কৰাল গ্ৰাসত পৰিব অসমৰ কৃষি অৰ্থনীতি ....চৰাঞ্চলত প্ৰায় ২৮ লাখ লোকে বাস কৰে....গৰাখহনীয়া পীড়িত চৰ-চাপৰিৰ ৫% খেতিয়ককো চৰকাৰে পুৰ্ণসংস্থাপিত ...
কৰাল গ্ৰাসত পৰিব অসমৰ কৃষি অৰ্থনীতি
....চৰাঞ্চলত প্ৰায় ২৮ লাখ লোকে বাস কৰে....গৰাখহনীয়া পীড়িত চৰ-চাপৰিৰ ৫% খেতিয়ককো চৰকাৰে পুৰ্ণসংস্থাপিত কৰা নাই.....মাত্ৰ দহ বছৰত তিনি শতাংশ কৃষি ভূমি সংকুচিত হ’লে স্বৰাজোত্তৰ কালত চৰ-চাপৰিৰ কি পৰিমাণৰ কৃষি ভূমি ধবংস হৈছে, সেয়া সহজেই অনুমেয়.....কৃষকে উৎপাদিত শস্য, শাক-পাচলিৰ উপযুক্ত মূল্য নাপাই হাহাকাৰ কৰিবলগীয়া হৈছে...
ড॰ হাফিজ আহমেদ:
অসমৰ ১৪খন জিলাত ২৩টা মহকুমাৰ ২২৯খন গাঁও পঞ্চায়তৰ ২২৬১খন গাঁও চৰাঞ্চলত অৱস্থিত৷ চৰাঞ্চলে অসমৰ সৰ্বমুঠ ভৌগোলিক আয়তনৰ ৩৬০৮ বৰ্গ কিলোমিটাৰ অৰ্থাৎ মূল ভূখণ্ডৰ ৪.৬% সামৰি লৈছে৷ অন্যহাতে চাপৰি বুলি ক’লে নৈৰ ওচৰৰ দ ঠাইত মাটি গোট খাই সৃষ্টি হোৱা স্থলভাগক বুজোৱা হয়৷ চৰাঞ্চলত প্ৰায় ২৮ লাখ লোকে বাস কৰে৷ চৰ-চাপৰিত অকল বংগমূলীয় মুছলমান লোকসকলেই বাস কৰে বুলিয়েই সৰ্বসাধাৰণ মানুহৰ ধাৰণা৷ কিন্তু এই ধাৰণাৰ কোনো বাস্তৱ ভিত্তি নাই৷ উজনি অসমৰ লক্ষীমপুৰ জিলাৰ চৰত নেপালী, বিহাৰী আৰু মাজুলীত প্ৰধানতঃ অসমীয়া হিন্দু আৰু জনজাতীয় লোকসকলে বসবাস কৰে৷ নামনি অসমৰ চৰসমূহত সাধাৰণতে মুছলমান আৰু বঙালী হিন্দী লোকসকলে বাস কৰে৷ চৰাঞ্চলত বাস কৰা ৮০% লোকেই মুছলমান৷ বাকী ২০% অন্যান্য জনগোষ্ঠীৰ৷
পিচে চৰ-চাপৰিবাসী বুলি ক’বলৈ গ’লে বংগমূলীয় মুছলমান সম্প্ৰদায়কহে বুজোৱা হয় যিসকলৰ প্ৰব্ৰজন আৰম্ভ হৈছিল ঊনৈশ শতিকাৰ মাজভাগৰ পৰা৷ চাহ খেতিৰ বাবে শ্ৰমিকসকলৰ আমদানিৰ সমসাময়িকভাৱে বংগৰ পৰা মুছলমান কৃষকৰ আমদানিৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছিল৷ অৱশ্যে এই প্ৰক্ৰিয়া পোনতে আৰম্ভ হৈছিল ব্যক্তিগত পৰ্যায়ত৷ ঊনৈশ শতিকাৰ মাজভাগৰ পৰা গোৱালপাৰা জিলাৰ ভূ-স্বামী আৰু জমিদাৰসকলে বংগৰ পৰা মুছলমান