Page Nav

HIDE

Grid

GRID_STYLE

আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি প্ৰাপ্ত পক্ষীবিললৈ সংকট

                  পৰিৱেশ ধ্বংসৰ ক্ষতিপূৰণ অইলে কিদৰে কৰিব?  .....তৈলখাদৰ ভয়াবহ  অগ্নিকাণ্ড সংঘটিত হৈ প্ৰাকৃতিক পৰিৱেশৰ যি ক্ষতিসাধন হ'ল ...

                 

পৰিৱেশ ধ্বংসৰ ক্ষতিপূৰণ অইলে কিদৰে কৰিব? 

.....তৈলখাদৰ ভয়াবহ  অগ্নিকাণ্ড সংঘটিত হৈ প্ৰাকৃতিক পৰিৱেশৰ যি ক্ষতিসাধন হ'ল তাক কেনেদৰে পূৰণ কৰিব........ ইতিমধ্যে মানুহৰ ক্ষতিপূৰণ প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এতিয়ালৈকে সেয়া সম্পূৰ্ণ হোৱা নাই......

মানৱ চূতীয়াঃ 

প্ৰকৃতিৰ উমাল পৰশত জীপাল হৈ উঠা জৈৱ-বৈচিত্ৰ্যৰে ভৰপুৰ অসমৰ তিনিচুকীয়া জিলাৰ পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা অন্যতম বৃহৎ আদ্ৰভূমিখনেই মতাপুং-মাগুৰি বিল। পক্ষীৰ বাবে পোনতে নাম লব লগা তিনিচুকীয়া জিলাৰ উল্লেখযোগ্য স্থান এই বিলখন। এই বিলখন পক্ষীৰ সম্পৰ্কে দেশ-বিদেশৰ বিভিন্ন স্থানৰ গৱেষকৰ বাবে উপযুক্ত স্থান।

শেহতীয়াকৈ ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ সংমণ্ডলৰ অন্তৰ্গত আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি প্ৰাপ্ত পক্ষীবিলখনৰ বৰ্তমান অস্তিত্বৰ সংকটে গম্ভীৰ ৰূপ ধাৰণ কৰিছে। বিগত ২৭ মে ২০২০ তাৰিখে অইল ইণ্ডিয়া লিমিটেডৰ বাঘজান তৈল খাদত প্ৰাকৃতিক গেছ আৰু খাৰুৱা তেল নিৰ্গত হৈ ৯ জুন ২০২০ তাৰিখে অগ্নিকাণ্ড সংঘটিত হৈ বিস্তৰ ক্ষতিসাধন হৈছিল। ১৫০ দিনৰো অধিক দিন ভয়ংকৰ অগ্নিশিখা জ্বলি থকাৰ পাছত অইলে বিদেশী কোম্পানীৰ সহায়ত জুই নুমোৱাবলৈ সক্ষম হৈছিল।

       অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ BGR ৫ নং তৈলখাদৰ ভয়াবহ কাণ্ডই সমগ্ৰ বিশ্বকে জোকাৰি গৈছিল। উক্ত ঘটনাৰ ফলত মানুহ, জীৱ জন্তুৰ লগতে জৈৱ বৈচিত্ৰ্য আৰু প্ৰাকৃতিক পৰিৱেশৰ বিস্তৰ ক্ষতিসাধন হৈছিল। ইয়াৰ অবৰ্ণনীয় ধ্বংসলীলাই সকলোকে চিন্তিত কৰি তুলিছিল। এতিয়া কথা হ'ল অইল ইণ্ডিয়া তথা চৰকাৰে উক্ত ঘটনাৰ ফলত জৈৱ বৈচিত্ৰ্য তথা প্ৰাকৃতিক পৰিৱেশৰ যি ক্ষতিসাধন হ'ল তাক কেনেদৰে পূৰণ কৰিব। ইতিমধ্যে মানুহৰ ক্ষতিপূৰণ প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এতিয়ালৈকে সেয়া সম্পূৰ্ণ হোৱা নাই। আমি আশা ৰাখিছোঁ অতি ক্ষিপ্ৰতাৰে অইলে সম্পূৰ্ণ ক্ষতিপূৰণ প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব। লগতে জৈৱ বৈচিত্ৰ্যৰ অন্যতম এক স্থলী মতাপুং মাগুৰি বিলৰ বাঘজান কাণ্ডৰ ফলত যি ক্ষতিসাধন হৈছিল তাৰ ক্ষতিপূৰণৰ লগতে পুনৰুদ্ধাৰৰ কাৰণে অইল ইণ্ডিয়া তথা চৰকাৰে আজি পৰ্যন্ত একো প্ৰদক্ষেপ গ্ৰহণ কৰা দেখা নাই। স্থানীয় ৰাইজে দাবী জনাইছে অতি সোনকালে মতাপুং মাগুৰি আন্তঃৰাষ্ট্ৰীয় পক্ষীবিলৰ পুনৰুদ্ধাৰৰ কাৰণে যাৱতীয় প্ৰদক্ষেপ গ্ৰহণ কৰক। ইয়াৰ অন্যথা অইল আৰু চৰকাৰে অনাগত দিনত আমাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হব লাগিব।

উল্লেখ্য যে মতাপুং-মাগুৰি বিল, এই জলাহভূমি খন ২৭°৩৪'৪৯.৯২" ৰ পৰা ২৭°৩৪'৩৪.৯৮" উত্তৰ অক্ষাংশ লৈ আৰু ৯৫°২১'৩৭.৬৮" ৰ পৰা ৯৫°২৪'১১.৩৯" পূৰ্ব দ্ৰাঘিমাংশলৈ বিস্তৃত। মতাপুং-মাগুৰি বিলখনক IBA (Important Bird Area) হিচাপে Birdlife International and Bombay Natural History Society নামৰ এটা বেচৰকাৰী সংস্থাই স্বীকৃতি প্ৰদান কৰিছে। বিলখন শেহতীয়াকৈ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ সংমণ্ডলৰ পৰিৱেশ সংবেদনশীল অঞ্চল (Eco Sensitive Zone) হিচাপে স্বীকৃতি প্ৰদান কৰিছে।

    প্ৰকৃতিৰ মনোমোহা অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ তিনিচুকীয়া জিলাৰ সদৰৰ নিচেই ওচৰৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ-পূৰ্ব দিশত থকা বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ পুৰণি মতাপুং গাঁৱৰ কাষৰ বৃহৎ আদ্ৰভূমিখনেই হ'ল মতাপুং-মাগুৰি বিল। প্ৰায় ১০ (দহ) কিঃমিঃ আগুৰি থকা এই বৃহৎ বিলখনত নানান প্ৰজাতিৰ স্থানীয় আৰু পৰিভ্ৰমী পক্ষীয়ে বিচৰণ কৰে। বছৰৰ চেপ্তেম্বৰ-অক্টোবৰ মাহৰ পৰা বিলখনলৈ পৰিভ্ৰমী পক্ষীসমূহৰ আগমণ ঘটে আৰু মাৰ্চ-এপ্ৰিল মাহলৈকে বিলখনত বিচৰণ কৰে। স্থানীয় পক্ষীসমূহ বছৰৰ সকলো সময়তে বিলখনত বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰিবলৈ পোৱা যায়। প্ৰতিবছৰে শীতকালত পৰিভ্ৰমী চৰাই সমূহৰ বিলখনলৈ আগমণ ঘটে। এই মতাপুং-মাগুৰি বিলখনত ২৯০ টাত কৈ অধিক প্ৰজাতিৰ চৰাই বিচৰণ কৰাৰ তথ্য সংগ্ৰহ কৰা হৈছে। পক্ষীৰ উপৰি বিলখনৰ জলভাগতো বহুতো প্ৰজাতিৰ মাছ, সৌন্দৰ্যবৰ্ধক মাছ আৰু ৬ টা মান প্ৰজাতিৰ কাছ আৰু কেইবাটাও প্ৰজাতিৰ সৰীসৃপ দেখিবলৈ পোৱা যায়।

        বৰ্তমান সময়ত মতাপুং-মাগুৰি বিলখন এখন বিল হিচাপে স্বীকৃতিপ্ৰাপ্ত যদিও ইয়াত কেইবাখনো বিল সংলগ্ন হৈ আছে। মূখ্য বিল হিচাপে মতাপুং আৰু মাগুৰি দুখন বিল আছে। ইয়াৰ সংলগ্ন হৈ থকা আন সৰু- ডাঙৰ বিলকেইখন হ'ল- বৰবিল, সৰুবিল, বনগুৰি, মৃদংপৰা, ভাটি দিয়ামুলি, বোকাবিল আদি। এসময়ত এই বিলসমূহ পৃথক আছিল যদিও বৰ্তমান সময়ত বানপানী নতুবা অন্য প্ৰাকৃতিক কাৰণত সংলগ্ন হৈ একেলগে মতাপুং-মাগুৰি বিল হিচাপে স্বীকৃতি লাভ কৰিলে।এই জৈৱ মণ্ডলৰ সুৰক্ষাৰ ওপৰত স্থানীয় পৰিৱেশ বহু পৰিমানে নিৰ্ভৰ কৰিছে।।

No comments