বমুঠ ৮৫২০৭ বংগৰ খেতিয়কক  অনা হৈছিল । ১৯১১চনত পূৰ্ববংগৰ পৰা প্ৰব্ৰজিত লোকৰ সংখ্যা ব্ৰহ্মপুত্ৰ উপত্যকাত ২৫৮০০০ আৰু পাহাৰীয়া অঞ্ছলত ৬০০০ আছিল।এই লোকসকলৰ ৮৫% আছিল মুছলমান।১৯৩১ চনত অসমত বংগমূলীয় খেতিয়কৰ সংখ্যা ৫৭৫০০০ হয়গৈ।১৯৪১ চনত  লোকপিয়ল হোৱা নাছিল । ১৯৪৩-৪৫চনৰ কালছোৱাত Grow more food আচনিমতে ১৭৪৫৪৬ বিঘা পূৰ্ববংগৰ পৰা অসমলৈ অনা খেতিয়কক সংস্হাপিত কৰাহয়।এই সময়ছোৱাত সৰ্বমুঠ ৬২২৪২৭ বিঘা মাটিত বংগৰ পৰা অহা খেতিয়কক সংস্হাপিত কৰা হয়।সমাজতত্ববিদ এম কৰৰ মতে এই কালছোৱাত অসমত বংগীয়মূলৰ ১২৪৪৮৫ টা পৰিয়ালৰ ৬২২৪২৫ জনলোকক সংস্হাপিত কৰা হৈছিল।১৯৩১ চনৰ ৫ লাখ ৭৫ হেজাৰ আৰু ১৯৪৩-৪৫ চনৰ কালছোৱাৰ ৬,২২,৪২৫ গৰাকী লোক বাঢ়ি গৈ যিমান হৈছিলগৈ সিমানসংখ্যক বংগীয়মূলৰ মুছলমানলোক ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ অসমত আছিল।কিন্তু ১৯৫০ চনত নামনি অসমত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে ৫৩,০০০ মুচলমান পৰিয়ালে(৪লাখ ৭০ হেজাৰ লোকে) প্ৰাণ ৰক্ষা কৰিবলৈ পূব-পাকিস্থানলৈ পলাই গৈছিল বুলি প্ৰখ্যাত ৰাজনীতিবিদ হেম বৰুৱাই তেওঁৰ The Red River and blue hills বোলা গ্ৰন্থত উল্লেখ কৰিছে।আছুৱে অসম আন্দোলনৰ সময়ত কেন্দ্ৰীয় চৰকাৰক প্ৰদান কৰা এক স্মাৰকপত্ৰতো এই কথা উল্লেখ কৰিছে।এইসকলৰ এক বুজনসংখ্যকে ১৯৫১ চনৰ লোকপিয়লৰ সময়ত উভতি আহিব পৰা নাছিল বাবে এওঁলোকৰ নাম এই লোকপিয়লত অন্তৰ্ভুক্ত হোৱা নাছিল। পিছত নেহৰু-লিয়াকত চুক্তিমতে এই লোকসকলৰ অধিকাংশ  ১৯৬১ চনৰ ৩১আগষ্টৰ ভিতৰত অসমলৈ উভতি আহে । আকৌ ১৯৬১চনৰ লোকপিয়লৰ প্ৰতিবেদনত কোৱা হৈছে যে  বহুতো চৰাঞ্চল ১৯৫১ চনৰ লোকপিয়লে সামৰি লোৱা নাছিল।এই লোকসকলক  ১৯৬১ চনৰ লোকপিয়লত অন্তৰ্ভুক্ত কৰা হয় ।

                       স্বাধীনতাৰ পূৰ্বে অসমলৈ প্ৰব্ৰজন কৰা এই লোকসকল আৰু এইসকলৰ সতি-সন্ততিসকল অকল ভাৰতীয় ই নহয়,খিলঞ্জীয়াও। বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈ সকলোৱে খিলঞ্জীয়াৰ ভিত্তিবৰ্ষ ১৯৫১চন কৰাৰ পোষকতা কৰিছিল ।অতি সম্প্ৰতি অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া কমিটীখনেও ১৯৫১ চনৰ পূৰ্বে অসমত থকা লোকসকলক খিলঞ্জীয়া অসমীয়া বুলি মানি লৈছে । সেয়ে এইলোকসকলৰ সতি-সন্ততিসকল খিলঞ্জীয়া চৰ-চাপৰিবাসী ।