কৃষকসকলক নিজৰ দায়িত্বতে অসমলৈ আনিবলৈ আৰম্ভ কৰে৷ প্ৰধানতঃ মৈমনসিং জিলাৰ পৰাই এই প্ৰব্ৰজন বৃহৎ হাৰত হ’বলৈ আৰম্ভ কৰে৷ ১৮৯১ চনৰ লোকপিয়ল মতে সমলৈ বংগকে আদি কৰি অন্য প্ৰদেশৰ পৰা অহা লোক আছিল ৮০,৭৩৭ গৰাকী যাৰ অধিকাংশই আছিল বংগমূলীয় মুছলমান৷ ১৯২১ চনত প্ৰব্ৰজিত খেতিয়কৰ সংখ্যা ৩,৪৮,০০০ আৰু ১৯৩১ চনত ৫ লাখ ৭৫ হেজাৰ হয়গৈ৷ এম. কৰ নামৰ অধ্যাপকগৰাকীৰ Muslims in Assam Politics নামৰ গ্ৰন্থ মতে ১৯৪৩ চনৰ পৰা ১৯৪৫ চনলৈ বংগৰ পৰা ১,২৪,৪৮৫টা পৰিয়ালৰ ৬,২২,৪২৫ গৰাকী বংগমূলীয় খেতিয়কক অসমৰ অনাবাদী ভূমিত সংস্থাপিত কৰা হৈছিল৷ ১৯৩১ চনৰ ৫ লাখ ৭৫ হেজাৰ আৰু এই ৬,২২,৪২৫ গৰাকী খেতিয়কৰ সতি-সন্ততিৰ অধিকাংশই এতিয়া চৰ-চাপৰিত বাস কৰি আছে যিসকলৰ ৮০ণ ই কৃষিৰ ওপৰত নিৰ্ভৰশীল৷
বংগমূলীয় এই কৃষকসকলে মৰাপাট, ধান, তিচি, সৰিয়হ, নানা ধবþণৰ শাক-পাচলি আদি উৎপাদন কৰি অসমৰ কৃষিক্ষেত্ৰলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিছিল, চৰকাৰৰ ৰাজহ যথেষ্ট পৰিমাণে বৃদ্ধি কৰিছিল৷ অসমৰ কৃষি অৰ্থনীতিৰ মূল আধাৰ হৈছে চৰ-চাপৰি অঞ্চল৷ চৰ-চাপৰি অঞ্চলবোৰ দৰাচলতে অসমৰ খাদ্য ভাণ্ডাৰ স্বৰূপ৷ নানা সমস্যাই চৰ-চাপৰিৰ কৃষি ব্যৱস্থাক কোঙা কৰি পেলাইছে৷অৱশ্যে এই কথা অনীস্বীকাৰ্য যে ভাৰতবৰ্ষ তথা অসমৰ খেতিয়কসকলৰ সমস্যাৰ সৈতে চৰ-চাপৰিবাসী কৃষকৰ অধিকাংশ সমস্যাৰে মিল আছে৷ চৰ-চাপৰিবাসী কৃষকসকলৰ কেতবোৰ বিশেষ সমস্যাও নথকা নহয়৷
অকল চৰ-চাপৰিবাসী বংগমূলীয় মুছলমান খেতিয়কসকলৰ বাবেই নহয়, অসমৰ সকলো খেতিয়কৰ বাবেই গৰাখহনীয়া এক জ্বলন্ত সমস্যা৷ ১৯৫১-২০০০ চনৰ কালছোৱাত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ-নৈবোৰে খহাই নিছে ৪২৯,৬৯৭ হেক্টৰ ভূমি৷ আই আই টি,ৰুৰকীৰ এদল গৱেষকে অসমৰ গৰাখহনীয়া সন্দৰ্ভত চলোৱা প্ৰতিবেদন মতে ১৯৯০-২০০৭ চনৰ কালছোৱাত ১০৫৪ বৰ্গ কিলোমিটাৰ ভূমি ব্ৰহ্মপুত্ৰই খহাই নিছে৷ এই কালছোৱাত প্ৰতি বছৰে ৬২ বৰ্গ কিলোমিটাৰকৈ ভূমি প্ৰতিবছৰে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে৷ ফলত ভূমিহীন হৈছে প্ৰায় ২০ লাখ লোক৷ ইয়াৰে ১৫ লাখমানেই হ’ল চৰ-চাপৰিৰ মুছলমান খেতিয়ক৷ মৰিগাঁও, দৰং, নলবাৰী, কামৰূপ, গোৱালপাৰা, নগাঁও, ধুবুৰী আৰু বৰপেটা জিলাৰ চৰ-চাপৰিসমূহৰ এক বিশাল অংশ গৰাখহনীয়াৰ ফলত নৈবোৰৰ বুকুত জাহ গৈছে৷ ১৯৬০ চনৰ পৰা ২০০৪ চনলৈকে বৰপেটা জিলাৰ চাৰিখন ৰাজহচক্ৰৰ ১৮৬খন গাঁৱৰ ৪৫৭৫৮.৯ হেক্টৰ ভূমি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ-নৈসমূহে খহাই নিছে৷ নলবাৰী জিলাৰ মুকালমুৱা ৰাজহচক্ৰৰ ৩০খন গাঁও সম্পূৰ্ণৰূপে আৰু দহখন গাঁও আংশিকভাৱে গৰাখহনীয়াৰ কবলত পৰি বিনষ্ট হৈছে৷ ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা ৰাজহচক্ৰৰ ২০১খন ৰাজহ প্ৰদানকাৰী গাঁৱৰ ১০৭খন ১৯৬২ চনৰ জৰীপৰ পিছত সম্পূৰ্ণৰূপে গড়াখহনীয়াত বিলুপ্ত হৈ গৈছে৷ এই জিলাৰ মানকাচৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শতাধিক গাঁও এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত৷ দৰং, মৰিগাঁও, নগাঁও জিলাৰ চৰ-চাপৰিবোৰতো চলিছে গড়াখহনীয়াৰ ব্যাপক তাণ্ডৱ৷ অসম চৰকাৰৰ চৰাঞ্চল উন্নয়ন সঞ্চলাকলয়ৰ জৰীপ মতে ১৯৯২-৯৩ আৰু ২০০২-০৩ চনৰ কালছোৱাত চৰাঞ্চলত কৃষি ভূমি ৩% সংকুচিত হৈছে৷ মাত্ৰ দহ বছৰত তিনি শতাংশ কৃষি ভূমি সংকুচিত হ’লে স্বৰাজোত্তৰ কালত চৰ-চাপৰিৰ কি পৰিমাণৰ কৃষি ভূমি ধবংস হৈছে, সেয়া সহজেই অনুমেয়৷
গৰাখহনীয়া পীড়িত চৰ-চাপৰিৰ ৫% খেতিয়ককো চৰকাৰে পুৰ্ণসংস্থাপিত কৰা নাই৷ স্বৰাজোত্তৰ কালত প্ৰকৃত খেতিয়কক ভূমি প্ৰদানৰ বাবে কোনোধৰণৰ ভূমিসংস্কাৰৰ ব্যৱস্থা কোনো দলৰ চৰকাৰেই হাতত লোৱা নাই৷ কৃষিভূমি সংকুচিত হোৱাৰ ফলত কৃষিৰ উৎপাদন কমিছে৷ একালৰ স্বচ্ছল কৃষকো বাটৰ ভিক্ষাৰীত পৰিণত হৈছে৷ অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত হৈছে আমাৰ ৰাজ্যখন৷
গৰাখহনীয়াৰ দৰেই অসমৰ কৃষকৰ বাবে এক প্ৰধান সমস্যা হৈছে বানপানী৷ চৰ-চাপৰিবাসীসমন্বিতে অসমৰ সকলো খেতিয়ককে শতাধিক বছৰ ধৰি বানপানীয়ে জুৰুলা কৰি আহিছে৷ ১৯৫০ চনৰ পিছত প্ৰতিবছৰে মে’ মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ অসমবাসীয়ে বানপানীৰ সন্মুখীন হৈ আহিছে৷ ভাৰতৰ ১০.২% ভূমিৰ বিপৰীতে অসমৰ ৩৯.৫৮% ভূমি বানাক্ৰান্ত৷ প্ৰতিবছৰে বানে উটুৱাই লৈ যায় খেতিয়কে কপালৰ কেচা ঘাম মাটিত পেলাই উৎপাদন কৰা ফচল৷ তলৰ সাৰণীয়েই অসমত বানৰ ভয়াৱহতা দাঙি ধৰিব ঃ
বিত্তীয় বৰ্ষ বানাক্ৰান্ত শস্যভূমি ক্ষতিগ্ৰস্ত কৃষক পৰিয়াল
২০০০-০১ ২,৯১,৯০৩ হেক্টৰ ৬,৩৬,১০২
২০০১-০২ ২৮,০১৫ হেক্টৰ ৬৫,৬৭৫
২০০২-০৩ ৫,৭১,৫৭৭ হেক্টৰ ৭,৮৩,৮৩১
২০০৩-০৪ ৩,৮১,৭৯৬ হেক্টৰ ৬,১৬,৭৯৩
২০০৪-০৫ ৯,৯৭,২৬২ হেক্টৰ ১৪,৩০,৮৩০
২০১৬ চনৰ বানপানীত অসমৰ ২২খন জিলা প্লাৱিত হয়৷ ১৮ লাখতকৈও অধিক লোক ২০১৭ চনত বানপানীত ক্ষতিগ্ৰস্ত হয়৷ ২,১৩,২৫১.৫২ হেক্টৰ কৃষিভূমি বানৰ দ্বাৰা প্ৰভাৱান্বিত হয়৷
খেতিয়কৰ কামিহাড় ভাঙি দিয়া বান সমস্যাৰ আজিলৈকে সমাধান নহ’ল৷ আনকি কেন্দ্ৰই অসমৰ এনে এক ভয়াৱহ সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে এতিয়ালৈকে ঘোষণা নকৰিলে৷ ফলত নামমাত্ৰ সাহায্য লাভ কৰিয়েই ক্ষতিগ্ৰস্তসকলে প্ৰতিবছৰে হা-হতাশ কৰি থাকিবলগীয়া হৈছে৷ কেন্দ্ৰীয় চৰকাৰৰ National Crop Insurance, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, Unified Package Insurance Scheme, Weather based Insurance Scheme আদি নানা বীমা আঁচনি আছে৷ কিন্তু এনে বীমা আঁচনিয়ে চৰ-চাপৰিবাসী সমন্বিতে অসমৰ কৃষকক ঢুকি নাপায়৷
চৰাঞ্চলৰ কৃষকৰ ভূমিৰ পট্টা নাই৷ আনকি চৰাঞ্চলৰ ভূমিৰ জৰীপো সম্পূৰ্ণভাৱে কৰা হোৱা নাই৷ ২০০৩ চনত তদানীন্তন তৰুণ গগৈ চৰকাৰে এবছৰৰ ভিতৰতে ভূমি জৰীপ কৰি চৰাঞ্চলৰ খেতিয়কসকলৰ ভূমিৰ পট্টা প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু সেই প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে থাকিল৷ মাজে-সময়ে বিশেষকৈ নিৰ্বাচনৰ আগত পূৰ্বৰ কংগ্ৰেছ বা অগপ চৰকাৰে ঢাক-ঢোল পিটি ২০০-২৫০ ঘৰ চৰ-চাপৰিৰ খেতিয়কক পট্টা প্ৰদান কৰিয়েই যথেষ্ট কৰা বুলি ধৰি লৈছিল৷ চৰ-চাপৰিৰ খেতিয়কৰ ভোট লাভ কৰাটো এই দলবোৰৰ বাবে সহজ হৈ পৰিছিল৷