চৰ-চাপৰিবাসীৰ ইতিহাসঃ

চৰ-চাপৰিবাসী মুছলমানৰ  প্ৰব্ৰজন আছিল একেখন দেশৰ এটা প্ৰান্তৰ পৰা অইন এটা প্ৰান্তলৈ হোৱা প্ৰব্ৰজন ।এয়া Migration হে আছিল, Immigration নহয় আৰু বহুতে কোৱাৰ দৰে এইলোকসকল Immigrant (অভিবাসী)নহয়।প্ৰসংগ ক্ৰমে উল্লেখ কৰিব পাৰি যে অলপতে Jamia Milia university ত NRC সংক্ৰান্তীয় এক seminar ত আমি এই প্ৰশ্ন উত্থাপন কৰাত ড:হীৰেন গোহাঁই ছাৰেও এই লোকসকল আৰু এওঁলোকৰ সতি-সন্ততিসকলক immigrant বুলি অভিহিত কৰাটো উচিত নহয় বুলি কয় ।

সেয়া যি কিয়েই নহওঁক কিয়: what was the accurate number of the Bengal origin Muslims in1951 in Assam? According to the census of 1951 there were 19,81,857 Muslims in Assam.It has been estimated that nearly 10 lakhs of them were Bengal origin Muslims.Their number would have been at least 14 lakhs, if Gopinath Bordoloi had not evicted a large number of Muslim peasants in1946 and if the communal riot of 1950 would have not occurred. In the month of February,1946,Gopiath Bordoloi Ministry in Assam evicted more than 1,5000 Muslim peasants and a large number of them left Assam and settled in East Pakistan. Again,more than 4 lakhs Muslims were forced to leave Assam during the communal riot of 1950. 2,46,000 of them could not return during the census of 1951 and they were left out of the census. Moreover, according to the census report of 1961, many chars and sandbanks were left out  of 1951census due to miserable communication system. It has been estimated that more than 2 lakhs Muslims of Bengal were thus left out of the 1951 census as most of these peasants used to live in the Chars and Sandbanks(চাপৰি). So it can can be easily calculated that more than 4 lakhs Bengal origin Muslims in Assam were left out of the1951 census.

The Muslim population in Assam has increased fivefold during the last 60 years (1951-2011), About 20 lakhs has increased to 1crore 12 lakhs. The total number of the Bengal origin Muslims has been estimated to be 65-70 lakhs at present.14 lakhs has increased to 70 lakhs. This growth  is quite normal.So to say that a large number of Bengal origin Muslims have infiltrated to Assam,is a myth ,not reality.

প্ৰব্ৰজনৰ  অন্য এক পৰ্যায়ঃ

আমি ১৮৫৯ চনৰ পৰা ১৯৪৫ চনলৈ অবিভক্ত ভাৰতবৰ্ষৰ বংগ আৰু পিছলৈ গৈ পূৰ্ববংগৰ পৰা অসমলৈ হোৱা বংগমূলীয় মুছলমান খেতিয়কসকলৰ প্ৰব্ৰজনৰ কথা আলোচনা কৰিছিলো । উল্লেখ্য যে ১৯৩১ চনৰ লোকপিয়লত অসমত ৫ লাখ ৭৫ হেজাৰ বংগীয়মূলৰ মুছলমান খেতিয়ক থকা বুলি কোৱা হৈছে। অন্যহাতে ১৯৪৩-৪৫ চনৰ কালছোৱাত Grow More Food আচনিমতে ব্ৰিটিছে ১,২৪,৪৮৫টা পৰিয়ালৰ ৬,২২,৪২৫ গৰাকী বংগীয়মূলৰ খেতিয়কক অসমলৈ আমদানি কৰিছিল । ১৯৩১ চনৰ ৫লাখ ৭৫ হেজাৰ আৰু ১৯৪৩-৪৫চনৰ কালছোৱাৰ ৬,২২,৪২৫ জন বংগীয়মূলৰ খেতিয়কসকলৰ সতি-সন্ততিসকলেই আজিৰ বংগীয়মূলৰ মুছলমানসকল । এইসকলৰ সতি-সন্ততিৰ সংখ্যা বৰ্তমানে অসমত যিমান আছে তাতোকৈ বহুত বেছি হলেহেতেন যদি এওলোকৰ একাংশক অসম ত্যাগ কৰাবলৈ বাধ্য কৰা নহলেহেতেন। আমি সততে অসমলৈ হোৱা অবৈধ মুছলমান প্ৰব্ৰজনৰ কথা কও । পিছে অসমৰ পৰা স্বৰাজোত্তৰ কালত পূব পাকিস্তানলৈ হোৱা Forced and reversed migrationৰ  কথা সুবিধাজনকভাৱে পাহৰি যাও।

ভাৰতবৰ্ষ বিভাজিত হৈ দুখন ৰাষ্ট্ৰত পৰিণত হোৱাৰ সময়ত অসমত Punjab আৰু Bengal দৰে ব্যাপকহাৰত সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত নহলেও গোৱালপাৰা জিলাত এনে সংঘৰ্ষ সংঘটিত হৈছিল। গোৱালপাৰা মহকুমাৰ বগুলামাৰী, জপেয়া, মূলাবাৰী, তাপেশ্বৰা, নদীয়ালপাৰা, কীৰ্তনপাৰা, দাবানদিয়া, তচাকলা, নম্বৰপাৰা আদি গাৱঁত দুটা পৰ্যায়ত হোৱা আক্ৰমণৰ ফলত দুই শতাধিক লোকৰ মৃত্যু হৈছিল। ১৯৫০ চনৰ ৮ এপ্ৰিল তাৰিখে অৰ্থাৎ নেহৰু লিয়াকত চুক্তি সম্পাদনৰ দিনাখন বগুলামাৰী গাঁওখনত তিনিকুৰিৰো অধিক লোকক হত্যা কৰা হৈছিল । গোবিন্দপুৰ ৰিজাৰ্ভতো(মন্দিয়া অঞ্ছলৰ) ২৭জন লোকক হত্যা কৰা হৈছিল । এনে হত্যাকাণ্ড সংঘটিত কৰাৰ অপৰাধত ৩০জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল‌। চৌদিশে এক আতংকময় পৰিবেশে বিৰাজ কৰিছিল।এনে পৰিস্হিতিত প্ৰাণৰ মায়াত কেবালাখো মুছলমান লোকে অসম ত্যাগ কৰিবলৈ বাধ্য হৈছিল । The Red River and The Blue Hill গ্ৰন্থত হেম বৰুৱাই লিখিছে এই সময়ত ৫৩০০০ মুছলিম পৰিয়াল পূব পাকিস্হানলৈ পলাই গৈছিল ।সদৌ অসম ছাত্ৰসন্হাই ১৯৮৩ চনত The foreigners problem: why a solution is still elusive নামৰ গ্ৰন্হখনতো এইদৰে পূব পাকিস্হানলৈ হোৱা প্ৰব্ৰজনৰ কথা কোৱাহৈছে। এইদৰে পলাই যোৱা লোকসকলৰ অধিকাংশ ই Nehru Liquat চুক্তিমতে অসমলৈ ১৯৫৮ চনৰ ৩১ আগষ্টলৈকে উভতি আহে । এইসকলৰ নাম ১৯৫১ চনৰ লোকপিয়লত অন্তৰ্ভুক্ত হোৱা নাছিল । ১৯৬১ চনৰ লোকপিয়লত এইসকলৰ নাম লোকপিয়লত অন্তৰ্ভুক্ত হোৱাত অসমত মুছলমানৰ বৃদ্ধিৰ হাৰ বাঢ়ি যায়। এই কথাৰ চেলু লৈ অসমত পাকিস্তানী মুছলমানৰ অনুপ্ৰৱেশ হৈছে বুলি কেতবোৰ ব্যক্তি আৰু সংগঠনে হুলস্থুল লগায় আৰু পাকিস্তানী অনুপ্ৰৱেশকাৰী বহিস্কৰণ আইনমতে বিনাবিচাৰে ৪ লক্ষাধিক মুছলমান লোকক পাকিস্হানলৈ পঠিয়ায়। বাংলাদেশে বৰ্তমানেও সেইদেশখনত ৫ লাখ অবৈধ ভাৰতীয় লোক আছে বুলি দাবী কৰি আছে । গতিকে অসমলৈ বাংলাদেশীৰ প্ৰব্ৰজনৰ কথা কবলৈ যাওতে এই কথাবোৰো মনত ৰখা ভাল । ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা প্ৰতিজন বিদেশী  যিদেশৰ পৰাই নাহক কিয়, তেওঁৰ ধৰ্ম যিয়েই নহওঁক কিয়, অসমৰ পৰা তেওঁ বহিস্কৃত হবই লাগিব-সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰে। চৰ চাপৰিবাসী এই ক্ষেত্ৰত দৃঢ়প্ৰতিঞ্জ।অন্যহাতে ভাৰতীয় নাগৰিকক নাগৰিকত্বৰ নামত বৰ্তমানে যিদৰে অযথা হাৰাশাস্তি কৰি থকা হৈছে, তাৰো তেওঁলোক দুৰ্ঘোৰ বিৰোধী ।

অসমীয়া সমাজৰ অবিচ্ছেদ্য অংগ চৰ-চাপৰিবাসীৰ প্ৰব্ৰজনৰ ইতিহাসক বিস্তৃত ভাৱে অধ্যয়ণ আৰু প্ৰচাৰ কৰাৰ প্ৰয়োজন আছে ।।


No comments