ম্যাদী, নৈ পৰীয়া ভূমি চৰলৈ ৰূপান্তৰিত হোৱাৰ পিছত, ভূমিৰ মালিকে পূৰ্বৰে পৰা নিজৰ ভূমিৰ খাজনা নিয়মিতভাৱে আদায় দি থাকিলে, তেওঁলোকে চৰৰ ভূমিৰ স্বত্ব লাভ কৰে৷ কিন্তু খহনীয়াত বিলুপ্ত হোৱা ভূমিৰ খাজনা দীৰ্ঘকাল ধৰি খেতিয়কে প্ৰদান কৰাটো সম্ভৱ নহয়গৈ৷ ফলত এনে ভূমি চৰকাৰী ভূমিত পৰিণত হয়৷ যোৱা শতিকাৰ শেষৰ দশকটোত কৰা এক সমীক্ষামতে বৰপেটা জিলাৰ চৰ অঞ্চলৰ মুঠ ভূমিৰ ১৭.৭৬ণৰহে ম্যাদী পট্টা আছে৷ বাকী ৩৮.৭৬ণৰ তৌজী পট্টা আৰু ৪৩.৪৮ণ ভূমিৰ একচনা পট্টা আছে৷ অৰ্থাৎ খেতিয়কে নিজৰ অধিকাৰ আইনসন্মতভাৱে সাব্যস্ত কৰিব নোৱাৰা ভূমিৰ পৰিমাণ হ’ল ৮২.২৪ণ৷ এনে ব্যৱস্থাই চৰাঞ্চলৰ কৃষকক কোঙা কৰি পেলাইছে৷ মাটিৰ ওপৰত আইনগত অধিকাৰ নথকা বাবে মাটি বন্ধকীত দি বেংক আদি বিত্তীয় প্ৰতিষ্ঠানৰ পৰা কৃষি ঋণ লাভ কৰাটো চৰাঞ্চলৰ কৃষকৰ বাবে সম্ভৱপৰ নহয়গৈ৷ ইয়াৰ উপৰিও নাগৰিকত্ব প্ৰমাণ, নিজৰ সন্তানৰ উচ্ছশিক্ষাৰ বাবে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ লাভ কৰা আদিৰ ক্ষেত্ৰতো অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়৷ বেংকৰ পৰা কৃষি ঋণ লাভ কৰিব নোৱাৰা বাবে গাঁৱলীয়া মহাজন বা অত্যাধিক হাৰত সূদ লোৱা তথাকথিত ঋণদান সমিতিৰ পৰা ঋণ লৈ কৃষকসকল চিৰদিনৰ বাবে ঋণগ্ৰস্ত হৈ পৰিবলগীয়া হয়৷
চৰ-চাপৰিবাসী কৃষকৰ অধিকাংশই নিৰক্ষৰ৷ ২০০১ চনৰ লোকপিয়ল মতে অসমত শিক্ষাৰ হাৰ আছিল ৬৪.৩%৷ অন্যহাতে চৰাঞ্চলত স্বাক্ষৰ লোকৰ হাৰ আছিল ১৫.৪৫% ৷ ২০০২-২০০৩ চনত হয়গৈ ১৯.৩১%৷ এই সময়ছোৱাতো শিক্ষাৰ হাৰ বঙাইগাঁও, কামৰূপ, ধুবুৰী আৰু তিনিচুকীয়া জিলাৰ চৰাঞ্চলত কমিহে আহিছে৷ চৰ-চাপৰিবোৰত প্ৰয়োজন অনুপাতে শিক্ষানষ্ঠান নাই৷ চৰ-চাপৰি প্ৰধান ধুবুৰী জিলাত ১১২৯ গৰাকী শিশুৰ বাবে আছে এখন প্ৰাথমিক বিদ্যালয়৷ অন্যহাতে যোৰহাট জিলাত ৬৫৮গৰাকী শিশুৰ বাবে আছে এখন বিদ্যালয়৷ শিক্ষাৰ অধিকাৰ আইন চৰ-চাপৰিবোৰত ভেকোভাওনাত পৰিণত হৈছে৷ ধুবুৰী জিলাত ছাত্ৰ-শিক্ষকৰ অনুপাত ৫১;১৷ অন্যহাতে যোৰহাট জিলাত ২০:১৷ কেইবছৰমান আগলৈকে নগাঁও আৰু শোণিতপুৰ জিলাৰ ১৪টা চৰৰ ৮৫০০০ জনসংখ্যাৰ মাজত এখনো প্ৰাইমাৰী স্কুল নাছিল৷ নাৰী শিক্ষাৰ অৱস্থা আৰু শোচনীয়৷ দেশে স্বাধীনতা লাভ কৰাৰ সময়ত দেশত নাৰীসকলৰ স্বাক্ষৰতাৰ হাৰ আছিল ১৮%৷ বৰপেটা জিলাৰ দক্ষিণ গোধুনী চৰত ঝাই ফাউণ্ডেচনে ২০১৪ চনত চলোৱা এক সমীক্ষামতে চৰটোত নাৰী শিক্ষাৰ হাৰ ৩.৬%৷ ২০১১ চনৰ লোকপিয়লমতে মধ্যপ্ৰদেশৰ আলিৰাজপুৰ জিলাত স্বাক্ষৰতাৰ হাৰ সৰ্বনিম্ন [৩৬.১০%] আছিল, চৰাঞ্চলৰ স্বাক্ষৰতাৰ হাৰ প্ৰায় কুৰি শতাংশ নিৰক্ষৰ। এই খেতিয়কসকলে বিজ্ঞানসন্মত কৃষি ব্যৱস্থা হাতত ল’ব কেনেকৈ? কিদৰে সঠিক সাৰ, কীট নাশক দ্ৰব্য সঠিক মাত্ৰাত খেতি-পথাৰত ব্যৱহাৰ কৰিব? কিদৰে কৃষি ঋণৰ বাবে বিত্তীয় অনুষ্ঠানৰ কাষ চাপিব? নিৰক্ষৰতাৰ ফলস্বৰূপে এই খেতিয়কসকল এতিয়াও একাংশ দেৱানী-মাতব্বৰ তথা ৰাজনৈতিক দালালৰ শোষণৰ বলি হৈ আছে৷
জলসিঞ্চনৰ অভাৱতো চৰ-চাপৰি সমন্বিতে সমগ্ৰ অসমৰ খেতিয়কসকলে কৃষিজাত শস্যৰ উৎপাদনৰ ক্ষেত্ৰত পিছপৰি থাকিবলগীয়া হৈছে৷ অসমৰ খেতি-বাতি হোৱা ভূমিৰ মাত্ৰ ১৪.৮% হে জলসিঞ্চনৰ ব্যৱস্থা আছে৷ সৰ্বভাৰতীয় গড় ৪৭.৭৬%৷ অন্যহাতে পঞ্জাৱৰ ৯৮.৭৩% খেতি-বাতিৰ হোৱা পথাৰত পানী যোগানৰ ব্যৱস্থা আছে৷ চাপৰি অঞ্চলৰ কোনো কোনো ঠাইত জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছিল যদিও বেছিভাগেই জহি-খহি গৈছে৷ চৰাঞ্চলত পানী যোগানৰ ব্যৱস্থা সচৰাচৰ খেতিয়কসকলে নিজেই কৰা দেখা যায়৷ চৰকাৰৰ ফালৰ পৰা পাম্পছেট বিতৰণ কৰি Shallow Tube Well বা Deep Tube Well ৰ জৰিয়তে খেতিয়কৰ পানী যোগানৰ ব্যৱস্থা কৰি আহিছে যদিও চৰকাৰী এই ব্যৱস্থাই ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কসকলক ঢুকি নাপায়গৈ৷
কৃষিৰ লগত প্ৰত্যক্ষভাৱে জৰিত নহ’লেও চৰ-চাপৰিৰ কৃষকসকলক বাৰে বাৰে কৰা উচ্ছেদৰ ফলতো খেতিয়কসকল জুৰুলা হৈ পৰিছে৷ ১৯৪৬ চনত গোপীনাথ বৰদলৈ চৰকাৰে প্ৰায় ডেৰলাখ চৰ-চাপৰিবাসী খেতিয়কক উচ্ছেদ কৰিছিল৷ ১৯৪৭ চনতো বৰপেটাৰ গোবিন্দপুৰ ৰিজাৰ্ভৰ পৰা কেবাহাজাৰো ভূমিহীন খেতিয়কক উচ্ছেদ কৰা হৈছিল৷ উচ্ছেদৰ এই প্ৰক্ৰিয়া বৰ্তমানেও মাজে মাজে চলাই থকা হৈছে৷ বৰ্তমানৰ ৰাজ্য চৰকাৰখনে কাজিৰঙা, ছিপাঝাৰৰ চৰাঞ্চল আদিত উচ্ছেদ চলাই কেবাহাজাৰো চৰ-চাপৰিবাসী খেতিয়কক নিজৰ ভূমিৰ পৰা খেদি দিছে৷ উচ্ছেদিত খেতিয়কসকলে আৰ্থিকভাৱে মূৰ দাঙি উঠাটো অসম্ভৱ হৈ পৰে আৰু তেওঁলোক হৈ পৰে কৃষি শ্ৰমিক৷
সাম্প্ৰদায়িক সংঘৰ্ষৰ ফলতো চৰ-চাপৰিবাসী কৃষকসকল নিজৰ ভূমিৰ পৰা বিতাড়িত হ’বলগীয়া হৈছে৷ বিটিএডিৰ এক বৃহৎ সংখ্যক কৃষকে সাম্প্ৰদায়িক সংঘৰ্ষবোৰৰ পিছত নিজৰ গৃহলৈ উভতি যাব পৰা নাই৷ একাংশই বৰ্হিৰাজ্যলৈ শ্ৰমিকৰূপে কৰ্মসংস্থান বিচাৰি গৈছে, অইন একাংশই ছালাবিলা, হাপাচৰাৰ দৰে ঠাইত যুগ-যুগান্তৰ নিজ ৰাজ্যতে শৰণাৰ্থীৰ দৰে বাস কৰিবলগীয়া হৈ আছে৷
সম্প্ৰতি চৰ-চাপৰিৰ কৃষকে উৎপাদিত শস্য, শাক-পাচলিৰ উপযুক্ত মূল্য নাপাই হাহাকাৰ কৰিবলগীয়া হৈছে৷ খাৰুপেটীয়া, বেৰপেটা ৰোডৰ পাচলি খেতিয়কসকলে পানীদামত শাক-পাচলি বিক্ৰী কৰিবলগীয়া হৈ আছে৷ মন্দিয়াৰ আলু খেতিয়সকলেও নামাত্ৰ দামত আলু বিক্ৰী কৰি কেবাবছৰো ধৰি লোকচানৰ সন্মুখীন হ’বলগীয়া হৈ আছে৷ মধ্যভোগীয়ে খেতিয়কে কপালৰ কেচা ঘাম মাটিত পেলাই উৎপাদন কৰা শস্য, শাক-পাচলিৰ পৰা হোৱা লাভৰ অধিকাংশ আত্মসাৎ কৰিব আছে৷ চৰকাৰে খেতিয়কৰ শস্য ক্ৰয়ৰ বাবে যথোপযুক্ত ব্যৱস্থা গঢ়ি তোলা নাই৷ মৰাপাটৰ উপযুক্ত দাম বিচাৰি কেইবছৰমান পূৰ্বে দৰং জিলাৰ বেছিমাৰীত তিনিগৰাকী খেতিয়কে প্ৰাণ দিবলগীয়া হৈছে৷ চৰ-চাপৰি সমন্বিতে অসমৰ অৰ্থনীতিৰ উন্নতি সাধন কৰাৰ বাবে যিসকলে চিন্তা কৰে, তেওঁলোকে পোনতে অসমৰ কৃষি অৰ্থনীতিৰ উন্নতিৰ প্ৰতি মনোযোগ দিব লাগিব৷ ইয়াৰ বাবে ব্যাপকহাৰত ভূমি-সংস্কাৰৰ প্ৰয়োজন আছে৷ প্ৰকৃত খেতিয়কক ভূমি প্ৰদান কৰিব লাগিব৷ বান, গৰাখহনীয়া, দৰিদ্ৰতাৰ ফলত ভূমিহীন হৈ পৰা খেতিয়কসকলক খেতিৰ মাটি প্ৰদান কৰিব লাগিব৷ ৰামদেৱৰ দৰে পুঁজিপতিক ভূমি প্ৰদান কৰিলে তেওঁৰ কোম্পানীৰ আয় বাঢ়িব, অসমৰ একোট আৰ্থিক লাভ নহয়, এই কথা চৰকাৰে বুজি পাব লাগিব৷ গড়াখহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰিব লাগিব৷ বানপানী নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব লাগিব৷ চৰৰ ভূমিৰ জৰীপ কৰি চৰাঞ্চলৰ সকলো খেতিয়ককে ভূমিৰ পট্টা দিব লাগিব যাতে শংকামুক্ত হৈ চৰাঞ্চলৰ খেতিয়কসকলে খেতি-বাতি কৰিব পাৰে, খেতি-বাতিৰ বাবে বেংক আদি বিত্তীয় অনুষ্ঠানৰ পৰা ঋণ লাভ কৰিব পাৰে৷ চৰ-চাপৰি সমন্বিতে সমগ্ৰ অসমৰ কৃষি যোগ্য ভূমিত পানী যোগানৰ ব্যৱস্থা কৰিব লাগিব৷ মধ্যভোগীৰ হাতৰ পৰা কৃষকসকলক উদ্ধাৰ কৰিব লাগিব৷ উৎপাদিত কৃষিজাত সামগ্ৰীৰ উপযুক্ত দাম যাতে খেতিয়কসকলে লাভ কৰিব পাৰে তাৰ ব্যৱস্থা চৰকাৰে কৰিব লাগিব৷ উৎপাদিত শাক-পাচলি, শস্য আদি সংৰক্ষণৰ বাবে যথেষ্ট সংখ্যক শীতল পণ্যাগাৰ স্থাপন কৰিব লাগিব৷
সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যখনো বৰ্তমানে সাম্প্ৰদায়িকতাৰ কৰাল গ্ৰাসত পৰি কক্বকাই আছে৷ স্বাভাৱিকতে চৰ-চাপৰিবাসীক শতৰুজ্ঞান কৰা ৰাজনৈতিক দলৰ দ্বাৰা গঠিত চৰকাৰে এনে কামবোৰ নকৰে৷ সেয়ে ৰাজনৈতিক পৰিবৰ্তনৰ প্ৰয়োজন হ’ব৷ পৰিবৰ্তিত পৰিস্থিতিতো চৰ-চাপৰিবাসীৰ হৈ কাম কৰা সংগঠনবোৰে যদি খেতিয়কসকলৰ এনেবোৰ দাবী পূৰণ কৰাৰ বাবে দাবী উত্থাপন নকৰে, তেন্তে চৰ-চাপৰিৰ কৃষি ব্যৱস্থাই মূৰ দাঙি উঠাটো সম্ভৱ নহ’ব৷ আৰু আৰ্থিক উন্নতি অবিহনে কোনো এটা সম্প্ৰদায়েই নিজৰ নায্য প্ৰাপ্তিৰ বাবে বুকু ফিন্দাই থিয় দিয়াটো সম্ভৱ নহয়– এই কথাও সকলোৱে মনত ৰখা উচিত৷``
No comments